মাহপ্ৰসাদ: এক বিজ্ঞানসন্মত অৱলোকন

মাহপ্ৰসাদ: এক বিজ্ঞানসন্মত অৱলোকন
  • 21 Aug, 2018

মা নৱ সভ্যতাৰ বিকাশৰ সময়ছোৱাত পৃথিৱীৰ বিভিন্ন প্রান্তত সুচিন্তিতভাৱেই গঢ় লৈ উঠিছিল ধর্ম নামৰ এবিধ দর্শন, যি দর্শনে মানুহক এটা নির্দিষ্ট উদ্দেশ্য আগত লৈ জীৱন নিৰ্বাহ কৰাৰ বাবে উদ্বুদ্ধ কৰি আহিছে। মাজে-সময়ে এই ধর্মসমূহত কিছুমান অন্ধবিশ্বাস বা কু-সংস্কাৰে গা কৰি উঠে যদিও পৰৱৰ্তী সময়ত কিছুমান ক্ষণজন্মা মহাপুৰুষে ধৰ্মটোক পুনৰ শুদ্ধ পথলৈ ঘূৰাই আনিবলৈ যত্ন কৰে। এনে এজন মহাপুৰুষেই হৈছে অসমীয়া জাতিৰ সংস্কাৰক, সংগঠক, দিক নিৰ্ণায়ক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ। ভাৰতীয় সভ্যতাৰ কু-সংস্কাৰ সর্বস্ব সময়খিনিত যি নৱজাগৰণৰ সৃষ্টি হৈছিল, সেই সময়তেই পূব প্ৰান্তত নৱবৈষ্ণৱ ধৰ্মৰ প্রৱর্তনেৰে স্খলিত সমাজখনক পুনৰ সু-পথলৈ ওভতাই আনিবলৈ সক্ষম হৈছিল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ।

শ্ৰীমন্ত শঙ্কৰদেৱ কেৱল এজন ধর্ম প্রচাৰক বা সমাজ সংগঠকেই নাছিল, তেওঁ আছিল এজন সুদক্ষ স্থপতিবিদ, এজন অভিজ্ঞ বিজ্ঞানী। সমাজখনক সু-পথলৈ ঘূৰাই আনিবলৈ তেওঁ বিভিন্ন পন্থা অৱলম্বন কৰিছিল। সংগীত, নাটক, নৃত্য ইত্যাদি বিভিন্ন পন্থাৰে তেওঁ সমাজৰ কু-সংস্কাৰ আঁতৰাই সু-সংস্কাৰ স্থাপন কৰিবলৈ সক্ষম হৈছিল। সমাজৰ সর্বতোপ্রকাৰ চিন্তা-চৰ্চাৰ বাবে স্থাপন কৰিছিল সত্ৰ বা নামঘৰ। সত্ৰ বা নামঘৰ বা যিকোনো ঠাইকে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে আধ্যাত্মিক চিন্তা-চৰ্চা বা ভগৱানৰ উপাসনাস্থলীলৈ ৰূপান্তৰ কৰাত সিদ্ধহস্ত শঙ্কৰদেৱে এনে অনুষ্ঠানসমূহক এক অনন্য মাত্রা প্রদান কৰি প্রচলন কৰিছিল মাহপ্রসাদৰ। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা শঙ্কৰদেৱ প্রচলিত এই মাহপ্রসাদ হৈছে মানৱ দেহৰ সংগঠনৰ বাবে এক সুষম আহাৰ।

অসমীয়া সমাজ জীৱনৰ প্ৰতিটো অনুষ্ঠানৰ আঁহে আঁহে সোমাই থকা মাহপ্রসাদৰ প্রধান উপাদান কেইটামান হৈছে— বুটমাহ, মগুমাহ, নাৰিকল, কল ইত্যাদি। এই উপাদানকেইটাৰ পুষ্টিকাৰিতা অতুলনীয়। এই উপাদানসমূহত উপলব্ধ বিভিন্ন পদার্থ আৰু এইবোৰৰ উপকাৰিতাসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

সৰ্থেবাৰীৰ সভা

সৰ্থেবাৰীৰ সভা উৎসৱৰ প্ৰসাদ-সম্ভাৰ | ছবি: ধনঞ্জয় ডেকা

বুটমাহ হৈছে প্ৰসাদৰ এক প্রধান উপাদান। ঠাইভেদে প্রসাদত বুটৰ পৰিমাণ ভিন ভিন হয়। নামনি অসমৰ প্ৰসাদত বুটমাহ অধিক পৰিমাণে ব্যৱহাৰ কৰা হয়। আনহাতে মধ্য অসম আৰু উজনি অসমৰ প্রসাদত বুটমাহ মগুমাহতকৈ কম পৰিমাণে ব্যৱহাৰ কৰা হয়। বুটমাহ Chickpeas, Garbanzo beans বা Bengal gram ইত্যাদি বিভিন্ন নামেৰে পৃথিৱীৰ সর্বত্রে উপলব্ধ। বুটমাহৰ বৈজ্ঞানিক নাম হৈছে Cicer arietinum। পটাছিয়াম, ফছফৰাছ, মেগনেছিয়াম, কেলছিয়াম ইত্যাদি জীৱদেহৰ বাবে অত্যাৱশ্যকীয় মৌলসমূহৰ ক্ষেত্ৰত বুটমাহ অতি চহকী। ইয়াৰ উপৰি এক বুজন পৰিমাণৰ আইৰন, ছডিয়াম, ছিলেনিয়াম বুটমাহত পোৱা যায়। কম পৰিমাণে হ’লেও কপাৰ, জিংক আৰু মেংগানিজো বুটমাহত পোৱা যায়।

উপৰিউক্ত মৌলসমূহৰ উপৰিও বুটমাহত যথেষ্ট পৰিমাণে ভিটামিন A, ভিটামিন C আৰু কলিন উপলব্ধ। ভিটামিন E, ভিটামিন K, ভিটামিন B6, ঠাইমিন, ৰিব’ফ্লেভিন, নিয়াচিন, ফলেট আৰু পেন্টথেনিক এছিডো কম পৰিমাণে বুটমাহত পোৱা যায়। কেলৰিৰ ক্ষেত্ৰত প্রতি ১০০ গ্রাম বুটমাহত ৩৬৪ KJ কেলৰি থাকে। ইয়াৰ উপৰি বুটমাহত থকা স্নেহ পদাৰ্থৰ পৰা অতিৰিক্ত ৫১ KJ কেলৰি পোৱা যায়।

বুটমাহ স্বাস্থ্যৰ বাবে এক অতি উপযোগী খাদ্য। মানুহৰ স্বাস্থ্যৰ বাবে আতংক স্বৰূপ কলেষ্টেৰল নিয়ন্ত্রণত বুটমাহে উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। বুটমাহে মানুহৰ কোষ্ঠকাঠিন্য নিৰাময় কৰে। পাচনক্রিয়াৰ লগত জড়িত কেতবোৰ ৰোগ, যেনে— irritable bowel syndrome, diverticulitis ইত্যাদিৰ প্ৰতিকাৰৰ বাবে বুটমাহ এক মহৌষধ। দৈনিক খাদ্যৰ তালিকাত বুটমাহৰ অন্তর্ভুক্তিয়ে হৃদৰোগ, ৰক্তহীনতা ইত্যাদি গুৰুতৰ ৰোগৰ পৰা আমাক ৰক্ষা কৰিব পাৰে। তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰাৰ ক্ষেত্ৰতো বুটমাহ ফলপ্রসূ বুলি ইতিমধ্যে প্রমাণিত হৈছে।

মাহপ্রসাদৰ অন্যতম উপাদানবিধ হৈছে মগুমাহ। মগুমাহক ইংৰাজীত Green gram বা Mung bean বুলিও জনা যায়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Phaseolus aureus। মধ্য অসম আৰু উজনি অসমত ফলা মগু প্রসাদত ব্যৱহাৰ কৰাৰ বিপৰীতে নামনি অসমত গোটা মগুহে প্রসাদত ব্যৱহাৰ কৰে। শৰীৰৰ বাবে প্রয়োজনীয় বিভিন্ন মৌল, যৌগ বা ভিটামিন মগুমাহত যথেষ্ট পৰিমাণে পোৱা যায়। এক কাপ অর্থাৎ ১০৪ গ্রাম মগুত ১৩১ KJ কেলৰি, ৬.২% কার্বহাইড্রেট, ৪৩.৭% ওমেগা ফেটি এছিড, ৬% প্রটিন, ২১.৮% ভিটামিন A, ১৩.৭% ভিটামিন C, ২৩% ভিটামিন D, ৩৪.৩% ভিটামিন K-কে আদি কৰি ঠাইমিন, ৰিব’ফ্লেভিন, নিয়াচিন, ভিটামিন B6, ভিটামিন B12, পেণ্টথেনিক এছিড, কলিন ইত্যাদি বিভিন্ন ভিটামিন পোৱা যায়। খনিজ লৱনৰ ক্ষেত্ৰতো মগুমাহ অতি চহকী। ১০৪ গ্রাম মণ্ডত ১৩.৫ মিলিগ্রাম কেলচিয়াম, ০.৯ মিলিগ্রাম আইৰন, ২১.৮ মিলিগ্রাম মেগনেছিয়াম, ৫৬.২ মিলিগ্রাম ফছফৰাছ, ১০৫ মিলিগ্রাম পটাছিয়ামকে ধৰি ছডিয়াম, জিংক, কপাৰ, মেংগানিজ, ছিলেনিয়াম ইত্যাদি গুৰুত্বপূৰ্ণ লৱন পোৱা যায়।

প্ৰসাদ বিতৰণ

কলিয়াবৰৰ ভলাগুৰি সত্ৰৰ নামঘৰত প্ৰসাদ বিতৰণ | ছবি: পল্লৱপ্ৰাণ গোস্বামী

মানুহৰ ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মগুমাহ অতি উপকাৰী। উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰাৰ ক্ষেত্ৰতো মগুমাহ অতি উপযোগী। প্ৰটিনৰ ক্ষেত্ৰতো মগুমাহ অতি চহকী। আমেৰিকা যুক্তৰাষ্ট্রৰ কৃষি বিভাগৰ মতে, প্রটিনৰ বাবে মাংস আৰু কণীৰ লগত মগুমাহে সমানে ফেৰ মাৰিব পাৰে। আইৰন কমিলে মগুমাহ নিয়মিত গ্রহণ কৰি আইৰনৰ ঘাটি সহজে পূৰাব পৰা যায়।

মগুমাহ আৰু বুটমাহৰ লগত প্ৰসাদৰ বাবে ব্যৱহাৰ কৰা আন এবিধ উপাদান হৈছে নাৰিকল। নামনি অসমত প্রচলিত মাহপ্রসাদত নাৰিকল সৰু সৰুকৈ টুকুৰা কৰি কাটি দিয়াৰ বিপৰীতে উজনি অসমত সৰু সৰুকৈ কাটি দিয়াৰ উপৰি নাৰিকল ৰুকি লৈয়ো প্রসাদত ব্যৱহাৰ কৰা হয়। নাৰিকলৰ বৈজ্ঞানিক নামটো হৈছে _Cocos nucifera_৷ নাৰিকল হৈছে কেলৰি, ভিটামিন আৰু মিনাৰেলৰে চহকী এবিধ সম্পূর্ণ খাদ্য। এটা মধ্যমীয়া নাৰিকলত প্রায় ৪০০ গ্রাম খাদ্যপোযোগী ফল আৰু ৩০ৰ পৰা ১৫০ মিলি লিটাৰ পানী পোৱা যায়। নাৰিকলৰ পানীত দৈনন্দিন প্রয়োজনীয় আটাইখিনি দৰকাৰী মিনাৰেল, ভিটামিন, কেলৰি ইত্যাদি পোৱা যায়। নাৰিকলত Lauric Acid নামৰ সংপৃক্ত ফেটি এছিড পোৱা যায়। এই Lauric Acid-এ মানুহৰ শৰীৰৰ বাবে উপকাৰী HUL কলেষ্টৰেল বঢ়োৱাত সহায় কৰে। নাৰিকলত থকা চাইট’কাইনিন মানুহৰ বয়স বৃদ্ধি আৰু কেন্সাৰ ৰোগ প্রতিহত কৰাৰ বাবে উপযোগী বুলি গৱেষণাত প্রকাশ পাইছে। ভিটামিন B12-ৰ এক উল্লেখযোগ্য উৎস হৈছে নাৰিকল।

❧ | আৰু পঢ়ক: লোকনাথ গোস্বামীৰ ‘গুৰুৱে এক কৰে, ভকতেহে ভাগ কৰে’

এনেদৰে মহাপুৰুষজনাৰ সৃষ্ট মাহপ্রসাদৰ বিভিন্ন উপাদানসমূহৰ অধ্যয়ন কৰিলে দেখা যায় যে মহাপুৰুষজনাই সুচিন্তিতভাৱে এই মাহপ্রসাদৰ প্রচলন কৰিছিল, যাতে ৰীতি-নীতিৰ মাজেৰেও মানুহৰ স্বাস্থ্য সুস্থ-সবল হৈ থাকে। সুস্থ-সবল শৰীৰে সুস্থ মানসিকতাৰ গঢ় দিয়ে আৰু সুস্থ মানসিকতাই সুস্থ সমাজৰ সৃষ্টি কৰে।

ফিচাৰড্ ইমেজ: পল্লৱপ্ৰাণ গোস্বামী
মাহপ্ৰসাদ: এক বিজ্ঞানসন্মত অৱলোকন | ড° বশিষ্ঠ কলিতা

Follow Nilacharai on Facebook