সুখী হোৱাৰ গান

আমি আমাৰ ওচৰত সুখী
তোমাৰ ওচৰত মই, মোৰ ওচৰত তুমি
তুমি মোৰ হৃদয়ত শিপাই আছা
মই তোমাৰ বুকুত জী উঠিছোঁ
মোৰ বুকু জীপাল হ’লে
তোমাৰ বুকুত কুঁহিপাত মেলে

তুমি এগচি বন্তি, যি মোক পোহৰাই তোলা
মই এগচি বন্তি, যি তুমি কপালত আঁকা

বতাহ ধুমুহাত হাউলি পৰিলে— তোমাৰ স্পর্শত মই জী উঠোঁ
তুমি দুখত জাতিঙ্গালৈ উৰা মাৰিলে বৃক্ষ হৈ মই আঁকোৱালি ধৰোঁ

কিমান যোজন বাট পাৰ হ’লো আমি
কেতিয়াবা গহীন অৰণ্য, পাহাৰতলি, লুংলুঙীয়া বাট
কেতিয়াবা পালতৰা নাৱৰে উজাই বিচাৰি যাওঁ নিতাল নদীৰ ঘাট
কিমান বাৰিষাত একেলগে তিতিছোঁ
ছয়া-ময়া বিজুলীত বাট হেৰুৱাইছোঁ
ওখ ওখ শিলাময় পাহাৰ বগাই বিছাৰিছোঁ প্রার্থনাৰ ঘৰ
প্রাচীন দেৱাল ভাঙি বিচাৰি উলিয়াওঁ শান্তিৰ জীৱাষ্ম
মৰুভূমিৰ মাজে মাজে মৰুদ্যানত ৰৈ পান কৰিছোঁ খেজুৰৰ ৰস
আন্ধাৰত ফুচফুচাই কথা পাতিছোঁ
সুখৰ সমতলত খন্তেক ৰৈ চুমা আঁকিছো

চোৱা আমি এজনে আনজনৰ কিমান কাষত
কিমান যে যুগ আমি জীয়াই থাকিম ইজনে সিজনৰ ভিতৰত

লেখকৰ ঠিকনা: কলিয়াবৰ, নগাঁও

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of