প্ৰশ্নবোৰ

মাতৃতান্ত্ৰিক নৃগোষ্ঠীয় গাঁথনিৰ অসমীয়া সমাজখনৰ মাজত বৰ্ণবাদৰ বিহগুটি সিঁচিলে কোনে?

সৰুৰে পৰা একেলগে ডাঙৰ-দীঘল হোৱা গাঁৱৰ মানুহখিনি শৰণীয়া-ভজনীয়া হোৱাৰ পাছতেই ইজনে সিজনৰ হাতে খাব নোৱৰা হয় কিয়?

গাঁওবোৰ পন্থ, খেল, এঘাৰদিনীয়া, মাহেকীয়া আদি বহু ভাগত বিভক্ত কিয় ?

এক কিলোমিটাৰ দূৰত্বতে কেইবাটাও নামঘৰে কি সুচায়?

পথাৰত একেলগে কাম কৰিব পৰা মানুহগৰাকী নাৰী হোৱাৰ বাবেই নামঘৰবোৰত আছুতীয়াকৈ বহিব লাগে কিয়?

আপুনি সোণৰ অসম, প্ৰগতিৰ অসম, স্বাধীন অসম, হিন্দুৰ অসম বা যি অসমৰে কল্পনা নকৰক কিয়, এই কথাবোৰৰ মীমাংসা নকৰিলে বিশ্বৰ লগত খোজ মিলাব নোৱাৰিব।

| আৰু পঢ়ক: ডঃ ইন্দ্ৰজিৎ বেজবৰুৱাৰ ধৰ্মীয় মেৰুকৰণৰ কৰাল গ্ৰাসত অসমৰ সমাজ জীৱন: ৰূপান্তৰৰ বাট কেনি?


ল’ৰা-ছোৱালীৰ তথাকথিত নীহকুলীয়াৰ সৈতে বিয়া-বাৰুৰ বাবে উধাৰণী ভোজ দিব লগা হয় কিয়?

এনে বহুবোৰ নীতি-নিয়মৰে অসমীয়া সমাজখন ভিতৰৰ পৰা ৰুগীয়া কৰি থকা নিয়মবোৰৰ ধাৰক-বাহক কোন?

উৰহী গছৰ ওৰ বিচাৰিব নালাগিব নে? নে আমাৰ দাস্য ভাবৰ সুৰুঙাৰে এচামে ইহকালৰ সকলো ৰাজসিক, তামসিক, বৈষয়িক বৈভৱ ভোগ কৰিব আৰু আমাসৱে পৰকালৰ সপোন এটাকে উমনি দি থাকিম?

(আপুনি সোণৰ অসম, প্ৰগতিৰ অসম, স্বাধীন অসম, হিন্দুৰ অসম বা যি অসমৰে কল্পনা নকৰক কিয়, এই কথাবোৰৰ মীমাংসা নকৰিলে বিশ্বৰ লগত খোজ মিলাব নোৱাৰিব।)

আপোনাৰ আৰু ভাল লাগিব পাৰে:
ডঃ ইন্দ্ৰজিৎ বেজবৰুৱা

ডঃ ইন্দ্ৰজিৎ বেজবৰুৱা

সহকাৰী অধ্যাপক, বুৰঞ্জী বিভাগ, লামডিং মহাবিদ্যালয়, লামডিং | E-mail: ibezbaruah@yahoo.in | Ph: +91 98641 10922

3
আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
1 Comment threads
2 Thread replies
1 Followers
 
Most reacted comment
Hottest comment thread
3 Comment authors
ডঃ ইন্দ্ৰজিৎ বেজবৰুৱাসম্পাদক Recent comment authors
  চাবস্ক্ৰাইব কৰক  
newest oldest most voted
Notify of
Member

আমাৰ মনত উকমুকাই থকা প্ৰশ্নকেইটামান ড. বেজবৰুৱাদেৱে উত্থাপন কৰি আন দহজনক ভাবিবলৈ এটা বাট দেখুৱাই দিয়াৰ কাৰণে বেজবৰুৱাদেৱ সাধুবাদৰ পাত্ৰ। আগলৈ বেজবৰুৱাদেৱৰ কলমত অধিক স্পষ্ট ৰূপত এনে সাহসিক প্ৰশ্নৰ অৱতাৰণাৰ লগতে ব্যাখ্যাও একান্তভাৱে আশা কৰিলোঁ।

সম্পাদক
Admin

ধন্যবাদ। আপুনি লেখকৰ এই লেখাটো পঢ়িব পাৰে- https://nilacharai.com/dhormiyo-merukaranar/