পংকজ কুমাৰ নেওগৰ কবিতা

তোৰ চিঠিখন

'তোক মই ভালপাওঁ' বুলি
তিনিটা আখৰৰ যে চিঠিখন দিছিলো,
আজি তাৰ উত্তৰ পালো,
বকুলীৰ হাতত যে দি পঠিয়াইছিলি
তোৰ চিঠিখন!

এয়া চা সৰু, একা-বেঁকা আখৰৰ মাজত
পঠিওৱা তোৰ মৰমবোৰ মই পিন্ধিছোঁ
পথৰুৱা সুৰটো গুণগুণাইছোঁ,
তইটো জানই মই খেতিয়কৰ ল'ৰা,
গোটেই দেহাতে হয়তো বোকা আৰু মাটি…
মোক ভালপোৱাৰ পাছৰ তোৰ মুখৰ
ৰঙা বেলিটো এবাৰ চাবৰ মন গৈছিল,
আহৰি পোৱা নাই অ'!
ভৰ বাৰিষাতে মাটিকেইডৰা নাঢাকিলে
বছৰটো চলিবলে বৰ টান হয়।

সৰু,
বাজলে’ নোলাবি ৰ'দে তোক পুৰিব,
মাছলে’ নাযাবি জোকে তোক ধৰিব,
তাতে মই মৰমৰ দুৰ্বল অ'।

«

ক'লৈ গ'ল মানুহজন
(হীৰুদাৰ সোঁৱৰণত)

মানুহজনে বিদায় বোলা নাছিল,
কাৰণ, পথাৰ আৰু শাওণ ভাল পোৱা মানুহজনে বিদায় বুলিব নাজানিছিল,
চাওকচোন এবাৰ, জীয়াঢলে থকা-সৰকা কৰা মোৰ ভঙা কলিজাত আত্মগোপন কৰি থকাৰ দৰে  
আপোনাৰ কলিজাতো থাকিব পাৰে তেওঁ।

তেওঁৰ বাবেই ভাল পাবলৈ লৈছিলো শৃংখলিত শব্দবোৰক,
গোটাবলৈ আৰম্ভ কৰিছিলো মোৰ অপৈণত ভাষাবোৰ,
আজি হঠাতে মোৰ মূৰৰ ওপৰৰ হাতখন আঁতৰাই কলৈ গ'ল তেওঁ ?

ভোগবাদী পৃথিবীৰ নতুন সূত্ৰ— 'কিবা পাবলৈ হ'লে কিবা এটা দিবও লাগে',
উদৰ পূৰাই দিলা মোক তুমি,
এতিয়া তোমাক দিবলে’ মোৰ চকুপানীৰো অভাব…

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of