অন্ধবিশ্বাস, কুসংস্কাৰ আৰু শাস্ত্ৰৰ ব্যাখ্যা

অন্ধবিশ্বাস, কুসংস্কাৰ আৰু শাস্ত্ৰৰ ব্যাখ্যা
  • 27 Feb, 2023

মা নুহৰ পঞ্চেন্দ্ৰিয়— চকু, কাণ, নাক, জিভা আৰু ছালে পৰিৱেশৰ পৰা বস্তু তথা ঘটনাৰ বিষয়ে তথ্য আনি মগজুত জমা কৰে। যেনে, চকুৱে গৰু এটা দেখিলে ইয়াৰ ৰং, আকৃতি আদিৰ বিষয়ে দেখাখিনি মগজুত ৰাখে, কাণেৰে কাৰোবাৰ মাত শুনিলে সেয়াও মগজুত সঞ্চিত হয়। এই তথ্যবোৰ পূৰ্বৰ জ্ঞান বা কাৰোবাৰ পৰা জানি, পঢ়ি বা আন উপায়েৰে জ্ঞানলৈ পৰিৱৰ্তিত হয়। গৰু এটা দেখাৰ পাছত ইয়াৰ বিষয়ে মগজুত পূৰ্বৰ জ্ঞান জমা থাকিবও পাৰে বা অইনৰ পৰা গৰুৰ বিষয়ে জানিও নতুনকৈ গৰুৰ বিষয়ে জ্ঞান মগজুত স্মৃতি হিচাপে জমা ৰাখিব পাৰে। ইয়াৰ পৰাই বাহিৰৰ পৰিৱেশৰ বিষয়ে জ্ঞান লভি মানুহে বিশ্বাস গঢ়ে। জ্ঞানখিনি সঁচা (বা ব্যতিক্রমী ক্ষেত্ৰত মিছা) বুলি মনে মানি ল’লে বা পতিয়ন গ’লে সেয়া বিশ্বাসত পৰিণত হয়। ‘উশাহ লোৱা’ অৰ্থৰ পৰা বিশ্বাস শব্দটো আহিছে, অর্থাৎ বিষয় এটা মানি ল’ব পৰা অৱস্থা হ’লে স্বস্তিৰ নিশ্বাস লোৱাৰ দৰে হয়।

যিকোনো ঘটনাৰ আঁৰতেই কিবা কাৰণ থাকে, এই কাৰণ মানুহে ভাবি উলিয়ায় বা পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰি লয়। সেইদৰে জীৱ-জড় সমন্বিতে বিশ্বব্ৰহ্মাণ্ডৰ বস্তুৰ বৈশিষ্ট্যৰ বিষয়েও মানুহৰ মনত কিছুমান ধাৰণাৰ সৃষ্টি হয়, যিবোৰ বিশ্বাসৰূপে মগজুত স্থিত হৈ থাকে। বিশ্বাস কৰি থকা বস্তু বা ঘটনাৰ কাৰণৰ বিপৰীতে নতুন প্ৰমাণ পোৱাৰ পাছতো যদি পুৰণি কথাটোকে বিশ্বাস কৰি থাকে, সেয়া হৈ পৰে অন্ধবিশ্বাস। যেনে, প্রাচীন কালত বৰুণ দেৱতাই বৰষুণ দিয়ায় বুলি মানুহে বিশ্বাস কৰিছিল, পাছত জনা গ’ল যে পানী বাষ্পীভূত হৈ আকাশত জমা হয় আৰু সেইবোৰ ঘন হ’লে বৰষুণ আহে। এইখিনি প্রমাণিত কথা মানি নোলোৱাটো হৈছে অন্ধবিশ্বাস। সেইদৰে সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি বিশ্বাস কৰাটোও অন্ধবিশ্বাস।

সংস্কাৰ হৈছে কিছুমান প্ৰক্ৰিয়া, যিবোৰৰ দ্বাৰা সংশোধন বা নতুন ধাৰণা অনা হয়। সংস্কাৰৰ দীঘলীয়া ইতিহাস আছে যদিও সেইবোৰলৈ নগৈ কৈ থ’ব পাৰি যে মানুহৰ সমাজ-সভ্যতা সুকলমে চলি থাকিবলৈ মানুহে কিছুমান নীতি-নিয়ম প্রস্তুত কৰি লয়, এইবোৰ সময় আৰু প্রয়োজন সাপেক্ষে সলনি কৰি থকাও হয়, সেয়াই হ’ল সংস্কাৰ। পুৰুষ-নাৰী একেলগে স্বামী-স্ত্রী হিচাপে বাস কৰিবলৈ কিছুমান নিয়মৰ মাজেৰে তেনে কৰা হয়, এয়া হ’ল বিবাহ। সময়ে সময়ে বিবাহৰ নিয়ম সলনি কৰা হয়। আগতে এজন পুৰুষে কেইবাগৰাকী নাৰীক বিয়া কৰিব পৰা আছিল, এতিয়া এজন পুৰুষে এগৰাকী নাৰীকহে বিয়া কৰাব পাৰিব। এয়া বিবাহৰ সংস্কাৰ। এটা নিয়মৰ সংস্কাৰ কৰাৰ পাছত পুৰণি নিয়মকে খামুচি থাকিলে সেয়া হৈ পৰে কুসংস্কাৰ। নাৰীৰ সুৰক্ষাৰ কাৰণে এসময়ত স্বামী ঢুকালে পত্নীয়ে চিতাত উঠি সতী গৈছিল। এয়া আছিল সংস্কাৰ। এই নিয়মৰ পুনৰ সংস্কাৰ কৰা হ’ল সতীদাহ প্রথা নিষিদ্ধ কৰি। এতিয়া কোনোবাই যদি সতী যোৱা প্রথা মানি থাকে, সেয়া হ’ব কুসংস্কাৰ।

এসময়ত অসম (আৰু সমগ্ৰ ভাৰত) অন্ধবিশ্বাস আৰু কুসংস্কাৰেৰে আৱৰি আছিল যদিও বর্তমান ইয়াৰ প্ৰকোপ কিছু কমিছে। এইবোৰে মানুহৰ মন বহু পৰিমাণে আচ্ছন্ন কৰি ৰখাৰ কেইবাটাও কাৰণ আছে। ইয়াৰ ভিতৰৰে এটা মুখ্য কাৰণ বা উপকাৰণ হ’ল প্রাচীন ধর্ম শাস্ত্ৰবোৰ। ইয়াত থকা কথাবোৰ যথাযথভাৱে মানি চলাৰ বাবেই ধর্মপ্রাণ মানুহ অন্ধবিশ্বাসী আৰু কুসংস্কাৰী হৈ পৰে। ইয়াৰ বাবে ধৰ্মশাস্ত্ৰবোৰ আৰু এইবোৰ প্ৰণয়ন কৰা ঋষিমুনিসকলক দোষাৰোপ কৰিব নোৱাৰি।

প্রথম কথাটো হ’ল, ধৰ্মশাস্ত্ৰবোৰ লিখাৰ সময়ত প্ৰাকৃতিক ঘটনাৰ ব্যাখ্যা কৰিবলৈ মানুহৰ বৈজ্ঞানিক জ্ঞান যথেষ্ট নাছিল। তথাপি ঋষি-মুনিসকলে যথেষ্ট চিন্তা-চৰ্চা কৰি নিজৰ জ্ঞান- বিশ্বাসেৰে প্ৰমাণিত বুলি ভাবিয়েই কথাবোৰ লিখিছিল। প্ৰতিটো কাৰ্যৰ আঁৰতে একোটা কাৰণ থাকে বুলি মুনিসকলে জানিছিল। বৰষুণ দিবৰ বাবেও এটা শক্তি লাগিব। এই শক্তিক ব্যাখ্যা কৰিব নোৱাৰি ইয়াৰ অধিষ্ঠাতা হিচাপে বৰুণ দেৱতাৰ কল্পনা কৰিছিল। বৰষুণ মানুহে দৰকাৰ মতে নোপোৱাৰ বাবে দেৱতাক সন্তুষ্ট কৰিবলৈ নানা যাগ-যজ্ঞ কৰিছিল; মানুহক দেৱতাৰ দৰেই বুলি কল্পনা কৰি মানুহৰ স্বভাৱ দেৱতাৰ গাতো নিহিত কৰিছিল। যেনে, দেৱতাই মানুহৰ দৰেই খাদ্য খায়, কাপোৰ-কানি পিন্ধে, তোষামোদ কৰিলে ভাল পায়, সুললিত কণ্ঠেৰে ছন্দযুক্ত গীত গালে সন্তুষ্ট হয় ইত্যাদি। সেয়েহে যাগ-যজ্ঞ, ঘিউ-মৌ, পুৰোদাশ পিঠা (পিঠাগুৰিৰ পিঠা), জীৱ-জন্তুৰ মাংস আদি উচৰ্গা কৰিছিল, মন্ত্ৰেৰে দেৱতাক যিমান পাৰে তোষামোদ কৰিছিল, মন্ত্ৰবোৰো সুন্দৰ সুললিত আৰু গম্ভীৰ সুৰেৰে (সামগান) গাইছিল। এজন দেৱতাৰ আগত অন্য এজনৰ গুণ গালে মানুহৰ দৰেই অসন্তুষ্ট হ’ব পাৰে বুলি যিজন দেৱতাক যেতিয়া স্তুতি কৰা হয়, তেতিয়া সেইজন দেৱতাকে সর্বগুণী, সর্বশ্রেষ্ঠ বুলি বৈদিক মন্ত্র উচ্চাৰণ কৰা হয় ইত্যাদি। এই সকলোবোৰ কল্পনা, স্তুতি, দান-উচৰ্গা, মন্ত্ৰ গান আদি বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰিয়েই ঋষিসকলে কৰিছিল, সেয়েহে তেওঁলোক অন্ধবিশ্বাসী নাছিল। ইয়াৰ বিপৰীতে আধুনিক কালত যেতিয়া জনা গ’ল বৰষুণ কিয় আৰু কেনেকৈ দিয়ে, তেতিয়া বৰুণ দেৱতাৰ অস্তিত্ব আৰু পূজা মানি থকাজন হ’ব অন্ধবিশ্বাসী।

দ্বিতীয়তে, হিন্দুধৰ্মত পৰিৱৰ্তনক বাৰুকৈয়ে স্বীকৃতি দিয়া হৈছে— এই পৰিৱৰ্তন ধ্যান-ধাৰণাৰ যেনেকৈ হৈছে, তেনেকৈ নীতি-নিয়ম সলনি কৰি সংস্কাৰ কৰাৰ ক্ষেত্ৰতো ঘটিছে। প্রাকৃতিক শক্তিৰ স্বৰূপ অসংখ্য— বৰষুণ, বতাহ, বজ্রপাত, ভূমিকম্প, বেমাৰ-আজাৰ, গছ-গছনি আদিৰ আঁৰত বিভিন্ন শক্তি আছে আৰু সেয়েহে বেদৰ ঋষিসকলে কল্পনা কৰিলে অজস্ৰ দেৱতাৰ। এইসকলৰ উদ্দেশ্যে যাগ-যজ্ঞ কৰি কৰি এসময়ত বহু দেৱতাৰ ওপৰত সন্দেহ আহিল, উপনিষদত অনুসন্ধান চলিল এক পৰম ব্ৰহ্মৰ, যি সমস্ত বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী। কল্পনাহে কৰিব পৰা পৰম ব্ৰহ্মত ভক্তি ৰখাত অসুবিধাৰ বাবে পুৰাণ যুগত পুনৰ শাৰীৰিক ৰূপত ঘূৰি আহিল অসংখ্য দেৱতা। এইসকলৰ ভিতৰত ত্ৰিদেৱক শ্রেষ্ঠ বোলা হ’ল। তেওঁলোকৰ লগতে শক্তিৰূপী দুৰ্গা দেৱীও আহিল। বিষ্ণু, শিৱ, দুৰ্গা আদিৰ ভিতৰত শ্রেষ্ঠত্বৰ প্ৰতিযোগিতা চলিল; এই প্রতিযোগিতা অৱশ্যেই কাল্পনিক দেৱ-দেৱীৰ মাজত নহয়, তেওঁলোকক সৃষ্টি কৰোঁতা ঋষি-মুনিসকল আৰু লগতে তেওঁলোকৰ অনুগামীসকলৰ মাজতহে। সি যি নহওক, হিন্দু ধর্ম সনাতন বৈদিক ধর্ম হ’লেও অর্থাৎ ইয়াৰ মূল বেদ হ’লেও বৈদিক তথা পৰৱর্তী ধর্ম শাস্ত্রবোৰত বেদৰ দেৱ-দেৱী তথা অন্য ধাৰণাৰ ব্যাপক পৰিৱর্তন ঘটিল।

তৃতীয় কথাটো পৰিৱৰ্তনৰ লগতেই জড়িত। শাস্ত্ৰবোৰ, বিশেষকৈ দেৱ-দেৱী আদিৰ বিমূর্ত ধাৰণাবোৰ চিন্তা কৰিয়েই উদ্ভৱ কৰা হয় আৰু এইবোৰ প্ৰমাণ কৰাৰো কোনো উপায় নাথাকে। বিভিন্নজনে যিহেতু বেলেগ বেলেগ ধৰণে চিন্তা কৰিব পাৰে, সেয়েহে একেটা বিষয়ৰে নানা বিপৰীতধর্মী ব্যাখ্যা আছে। ফলত ‘নানা মুনিৰ নানা মত’ৰ সৃষ্টি হৈছে। এই মতবোৰ বৈজ্ঞানিক তত্ত্বৰ দৰে ব্যাৱহাৰিক প্ৰমাণ কৰিব নোৱাৰি বাবে এই বোৰ বিশ্বাসৰ আধাৰতেই চলে আৰু বিশ্বাসীসকলৰ মাজতো নানা দলৰ সৃষ্টি হয়। যেনে, হিন্দুৰ বিষ্ণু, শিৱ আৰু দুর্গা (ব্রহ্মা, গণেশ, সৰস্বতী, লক্ষ্মী আদিকো সাঙুৰিব পাৰি)ৰ ভিতৰত কোন শ্রেষ্ঠ বা জগতৰ সৃষ্টিকর্তা কোন, সেয়া কোনো পৰীক্ষাৰেই প্ৰমাণ কৰিব নোৱাৰি। বেলেগ বেলেগ শাস্ত্রই বেলেগ বেলেগ তত্ত্ব আগবঢ়ায়, যিবোৰো প্রমাণ কৰিব নোৱাৰি। বিশ্বাসৰ আধাৰতেই শৈৱ, শাক্ত, বৈষ্ণৱ আদি ভক্তগোটৰ সৃষ্টি হৈছে। ইয়াৰ পৰা দেখা গৈছে যে হিন্দু ধর্মই একেটা মততে খামুচি ধৰি নাথাকি বিভিন্ন মত চলাই যোৱাটোত আপত্তি নকৰে। সেয়েহে নতুন তথ্য- প্ৰমাণৰ আধাৰত পুৰণি শাস্ত্ৰৰ কথা বাদ দি অন্ধবিশ্বাস-কুসংস্কাৰ বৰ্জন কৰিলে হিন্দু ধৰ্মই আপত্তি নকৰিব। অন্য ধৰ্মৰ ক্ষেত্ৰতো বেলেগ ধৰণে কথাবোৰ বিবৃত কৰিব পাৰি।

চতুৰ্থ কথাটো হৈছে, হিন্দু শাস্ত্ৰত (লগতে আন ধর্মশাস্ত্ৰতো কিছু পৰিমাণে) লিখা কথাবোৰ প্রতীক বা ৰূপকধর্মী বা আওপকীয়াকৈ বিবৃত কৰা থাকে। সেয়েহে কথাবোৰ শাস্ত্ৰত লিখা মতেই প্ৰয়োগ কৰিবলৈ গ’লে অন্ধবিশ্বাসৰ বলি হোৱাটো খাটাং। এটা উদাহৰণ লোৱা যাওক। শাস্ত্ৰত কোৱা হৈছে যে ঋষি-মুনি আৰু আন বহুতেই হাজাৰ হাজাৰ বছৰ তপস্যা কৰি বিশেষ অলৌকিক শক্তি লাভ কৰে। এই তপস্যাবোৰ কৰা হয় পাহাৰ, পৰ্বত, নির্জন স্থান আদিত। গছৰ তলত বহি, কেতিয়াবা এভৰি বা দুভৰিত থিয় হৈ পানীত থাকি বা বিভিন্ন ধৰণে থাকি চকু মুদি ধ্যান কৰা হয়, সেয়াই তপস্যা। কেতিয়াবা একে ঠাইতে বহি ধ্যান কৰোঁতে কৰোঁতে গাত উইহাঁফলু উঠি ঢাকি পেলোৱাৰ ঘটনাও ঘটে। এইবোৰত দেখ দেখকৈ অলৌকিকতা অর্থাৎ অবাস্তৱ ধৰণৰ কথা ঢেৰ আছে। যিবোৰ যথাযথভাৱে বিশ্বাস কৰি কামত খটুৱাবলৈ হ’লে অর্থাৎ নির্জন স্থানত একেথৰে বহি বছৰ বছৰ থাকিবলৈ চালে আজিৰ মানুহ সফল নহয়। গতিকে ভাবিবলৈ ল’ব যে আগৰ কালৰ ঋষি-মুনিৰ ক্ষমতাই বেলেগ আছিল, সেয়েহে তেওঁলোক অলৌকিক শক্তিৰ গৰাকী হৈছিল। এইবোৰেই হ’বগৈ অন্ধবিশ্বাস। অধিক যুক্তিবাদী অর্থাৎ অন্ধবিশ্বাস নথকাসকলে একে আষাৰেই কৈ দিব যে এইবোৰ মিছা কথা লিখিছে বা সকলোবোৰ হৈছে কাল্পনিক কাহিনী। আনটো পন্থা হ’ব কথাবোৰৰ কিবা আওপকীয়াকৈ কথা আছে নেকি তাকে চোৱা।

অন্ধবিশ্বাস আৰু কুসংস্কাৰ

গতিকে ভাবিবলৈ ল’ব যে আগৰ কালৰ ঋষি-মুনিৰ ক্ষমতাই বেলেগ আছিল…

শাস্ত্ৰত কোৱা হৈছে, ছাত্রানাং অধ্যয়নম তপঃ, অর্থাৎ ছাত্ৰৰ বাবে অধ্যয়নেই তপস্যা। ইয়াত তপস্যাৰ অৰ্থ স্পষ্ট। এটা কামত (ইয়াত অধ্যয়নত) একাণপতীয়াকৈ লাগি থকাটোৱেই তপস্যা। অন্যবোৰ তপস্যাৰ ক্ষেত্রতো একেই কথা। সাধাৰণতে ঋষি-মুনিসকলে বিশ্বৰ ৰহস্যৰ লগতে মানুহৰ সমস্যাৰ কথাবোৰো গভীৰভাবে চিন্তা কৰে। নক’লেও হ’ব যে চিন্তা কৰিবলৈ নিৰ্জন স্থান উপযুক্ত। ঋষিসকলৰ বাবে এনেদৰে নিৰ্জন ঠাইত একাণপতীয়াকৈ চিন্তা কৰাটোৱেই হ’ল তপস্যা। আন কিছুমান ক্ষেত্ৰত একোটা বিশেষ উদ্দেশ্য সাধনৰ বাবে তপস্যা কৰা হয়, ইয়াত তপস্যা মানে বিশেষ কামটো কেনেকৈ কৰিব পাৰি সেই বিষয়ে তাত্ত্বিক চিন্তা আৰু ব্যাৱহাৰিক কৰ্ম। ভগীৰথে তপস্যা কৰি গংগাক স্বৰ্গৰ পৰা অর্থাৎ হিমালয়ৰ পৰা মৰ্ত্যলৈ অৰ্থাৎ উত্তৰ ভাৰতলৈ নমাইছিল। নলা খান্দি বিশেষ প্রযুক্তিৰে পৰ্বতৰ ওপৰৰ পানী বোৱাই অনাৰ চিন্তা-চৰ্চা তথা ব্যাৱহাৰিক কর্মবোৰেই আছিল ভগীৰথৰ তপস্যা। সেইদৰে অসুৰ, দৈত্যই তপস্যা কৰি অসীম বলশালী হোৱাৰ অৰ্থ হ’ল দীঘলীয়া কালৰ বাবে অস্ত্র-শস্ত্ৰৰ প্রশিক্ষণ বিশেষ ব্যক্তিৰ যোগেদি কৰা লগতে ধ্বংসকাৰী অস্ত্ৰৰ সংগ্রহ।

হাজাৰ হাজাৰ বছৰ তপস্যা কৰাটোতো অবাস্তৱতা আছে যদিও জৈমিনী দৰ্শনৰ মতে মহান বা বিখ্যাত ব্যক্তিৰ ক্ষেত্ৰত এদিনকে এবছৰ হিচাপে ধৰা হয়। যেনে, ৰামে দহ হাজাৰ বছৰ ৰাজত্ব কৰা মানে দহ হাজাৰ দিন বা প্রায় ৩০ বছৰকাল ৰাজত্ব কৰিছিল। আন এটা অৰ্থ হ’ল হাজাৰ হাজাৰ মানে বহু কাল ধৰি। গতিকে হাজাৰ বছৰ তপস্যাও বাস্তৱ ঘটনাই।

সাধাৰণতে বর্ণনা কৰা হয় যে তপস্যাৰ কালত একেঠাইতে ঋষিয়ে সকলো সময়তে বহি (বা আনধৰণে) থাকে। এয়া আতিশয্য, কাৰণ শাস্ত্ৰৰ বহু উদ্ধৃতিৰে দেখুৱাব পাৰি যে তপস্যা কৰাসকলে খোৱা-শোৱা ধৰণৰ গতানুগতিক কামবোৰ বন্ধ কৰা নাছিল আৰু শিষ্য বা অনুচৰে তপস্যাৰতসকলক লাগতিয়াল বস্তুবোৰ যোগান ধৰি আছিল। উইহাঁফলু সৃষ্টি হোৱাৰ কল্পিত কাহিনীৰো বেলেগ অর্থ আছে।

তপস্যাৰ দ্বাৰা অলৌকিক শক্তি আহৰণ কৰে বুলি কোৱা হয়। কথাটো অৱশ্যেই তেনে নহয়। আচলতে ঋষি-মুনিসকল নমস্য ব্যক্তি। ৰজা-মহাৰজাই তেওঁলোকক সমীহ কৰে আৰু তেওঁলোকে দিয়া দিহা-পৰামৰ্শৰ বিনিময়ত ৰজাই ঋষি-মুনিয়ে বিচৰা মতে কামো কৰে। এয়াই তপোধনৰ তপোবল। আধুনিক কালতো গুণী-জ্ঞানীসকলক ৰাজনৈতিকভাবে শক্তিশালীসকলে দৰকাৰ মতে কাম কৰি দিয়ে, সহায়-সহযোগ আগবঢ়ায়। পুৰণি কালৰ ঋষি-মুনিৰ তপোবলো তেনেকুৱাই আছিল। যি শক্তিৰে এইসকলে অভিশাপ-বৰ আদি দি ফুৰিছিল।

❧ | আৰু পঢ়ক:

অন্ধবিশ্বাস, কুসংস্কাৰ আৰু শাস্ত্ৰৰ ব্যাখ্যা | ড° খৰ্গেশ্বৰ ভূঞা
Follow Nilacharai on Facebook