ডিম্পল কাকতিৰ কবিতা

ভালপোৱা

আফালি সাফালি আঘোণৰ কুঁৱলি
নিৰাব খোজে মোৰ সেমেকা দোকমোকালি

উফৰি পৰি ৰ’দৰ চিঠি
চিকুণাই তোলে মোৰ চেঁচুক চোতাল

ছিটিকি ছিটিকি জোনাকী পৰুৱা
ছিৰাছিৰ কৰে মোৰ শিলুৱা আন্ধাৰ

কেনি যাওঁ মই ক’তে মৰোঁ!
ইয়াৰ নামেই যদি ভালপোৱা
জাউৰিয়ে জাউৰিয়ে বোৱাই দিয়া
ৰ’দঘন তোমাৰ মৰম লহপহীয়া

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

প্ৰথমে আপুনিয়েই মতামত দিয়ক!

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of