প্লাষ্টিক প্ৰদূষণক প্ৰত্যাহ্বান জনাওক

প্লাষ্টিক প্ৰদূষণক প্ৰত্যাহ্বান জনাওক
  • 04 Jun, 2018

নেক সমস‍্যাৰে ভাৰাক্ৰান্ত পৃথিৱীৰ বৰ্তমানৰ অন‍্যতম সমস‍্যা হ’ল পৰিৱেশ প্ৰদূষণ। এই প্ৰদূষণৰ এটা কাৰণ প্লাষ্টিক আৱৰ্জনা। বিশ্বত সৃষ্টি হোৱা সকলো প্ৰকাৰৰ আৱৰ্জনাৰ দহ শতাংশ প্লাষ্টিক আৱৰ্জনা। যাৰ ফলত প্ৰতি বছৰে প্ৰায় এশ মিলিয়ন সাগৰীয় জীৱৰ মৃত‍্যু হয়। এই প্লাষ্টিক জাতীয় পেলনীয়া সামগ্রীবোৰৰ বাবে মাটিৰ গুণাগুণ হ্ৰাস পোৱা, ভূ-জলপৃষ্ঠ নিম্নগামী হোৱা, কৃত্ৰিম বানপানী এতিয়া নতুন কথা হৈ থকা নাই। এনে বিপদ ঘণ্টাৰ পাছতো মানুহৰ অসচেতনতাৰ বাবে প্লাষ্টিকৰ ব‍্যৱহাৰ দিনকদিনে বাঢ়ি অহাৰ বিপৰীতে এই বছৰ (২০১৮)ৰ বিশ্ব পৰিৱেশ দিৱস কাৰ্যসূচীৰ মুখ‍্য আয়োজক দেশ ভাৰতে প্লাষ্টিকৰ বিৰুদ্ধে মুকলি সংগ্ৰাম আৰম্ভ কৰিছে ‘প্লাষ্টিক প্ৰদূষণক প্ৰত্যাহ্বান জনাওক’ (Beat Plastic Pollution) বাণীৰে। বিশ্ব পৰিৱেশ দিৱস প্রতি বছৰে ৫ জুন তাৰিখে গোটেই বিশ্বত পালন কৰা হয়। ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰাখে। এই দিৱস পোন প্রথমে পালন কৰা হৈছিল ১৯৭৪ চনৰ ৫ জুন তাৰিখে আৰু ইয়াৰ পাছত গোটেই বিশ্বত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।

প্লাষ্টিকৰ বৰ্দ্ধিত ব‍্যৱহাৰ ৰোধ কৰি জৈৱিক সামগ্ৰী ব‍্যৱহাৰৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰসংঘৰ উদ‍্যোগত এই বেলি প্লাষ্টিক আৱৰ্জনা হ্ৰাস কৰি সকলোৰে বাবে এখন সেউজীয়া, সুন্দৰ, চিৰকাংক্ষিত পৃথিৱী গঢ় দিয়াৰ লক্ষ‍্যৰে পৰিৱেশ দিৱসৰ আয়োজন কৰা হৈছে‌‌।

❧ | আৰু পঢ়ক: বিশ্ব পৰিৱেশ দিৱসৰ চিন্তা: পৰিৱেশ প্ৰদূষণৰ ভয়াবহতা

এঠাইত লীলাকান্ত পায়েঙে লিখিছে– “যিহেতু এই প্লাষ্টিক জাতীয় সামগ্রীবোৰ মাটিৰ লগত পচি নেযায়, গতিকে যিমান পাৰি এই প্লাষ্টিক জাতীয় সামগ্রী ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ বাৰু আহিবলগীয়া প্রজন্মৰ বাবে অলপ হ’লেও কিবা কৰিবলৈ মন যায় নে? এক সমীক্ষা মতে, ২০৫০ চনত গোটেই বিশ্বত খোৱা পানীৰ অভাৱ ঘটিব আৰু পানীৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হ’ব। প্রায় সকলোৰে ঘৰতে পানী জধে-মধে ব্যৱহাৰ কৰি অযথা নষ্ট কৰে। কিন্ত তাকে নকৰি এতিয়াৰ পৰা আমি নিয়মিত আৰু সীমিতভাৱে ব্যৱহাৰ কৰি অদূৰ ভৱিষ্যতে আহিবলগীয়া বিপদৰ পৰা বচাই ৰাখিব পাৰোঁ। অকল মিটিং এখন পাতিয়েই যে পৰিৱেশ সজাগতা আনিব পাৰি, ঠিক তেনেকুৱা নহয়। দেওবাৰৰ দিনটোত আবেলিৰ চাহ একাপৰ সৈতে গপচপ মৰাৰ যদি অভ্যাস আছে, তেন্তে আপুনি এই পৰিৱেশ জাতীয় বিষয় লৈ আলাপ-আলোচনা কৰিব পাৰে। আজিৰ যুগত আটাইতকৈ উত্তম উপায় হৈছে চছিয়েল নেটৱর্কবোৰ, যি এতিয়া প্রতিজন মানুহৰ প্রিয়। আপুনি যি কোনো পৰিৱেশৰ লগত সংগতি থকা বিষয় শ্বেয়াৰ কৰিব পাৰে আপোনাৰ বন্ধু-বান্ধবীক আৰু এক নতুন সজাগতা সৃষ্টি কৰিব পাৰে। বহুতে ভাবিব ইমান সৰু-সুৰা কাম!”

এতিয়া হাতে-কামে কৰি দেখুওৱাৰ সময়।

ফিচাৰড্ ইমেজত ব্যৱহৃত ছবি: worldenvironmentday.global-অৰ সৌজন্যত। ব্যৱহৃত লগ’সমূহৰ স্বত্ত্ব সংশ্লিষ্ট কৰ্তৃপক্ষৰ।

প্লাষ্টিক প্ৰদূষণক প্ৰত্যাহ্বান জনাওক | ৰূপজ্যোতি গোস্বামী

Follow Nilacharai on Facebook