যজ্ঞেশ্বৰ শৰ্মাৰ কবিতা: ৰঙা নৈ এৰি গৈ

মনত পৰাৰ পৰাই দেখি আহিছোঁ নাৱৰীয়াই
ৰঙা নৈৰ সোঁতৰ ওপৰেদি
নাও বাই উজাইছে, ভটিয়াইছে।

এদিন কিবা এটা মন গ’ল
নৈৰ ঘাটত নাও বান্ধি
হাবিখন পাৰ হৈ
বহ-গাঁও পালোগৈ।

আহঁতৰ তলত গাঁৱৰ মানুহ
জুম পাতি বহিছে
পাঠকে বিদুৰৰ কাহিনী পঢ়ি শুনাইছে
বিয়াৰ পানী তুলিবলৈ আয়তীসকল
দূৰ্বাঘাটলৈ আগবাঢ়িছে,
ঢুলীয়াই মূৰ জোঁকাৰি ঢোল বজাই
আগে আগে গৈ আছে,
চফল ডেকাই পেঁপা বজাইছে
উঠন গাভৰুৱে লগে লগে নাচিছে
ভয় নাই, সংকোচ নাই।

সাহিত্যাচাৰ্য প্ৰয়াত যজ্ঞেশ্বৰ শৰ্মাৰ এই অপ্ৰকাশিত কবিতাটি উপেন্দ্ৰ বৰকটকীৰ সৌজন্যত পোৱা হৈছে।

ছবি: যোগিন্দ্ৰ সিং

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of