গাঁৱলৈ আহিবা এদিন

প্ৰকাশ: ২৬ ডিচেম্বৰ, ২০১২ | অন্তিম সম্পাদনা: ২৬ ডিচেম্বৰ, ২০১২

Untitled

[ ৰূপম সাউদ ]

গাঁৱলৈ আহিবা এদিন,
কৃত্ৰিমতাৰে ভৰা মহানগৰীৰ জঞ্জালবোৰ এৰি
উপভোগ কৰিবা নৈসৰ্গিক জীৱনৰ
এটি মধুময় মুহূৰ্ত, ৰৈ থাকিম তোমালৈ বুলি!

গাওঁ মানেই মানৱতা আৰু পৰম্পৰাৰ ঢল
বুঢ়ী আয়ে মচি-কাচি থোৱা চোতালৰ দৰেই,
য’ত শুনিবা তুমি কোলাহল এৰি
হেঁপাহৰ মৌনতাৰ গান।

কাহিলি পুৱা বিহংগৰ মন মতলীয়া কৰা
সুৰৰ কঁপনিত চিনাকি হ’বা
পূৰ্বদিশৰ গেৰুৱা বসন পিন্ধা বেলিটিৰে
আৰু সিক্ত সন্ধিয়া পৰত উপভোগ কৰিবা
স্নিগ্ধ জোনাকৰ মাদকতা।

মই লৈ যাম তোমাক
গাঁৱৰ আঘোণৰ সগৰ্ভা সোণোৱালী পথাৰলৈ,
তাত বুটলিম আমি লেছেৰি,
দুপৰীয়া ৰ’দৰ জালত পথাৰৰ ঢাপত বহি
মজা ল’ম ৰসাল ৰবাব টেঙাৰ।

আবেলি পৰত শুভ্ৰ কহুঁৱাবোৰৰ মাজে মাজে
নিয়ৰত সেমেকা ধূলিবোৰ গচকি
যাম আমি ওচৰৰে নৈখনলৈ বুলি।

দিনান্তত তোমাৰ ক্লান্তি দূৰ কৰিবলৈ
ভাগ ল’বা ভকতি নামত,
য’ত জুৰ পৰিব তোমাৰ
নিৰাশময় জীৱন।

গাঁৱলৈ আহিবা এদিন
ৰৈ থাকিম তোমালৈ বুলি।

ছবি: শান্তিছায়া দত্ত, উৎস: ফ্লিকআৰ

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts