চাংকি

দিনটো অনাই বনাই ঘূৰি ফুৰাৰ বাবে মাকে দুটামান চুলিজোঁকৰা আৰু ঠাপৰ শোধোৱাৰ বাবে মনত বেজাৰ পাই চাংকি আমনজিমনকৈ আকৌ ঘৰৰ পৰা ওলাই গ’ল৷ তাইৰ চকুত দেখ-নেদেখ চকুপানী। কি কৰোঁ, কি নকৰোঁ ভাবি তাই ঘৰৰ পৰা অলপ আঁতৰত থকা জুৰিটোৰ কাষ পালেগৈ৷ জুৰিটো অৱশ্যে খীণ৷ তাই জুৰিটোৰ পাৰতে শিল এছটাত বহি মূৰৰ চুলিবোৰত ওকণি খেপিয়াবলৈ ধৰিলে৷ তেলৰ স্পৰ্শবিহীন তাইৰ ৰুক্ষ চুলিত সংসাৰৰ জঁট! মাকে তাইৰ চুলি আঁচুৰি দিবলৈ মাতিলেই তাইৰ খং উঠি যায়৷ মাকে তাইৰ চুলিৰ জঁট ভাঙোতে মুখেৰে বকি বকি দিয়া ঠলামূৰিকেইটাতকৈয়ো চুলি ফনিয়াওঁতে পোৱা কষ্টৰ বাবে মাকক তাই পৰাপক্ষত মূৰটো চুবলৈকে নিদিয়ে৷

কিমান সময় তাই তাত বহি আছিল জানো! হঠাতে পিছফালৰ পৰা কোনোবাই তাইক কাণৰ ওচৰত চিঞৰি দিয়াত তাই চক খাই উঠিল৷ ঘূৰি নোচোৱা হ’লেও তাই তাক চিনি পালেহেতেঁন!

ফুনু। তাইৰ বয়সৰে, তাইৰ দুঃসাহসিক অভিযানবোৰৰ লগৰীয়া৷ চাংকিয়ে তালৈ ঘোপাকৈ চাই আনফালে মূৰ ঘূৰালে৷ ফুনুৱে দেখিলে, তাইৰ চম্পাফুলীয়া গাল দুখনত অলপ আগতে কন্দা চকুলোৰ জান-নেজান দাগ ৷

সি এইবাৰ তাইলৈ সোঁহাতখন আগবঢ়াই মুঠিটো খুলি দিলে৷ তাৰ হাতত দুপাহ সতেজ কৰবী ফুল৷ চাংকিৰ ওঁঠত হাঁহিৰ কলি এটা ফুলি উঠিল৷

তাই তাৰ পৰা এপাহ ফুল হাতত ল’লে৷ আনপাহ ফুল ফুনুৰ হাতত ৰ’ল৷ এইবাৰ দুয়োটাই নিজৰ ভাগৰ ফুলপাহৰ পাহিকেইটা খুলি মাজত থকা অকণমানি গুটিটো উলিয়াই হাতত লৈ সাৱধানেৰে নাকৰ গুৰিত হেঁচা মাৰি লগাই দিলে৷ লগোৱা হ’লত এইবাৰ দুয়োটাই এবাৰ ইটোৱে সিটোক চাই জুৰিৰ পানীত মুখকেইখন জুমি চালে৷

কৰবী ফুলৰ নাকফুল পিন্ধা মুখকেইখন পানী-দাপোণত চাই দুয়োটাই খিলখিলাই হাঁহি উঠিল৷ হাঁহি উঠিল যেন জুৰিটোৱেও, দূৰৰ পাহাৰটোৱেও!

লেখকৰ ঠিকনা: গৌৰীসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of