বোজা

“শূন্য বিদায় করব না তো উহাকে
মরণ যেদিন আসবে আমার দুয়ারে।” (গীতাঞ্জলি)

বিগুৰুৰ কবিতাৰ শাৰীকেইটাই যেন তেওঁক এতিয়া সাহস দিয়ে; হয়তো আৰু বেছি দিন জীয়াই নাথাকিব তেওঁ। যিসময়ত তেওঁক স্বপুত্র-পুত্রীৰ প্রয়োজন, সেই সময়তেই সিহঁতে নিজৰ প্ৰয়োজনত বিদেশত সুস্থিৰ হ’ল। তথাপিও তেওঁৰ কোনো আক্ষেপ নাই, কাৰণ ৰিটায়াৰমেণ্টৰ পৰা প্রায় পঁচিশ বছৰতো তেওঁ অকলেই কটালে; সহধর্মিণীয়েও দহ বছৰৰ আগতেই এই জগতৰ পৰা মেলানি মেলিলে; গতিকে সম্পূর্ণ এটা দশক অকলেই কটোৱা মানুহজনৰ বাবে এইটো সহজ কথা। কিন্ত আজিকালি তেওঁ ভয় কৰে, কাৰণ চলা-ফুৰা কৰিবলৈ অসুবিধা, চকুও দুৰ্বল হৈ পৰিল। মৰণৰ বাবে নহয়, ঘৰৰ নির্জন দেৱালকেইখনৰ প্রতিধব্বনিয়েহে তেওঁক কন্দুৱাই পেলায়।

গৌৰীশংকৰ শর্মাৰ আজি চাৰি কুৰি পাঁচটা বছৰ বয়স সম্পূর্ণ হ’ল। ৰাতিপুৱা বেলাতেই আমেৰিকা যুক্তৰাষ্টৰ পৰা পুতেকে ফোন কৰিছিল জন্মদিনৰ শুভ কামনা জনাবলৈ। তেওঁ কৰিবনো কি? দুৰ্বল কর্ণদ্বয় সুপুত্রৰ মাতটোতে তৃপ্ত হ’ল। আজিৰ দিনততো শ্রৱণ মুনিৰ পুত্ৰৰ দৰে পুত্র নাই! জীয়েকে হয়তো ৰাতিলৈহে ফোন কৰিব, কাৰণ তাইৰ লণ্ডনত এতিয়াও ৰাতিয়েই হৈ আছে।

পুতেকহঁতে যে গৌৰীশংকৰৰ কথা নাভাবে,— কথাটো তেনেকুৱা নহয়। সি বিদেশৰ পৰাই ভাৰতত থকা দেউতাকৰ যতন লয়; উন্নত হস্পিতালৰ ডাক্তৰক ফোন কৰিয়েই সি বাপেকৰ স্বাস্থ্যৰ খবৰ কৰে। দেউতাকলৈতো সি পইছা প্রেৰণ কৰিব নালাগে, কাৰণ গৌৰীশংকৰ নিজেই অৱসৰপ্রাপ্ত অভিযন্তা। তেওঁৰ নাছিল কি? ডেকা বয়সতেই ভাল চাকৰি, সুপত্নী, গাড়ী-ঘোঁড়া, ঘৰ-সংসাৰ আৰ কত যে কি! ল’ৰা-ছোৱালীহালো নিজৰ ভৰিত থিয় হ’ল। বিদেশত থকা সিহঁতৰ কথা কৈয়ে তেওঁ দহৰ আগত ফিতাহি মাৰে। কিন্ত কাৰো আগত হাত নপতা গৌৰীশংকৰৰ আজিকালি খুব প্রয়োজন এটা সান্নিধ্যৰ। পুতেকে তেওঁৰ কাৰণে নার্ছ আদিও ঠিক কৰি দিছে; কিন্ত নার্ছজনীয়ে ক’ত তেওঁৰ মনৰ কথা বুজিব?

আজি এজনী নতুন নার্ছ আহিব। আগৰ জনী নার্ছৰ শহুৰেকৰ অসুখ, গতিকে পৰহিয়ে নলবাৰীলৈ গ’ল। সেই নলবৰীয়া নার্ছজনীয়ে আজি প্রায় পাঁচ-ছয় বছৰ তেওঁৰ শুশ্ৰূষা কৰিছে; গতিকে কেইদিনমানৰ কাৰণে আহিবলগীয়া গৰাকীৰ ব্যৱহাৰ কেনেকুৱা,— সেই ভাবি গৌৰীশংকৰ বিভোৰ। অৱশ্যে বৃদ্ধ বয়সৰ বাবে যে তেওঁ সকলোৰে আলৈ-আথানিৰ পাত্র, সেই বিষয়ে তেওঁ জ্ঞাত।

দুপৰীয়া আহাৰ যোগাৰ ধৰি ৰান্ধনি ল’ৰাটোৱে চিঞৰি ক’লে— “বৰদেউতা, আজি গধূলি নতুন নার্ছজনী আহিব, আগৰ জনী হয়তো পোন্ধৰ-বিশ দিনৰ পাছতহে উলটিব। নতুনজনী হেনো খাছীয়া। একেবাৰে ছোৱালী মানুহ, মেঘালয়ত ঘৰ, কিন্ত এতিয়া গুৱাহাটীৰেই লোকেল হস্পিতালত থাকে। অসমীয়া বু্জিব পাৰে। দেখাই-শুনাই বোলে বেছ ধুনীয়া।”
তাৰ কথাত তেওঁ হুমুনিয়াহ কাঢ়িলে।

সন্ধ্যা লাগি আহোঁতেই ফাগুনমহীয়া বতাহজাকে ঘৰৰ টিংখন কঁপাই পেলালে। গৰম চাদৰখন মেৰিয়াই বাৰাণ্ডাৰ আৰামী চকীখনত বহা গৌৰীশংকৰৰ মনটো পুৰণি দিনলৈ লৰ মাৰিলে, তেওঁৰ মনলৈ আহিল সকলো পুৰণা স্মৃতি— এনেকুৱা দিনতেইতো আগতে বিহুৰ যা-যোগাৰ কৰিছিলো, ল’ৰালি কালততো সমনীয়াৰ লগত হুঁছৰি মাৰোঁতেই এটা মাহ পাৰ হৈ গৈছিল! বতাহৰ স্পৰ্শই গৌৰীশংকৰক বাস্তৱলৈ ঘূৰাই আনিলে। সন্ধ্যাৰ লগে লগে ভৌতিক যেন হৈ পৰা তেওঁৰ নির্জন বাসগৃহৰ প্রতিটো কোণেই যেন অট্টহাস্য কৰি উঠিল। শিশুৰ দৰেই বিতত হৈ তেওঁ নিবিড়ে কীৰ্তন কৰিলে— কিমতে ভকতি কৰিবো তোমাত…!

হঠাৎ কোনোবা আহি তেওঁৰ সন্মুখত থিয় দিলেহি; বৃদ্ধ চকু-কাণে মনিব নোৱৰা ব্যক্তিক শর্মাই প্রশ্ন কৰিলে— “কোন?”
অস্পষ্ট অসমীয়াত স্ত্রীক কণ্ঠই কৈ উঠিল— “মই মেৰী, আপোনাৰ নতুন নার্ছ।”

লাখুটিডালত ভৰ দি চকীৰ পৰা উঠিবলৈ লওঁতেই তেওঁ বাগৰি পৰিবলৈ ধৰিলে, কিন্ত অনতিপলমে মেৰীয়ে তেওঁক ৰক্ষা কৰিলে। তেওঁৰ সেমেকা ছাল মেৰীৰ কেঁচা তেজযুক্ত হাতৰ পৰশত যেন তেজাল হৈ উঠিল; তৎক্ষণাৎ তেওঁ কৈ উঠিল— “ধন্যবাদ মেৰী।”

বাৰাণ্ডাৰ বিজুলীৰ চুইছটো অন কৰাত হে তেওঁ মেৰীৰ দর্শন পালে। দিপলিপ ছোৱালীজনী, হয়তো পঁচিশ-ছাবিশ বছৰ বয়সীয়াল। তাইৰ কেঁচা গাখীৰ বৰণীয়া দেহাটোক ইতিমধ্যে বতাহজাকে কঁপাইছিল; বেগৰ পৰা উলিয়াই ক’লা ৰঙৰ ব্লেজাৰটো গাত মেৰিয়াই তাই মুখত এটি সূক্ষ্ম হাঁহি গুজি দিলে।

গৌৰীশংকৰে প্রশ্ন কৰিলে— “তোমাৰ ঘৰ ক’ত?”
ভঙা অসমীয়াত তাই ক’লে— “শ্বিলঙত ককা।”
—“তাৰ মানে তুমি খাছীয়া?”
—“হয়, কিন্ত মই অর্ধ খাছী; মোৰ দেউতা বাঙালী আৰ মা খাছীয়া।”
—“মই কিন্ত বাংলা তথা খাছী ভাষা বুজি নাপাওঁ।”
—“একো নাই, মইতো অসমীয়া বুজি পাওঁ। গুৱাহাটীত থকা মোৰ চাৰি বছৰ হ’ল।”

তাইৰ লগত সিমানতেই কথা সামৰি তেওঁ তাইক এটা কোঠা দেখুৱাই দিলে, সেই কোঠাতেই তাই থাকিব লাগিব। আগৰ গৰাকী নার্ছে ইতিমধ্যেই তাইক সকলো বিৱৰি কৈছে, গতিকে তাই কোনো অসুবিধা নাপায়। ৰাতি আহাৰৰ সময়ৰ পৰাই তাইৰ দায়িত্ব আৰম্ভ হ’ব— গৌৰীশংকৰক ঔষধ দিয়া, ইনছুলিন দিয়া আৰু কত যে কি!

গৌৰীশংকৰে আকৌ সুধিলে— “তুমি কিমান লৈকে পঢ়িলা?”
—“মোৰ গ্রেজুৱেছন সম্পূর্ণ নহ’ল। দেউতাৰ মৃত্যু হোৱাত ইচ্ছা থকা সত্বেও নোৱাৰিলো। ঘৰৰ অৱস্থাও বেয়া, গতিকে শ্বিলঙৰ ছিভিল হস্পিতালতেই পোনপ্রথমে ৰোগীৰ আলপৈচানৰ বাবে আছিলো, সিহঁতে মাহে দুহেজাৰ দিছিল। তাৰপাছত গুৱাহাটীলৈ আহিলো।”
—“মানে পেছাত নার্ছ নহয়?”
—“হয় ককা, ৰোগীৰ শুশ্ৰূষাত থাকোঁতেই বেজি দিয়া, চেলাইন দিয়া সকলো শিকি পেলালো।”
—“এনেকুৱা কাম কৰি ভাল লাগে জানো?”
—“প্রথমে নালাগিছিল, কিন্ত ৰোগীৰ কষ্ট দেখি এইবোৰ কামতহে মন বঢ়িল।”
—“তেন্তে মোৰ বাবে তোমাৰ দুগুণ পুতৌ জন্মিব, শৰীৰৰ নিচিনাকৈ মনৰো অসুখ মোৰ।”
—“একো নাই, চিন্তা নকৰিব।”
—“ৰুগীয়াক চোৱা-চিতা কৰি ভাল পোৱা জানো তুমি?”
—“পাওঁ। আমাৰ বাইবেলে কৈছে, ‘ৰোগীৰ সেৱা কৰা মানেও ঈশ্বৰৰ সেৱা।”
—“হ’ব দিয়া; এতিয়া শোৱাগৈ। কাইলৈ সোনকালে উঠিবা, বিচনাতেই মোৰ ব্লাড-প্রেছাৰ জুখিব লাগিব।”

***

মেৰীয়ে দুদিনতেই গৌৰীশংকৰৰ অৱস্থাৰ বিষয়ে জ্ঞাত হ’ল।ৰান্ধনি ল’ৰাটোৱে ইতিমধ্যে তাইক সকলো ভাঙি-পাতি ক’লে। মেৰীৰ মনত গৌৰীশংকৰৰ প্রতি সঁচাকৈয়ে পুতৌ জন্মিছে; তেওঁৰ শাৰীৰিক অৱস্থাৰ বাবে নহয়, মনৰ অৱস্থাৰ বাবেহে। যিসময়ত পিতৃ-মাতৃক সন্তানৰ প্রয়োজন, সেই সময়ত হয়তো তেওঁলোকক পোৱাটো অসম্ভৱ হৈ পৰে। ধন নতুবা নাম উপার্জনৰ পথত যাওঁতে তেওঁলোকে পিছলৈ ঘূৰি চাবলৈ আহৰি নাপায়। হয়তো এয়াই ঈশ্বৰৰ মায়া!

গৌৰীশংকৰ অকলশৰীয়াকৈ থকা মুহূর্তত মেৰীয়ে তেওঁৰ সৈতে কথা-বতৰা পাতি তেওঁৰ নিসংগতা দূৰ কৰাৰ যত্ন কৰে। এনে বয়সৰ মানুহক যদি তাইৰ প্রজন্মৰ মানুহে দুই-এটা কথাৰ যোগেদি সুখ দিব পাৰে, তেন্তে মানৱীয়তাৰ খাতিৰত তাই সেইটো নকৰিব কিয়? মানৱীয়তা ধৰ্ম; আনবোৰতো নামমাত্রেহে।

—“মেঘালয়লৈ গৈছেনে আপুনি?” মেৰীয়ে সুধিলে।
মেঘালয়ৰ নাম শুনিয়েই তেওঁৰ মনত পছোৱা বতাহ ব’বলৈ ধৰিলে। “হয়, গৈছোঁ, বহুবাৰ। কলেজত পঢ়ি থাকোঁতেই বন্ধুৰ লগত, পাছত ল’ৰা-ছোৱালীহাল সৰু হৈ থাকোঁতে পৰিয়ালৰ লগত। শ্বিলঙৰ পৰিৱেশ অতি বিতোপন, তাৰ প্রাকৃতিক সৌন্দৰ্য ই আজিও মোক আকৰ্ষণ কৰে।”
—“তেন্তে যাব আকৌ!”
মেৰীৰ কথাত হাঁহি মাৰি তেওঁ ক’লে— “এই বয়সত কাৰ লগত যাম হে? অৱশ্যে নাতি-পুতিহঁত ইয়াত থকা হ’লে নিশ্চয় গ’লোহেঁতেন।”
চকু চলচলীয়া কৰি  গৌৰীশংকৰে পুনৰ ক’লে— “সিহঁতক নেদেখা আজি পাঁচ-ছয় বছৰেই হ’ল; সিহঁতৰ বাঢ়ি অহা জীৱনক চকুৰ আগত চোৱাৰ হেঁপাহ আজি সময়ৰ হাতত নিপাত হ’ল।”
—“এনেকৈ কিয় কৈছে ককা?”
—“ তেনেকুৱাই সকলো; মোৰ পুত্র-বোৱাৰী, জী-জোঁৱাই কামত এনেকৈ ব্যস্ত যে মোৰ ওচৰলৈ আহিবলৈ সিহঁতৰ সময় নাই। কিছুদিনৰ পাছত হয়তো মোৰ নাতি-নাতিনীয়ে মোক পাহৰিয়েই পেলাব। সময়ে সকলো শেষ কৰে!”

গৌৰীশংকৰৰ কথাই মেৰীৰ বুকুত টানকৈ বিন্ধিলে— এই বুঢ়া মানুহজনৰ মায়াবন্ধনত হোৱা দোমোজাই তেওঁক হতাশালৈ ঠেলি দিছে।আজিৰ দিনত বুঢ়া মাক-বাপেকক ল’ৰা-ছোৱালীয়ে বৃদ্ধাশ্রমত থয়, গতিকে তেওঁলোকৰ অৱস্থা কেনে হ’ব? আজি যদিহে মেৰীৰ পিতৃ-মাতৃ জীয়াই থাকিলহেঁতেন, তেতিয়া তাইও কি তেনেকুৱাই কৰিলেহেঁতেন?

***

গৌৰীশংকৰৰ মনত অলপ হ’লেও সুখ দিবলৈ মেৰীয়ে তেওঁক চাৰিবেৰৰ বাহিৰ কৰি ফুৰাবলৈ আনিছে। প্রাকৃতিক দৃশ্য প্রেমী গৌৰীশংকৰৰ হতাশা দূৰ কৰিবলৈ তাই তেওঁক পাৰ্কলৈ লৈ আনিছে। জোপোহা গছৰ আঁৰত থকা বেঞ্চখনতেই দুয়ো বহিল; যেন কোনো প্রেমিক-প্রেমিকাইহে হাতে-হাত মিলাই বহিছে। কিন্তু তেওঁলোকৰ প্রেম পৃথক, এয়া মানৱীয়তাৰ প্রেম। মেৰীৰ বাবে হয়তো পিতৃৰ বাবে থকা দায়িত্ব তথা গৌৰীশংকৰৰ বাবে পুত্রীৰ প্রতি স্নেহ। গৌৰীশংকৰে কৈ উঠিল— “পাহাৰীয়া অঞ্চল মোৰ অতি প্রিয়; তেনে স্থানৰ পৰিৱেশ অতি মনোৰম। শ্বিলং, দাজিলিং, জম্মু…।”
—“মানে আপুনি ভ্রমণ ভাল পায়?”
—“হয় পাওঁ; পাহাৰীয়া অঞ্চল নাযাবলৈ নাই। পাহাৰীয়া মানুহখিনিৰ আন্তৰিকতাও বৰ শলাগ ল’বলগীয়া; তাৰ পৰা তুমিও ব্যতিক্রম নোহোৱা।”
ঈষৎ হাঁহিৰে তাই কৈ উঠিল— “ধন্যবাদ।”
অলপ ভাবুক হৈ তেওঁ ক’লে— “আজি বহু বছৰৰ মূৰত মই এনেকৈ ঘৰৰ বাহিৰত ভৰি থৈছোঁ। অন্যথা নির্জন গৃহই মোক অশান্তি কৰি থাকে। চকুৰে ভালদৰে নেদেখোঁ যদিও এনে প্রাকৃতিক দৃশ্য মনৰেই অনুভৱ কৰিছোঁ। বহু বছৰৰ আগতে মোৰ পত্নীৰ সৈতে বৈষ্ণোদেৱীৰ যাত্রাত গৈছিলো, সেয়া তেওঁৰ লগত মোৰ শেষ যাত্রা। সেই স্মৃতি আজিও মোৰ মানসপটত ভাহি আছে; তাৰ পাছৰ পৰা মই অকলেই আছোঁ।”
তেওঁৰ কথাৰ উত্তৰত মেৰীয়ে ক’লে— “আপোনাৰ ল’ৰা-ছোৱালীহঁত নাহে কিয়?”
—“সিহঁত ব্যস্ত, সিহঁতে যে মোৰ কথা নাভাবে, কথাটো তেনেকুৱা নহয়। মোৰ চিন্তাত সিহঁত নিশ্চয়েই বিভোৰ; বিদেশত কর্মৰত হৈ কেনেকৈ তেওঁলোক ভাৰতলৈ আহিব পাৰে? সিহঁতৰ দোষ নহয়।”
এইবাৰ নিজকে ধৰি ৰাখিব নোৱাৰি মেৰীয়ে কৈ পেলালে— “ক্ষমা কৰিব ককা; কিন্ত মই এটা কথা ক’বলৈ বাধ্য হৈছোঁ। আপোনাৰ সন্তানে আপোনাক হয়তো ভাল পায়, শ্রদ্ধা কৰে; কিন্ত আত্মকেন্দ্রিক সিহঁত। ধন ঘটা বা সন্মান অর্জন কৰি কি লাভ যদিহে জন্মদাতা বা পালন কৰোঁতা পিতৃ-মাতৃৰ বেয়া অৱস্থাত তেওঁলোক সমভাগী হ’ব নোৱাৰে? মাক-দেউতাকে স্বার্থ অবিহনে সন্তানক ডাঙৰ কৰে, কিন্ত সেই সন্তানেই তেওঁলোকক ত্যাগ কৰে।”
পৰিব ধৰা চকুলো সামৰি শর্মাই ক’লে— “পিতৃ-মাতৃয়ে সদায় সন্তানৰ হিতেই চিন্তা কৰে। মোৰ ল’ৰা-ছোৱালীয়ে মোক সময় দিয়াত অসমর্থ; তথাপিও মই নিষ্ঠুৰ হ’ব নোৱাৰোঁ। এয়াই পিতৃ-মাতৃৰ প্রেম তথা ত্যাগ। মই কাহানিও সন্তানৰ বোজা হ’ব নিবিচাৰোঁ; সিহঁতৰ উন্নতিত মই সুখী। মোৰ অৱস্থা অগত্যা…।”

তেওঁৰ কথাত হতভম্ব হ’ল মেৰী; হয়, এয়াই পিতৃ-মাতৃৰ প্রেম, যি স্বর্গীয়। গৌৰীশংকৰে পাশ্চাত্যৰ বিখ্যাত দার্শনিক জর্জ ৰিচার্ডৰ উক্তি মেৰীক শুনালে— ‘নীৰৱতাই কেতিয়াও মংগল কৰিব নোৱাৰে, কিন্ত ই ক্ষতি কৰাতো অসমর্থ।’

তেওঁৰ কথাত মেৰী আচৰিত হ’ল, কিন্ত তাই সেও মানিলে গৌৰীশংকৰৰ ধৈৰ্য তথা পৱিত্র হৃদয়ৰ ওচৰত। হয়তো আৰু বেছি দিন জীয়াই নাথাকিব তেওঁ, কিন্ত জীয়াই থকা দিনকেইটাত নিসংগতাই যাতে তেওঁক ভাঙিব নোৱাৰে, তাৰ বাবে মেৰীয়ে নিশ্চয়েই কিবা এটা কৰিব। তাইৰ বাবে গৌৰীশংকৰ কেৱল ৰোগী নহয়, যেন নিজ পিতৃহে। কিন্ত তাই হয়তো যাব লাগিব, কাৰণ দুদিনৰ পাছতেই নলবৰীয়া নার্ছজনী উভতিব; তাই হয়তো তেওঁক তেনেকৈ যতন নকৰিব। হয়তো গৌৰীশংকৰ পুনৰ নিসংগ কোঠাতেই আবদ্ধ হ’ব।

বতাহে কঁপোৱা দ্যুলোকৰ ডাৱৰে গর্জি উঠিল, হয়তো বৰষুণে আক্রমণ কৰিব পার্কলৈ অহা সকলোকে। মেৰীৰ কন্ঠই প্রখ্যাত কবি Wordsworth-অৰ দুশাৰী পদ্য গাই উঠিল—
If this belief from heaven be sent,
If such be Nature’s holy plan,
Have I not reason to lament
What man has made of man? (Lines Written In Early Spring, 1798)

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

অথৰ্ৱণ গোস্বামী

নেহু, শিল্বং-২২, মেঘালয় ফোন নং: ৮৪৮৬১ ৫৯৩৮৬

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz