তিনিটা প্ৰেমৰ স্তৱক

[ প্ৰণৱজ্যোতি দাস ]

১.
ভালপোৱাৰ মৰমী ঘাট
শুকান বালিয়ে বব দুভৰিৰ দাগ
চিৰাচিৰ হোৱা কলিজাত আচহুৱা আবিলতা;
ঢাকিব নোৱাৰা…।

২.
দূবৰিক ভালপোৱা কবিয়ে কয়
যেন বুকুয়েদি বয় নিয়ৰৰ নৈ
বকুলে বগা আঁচলেৰে ঢাকি
ৰ’দস্নান কৰায় মোৰ প্রেয়সীক…।

৩.
সুবিশাল আকাশক চিঞৰি সুধিলো,
ইমান নীলা ক’ত পালা তুমি,
সিন্ধুত বিন্দু হৈ বিচাৰি আনিলো
গভীৰ বক্ষৰ প্রেম-কাঁচলি…।

নীলা চৰাই . আগষ্ট ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of