শ্ৰীমন্ত শঙ্কৰদেৱৰ উত্তৰাকাণ্ড ৰামায়ণত মহাকাব্যৰ প্ৰথম গায়ক লৱ-কুশ

শ্ৰীমন্ত শঙ্কৰদেৱৰ উত্তৰাকাণ্ড ৰামায়ণত মহাকাব্যৰ প্ৰথম গায়ক লৱ-কুশ
  • 04 Apr, 2023

হাকবি বাল্মীকিয়ে ৰামায়ণৰ পাততে কৈছিল— ‘যেতিয়ালৈকে ধৰিত্ৰীৰ বুকুত অনিন্দ্যসুন্দৰ পাহাৰ-পৰ্বত, নৈ-জান-জুৰি থাকিব, তেতিয়ালৈকে ৰামায়ণৰ কথা লোক সমাজত প্ৰচলিত হৈ থাকিব।’ যুগ-যুগান্তৰে ৰাম-কথা এই ধৰাৰ বুকুত বিভিন্ন ৰূপত প্ৰকাশ হৈ মানৱ জাতিৰ হৃদয় পৰিপূৰ্ণ কৰি ৰাখিছে।

মহাকবি বাল্মীকিয়ে গীতকে প্ৰচাৰৰ উত্তম মাধ্যম হিচাপে গণ্য কৰি লৱ-কুশৰ মাজেৰেই বিৰল প্ৰচাৰৰ শুভ যাত্ৰা আৰম্ভ কৰিছিল। ঋষিৰ আশ্ৰমত সীতাৰ যমজ দুই পুত্ৰ প্ৰয়োজনীয় সকলো দিশৰ ‘জাতকৰ্ম’ৰে প্ৰশিক্ষিত হৈছিল। ঋষিয়ে অস্ত্ৰ-শস্ত্ৰ আৰু নিৰন্তৰ ৰাজনীতিৰ শিক্ষা দান কৰাৰ উপৰিও গন্ধৰ্ৱ বিদ্যাতো পাকৈত কৰি তুলিছিল।

ৰামৰ চৰিত্ৰ দুয়ো ভায়ে গাৱে গীত।
কোকিলৰ কণ্ঠ সম শুনি সুললিত।।
বজাৱন্ত যন্ত্ৰ সৱ সুস্বৰ সুনাদ।
শুনিও বাল্মীকি দেন্ত দুইকো আশীৰ্ব্বাদ।। ৩৪।।
হোৱা চিৰঞ্জীৱ লৱ কুশ দুয়ো ভাই।
দেশে দেশে ৰামৰ চৰিত্ৰ ফুৰা গাই।।
নগৰ গ্ৰাম সমস্বৰে ৰঞ্জি চিত।
ৰামৰ সভাত পশি দুয়ো গাইবা গীত।। ৩৫।।
… … …
বাল্মীকিৰ আজ্ঞা শিৰোগত কৰি।
দেশে দেশে গান্ত গীত হাতে তাল ধৰি।।

এনেকৈ গীত গাই শ্ৰীৰামৰ ৰাজসভাত প্ৰৱেশ কৰা দুয়ো ভাইক বাল্মীকিয়ে সাৱধান কৰি দিছিল— শ্ৰীৰামৰ ৰাজসভাত কোনো কাৰণতে তেওঁলোকে ধন-সোণ দিব খুজিলে যাতে নলয়। ৰামকথা গাবলৈ দিয়াৰ মাজত মহাকবিজনাৰ ৰামায়ণ প্ৰচাৰৰ কথা আছিল যদিও মহাকাব্য ৰামায়ণৰ অন্তিম দৃশ্যপট পৰিকল্পিতভাৱে সজাই সীতাৰ পাতাল প্ৰৱেশ আৰু লৱ-কুশৰ পিতৃৰ সৈতে মিলনৰ পথ সুগম কৰি মহাকাব্যৰ সমাপ্তি ঘটাইছিল।

মহাকবি বাল্মীকিৰ ৰামায়ণৰ অনুবাদ প্ৰায়বিলাক ভাৰতীয় আঞ্চলিক ভাষাতে হৈছে। জনজাতীয় সমাজত লিখিত কাহিনী প্ৰকাশ পোৱা নাছিল যদিও লোকগীতৰ মাধ্যমেৰে ৰামকথাৰ প্ৰচাৰ হৈছিল। কাৰ্বি ভাষাৰ ‘চাবিন আলুন’ ৰামায়ণৰ তেনে এক লোকগাথা। চতুৰ্দশ শতিকাত বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত কবিৰাজ মাধৱ কন্দলীয়ে অসমীয়া ভাষলৈ ৰামায়ণ ভাঙণি কৰিছিল।

কবিৰাজ কন্দলিয়ে আমাকেসে বুলি কয়
কৰিলোহো সৰ্ব্বজন বোধ।
ৰামায়ণ সুপয়াৰ শ্ৰীমহামাণিক্য যে
বৰাহ ৰাজাৰ অনুৰোধ।।
সাতকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো
লম্ভা পৰিহৰি সাৰোদ্ধৃত।
মহামাণিক্য বোলে কাব্যৰস কিছু দিলো
দুগ্ধত মথিলে যেন ঘৃত।।

এইজনা কবিৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ড নোপোৱাত শ্ৰীশ্ৰীমাধৱদেৱে আদিকাণ্ড আৰু শ্ৰীমন্ত শঙ্কৰদেৱে উত্তৰাকাণ্ড ৰচনা কৰিছিল।

খ্ৰীষ্টীয় নৱম শতাব্দীতে কম্বান (Kamban)-এ তামিল ভাষাত ৰামায়ণ ৰচক ৰূপে স্থান অধিকাৰ কৰিছে। খ্ৰীষ্টীয় একাদশ শতিকাত জৈন ধৰ্মাৱলম্বী পণ্ডিত হেমচন্দ্ৰ আচাৰ্যই জৈন ৰামায়ণ ৰচনা কৰে। খ্ৰীষ্টীয় দ্বাদশ শতিকাত কানাড়া ভাষাত ৰামায়ণৰ ভাঙণি হয়।

পঞ্চদশ শতিকাত বাংলা ভাষালৈ প্ৰথম ৰামায়ণ অনুবাদ কৰে পশ্চিমবংগৰ নদীয়া জিলাৰ শান্তিপুৰত ১৩৮১ খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰা কৃত্তিবাস ওজাই। তেওঁৰ মৃত্যু হয় ১৪৬১ খ্ৰীষ্টাব্দত। বাংলাত ‘শ্ৰীৰাম পাচালি’ নামে জনাজাত এই ৰামায়ণ জয়গোপাল কৰ্মকাৰে সম্পাদনা কৰি শ্ৰীৰামপুৰ মিচনৰ প্ৰেছত ছপা কৰি উলিয়ায়। এই ৰামায়ণ কৃত্তিবাসী ৰামায়ণ নামেৰে অধিক জনাজাত। কৃত্তিবাসী ৰামায়ণৰ উত্তৰাখণ্ডত লৱ-কুশক অশ্বমেধ যজ্ঞৰ অশ্বৰ গতি ৰোধ কৰা যুদ্ধৰ যুঁজাৰু বীৰৰ পৰিচয় দিবলৈ যত্ন কৰিছে। ৰামায়ণৰ মূল কথাখিনি একে থাকিলেও কবিসকলে নিজৰ সৃষ্টিশীলতাৰ পৰিচয় দিবলৈ গৈ বাল্মীকি ৰামায়ণৰ পৰা ফালৰি কাটি নতুন উপ কাহিনী সংযোগ কৰা দেখা যায়। কৃত্তিবাসী ৰামায়ণত আছে:

ঘোঁড়া লয়ে দুই ভাই খেলে বাৰেবাৰ।
লব কুশে দেখিয়া তাহাৰ চমৎকাৰ।।
লব কুশ খেলা খেলে দেখি শত্ৰুঘন।
ঘোঁড়াৰ উদ্দেশ হেতু কৰিলে গমন।। (পৃ. ৫৪৩)

ইয়াৰ পাছত যথাক্ৰমে শত্ৰুঘ্ন, ভৰত, লক্ষ্মণ ইজনৰ পাছত সিজন ৰণত লৱ-কুশৰ হাতত পৰাজিত হয়। শ্ৰীৰামচন্দ্ৰ এই দুই বালকৰ লগত যুঁজিবলৈ আহে। ৰামে তেওঁলোকৰ বীৰত্বত তবধ মানে আৰু হতাশাত ভোগে। কৃত্তিবাসী ৰামায়ণত আছে:

এতেকে ভাবিয়া মনে শ্ৰীৰাম চলে ৰণে
জীৱনত হইয়া হতাশ।
ৰামায়ণ সুধাভাণ্ড তাহাৰ উত্তৰাকাণ্ড
গাইল পণ্ডিত কৃত্তিবাস।। (পৃ. ৫৫৪)

দুই বালক যে তেওঁৰ পুত্ৰ সেই কথা পৰাজিত ৰামে বাল্মীকিৰ যোগেদি জানিছিল। কৃত্তিবাসী ৰামায়ণত লৱ-কুশ ধনুৰ্বিদ্যা আৰু সংগীত বিদ্যাত পাৰ্গত আছিল বুলি উল্লেখ কৰিছে, অৱশ্যে সংগীত বিদ্যাৰ পৰিচয় সংক্ষিপ্তকৈ দিছে।

মুনি বলে লব কুশ শুনা সাবধানে।
ধনুক সঙ্গীত বিদ্যা পাইল সমস্থানে।।

বাল্মীকি ঋষিয়ে নিজেও তেওঁলোকৰ ধনুৰ্বিদ্যাৰ বীৰত্ব দেখিলে। তেওঁ সংগীত বিদ্যাৰ বাবে ৰামৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিছে।

গীত বাদ্য ৰামায়ণ শিখিলে দুজন।
শ্ৰীৰামেৰ আগে কালি গাওঁ ৰামায়ণ।।
অনেক দ্বীপেৰ ৰাজা আইল এস্থানে।
ৰামায়ণ গীত কালি গাইবে দুজনে।। (পৃ. ৫৫৮)

মহাকবি বাল্মীকিয়ে তেওঁৰ মহৎ কবিত্ব শক্তি গীতৰ মাজেৰে প্ৰচাৰ হোৱাটো বিচাৰিছিল। কিন্তু কৃত্তিবাসী ৰামায়ণত এই গীত গোৱা পদ নিচেই সংক্ষিপ্ত।

প্ৰান্তীয় ভাষাত প্ৰকাশিত আন এখন জনপ্ৰিয় ৰামায়ণ কবি তুলসীদাসৰ ‘ৰাম চৰিত মানস’। তুলসীদাসৰ চলনাম ৰামবোলা ডুবে। ১৫৩২ খ্ৰীষ্টাব্দত ৰাজাপুৰত জন্ম হৈছিল আৰু ১৬২৩ খ্ৰীষ্টাব্দত মৃত্যু বৰণ কৰিছিল। তেওঁ গোস্বামী তুলসীদাস বুলিও জনাজাত। উত্তৰ ভাৰতত ৰাম চৰিত মানস ব্যাপকভাৱে প্ৰচলিত আৰু জনপ্ৰিয় ৰামায়ণ। কিন্তু তেওঁৰ উত্তৰাকাণ্ডত লৱ-কুশৰ ধনুৰ্বিদ্যা বা সংগীত বিদ্যাৰ কোনো পৰিচয় নিদিলে। সেইদৰে সীতাৰ বনবাসৰ কাহিনী, লক্ষ্মণ-বৰ্জন বা সীতাৰ পাতাল প্ৰৱেশৰ ঘটনাও উপেক্ষা কৰিলে। কাকভূষুণ্ডি আৰু গৰুড় পক্ষীৰ কথোপকথনৰ মাজেৰে ৰামচন্দ্ৰৰ মহত্ব প্ৰকাশ কৰিছে। পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী সন্মেলনে প্ৰকাশ কৰা ‘শ্ৰীৰাম চৰিত মানস’ৰ অসমীয়া ভাঙণিত লিখিছে:

ভৱ সাগৰ চহ পাৰ জো পাৱা।
ৰাম কথা তা কহঁ দৃঢ় পাৱা।।
বিষ হ কহঁ পুনি হৰি গুণ গ্ৰামা।
শ্ৰৱণ সুখদ আৰু মন অভিৰামা।। (পৃ. ৮৯৪)

যি ভৱসাগৰ পাৰ হ’ব বিচাৰে, ৰামকথা তেওঁৰ কাৰণে সুন্দৰ নাৱৰ দৰে। যিসকল বিষয়াসক্ত, তেওঁলোকৰ পক্ষে হৰিৰ গুণ-গান সুখদায়ক আৰু আনন্দ প্ৰদায়ক।

এই উদ্দেশ্য আগত ৰাখিয়েই গোস্বামী তুলসীদাসে ৰামায়ণ ৰচনা কৰিছিল। উত্তৰাকাণ্ডত শ্ৰীৰামৰ মনুষ্য কৰ্মৰ লোকনিন্দা, পত্নী বিচ্ছেদ ইত্যাদি কথাবোৰৰ পৰা আঁতৰি থকাৰ উদ্দেশ্যেই সম্ভৱতঃ লৱ-কুশৰ ৰামায়ণ ব্যাখ্যাৰ কাহিনী গ্ৰহণ কৰা নহ’ল।

নেপালী ভাষাৰ জনপ্ৰিয় ভানুভক্তৰ ৰামায়ণ ৰচনা কৰিছিল ভানুভক্ত আচাৰ্য (১৮১৪-১৮৬৮)ই। অধ্যাপিকা গীতা উপাধ্যায়ে অসমীয়ালৈ অনুবাদ কৰা ৰামায়ণখনিত লৱ-কুশৰ সংগীতবিদ্যা তথা গীতি ৰামায়ণ প্ৰচাৰৰ কথাখিনিও সংক্ষেপে উল্লেখ আছে: এদিন বাল্মীকিয়ে লৱ-কুশক ক’লে— পুত্ৰসকল, তোমালোকৰ মুখত গীত শুনি সকলোৱে আনন্দ লাভ কৰে, গতিকে যোৱা শ্ৰীৰামচন্দ্ৰকো গীত গাই শুনাই আহাঁ। (১৭৫) তেওঁ গীত শুনি সন্তুষ্ট হৈ যদি কিবা পুৰস্কাৰ দিব খোজে তৃণসম ভাবি সেই পুৰস্কাৰ গ্ৰহণ নকৰিবা। বাল্মীকিৰ উপদেশ মতে দুয়ো ভাই ৰামৰ সমুখলৈ গ’ল আৰু গীত গাবলৈ আৰম্ভ কৰিলে। (১৭৬) (পৃ. ২৩০)

ইয়াত লৱ-কুশৰ গায়ক পৰিচয় দাঙি ধৰিছে যদিও তেওঁলোকে গীত গোৱাৰ দৃশ্যাংশ বহলকৈ লিখা নাই। মাত্ৰ তিনিটা শ্লোকত সমাপ্ত কৰিছে। কিন্তু শ্ৰীমন্ত শঙ্কৰদেৱে উত্তৰাকাণ্ড ৰামায়ণত গায়ক হিচাপে লৱ-কুশৰ পূৰ্ণ পৰিচয় আৰু সংগীত জ্ঞানৰ বিস্তৃত বৰ্ণনা ৰাখিছে। ৮২নং পদৰ পৰা ২৭১নং পদলৈ লৱ-কুশ ৰামায়ণী গীত গাবৰ বাবে ওলাই যোৱাৰ পৰা ৰামৰ লগত পৰিচয়লৈকে সবিস্তাৰ বৰ্ণনা আছে। মহাপুৰুষজনাই উত্তৰাকাণ্ডতে নিজৰ পৰিচয় দিয়াৰ লগতে নিজৰ দোষ-ত্ৰুটিৰ কথা এনেদৰে লিখিছে:

দীৰ্ঘ হ্ৰস্ব নানা ছন্দে বিৰচিলা পদবন্ধে
শেষ কথা উত্তৰাকাণ্ড।। ৩২১।।
কৰযোৰে কৰ বুদ্ধ লোকে বোলো ক্ষেমিয়োক মোক
আমাৰ অযোগ্য ইটো কৰ্ম্ম।
পদত দূষণ পাই নিন্দিবেক নুযুৱাই
মহন্ত জনৰ জানা ধৰ্ম্ম।।
পূৰ্ব্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি
তেহে বিৰচিলা ৰাম কথা।
হস্তীৰ দেখিয়া লাদ শশা যেন ফাৰে মাৰ্গ
মোৰ ভৈল তেহ্নয় অৱস্থা।। ৩২২।।

আদিকবি মাধৱ কন্দলীয়ে মূল ৰামায়ণৰ লগত সংগতি ৰাখি ৰচনা কৰা উত্তৰাকাণ্ড বাস্তৱৰ পৰা আঁতৰি থকা নাই। অসমীয়া সমাজ জীৱনৰ পৰিচয়ো প্ৰতিফলিত হৈছে। মহাকবি বাল্মীকিৰ উত্তৰাকাণ্ডৰ পৰৱৰ্তী সময়ত বিখ্যাত লোকে নিজস্ব দৃষ্টিৰে আলোচনা বা ব্যাখ্যা দিবলৈ যত্ন কৰিছে। ভৱভূতিৰ সাহিত্যকৰ্ম সম্পৰ্কত পণ্ডিতপ্ৰৱৰ আনন্দৰাম বৰুৱাই সুবিস্তৃত আলোচনাৰে আলোকপাত কৰিছে। উপন্যাস সম্ৰাট বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়েইও ভৱভূতিৰ উত্তৰ ৰাম চৰিতৰ আলোচনা আগবঢ়াইছে। সীতাৰ প্ৰতি ৰামৰ অবিচাৰ, অন্তৰত ভীষণ ক্ষোভেৰে গুজৰি-গুমৰি থকা সীতাৰ বক্তব্য অথচ স্বামীশীলা, পতিব্ৰতা সীতা ৰূপ শ্ৰীমন্ত শঙ্কৰদেৱে উত্তৰাকাণ্ডত অংকিত কৰিছে:

একচিত্তে কৰিলোহো তাহাঙ্কেসে সেৱ।
মইতো জানো স্বামীসে পৰম মোৰ দেৱ।। ৩৬২।।
স্বামী তপ জপ যজ্ঞ স্বামী যোগ ধ্যান।
স্বপনে সচিতে মই নিচিন্তিলো আন।।
তথাপি আমাত আন চিত্ত বিহৰিল।
চুমাতে কামোৰে যেন ওলগতে কিল।। ৩৬৩।।
দুষ্ট দিলে অপযশ তাতে আনে ত্ৰাস।
ছলে নিয়া দিয়াইলন্ত আমাক নিৰ্ব্বাস।।
দেখা দেখা ইটো কেন স্বামীৰ মৰ্য্যাদ।
কিসক কৰিলে এতমান ছলবাদ।। ৩৬৪।।
… … …
সৱে বোলে এনুৱ ৰামক ভাল ভাল।
মই জানো মোৰ ৰামেসে যমকাল।। ৩৬৬।।
স্বামী এন নিদাৰুণ কৈত আছা শুনি।
চাইবো ইহান মুখ মই কিবা গুণি।।
… … …
আউৰ যেন নুশুনো ৰামৰ ইটো নাউ।
ফাট দিয়া বসুমতী পাতালে লুকাওঁ।। ৩৮০।।

তথাপি সীতা দেৱীয়ে কয়—
কায় বাক্য মনে যেবে ৰামকো আৰাধোঁ।
স্বপনতো ৰাম বিনে আনক নসাধোঁ।।

সীতা দেৱীক এগৰাকী মানৱী নাৰী হিচাপে দুখ-বেদনা-ক্ষোভ প্ৰকাশ কৰি শ্ৰীমন্ত শঙ্কৰেদেৱে অংকন কৰিছে। কিন্তু শ্ৰীৰামৰ মহানুভৱতা, সত্ত্ব গুণৰ অধিকাৰেৰে প্ৰজাবৎসল ৰজা, পত্নীপ্ৰিয়া হিচাপেও একে সময়তে দেখুৱাইছে।

লৱ আৰু কুশ সেইদৰে শ্ৰীৰামচন্দ্ৰৰ পুত্ৰ হিচাপে ধনুৰ্ধৰ বীৰ হয়, কিন্তু ঋষিৰ আশ্ৰমত সংগীত চৰ্চাৰে মহৎ গায়ক ৰূপে প্ৰতিষ্ঠা কৰিছে।

বাল্মীকিৰ আজ্ঞা দুয়ো ধৰিয়া শিৰত।
ৰামায়ণ গীত গায়া ভ্ৰমন্ত ৰাজ্যত।। ৮২।।
কৰ্ণৰ অমৃত ৰস ৰামৰ চৰিত্ৰ।
দুয়ো ৰঙে গাৱন্ত লোক ৰঞ্জি চিত্ত।। ৮৩।।

তেওঁলোকে হাতত তাল আৰু যন্ত্ৰ লৈ গীত গাইছে— ‘শুনন্তে মনোহৰ’। তেওঁলোকৰ কণ্ঠস্বৰ আছিল— ‘কোকিল স্বৰত অমৃত কৰে বৃষ্টি’।

এইদৰেই দেশে দেশে গাই লৱ-কুশ ৰামচন্দ্ৰৰ সভাত উপস্থিত হৈছিল।

শুনি পাছে ৰামৰ আদেশ দুয়ো ভাই।
দিলা ৰাম পুৰি ৰঙে পঞ্চম উচ্চাই।।
তাৰ ঘোৰ মন্ত্ৰ নাদে দুয়ো গীত গাৱে।
এক জনে তাল আউৰ জনে যন্ত্ৰ বাৱে।। ১১৫।।

এই পদফাকিয়ে লৱ-কুশ কিমান নিপুণ সংগীতজ্ঞ আছিল, তাৰেই পৰিচয় দিয়ে। তেওঁলোকৰ গীতৰ ৰাগ ‘পঞ্চম উচ্চাই’ আৰু ‘ঘোৰ মন্ত্ৰ নাদে’ বিশেষ শিক্ষাৰ পৰিচায়ক। ৰাজনীতি জ্ঞান (পঢ়াইলন্ত নিৰন্তৰে ৰাজনীতি তথা)ৰ বাহিৰেও উচ্চ তাল-মানেৰে লৱ-কুশই সংগীত শিক্ষা লাভ কৰিছিল। ‘এক জনে তাল আউৰ জনে যন্ত্ৰ’— এই যন্ত্ৰ কি বিশেষ সংগীতৰ বাদ্যযন্ত্ৰ উল্লেখ কৰা নাই। কিন্তু কৃত্তিবাসী ৰামায়ণত উল্লেখ আছে—

গন্ধৰ্ব্ব কিন্নৰ যক্ষ ৰক্ষ চাৰি ভিত।
দুই ভাই গীত গায় বাজাইয়া বীণা।।
সৰ্ব্ব লোকে গীত শুনে অমৃত বৰষে।
বীণা যন্ত্ৰ বাজে আৰ গীত গায় স্বৰে।।
শুনিয়া সকল লোক আপনা পাসৰে। (পৃ. ৫৫৮)

‘তাল মানে ভেদি দুয়ো ৰামায়ণ গাৱে’— এইদৰে গীত গাই থাকোঁতেই দুয়োজনৰ পৰিচয় ৰামৰ ৰাজসভাত ওলাই পৰিল।

গীততে জানিলে সৱে সীতাৰ তনয়।
ভালেতো ৰামৰ সবে আকৃতি আন্বয়।।

শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত উত্তৰাকাণ্ড ৰামায়ণ এখন সুকীয়া গ্ৰন্থ নহয়। এয়া মাধৱ কন্দলীৰ ৰামায়ণ সম্পূৰ্ণ কৰিবলৈ ৰচনা কৰা পৰিপূৰক অংশ। মাধৱ কন্দলীৰ পাছত অনন্ত কন্দলী, দুৰ্গাবৰৰ গীতি ৰামায়ণ, অনন্ত ঠাকুৰ বা হৃদয়ানন্দ কায়স্থৰ শ্ৰীৰাম কীৰ্তন, ৰঘুনাথ মহন্তৰ কথা ৰামায়ণ, জয়হৰিৰ আধ্যাত্ম ৰামায়ণ আদি ভালেমান ৰামায়ণৰ পুথি লিখা হৈছিল। মহাকবি ভৱভূতিৰ উত্তৰৰাম চৰিতম্ কৰুণ ৰসৰ অমৰ সৃষ্টি। এই পুথিতো লৱ-কুশক ধনুৰ্ধৰ বীৰ হিচাপে দেখুৱাইছে। সাত অংকৰ এই অমৰ নাটকখনি কাৰুণ্য ৰসৰ প্ৰথম সংস্কৃত গ্ৰন্থ বুলি কোৱা হয়। কিন্তু শেহৰ অংকক ‘সন্মেলন’ বা ‘গৰ্ভাংক’ বুলিও কয়। পৃথ্বী আৰু গংগাদেৱীয়ে সীতাক মহাসতী আৰু নিষ্কলুষ বুলি স্বীকৃতি দিয়ে— সতী অৰুন্ধতী, মহাকবি বাল্মীকি, মহৰ্ষি জনকৰ উপস্থিতিত মিলন দেখুৱাইছে।

সেয়ে শ্ৰীমন্ত শঙ্কৰদেৱে উত্তৰাকাণ্ড ৰচনাত অতি নাটকীয়তাৰ আশ্ৰয় নোলোৱাকৈ মহাকবি বাল্মীকি ৰামায়ণ অসমীয়া ভাষালৈ ৰূপান্তৰিত কৰিছে। লৱ-কুশৰ সংগীত বিদ্যাত থকা পাৰ্গতালি আৰু গায়ক হিচাপে তেওঁলোকৰ প্ৰকাশ সম্পৰ্কে দেখুৱাবলৈও যত্ন কৰা হৈছে।

❧ | আৰু পঢ়ক:

শ্ৰীমন্ত শঙ্কৰদেৱৰ উত্তৰাকাণ্ড ৰামায়ণত মহাকাব্যৰ প্ৰথম গায়ক লৱ-কুশ | গুণীন হাজৰিকা
Follow Nilacharai on Facebook