মহিম বৰাৰ গল্প: টোপ

মহিম বৰাৰ গল্প: টোপ
  • 05 Jul, 2019

শি ঙিপুখুৰীত শ’লমাছ পৰিছে। বহুতে অকল শ’ল টোপায়ে পকা পকা শ’লমাছ আনিছে। বেণুৱে তাৰ সমনীয়া চেনিক খবৰটো জনাবলৈ লৰ দিলে। চেনিয়ে তাতকৈও আগতেই জানে খবৰটো। দুয়ো নিৰুপায়। বৰশী এটাৰো নাই। ককায়েকহঁতৰ বৰশী চুবলৈ নিদিয়ে।

—“মই ডোল বটিব জানো। বৰশী ডাঁৰি দুডাল তিনি মাহমানৰ আগতে কাটি থৈছোঁ।” —“কৰালি অলপ সেকি পোন-পাজৰ কৰি ল’লেই হ’ল।” বেণুৱে উপায় উলিয়ালে।

কিন্তু সূতা ক’ত পাব? মুগা সূতা লাগিব। এই একোটা পকা শ’ল— শণ বা মুগা সূতা নহ’লে ছিঙ্গি লৈ যাব।

চেনিয়ে হাতেৰে মাছৰ আকাৰ-প্ৰকাৰ দেখুৱাই দিয়াৰ লগে লগে বেণুৱে মাছটো দেখিলে। পেটৰ ফালে ৰঙা দীঘলীয়া, ক্ৰমাৎ লাহী শ’লমাছ, মাজে মাজে ক’লা দাগ, দীঘলীয়াকৈ আৰম্ভ হোৱা মূৰৰ খোলাটো, পানীৰ তলে তলে ফিছা কোবাই কোবাই সি আহিছে কাঁড় এপাট অহাদি। তাৰ বৰশীৰ টোপৰ ওচৰত অলপ সময় ডঁৰক দি পৰীক্ষা কৰিছে তাৰ বস্তুটো। খন্তেকতে সি কামোৰ মাৰি ধৰিব, লগে লগে তাৰ বহল মুখখনেদি টামচিং বৰশী গৈ পেট পাবগৈ। শ’লমাছে বস্তুটো লৈ চুপি নাথাকে, একেবাৰে গিলি পেলায়। তাৰ পুঙা গুচি যাব পানীৰ তললৈ, বহুত তললৈ, লগে লগে পুঙাৰ ওচৰত বুৰবৰণি উঠিব— এই— এই— নাই, ৰ’ব নোৱাৰি। বেণুৱে মুগা সূতা যোগাৰ কৰিব। মাকৰ মুগা সূতা আছে। তাৰে এডাল ৰছি চেনিকো দিব। কথা হল— মুগা সূতাৰ ৰছি বটা সহজ কথা নহয়। পাক দিয়াৰ উনৈছ-বিছ হলেই নষ্ট হ’ব। কেনেবাকৈ বেছি পাক দিলে আৰৈমূৰীয়াও হ’ব পাৰে।

দুয়ো গভীৰ চিন্তাত লাগিল। এটা মাত্র উপায় আছে। গাঁৱৰ হৰিবল ককাৰ ওচৰলৈ গৈ আঁঠু লোৱা।

—“সেই পাত সোগোনা বুঢ়াৰ ওচৰলৈ কোন যাব। ইমান গালি পাৰে আৰু লাজ কথা মাতে।” বেণুৱে নাক কোঁচালে। —“সেইখিনি সহ্য কৰিবই লাগিব। নহ’লে কাৰ্যসিদ্ধি হ’ব কেনেকৈ?” বুঢ়াক গৈ চাহটোপা কৰি দি ভালকৈ ধঁপাত এচিলিম লগাই দিলেই কাম শেষ।

দুয়ো মুগাৰ সূতাৰ মহুৰা লৈ বুঢ়াৰ ঘৰ পালেগৈ। গাঁৱৰ ‘হৰিবল বুঢ়া’ বুলি জনাজাত, ল’ৰা-ছোৱালীৰ ‘হৰিবল ককা’ গাঁৱৰ এমূৰত অকলে থাকে। দোকমোকালিতে উঠিয়ে ‘হৰিবোল’ বুলি যিটো চিঞৰ মাৰে, গাঁৱৰ মূৰ সৰকি যায়গৈ। সকলোৱে জানে, হৰিবল বুঢ়া উঠিল। ৰাতি পুৱাল। মূৰৰ চুলিবিলাক দীঘল, চাৰিওফালৰ পৰা আঁচুৰি ওপৰলৈ খোপা বান্ধি থোৱা। খোপাৰ ওপৰত ফুল এপাহ। দীঘলীয়া দাঢ়িকোছাই বুকু চুইছেহি। কপালত ৰঙা-বগা ফোঁট। মুখত হৰিনাম পুৱা এবাৰ আৰু সন্ধিয়া এবাৰ শুনা যায়। বাকী কথাই প্রতি দুটা শব্দৰ অন্তৰত এটাকৈ ‘অভইচ’ কথা থাকে। সকলো সময়তে খিংখিঙীয়া বুঢ়াক গাঁৱৰ ল’ৰাবোৰে আঁতৰৰ পৰা জোকায়— সেই সময়ত বুঢ়াৰ প্ৰতিটো কথাৰ পিছত দুটাকৈ ‘অভইচ’ কথা বাহিৰ হয়। ওচৰত অৱশ্যে ল’ৰাবিলাক সৈমান। গাঁৱৰ জীয়াৰী-বোৱাৰীৰ খোজ কাটল, পিন্ধা-উৰাৰ অলপ হেৰফেৰ বাটে-পথে দেখিলেই বুঢ়াৰ মুখত এনেকুৱা সংস্কৃতৰ আখৈ ফুটে যে সিহঁতে কেতিয়াবা কান্দি কান্দি ঘৰ সোমাইগৈ, তথাপি বুঢ়াক কোনেও বেয়া নাপায়, অর্থাৎ, বেয়া পালে নচলে কাৰো। ল’ৰাৰ স্কুলীয়া সঁজুলি, বাঁহৰ চুঙা, স্কেল, স্কুলৰ হাতৰ কাম, খৰাহী-চালনী বুঢ়াই সাজি দিব বা দেখুৱাই দিব। তিৰোতাৰ তাঁতশালৰ সঁজুলি— ফুলছিৰী, নাচনী, ফুলচেৰেকী, টাকুৰী, শলি, টোলোঠা জৰী আদি মিহি কামবিলাক বুঢ়াই নকৰিলে নহয়। ভাওনা হলে ভাৱৰীয়াৰ মুকুট-মণি, ভীম আদিৰ গদা, অৰ্জুন আদি বীৰসকলৰ ধনু-কাঁড়, তূণ— এই সকলো কাম বুঢ়াৰ ওপৰত। কাৰোবাৰ ঘৰত সবাহ পাতিলে মাহ-প্রসাদ তিওৱা, ধোৱা, কলৰ দোৰোলা সজা কাম বুঢ়াৰ। তাৰ উপৰি পানী জাৰি দিয়া, তেল জাৰি দিয়া, পৰীক্ষাৰ সময়ত ল’ৰা-ছোৱালীৰ পেন্সিল-কলম জাৰি দিয়া কাম দিনটোত লাগি আছেই। সেই কাৰণেই গঞাই বুঢ়াক ধান-চাউল, বয়বস্তু দি সহায় কৰে। বুঢ়াৰ গাইজনী পালত ৰখি দিয়ে, তাৰ বাবে বুঢ়াৰ পালৰ কোনেও হেঙা নধৰে।

চফল ডেকা অৱস্থাতে বুঢ়া এই গাঁৱলৈ প্রথম আহে। দুকুৰি বছৰৰ আগৰ কথা। চল্লিশ বছৰ বয়সৰ পৰা গাঁৱৰ এমহীয়া কেঁচুৱালৈকে, এনে এজন মানুহ নাই— যাৰ জন্মৰ সময়ত মাকে বুঢ়াৰ হাতৰ ডোল এডাল বা মজিয়াৰ মাটি গোলা পানী এঢোক খোৱা নাই। ভূইকঁপ হ’লে মজিয়াৰ পৰা দাঁতেৰে কামুৰি মাটি আনিব লাগে, সেই মাটি বুঢ়াই জাৰি দিয়ে। তাৰ পানী খালে সুপ্ৰসৱ হয়। বুঢ়াই বিয়া নকৰালে। গঞাই জোৰ কৰিছিল, ছোৱালীও পাইছিল। এবাৰ বৰকৈ জোৰ কৰাত বুঢ়াই গাঁও এৰি গুচি যাবলৈকো ওলাল। তেওঁ হেনো সন্ন্যাসীৰ দৰে থাকিব। বুঢ়াৰ শত্ৰু নাই। থকা হ’লেও কোনেও বুঢ়াৰ চৰিত্র সম্পর্কে একেষাৰো কথা ক’ব নোৱাৰিলেহেঁতেন। নামাতিলে (অর্থাৎ দৰকাৰ নপৰিলে ) বুঢ়া কাৰো ঘৰলৈ নাযায়। কাৰো লগত বেছি হলি-গলি নকৰে। মুখৰ আগত সকলোকে খৰংখচ কথা কয়, ডাঙৰ-সৰু বাছ-বিচাৰো নাই। সকলোৱে বুঢ়াক অলপ চনবলীয়া সাব্যস্ত কৰিয়ে থৈছে। মুঠতে, বুঢ়াৰ অতীত কাহিনী আৰু ডেকাৰ পৰা ৬৫ বছৰ হোৱালৈকে মানুহজন, সকলোৰে কাৰণে ৰহস্য হৈয়ে থাকিল। বুঢ়াৰ যদি কিবা অতীত কাহিনী আছিলো, সি অতীততে ৰ’ল, শ’ল টোপোৱাদি টোপাই কোনেও তাক পাৰলৈ আনিব পৰা নাই বা আনিবৰ চেষ্টাও কৰা নাই।

বুঢ়াই ৰাতিপুৱাই উঠি ঘৰ-দুৱাৰ সাৰি-মছি, চোতাল চিকুণাই, গৰু খীৰাই, গাইজনী বাটৰ দাঁতিত এৰাল দিয়ে। গৰু মেলাৰ সময়ত মোকোলাই দিব। গোহালী নামৰ চালিখনো ফু মাৰি ভাত খাব পৰা কৰি থয়। তাৰ পাছত গা-পা ধুই বেৰত আঁৰি লোৱা থাপনাত সেৱা কৰি চাহৰ খোলাত বহে। চাহটোপাই বুঢ়াৰ প্রধান আকর্ষণ। আনে কৰা চাহ বুঢ়াৰ মুখত নালাগে।

পিতলৰ সৰু ঘটিটোৱেই আজি দুকুৰি বছৰ ধৰি চাহৰ কেটলিৰ কাম কৰি আহিছে। এগিলাচ পানী উতলাই তাত জোখৰ গুৰকণ দি দিয়ে। অলপ পাছত ফেনখিনি কাটি পেলায়। তেজপাত এটা আৰু এচিকটা নিমখ দিয়াৰ পাছত চাহপাতকেইটা দি দিব। সদৌ শেহত, কেৰাহীত উতলাই ডাঠ কৰি থোৱা গাখীৰ দুচামোচ দি বাঁহৰ ছেকনীৰে পিতলৰ গিলাচত ছাকি পেলালেই হৈ গ’ল বুঢ়াৰ চাহটোপা। “এ ৰাম কৃষ্ণ” বুলি চাহত ঢোক দিবলৈ ধৰোঁতেই দুৱাৰমুখত উপস্থিত বেণু আৰু চেনি। “হৰিবল ককা”— এই সৰু মাতষাৰ শুনি বুঢ়াই মূৰ দাঙি সিহঁতলৈ পোন্দোৱাকৈ চাই ৰ’ল।

—“কটাৰ পো কটা যোৱাহঁত, ঠিক খাবৰ পৰে পৰে হাজিৰ হবি। এখন কৰাৰ সময়ত পৰুৱা এটাও পাবলৈ নাই।” চেনিয়ে লৰালৰিকৈ হাতত অনা জেঙনি খৰিৰ বোজাটো জুহালৰ ওচৰত ৰাখিলে। বেণুৰ হাতত দুচিলিমমান খামিৰা দিয়া ধঁপাত। কৌটিকলীয়া বাঁহৰ চুঙাটোত ধঁপাতখিনি থৈ দিলে। বুঢ়াই মুখখন চাহৰ গিলাচতে ৰাখি চকু ঘূৰাই কাণ্ড-কাৰখানাবোৰ চাই গৈছিল মাত্র। খামিৰা দিয়া ধঁপাতৰ গোন্ধ ইতিমধ্যে নাক পাইছিলগৈ।

—“হেৰ জহৰা পোৱালীহঁত’, ধঁপাত আৰু অলপ সৰহকৈ আনিব নোৱৰিলি? খৰি সেই কেইডালহে পালিনে? সেই ঘটিতে অলপ চাহ আছে, দুইটাই ভগাই খা।” বুঢ়াই এটা হাতেৰে ঘটিটো আগবঢ়াই দিলে। বুঢ়াৰ এই স্বাভাৱিক কথা-বতৰাৰ মাজতো স্বাভাৱিকভাৱেই অভিধানত নথকা শব্দবিলাক সোমাই থাকিবই।

বেণু আৰু চেনিয়ে চকুৱে চকুৱে চাই ল’লে। তাৰ পাছত ঘটিৰ চাহ বাকি দুয়ো পৰম তৃপ্তিৰে খাই এটাই ধঁপাত লগালে, এটাই বাটি-গিলাচ ধুই আনিলে।

বুঢ়াৰ চাহৰ আমেৰি ভগাই নাই। দুভালকৈ বৰশী ডোল বাটিব লাগিব, দুটা ডাঁৰি কৰালিব লাগিব, টোপ বিচাৰিব লাগিব, এক মাইল দূৰৰ শিঙিপুখুৰী পাবগৈ লাগিব। ইয়াৰ ভিতৰত ভাত-খোৱা, গা ধোৱাৰ নিচিনা লেতেৰা কাম দুটাও আছে। বুঢ়াৰ আমেৰিত দুয়ো ভিতৰে ভিতৰে জ্বলি উঠিছে আৰু দকচি গালি পাৰিছে।

অৱশেষত ধঁপাতৰ হোঁকাটো লৈ ভালকৈ টানকেইটামান দিয়াৰ পাছত সিহঁতে নিবেদন কৰিলে মুগা সূতাৰ মহুৰা দুটা আৰু লগত অনা টাকুৰী এটা।

চিলিমৰ আগত ভমক কৰে জুই জ্বলি গ’ল। “ধদুৱাৰ পোৱালীহঁত, এনেয়ে ভৰিকে দিবলৈ নাহ। আহোঁতেই বুজিছোঁ নহয় কিবা এটা পাঙ্গি আহিছ। মই বৰশীও নাবাওঁ, মাছো হাতেৰে নোচোওঁ। নাজান নেকি?” —“ককাই আগতে আমাক বৰশী বোৱাৰ কথা কৱ নহয় ? তই ডেকা হৈ থাকোঁতে তহঁতৰ দেশৰ দীঘলী বিলত বৰশীৰে ৰৌমাছ ধৰাৰ কথা, কাছ ধৰাৰ কথা।” কথাখিনি দুইটাই ভাগ পাতি ল’লে। বোধহয় আওৰাই আহিছিল। —“হেৰৌ বান্দৰৰ পোৱালীহঁত, আজি-কালি তহঁতে দুটা চেঙেলী মাৰিবলৈ শিকিছ। মই তহঁতৰ বয়সতে ৰৌমাছ বগৰাইছিলো। মোৰ বৰশীৰ মাছ আনিবলৈ লগত ভাৰী যাব লাগিছিল।” বুঢ়াৰ চিলিমত কমাৰৰ শালৰ দৰে ভমক ভমক জুই জ্বলিবলৈ ধৰিলে। চেনিয়ে মহুৰা দুটা, টাকুৰীটো আৰু বুঢ়াৰ নালীয়া কটাৰীখন বেৰৰ পৰা আনি বুঢ়াৰ ওচৰতে থ’লে। বুঢ়াই আৰু দুজাউৰীমান গালি উৰাই কটাৰীখন বেণুৰ ফালে ঠেলি দিলে— “যা, তিনিটা সৰু খুঁটি কাটি আন।”

তিনিটা খুঁটি পুতিলে বুঢ়া বহা ঠাইৰ পৰা দুৱাৰমুখেদি পোনে পোনে দহ হাত আঁতৰত, চোতালত। প্ৰতিটো খুঁটিত তিনি ডালকৈ মুগা সূতা দি টাকুৰীত গাঠি বান্ধি পকাই বেণুক ধৰি থাকিবলৈ দিলে, যাতে পাক সুলকি নাযায়। তিনিও ডাল পকাই লোৱাৰ পাছত তিনিওটা মূৰ একেলগে টাকুৰীৰ হাঁকোটাত বান্ধি পেলালে। এতিয়াহে আচল ডোলভাল বটা হ’ব। হাতৰ তর্জনী আৰু মধ্যমা আঙুলি দুটা ৰচিৰ ফাকত বুঢ়াৰ নির্দেশ মতে চেনিয়ে এনেভাৱে সুমুৱাই ধৰিলে যাতে ডোলকেইডালৰ ইডালৰ গাত সিডাল নালাগে। টাকুৰীৰ পৰা এহাতমান আঁতৰত এইদৰে আঙুলিকেইটা ৰাখি তাৰ এবেগেতমান আঁতৰত টাকুৰীৰ ফালে তিনিওডাল ডোল বাওঁহাতৰ তর্জনী আৰু বুঢ়া আঙুলিৰ নখেৰে এনেভাৱে টিপা দি ধৰিলে যাতে ৰচিৰ পাক সেই টিপা পাৰ হৈ আগবাঢ়িব নোৱাৰে। বুঢ়াই টাকুৰী পকাই থাকিব। ডোলৰ পাকে গৈ আঙুলিৰ টিপাত প্রথমে টান দিব। বুঢ়াই টাকুৰীটো গাৰ ফালে টানি ইঙ্গিত কৰাৰ লগে লগে চেনিয়ে বাওঁহাতৰ আঙুলিৰ টিপাটো ওপৰলৈ আজোৰ মাৰি অনাদি এৰি দিব। লগে লগে কটং শব্দ কৰি পাকবোৰ সোঁহাতৰ আঙুলি থকা ঠাইখিনি পাবগৈ। পাক ৰোৱা ঠাইত আকৌ বাওঁহাতেৰে টিপা দি সোঁহাতৰ আঙুলিকেইটা এবেগেত আঁতৰত ৰাখিব। গোটেই ৰছিডালত এই ব্যৱস্থা। কেনেবাকৈ যদি টিপা পিছলিল বা সময়ত এৰি নিদিলে, বা এৰি দিওঁতে কটং কৰে শব্দ নুঠিল, তেনেহলে ৰছিও বটা হল, শ’লমাছো খালে, সিহঁতৰ চৌদ্ধ পুৰুষেও একোটা পিণ্ড পালে। কলিজাত ওজন নথকাই বুঢ়াৰ ওচৰত অন্ততঃ বৰশীৰ ডোল বটাবলৈ নাযায়।

—“মই বটা ডোলে বৰশীৰ আগত এনেয়ে কনকনাই থাকিব লাগিব। ডাঙৰ ৰৌমাছে যেতিয়া ধৰিব, আধা মাইল আঁতৰৰ মানুহে ভাবিৰ ক’ৰবাত টোকাৰী বজাইছে বা বীণ বজাইছে। কনকনাই থাকিব শন সূতাৰ ৰছিয়ে।” বুঢ়াই টাকুৰী পকোৱাৰ লগে লগে কথাও পকাই যায়, এবাৰ টাকুৰী কৰঙনত লৈ পকাওঁতে নোমকেইডালমানো পাক খাই গ’ল। তাৰ পাছৰ পৰা হাতৰ তলুৱাতে টাকুৰী পকাবলৈ ধৰিলে।

—“ককা, তেনেহলে ৰৌমাছ ধৰিলে চিপ মাৰিব নালাগে?” চেনিয়ে সুধিলে। চেনিয়ে জানে, তথাপি বুঢ়াক ভালৰি বোলাবলৈ এই ব্যৱস্থা। “হুঃ” বুলি বুঢ়াই মুখখন গোঁ কৰি টাকুৰী পকাই গ’ল। সিহঁতে জানে, বুঢ়াই এতিয়া সকলোখিনি কথাই কৈ যাব। বুঢ়াই অৱশ্যে সিহঁতক উদ্দেশ্য কৰি নকয়— ক’ব অদৃশ্য তৃতীয় পুৰুষ এজনক। —“বৰ বৰশীটো ম’হখুঁটি বিলৰ মাজলৈ পেলাই দি টামচিং বৰশীৰে কিনাৰে কিনাৰে বাই থাকা। শ’ল, খৰীয়া, পাভ— তাৰেই এসাজৰ হৈ যাব। অলপ পাছত দেখিবা বৰ বৰশীৰ ৰছিত জোকাৰ পৰিছে। বছ, ডাঁৰিটো দাঙি লৈ ৰছিডাল ঢিলাই দি থাকা। মাছে টানি নি থাকিব। মাজে মাজে একোবাৰ পাৰলৈ টানিবা। জোৰ দিলেই আকৌ এৰি দিবা। আকৌ টানিবা। শনৰ সূতাৰ ডোলে কনকননি ল’ব— ছিগি যাওঁ, ভাগি যাওঁ। ওচৰৰ পামত থকা মানুহে শব্দ শুনিয়ে বুজিব, মাছ লাগিছে, উপযাচি আহিব সহায় কৰিবলৈ। কেতিয়াবা মানুহে সৈতে টানি নিব নহয় পানীৰ মাজলৈ। কিন্তু হাজাৰ হলেও মাছ, সি কিমান তুৰিমুৰি কৰিব? বৰ বৰশীয়ে কলত ধৰিছে। এবাৰ ঢেল ওপঙা দিবই দিব। কাছ হ’লে কিন্তু আৰু বিপদ। কেনেবাকৈ তলিত গৈ এবাৰ খোপনি পুতিব পাৰিলে উঠোৱা বৰ টান। ৰছি টান হৈ থাকিবই লাগিব, ঢিলা পালে কামুৰি ছিঙিব।”

বেণু ওচৰতে বহি ককাৰ মুখলৈ চাই কথা শুনি আছিল। বুঢ়াৰ পোনছাটে খং উঠি গ’ল। “হেৰৌ অগিয়ানৰ সঁচ, সোণবৰীয়াল ক’ত?” বেণু উধাতু খাই লৰ ধৰিলে।

প্রথম ডাল ৰছি বটা প্রায় শেষ। এজোপা সোণবৰীয়াল লৈ বেণু উভতি আহিল। বৰ সোণবৰীয়াল। বুঢ়া আকৌ টিঙিৰিতুলা হৈ পৰিল। —“সৰু সোণবৰীয়াল নাপালি মাইকীয়ে নেচেলেকাৰ সঁচ? তই যা হেৰৌ ছাগলী পোৱালী।” ছাগলী পোৱালী অর্থাৎ চেনিয়ে লৰ মাৰিলে। ভোলডাল বটা শেষ হৈছিল। গতিকে পিছে পিছে বেণুও। অলপ পাছত দুটাই দুজোপা সৰু সোণবৰীয়াল গছ লৈ উভতি আহিল।

ভোলডাল টাকুৰীত বন্ধাই আছিল। বুঢ়াই টানি ধৰিলে। চেনিয়ে পাত কিছুমান লৈ আগৰ পৰা গুৰিলৈ ডোলডালত ঘঁহিবলৈ ধৰিলে। বেণুৱে খুঁটি তিনিটাৰ পৰা ডোলৰ মূৰ তিনিটা এৰুৱাই মাজৰ খুঁটিটোত লগাই মহুৰাৰ দৰে মেৰিয়াই মেৰিয়াই আনি ককাৰ ওচৰ পালেহি।

বুঢ়াৰ গালি মতে বেণুৱে চাহৰ পানী বহালে। ধঁপাত এচিলিমো লগাই দিলে। দ্বিতীয় ডাল ডোল বটাৰ আয়োজন পূৰ্বৰ দৰে চলিবলৈ ধৰিলে।

চেনিয়ে এই চলতে কাছৰ গাত বৰশী লগাই দিলে,— “কাছই যদি তলত গৈ খোপনি পোতে?” বুঢ়াই সোলা মুখেৰে এখৰাহীমান হাঁহিলে। —“আছে আছে, তাৰো উপায় আছে।” হোঁকা-চিলিমযোৰ বেণুলৈ আগবঢ়াই দিলে বেৰত থ’বলৈ। টাকুৰীত সূতা পকাই আৰম্ভ কৰিলে দ্বিতীয় ডাল ডোলৰ কাম। —“মন্ত্র আছে নেকি ককা?” বেণুৱে হোঁকা-চিলিমযোৰ থৈ সুধিলে। —“মন্ত্রও আছে। তহঁত আজিকালিৰ ইংৰাজী পঢ়া ল’ৰাই মন্ত্র বিশ্বাস কৰিবিনে? তহঁত বিলাতী হলি। মাছ খোৱাৰো মন্ত্র আছে।” বুঢ়াই পাকটো ঠিকেই হৈছেনে এবাৰ পৰীক্ষা কৰিলে। তাৰ পাছত তলুৱা দুখনত টাকুৰীটো লৈ পকাবলৈ লাগি গ’ল। “টান— ধৰিবি— এৰিবি— কটং।” সাপৰ দৰে পাকবিলাক উজাই যাবলৈ ধৰিলে।

—“তেনেহলে কাছ ধৰাৰো মন্ত্র আছে?” বেণুৱে আকৌ দোহাৰিলে। —“মাটিকলহৰ ডিঙিটো বা বাঁহৰ এধাৰি এটা লৈ যাব লাগে। চিপডালেদি সুমুৱাই দিলে সি গৈ কাছৰ গাত পৰিবগৈ। খোপনি এৰি দিব। সেইটোৱে মন্ত্র। মই যিবাৰ বৰ কাছটো লগাইছিলো, তিনি তিনিটা মৰদক ভাগৰাই দিলে। দিনৰ আন্দাজ দুইমান বজাৰ পৰা ৰাতি আন্দাজ দহমান বজালৈ ৰণ চলিল। কেহো বলে নুহি ক্ষীণ। সেইটো কাছ তিনিটা মানুহে কেঁকো-জেকোকৈ ভাৰ কৰি আনিছিলো। এখন গাঁৱে খালে। বৰশী আৰু গুৰা আনিছনে নাই, এই বান্দৰ পোৱালীহঁত?”

সিহঁতে শেষৰ আষাৰ কথাও কাছ ধৰাৰ লগৰে কথা বুলি ভাবিছিল। অলপ পাছতে চমক খাই পেণ্টৰ জেপৰ পৰা দিয়াচলাই এটা উলিয়াই বেণুৱে বুঢ়াৰ হাতত দিলে।

বৰশী বন্ধা কামটো ৰছি বটাৰ সমানেই টান। কৌশলটো অৱশ্যে সহজ। গাঁঠিটো সাধাৰণ কিন্তু তাৰ পাছত বৰশীটো হাতৰে ধৰি পাক দিওঁতে সাৱধান নহলে বৰশী আঙুলিত লাগি যাব পাৰে। বৰশী বান্ধি সীহৰ গুৰা বন্ধাৰ লগে লগে বুঢ়াক সুধিলে চেনিয়ে,— “ককা, আমাৰ লগত আজি ওলা তয়ো।” —“মই বৰশী এৰা আজি দুকুৰি বছৰ হ’ল—।” ককাৰ সুৰটো অলপ ঢিলা পাই দুয়োটাই চিঞৰি উঠিল,— “নহয় ককা, তই মাথোন ওচৰত বহি থাকিবি, আমি তামোল-ধঁপাত লগাই দি থাকিম। তই তাহানিৰ বৰশী বোৱা সাধু কৈ থাকিবি।” —“বৰশী বাওঁতে কথা পাতিলে মাছে খুটিবনে? সিহঁতে মানুহৰ মাত সহজে বুজিব পাৰে। চঁকে।”

আচলতে ককাই বৰশী বাওঁতে মাছে খোটা মন্ত্র জানে বুলি দুয়োৰে গভীৰ বিশ্বাস। তাৰ উপৰি ককাই ৰছিডাল জাৰি দিলেও মাছে খোটে। ককাক লগত নিব পাৰিলে মন্ত্ৰৰ সহায়ত বহুতো শ’ল বগৰাব পাৰিব, এয়ে সিহঁতৰ ধাৰণা।

ককাই নীৰৱে বৰশী বন্ধা আৰু সীহ লগোৱা কাম শেষ কৰিলে। পুঙা দুটা বান্ধিবৰ সময়ত এবাৰ মাত্ৰ সুধিছিল,— “ভোগ এহাত নে ডেৰহাত দিব লাগিব? কিমান দ পানীত বাবি?” বৰশীৰ পৰা পুঙাটো যিমান আঁতৰত বন্ধা যায়, সিমান তাৰ ভোগ। দ-পানীত ভোগ বেছি।

—“তেনেহলে যাবি ককা?” —“মই বৰশী এৰা বহুত দিন হ’ল।” ককাৰ মাতটোত কৰুণ সুৰ এটা ধৰা পৰোঁ পৰোঁ। সিহঁতে ককাক এনে ৰূপত দেখা পোৱা নাই। সদায় পোন্দোৱা মুখৰ খিংখিঙীয়া মানুহটো, এই মুহূৰ্তত যেন অলপ বেলেগ। বেয়া কথা মতা নাই। সিহঁতক গালি পৰাও নাই। সিহঁতৰ ভয় লাগিল কথা সুধিবলৈ। কি জানি ককাই পূৰ্ব ৰূপত আকৌ দেখা দিয়ে। বেণুৱে ইতিমধ্যে চাহৰ পানী গৰম কৰিছিল। ককাই দেখুওৱা জোখমতে গুৰ-চাহপাত আদি দি চাহ তৈয়াৰ কৰি তিনিও খাবলৈ বহিল।

—“তহঁতে কি টোপ লৈছ, বৰল?” চাহ খাই খাই ককাই সুধিলে। —“কোকাটোপ অলপো ভাঙি ল’ম। বৰল এবাহ বেণুহঁতৰ গোহালীত আছে। তাকো ভাঙি নিম।” —“চাৰিটামান খলা ভাঙি লবি। অলপ দ ঠাইত। কোকাটোপবোৰ ভাঙি দিবি পানীৰ তলত। অলপ বোকাবোৰ ঘোদা কৰি দিলে ডাঙৰ ডাঙৰ মাগুৰ আহিব পাৰে।” চাহ এঢোক দুঢোক পি ককাই কৈ গ’ল। —“শ’ল একা?” দুয়োটাই একেলগে চিঞৰি উঠিল। —“শ’ল ভেকুলী দি টোপাব পাৰিলে ভাল। সেই কাৰণে দুটা বৰশী লাগে। কাৱৈ-মাগুৰৰ কাৰণে এটা ফুল বৰশী, খলাত পাতি থ’ব লাগে। শ’ল টোপাবৰ কাৰণে এটা টামচিং।”

সিহঁতৰটো দুটা বৰশী নাই। মনটো অলপ সেমেকি উঠিল দুয়োৰে। যি নহক, শ’ল একোটা পালেও। ককাই কিন্তু ইমান খোলা দিলেৰে কেতিয়াও কাৰো লগত কথা পতা নাই। দুয়োটাৰ বৰশীডোল দুডাল ককাই মন্ত্রেৰে জাৰি তিনিবাৰকৈ ফুঃ মাৰি দিলে। ককাক আকৌ এবাৰ অনুৰোধ কৰিলে। বুঢ়া এইবাৰ প্ৰায় ভাগি পৰিল। মাতটো বৰ কোমল কৰি ক’লে,— “সেই দিনাৰ পৰা মই বৰশী হাতত দিয়া নাই। তাহানি ডেকা কালত ময়ো এদিন এনেকৈ শ’ল টোপাবলৈ বুলি ওলাইছিলো। কোকাটোপ ভাঙিবলৈ পুৰণা বাৰী এখনলৈ গৈছিলো। তাৰ পাছৰ পৰা বৰশী চোৱা নাই।” —“কি হ’ল ককা? তাৰ পাছত কি হ’ল?” দুয়ো উদ্বেগ আৰু আগ্ৰহেৰে চিঞৰি উঠিল। ককাই কিন্তু চাই আছে বহু দূৰলৈ— ইকৰাৰ বেৰৰ জলঙা এটাইদি। —“তাত কি হ’ল ককা? তাত কি দেখিলি?” বেণুৱে সেহাই সেহাই সুধিলে। —“তাত দেখিলো বহুতো ক’লা পৰুৱা। বৰমূৰীয়া টোকা পৰুৱা যে, সিহঁতে কিবা এটা বস্তু আবৰি ধৰিছে। ওচৰ চাপি গ’লো। বোধহয় আগদিনা পুৱতি ৰাতি কোনোবাই ওচৰত পুতি থৈছিল। শিয়ালে বোধহয় উলিয়ালে। মই যোৱা কাৰণেই কিজানি শিয়াল পলাল। গাঁৱত কিন্তু দেখাদেখিকৈ কাৰো কেঁচুৱা হোৱা নাছিল। কোনোবা পাষণ্ড, পাপীৰ কাম।”

ককাৰ কথাৰ সিহঁতে প্রথমে একো অর্থকে ধৰিব নোৱাৰিলে। তাৰ পাছত লাহে লাহে বুজিবলৈ আৰম্ভ কৰিলে। যেতিয়া বুজিলে— ডাঙৰ এজনে কিবা নক’বলগীয়া গোপন কথা এটা কৈ পেলাইছে, এনে এটা অস্বস্তিৰ ভাবেৰে সিহঁতৰ মন চটফটাবলৈ ধৰিলে।

—“চকু দুটা ওলাই আছে, ঠৰঙা। মই বৰশী এৰিলো— দুদিনমানৰ পাছত গাঁৱো এৰিলো। তহঁত যা বোপাইহঁত, বেলি হ’ব।”

সিহঁতো যেন যাব পাৰিলেই ৰক্ষা পৰে। লৰালৰিকৈ দুয়ো গুচি গল। বাটত কোকাটোপ ভঙাৰ কথা আছিল, কিন্তু কাৰো আগ্রহ নাই। বেণুহঁতৰ গোহালীত বৰল ভাঙোতে দুয়োটাৰে দুটা টেমুনা উঠিল। অৱশেষত দুয়ো কুকুৰ লৰৰে যাত্ৰা আৰম্ভ কৰিলে। পুখুৰী যেতিয়া পায়গৈ, দেখে যে দুজন মানুহে বৰশী বাবই লাগিছে। ওচৰৰ গাঁও দুখনৰ চিনাকি মানুহ। সিহঁতক দেখি দুয়োজনেই গম্ভীৰ হৈ পৰিল। যদিও ৰাজহুৱা পুখুৰী আৰু পানীৰ তলৰ মাছ, তথাপি বৰশী বাওঁতাই নতুন আগন্তুকক প্রথমে প্রতিদ্বন্দ্বী হিচাপেই লয়। দুয়োজনেই চিনাকি মানুহ; তথাপি সিহঁতে মাতিব খোজা নাই।

অগত্যা সিহঁতৰ এটায়ে মাত লগালে,— “কেনে, খাইছেনে ককাইদেউ?”

দুয়ো গহীন হৈ মুখ দুখন সামান্য বিকৃত কৰি তুলিলে মাত্র যেন সিহঁতৰ মাত শুনা মাত্রেই এই মাত্ৰ আহি খোট দিব খোজা শ’লমাছ দুটা ভিৰাই ধৰি লৰ মাৰিলে।

বেণুহঁতে নতুনকৈ নুসুধি এজনৰ খালৈটো চালে। খালৈৰ গিৰিহঁত গৰ্জি উঠিল। মাছ চালে কিজানি মুখ লাগে। কিন্তু সিহঁতৰ হাতত বৰল টোপ দেখি সুৰ নমাই সুধিলে,— “বৰল আনিছ হ’বলা? তেনেহলে আশা আছে।” লগৰ জনে এই চলতে গৰ্জি উঠিল, “বাৰে ঠাইৰ মানুহে বাৰে ধৰণৰ টোপ দি মাছবোৰ বলিয়া কৰিলে। আগৰ এই শিঙিপুখুৰীতে কেঁচুটোপ দিয়েই মাগুৰ-কাৱৈৰে খালৈ ভৰাইছিলো।”

প্রথমে জনে তেওঁৰ কথাত মৌখিক সমর্থন নিদি সিহঁতক দুটামান বৰল টোপ খুজিলে। ইহঁতেও আনন্দ মনেৰে বাৰটামান বৰল টোপ দিলে। সিহঁতৰ উদ্দেশ্য, নতুনকৈ দুটামান খলা ভঙাৰ। এইদৰে হাত কৰি নল’লে খলা ভাঙিবলৈ নিদিব, কাৰণ পানীত ঢৌ উঠিব! গতিকে লগৰজনকো নোখোজাকৈয়ে বাৰটামান বৰল টোপ দিলে। তেওঁলোকৰ হাতত কোকাটোপ আছিল। অলপ অলপ দুয়ো ল’লে। তাৰ পাছৰ পৰা কথাবার্তাৰ আঁহ-পাহ মুকলি হ’ল। ডিঢি চেপি কথা ক’বলৈ এৰি চাৰিও স্বাভাৱিকভাৱে কথা পাতিবলৈ ধৰিলে।

—“আজি মাছে নাখাব হ’বলা। বৰকৈ কমাইছে।” প্রথম জনে মাত লগালে। —“তাতে বাৰটো হ’ল শনিবাৰ। শনিবাৰে শিঙিপুখুৰীত মাছে নোখোটে, দেখ দেখ কথা। আজি তাৰ প্রমাণ পাইছোঁ। দ্বিতীয় জনে ক’লে। —“তাতে চুকত ডাৱৰেও দেখা দিছে। ডাৱৰৰ গোন্ধ পালেও মাছে নাখায়। আউসী-পূর্ণিমাতো নাখায়। এদিন ভুলতে পূর্ণিমাত আহি দিনটো নষ্ট কৰিলো। দৰবত দিবলৈ যদি চেঙেলি এটাও!”

প্রথমজনে বৰশীটো আন এটা খলাত পাতি পানীৰ পৰা বামলৈ উঠি আহিল। সৰু গাঁঠিত সাৱতি অহা মস্ত চেলাপতি জোক এটা থু দি এৰুৱাই পুখুৰীৰ মাজলৈ দলি মাৰি পঠিয়ালে। দলৰ ওপৰত ‘জপ’কৈ শব্দ হল। হাতটো ধুই বিড়ি এটা জলালে, এটা লগৰটোকো দিলে। বেণু আৰু চেনিহঁতে তামোলৰ টোপোলা উলিয়ালে। সিহঁতে বিড়ি খাই থাকোঁতেই বেণু আৰু চেনিয়ে পুখুৰীলৈ নামি গৈ দুটা খলা ভাঙিলে। অর্থাৎ এক বর্গহাতমান ঠাইৰ দল আঁতৰাই হাতেৰে বোকা ঘোদালি দি, অলপ কোকাটোপ ভাঙি পানীৰ তলত আঙুলিৰে দুবাৰমান টোকৰ মাৰি দিলে। মাছ আহে এনে শব্দ শুনিলে। বৰশী দুটা পাতি, ভৰিৰ চেলাপেতি জোক এৰুৱাই দুয়ো আহি পাৰত বহিলহি। পিছফালে এজোপা আহঁত গছ। তাৰ ছাঁতে দুয়ো বহিল। ডাল এটা পুখুৰীৰ পানীৰ ওপৰলৈ আগবাঢ়ি আহিছে।

পুখুৰীৰ কোনোবা চুকত বেতনিৰ কাষত ‘ঘপ’ ‘ঘপ’ শব্দ উঠিছে। শ’ল মাছ। দলত পৰা ফৰিং আদি ধৰি খাইছে। বেণুহঁতৰ বুকুৰ ভিতৰতহে যেন শ’ল মাছে মাৰি উঠিছে। দেহ ৰোমাঞ্চিত হৈ পৰিল। আহ, আহ, ঘপ কৰে টোপটো গিলি দে। হৰিবল ককাৰ মন্ত্ৰৰ সোহাই।… ককাৰ মন্ত্ৰই গুণ নিদিবনে চাগৈ?

লাহে লাহে আৰু তিনি-চাৰিজন ‘বৰশীৱালা’ আহি পুখুৰীৰ আনটো মূৰত বৰশী পাতিছেহি। মাছে খোটাৰ আচল সময় আহি পৰিছে। কোনেও কাঁহ এটা মৰা নাই। বেণু আৰু চেনিৰ চকুকেইটা বৰণীৰ পুঙাত গোঁজ মাৰি থৈ দিছে। কপালত থোপা। সিৰকেইডাল উঠি পৰিছে। চকুত পচাৰ নাই।

অ’ত ত’ত চিপ মৰাৰ শব্দ। দুই-এটা কাৱৈ মাছ উঠিছে। সিহঁতৰ বৰশীত কেতিয়াবা দুই-এখোট পৰিলেও টোপটো ওলমি যায়। আচলতে টামচিং বৰশীত শ’ল টোপোৱাৰ বাহিৰে পুখুৰীত আন মাছ ধৰিব নোৱাৰি। বৰশীটো ডাঙৰ হোৱাত আন মাছে গিলিব নোৱাৰে। কিনাৰত টানি টানি শুং অকণ উলিয়াই টোপ এৰুৱাই লৈ লৰ মাৰে।

ওচৰৰ মানুহজনে চিপ মৰাৰ লগে লগে ডোলডাল শূন্যতে চাৰি পাকমান চক্ৰাকাৰে ঘূৰাই আনে। সেইটোকে বোলে ‘কলচিপ’। মাছৰ কলত লাগি ধৰিব বোলে। যি চিপেই নহওক, সৰু-সুৰা মাছৰ কল ছিগি বহুত দূৰত পৰিবগৈ।

আনজন মানুহৰ চিপ মৰাৰ কায়দাই বেলেগ। কঁকালটো ভাঁজ কৰি এনেভাৱে চেলচেলি খুৱাই চিপ মাৰিব, যেন ভয়ঙ্কৰ মাছ এটাহে উঠালে। হয়তো কাৱৈ টিলা এটা, নাইবা সুদা বৰশীটো। চেনিৰ কিন্তু সম্পূর্ণ বেলেগ নিয়ম। তাৰ পুঙাটো তিনিবাৰমান লৰিলেই হ’ল, ডাঁৰিটো এনেভাৱে কিবা এটা পাকত লৰাই দিব, সিলসিলিয়া আগটো কেবাবাৰো জোকাৰ খাই উঠিৰ। লগে লগে পানীৰ তলৰ বৰশীটো এনেভাৱে লৰিবলৈ ধৰে যে মাছ সাৰি যাব নোৱাৰে। এবাৰ পেটেদি চিলাই মাছ এটা আনিছিল বুলি সি সদায় গৌৰৱ কৰে। সি চিপ মাৰিব নালাগে, বৰশীটো ডাঙি আনিলেই হ’ল। ইয়াৰ ভিতৰতে দুটামান কাৱৈ মাছ সি ধৰিলেই। বেণু কিন্তু চিপ মাৰি মাৰি হায়ৰাণ হ’ল। পানীত নামিব লগা হোৱাত কেবাটাও জোকে তাক খালে। খং উঠি বৰশীত দুটামান বাঁহটোপ সী খলাত পাতি থৈ পাৰলৈ আহি ঘাঁহৰ ওপৰত পেট পেলাই পৰি থাকিলহি। লগে লগে তামোলৰ টোপোলাটোও মেলি ল’লে। তামোলৰ লোভত এজন এজনকৈ চাৰিওজনেই চাপি আহিল। তামোল খোৱাৰ পাছত বাকী দুজনে বিড়ি জ্বলালে। সকলোৰে মুখত বিৰক্তি আৰু হতাশা। সোনকালেই যে যাব লাগিব, তাৰ আলোচনা চলিল।

এনেতে বেণুৰ হঠাৎ চকুত পৰিল তাৰ ৰছিডাল যেন লৰিছে, পুঙাটো যেন নাই। কেউজনৰ চকু তালৈ গ’ল। “মাৰ মাৰ, চিপ মাৰ”, তিনিও একেলগে চিঞৰি উঠিল।

বেণুৱে শোৱা ভাঁজৰেই এছোৱা চুঁচৰি ঘৰামুটি খাই গৈ পোনেই চিপ মাৰি দিলে। ডাঁৰিৰ আগ ভিৰ খাই গ’ল, নতুন মুগাৰ সূতাৰ ডোলে কনকনাবলৈ ধৰিলে। পকা শ’ল এটাৰ ৰঙচুৱা পখৰা বুকুখন চাঁৎ কৰে সকলোৰে আগেদি পাৰ হৈ গ’ল। কিন্তু মাছ যে নামি নাহিল।

দহহতীয়া ডাঁৰিৰ আগৰ দহহতীয়া ডোল গৈ আঁহতৰ ডালত পাক খাই ধৰিলেগৈ। ডালত ওলমি ধৰফৰাই আছে শ’ল মাছটো।

এনে এটা দুর্যোগৰ কাৰণে আনকি শ’ল মাছটোও প্রস্তুত নাছিল। সকলোৱে ডাঙৰকৈ হাঁহিবলৈ ধৰিলে। এজন এজনকৈ প্রত্যেকেই চেষ্টা কৰিলে।

—“গছত উঠি ডালৰ আগলৈ বগাবলৈ কাৰো সাধ্য নাই। গতিকে একমাত্র উপায় হ’ল ৰছিডাল ছিঙি সুদা ডাঁৰিটো লৈ ঘৰলৈ যোৱা, মাছটোলৈ মনত পেলাই ভাত এসাজ খালেই হ’ল।” সিটো মূৰৰ পৰা এটাই ৰিঙিয়ালে। সময় বেছি নাই, সকলো নিজ নিজ বৰশীলৈ গল।

বেণুৱে ফৰ্মুটিকেইডালমান যোগাৰ কৰি আনিলে। মাছটোলৈ লক্ষ্য কৰি ফৰ্মুটিয়াবলৈ ধৰিলে। এবাৰ ফৰ্মুটিৰ এটা পূর্ণহতীয়া কোবত মাছটো ডালটোত আওপাকে ঘূৰি গ’ল। তাৰ ফলত ডোলডাল এপাক মুকলি হ’ল। লগে লগে মাছটোৱেও ধৰফৰাবলৈ এৰি দিলে। ডোলডাল ডালটোত এপাক লাগি থকাৰ কাৰণে মাছটোৰ ভৰত ৰছিডাল তললৈ নামি অহাৰ লক্ষণ দেখা গ’ল। এতিয়া ডাঁৰিডালৰ পৰা ডোলডাল এৰুৱাই দিব পাৰিলে বা ছিঙি দিব পাৰিলে মাছটো নামি আহিব।

চেনিক মাতি আনি বুদ্ধিটো ব্যাখ্যা কৰিলে। চেনিয়ে নিজৰ ডাঁৰিটোৰ গুৰিডালেৰে বেণুৰ ডাঁৰিৰ ঠিক আগত ডোলডালত কোবাবলৈ ধৰিলে। ডোলে কনকনাই উঠিল। এবাৰ কটং কৰে শব্দ কৰি ডোল ছিগি গ’ল। কোঁ কোঁ কৰে মাছ নামি আহি ধপ্ কৰে মাটিত পৰিলহি। মাছ মৰি আছে। ফৰ্মুটি মূৰত পৰিছিল। মুখ ফালি পেটৰ পৰা বৰশী এৰুৱাই আনিব লগা হ’ল। কিন্তু পকা শ’ল; খাবলৈ মাংস যেন লাগিব— সকলোৱে মন্তব্য কৰিলে। ইতিমধ্যে কেউজনে বৰশী সামৰি যাবলৈ সাজু হৈছিল।

হঠাৎ বেণুৰ সকলো উছাহ জঁই পৰি গৈছে। ডোলডাল আকৌ বৰশীত লগাই হাত-ভৰি ধুই আহি যাবলৈ ধৰি কৈ উঠিল,— “মাছটো লাগে যদি তয়ে ল চেনি, মোক নালাগে।” কি আচৰিত? সকলোৱে তালৈ ঘূৰি চালে। —“ধেৎ! বলিয়া হৈছ নেকি?” —“নিনিয় যদি আন কাৰোবাক দি দে।”

নিৰুপায় হৈ চেনিয়ে মাছটো লানি এডালত চিলাই ললে। গোটেই বাটছোৱা দুয়ো নিমাতে আগবাঢ়িল। ককাৰ পদূলিত সন্ধ্যা লাগিছে। ককা বাটতে ওলাই আছিল। মাছ দেখুৱাই গোটেই বৃত্তান্ত বর্ণনা কৰিলে চেনিয়ে। বেণু মাত্র থিয় হৈ ৰ’ল। যেতিয়া চেনিক মাছটো দিছে বুলি শুনিলে, ককাই একে থৰে বেণুলৈ চাই ৰ’ল! —“এনেয়ে, মোৰ ভাল লগা নাই।” ককাৰ চকুৰ ভাষাৰ উত্তৰ বেণুৱে মুখেৰে দিলে। —“হেৰ কিয়?” ককাই আৰু এখোজ ওচৰ চাপি বেণুৰ চকুত চকু ৰাখি সুধিলে।

বেণুৱে চকু দুটা আঁতৰাই আনিলে। গাটো ভাঁজ এটা কৰি উত্তৰ দিলে— “মোৰ ভাল লগা নাই। চকু দুটা কেনেকুৱা ঠৰঙা…।”

সন্ধিয়াৰ আন্ধাৰত ককা যেন মায়া হৈ গল। মাত্র চকু দুটা বৰালী মাছৰ দৰে বগা হৈ একেথৰে জিলিকি উঠিল। সেই চকুত দৃষ্টি নাই। বেণুৱে সেই চকুহাললৈ চাব নোৱাৰে।

❧ | আৰু পঢ়ক: মহিম বৰাৰ গল্প ‘কাঠনিবাৰী ঘাট’

দুয়ো ঘৰলৈ উভতিল। দুয়ো কথা পাতিব খোজে, কিন্তু কথাবিলাক বুকুৰ ওচৰত ঢপঢপাই নাইকিয়া হৈ যায়। চেনিয়ে মাছটো লৈ বাঁহতললৈ দলি মাৰি দিলে।

দুয়োৰ সীমাবদ্ধ অভিজ্ঞতাৰ মাজত কেইবাটাও প্রশ্নই বৰলৰ দৰে বেঢ়ি বিন্ধিবলৈ ধৰিলে… “সেই চকু দুটা কাৰ। ককাৰ লগত তাৰ কি সম্পর্ক?”

মহিম বৰাৰ গল্প: টোপ | মহিম বৰা

Follow Nilacharai on Facebook