মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰূপ বৰ্ণন

সৰ্বগুণাকৰ কৃপালুগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সকলো কথাই অনুপম—‘যাকেৰি নাহি উপাম’। তেৰাৰ ঐশ্বৰিক পুৰুষত্বৰ কথা ‘পেখিতে সুশোভন’ ‘সৰ্ব্ব সুলক্ষণ’ দৈহিক ৰূপ আৰু কান্তিয়েও যেন প্ৰকাশ কৰিছে। সেইবাবেই মহাপুৰুষ মাধৱদেৱ আৰু চৰিতকাৰসকল শ্ৰীমন্ত গুৰুৰ ৰূপ বর্ণনাত পঞ্চমুখ। বর্ণনাসমূহ তেৰাসৱৰ নিজ ৰচনা অনুক্ৰমেই উদ্ধৃত কৰা হ’ল।

ৰামানন্দ দ্বিজে গুৰুজনাৰ বাল্যকালৰ ৰূপ বর্ণনা কৰিছে এইদৰে—

গৌড় কলেৱৰ ৰাতুল অধৰ আয়ত নেত্র যুগল।
শিৰ চত্ৰাকৃত নাসা তিলফুল শোভিত মুখ কমল।।
দুইখানি বাহু অতি সুৰলিত ৰক্তবর্ণ কলেৱৰ।
বিতোপন কর্ণ সুভাষিত গণ্ড মনোহৰ বক্ষস্থল।।
সুবৰ্ণ শলকা সদৃশ আঙুলি তিনিৰেখা উদৰত।
শঙ্খ মুখ সম নাভি নিৰূপম দেখিতে সুখ মনত।।
উৰু দুইখানি বৰ্ত্তুল দেখিয়া ৰঞ্জিত দুই চৰণ।
সৰ্ব্ব সুলক্ষণ বালক দেখিয়া তুষ্ট ভৈলা সৰ্বজন।।

স্থানান্তৰত ৰামানন্দই যৌৱনাৱস্থাৰ বৰ্ণনা দিওঁতে লিখিছে— “আজানুলম্বিত বাহু দীর্ঘ ভৈলা কেশ।”

দৈত্যাৰী ঠাকুৰৰ বৰ্ণনাত মহাপুৰুষৰ ৰূপ এনেদৰে প্ৰকাশ পাইছে—

দেখিতে সুন্দৰ গৌড়বৰ্ণ কলেৱৰ।
কৰন্ত প্ৰকাশ আতি সূৰ্য্য সমসৰ।।
ৰূপ দেখি কন্দৰ্পৰ দৰ্প হোৱে চূৰ।
সৰ্ব্বজন ৰঞ্জি থাকে বচন মধুৰ।।
গমন গম্ভীৰ নেত্র কমলৰ পাসি।
চন্দ্ৰ সম বদন প্ৰকাশে অল্প হাসি।।
সুবুদ্ধি সুথিৰ ধীৰ গভীৰ সাগৰ।
প্ৰীতি বাঢ়ি যায় তান্তে সমস্ত লোক।।

ৰামচৰণ ঠাকুৰে তেৰাৰ সাধন সৎসঙ্গ গুৰু মাধৱদেৱৰ পৰা জগতগুৰুৰ ৰূপ আৰু কাৰ্য-কলাপ সম্বন্ধে জ্ঞান লৈ চৰিত ৰচনা কৰোঁতে মহাপুৰুষৰ পৰমসুন্দৰ মনোহৰ ৰূপ বৰ্ণনা কৰি আন কেইটিমান বিশেষ লক্ষণৰ কথা উল্লেখ কৰিছে। গুৰুজনাৰ দেহৰ গঠন আৰু ৰূপ বৰ্ণনা কৰি ৰামচৰণে লিখিছে—

সিংহ বন্ধ কন্ধ চৰণ সুঠান
গভীৰ নাভি কমল।
জানু জঙ্ঘা উৰু কটি মনোহৰ
সুদীৰ্ঘ হৃদি কোমল।।
ৰাতুল কমল মুখ পদ্ম পুষ্প
নাসিকা ৰুচিৰ কান্তি।
নয়ন দুতয় মহা শুভ নয়
গাৱে শুক্ল লোম পান্তি।।
দুই খানি হস্ত আঙুলি চম্পক
কৰ্ণ দুই বিতোপন।
কপাল সুসম চত্ৰাকাৰ মাথা
কেশ মহা সুশোভন।।
চতুৰ্ভুজ ৰূপ দেখিলেক কতো
নেদেখিলে কতো জনে।

ৰামচৰণে আকৌ স্থানান্তৰত সণ্ঢৰা দলৈয়ে ৰাশি যোগ গণনা কৰা সময়ত দেখা অন্যান্য পুৰুষ-লক্ষণসমূহৰ কথা উল্লেখ কৰি লিখিছে—

পুৰুষ লক্ষণ দেখি সণ্ঢৰায়
গাৱ গোট শিহৰিলা।
দুই হাতে দুই পদ্ম প্রকাশয়
আনন্দে তাক দেখিলা।।
দীৰ্ঘ বাহু দুই আণ্ঠুমান হুই
দেখন্ত পৰিয়া আছে।
সমস্ত গাৱক চাহন্ত নিহালি
মহা চিহ্নসৱ আছে।।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰূপ বর্ণনা কৰি মাধৱদেৱ পুৰুষে আকৌ তেৰাৰ গুৰু-ভটিমাত লিখিছে—

দৰশিত সুন্দৰ গৌড় কলেৱৰ
যৈচন সুৰ পৰকাশ।
সকল সভাসদ ৰঞ্জন যাকেৰি
দৰশনে পাপ বিনাশ।।
বিনা অঙ্গভূষণ পেখিতে সুশোভন
গহীন গম্ভীৰ ধীৰ মতি।
আয়ত কমল নয়ন বৰ সুন্দৰ
বয়ন চান্দকহো জ্যোতি।।
লীলা গজগতি গমন বিলোকন
বাণী মেঘ গম্ভীৰ।
পাষণ্ড মর্দন কলিকো কালে
বাৰু সম নাহি ধীৰ।।

মহাপুৰুষৰ দেহৰ গঠন আৰু ৰূপৰ এই বৰ্ণনাসমূহ ভাগৱত পুৰাণ আদিত বৰ্ণিত ভগৱান শ্ৰীকৃষ্ণৰ ৰূপৰ বৰ্ণনাৰ লগত প্রায় মিলি যায়। সেই কাৰণে বহুতে মত প্রকাশ কৰে যে শ্ৰীমন্ত শঙ্কৰদেৱত ঈশ্বৰত্ব আৰোপ কৰিবৰ কাৰণে তেৰাৰ ধৰ্মমতাৱলম্বী লোকসকলে শঙ্কৰদেৱৰ বাল্যলীলাৰ দৰেই ৰূপ বৰ্ণনাত শ্ৰীকৃষ্ণৰ ৰূপ আৰু বাল্যলীলাৰ সাদৃশ্য ঘটাইছে। কিন্তু তেৰা যে দেৱতাসকলে (ভূ-দেৱতা) কপট ঢাকোন দি গুপ্ত কৰি থোৱা আদি সত্য যুগৰ শুদ্ধ ধৰ্ম হৰিনাম ব্যক্ত কৰি সমস্ত লোকক উদ্ধাৰৰ উপায় দিওঁতা, কল্পতৰু সদৃশ কৃপালু গুৰু, এই কথা মাধৱদেৱ পুৰুষৰ বাক্যৰেই সকলোৱে স্বীকাৰ কৰিছে। গীতাত ভগৱান শ্রীকৃষ্ণই কোৱা, দুষ্কৃতিকাৰীসকলৰ বিনাশ আৰু সাধুসকলৰ পৰিত্ৰাণ সাধনৰ দ্বাৰাই, ধৰ্মৰ পুনঃসংস্থাপনৰ তাৎপৰ্যও এয়ে। ভগৱান শ্ৰীকৃষ্ণৰ ‘সৃহাম্যহম’ তত্ত্বৰ এনে উদ্দেশ্য শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰাই সফল হোৱাৰ কাৰণেই মহাপুৰুষৰ সমসাময়িক পণ্ডিতসকল আৰু চৰিত লেখকসকলে তেৰাক স্বয়ং ঈশ্বৰ বুলি ঘোষণা কৰিছে। মাধৱদেৱ পুৰুষেও “কৃষ্ণসে শঙ্কৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰে” বুলি ভগৱানৰ শান্তমূর্তি অৱতাৰ শঙ্কৰদেৱক সকলোকে চিনাকি কৰি দিছে।

| আৰু পঢ়ক: অংকীয়া নাটৰ উৎপত্তি আৰু বৈশিষ্ট্য

গতিকে শ্ৰীকৃষ্ণ আৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰূপৰ বৰ্ণনাত থকা এনে সাদৃশ্য অবাস্তৱ আৰু অতিৰঞ্জিত নহয়। মহাপুৰুষসকলৰ সকলোবোৰ কাৰ্য-কলাপত যেনেকৈ স্বাভাৱিকতে এক সাদৃশ্য থাকে, সেইদৰে তেৰাসৱৰ দেহৰ গঠন আৰু ৰূপৰ বৰ্ণনাতো মিল থাকিলে আচৰিত হ’বৰ কোনো হেতু নাই।

ফিচাৰড্ ইমেজত: শ্ৰীশ্ৰীমধুপুৰ সত্ৰ (কোচবিহাৰ) চৌহদত শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰতিমূৰ্তি, ছবি: পল্লৱপ্ৰাণ গোস্বামী
[লেখকৰ ‘মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ’ গ্ৰন্থ (ছেপ্তেম্বৰ ১৯৮০)ৰ পৰা পুনৰ প্ৰকাশ]

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of