বৃহৎ নদীবান্ধ সন্দৰ্ভত কেইটামান স্নেপশ্বট

বৃহৎ নদীবান্ধ সন্দৰ্ভত কেইটামান স্নেপশ্বট
  • 14 Jan, 2012

পৰ্বতৰ সাগৰখন
গেৰুকামুখৰ নামনি সোৱণশিৰিত বান্ধ বান্ধিবলৈ লওঁতে ১৯৮৫ চনতে এন এইছ পি চি-এ নৈ-পৰীয়া আধা মুৰুখ ৰাইজক কৈছিল— দেশ পোহৰ হ’ব, এন্ধাৰ আঁতৰিব। আমাৰনো ৰাইজৰ মতৰ কি কথা? মাত্ৰ ডেৰশ বছৰমান পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ মুখ দেখা ৰাইজহে! এন এইছ পি চি-এ বেচা সপোনটোকে চাই থাকিল।

পিছে ২০০৮ চনৰ ১৪ জুলাইৰ দিনা ৰাতি ৰঙানদী প্ৰকল্পৰ পানী ৰঙানদী আৰু দিক্ৰঙেৰে আহি লখিমপুৰ, বিহপুৰীয়া আৰু নাওবৈচাৰ কেইবাশ গাঁও জলমগ্ন কৰি ২২জনৰতো সলিল সমাধি ঘটালেই, খেতি-পথাৰবিলাকো বালিৰে পুতিলে। বানাক্ৰান্তই ত্ৰাহি হৰি সুঁৱৰিলে— অ’ গোসাঁই, পৰ্বততনো ইমান ডাঙৰ সাগৰখন লুকাই আছিল নে?

এন এইছ পি চি-এ দেখুওৱা সপোনটো অৰুণাচলৰ বালিয়ে পুতি পেলালে।

আগেয়ে ৩০-৪৫, এতিয়া পাঁচ সিকি
নামনি সোৱণশিৰি বান্ধৰ পৰা বোলে অসমে ১.২৫ শতাংশহে বিদ্যুৎ পাব। কিন্তু মণিপুৰৰ লোক্‌টাকৰ পৰা পায় ২৯.৪ শতাংশ আৰু ৰঙানদীৰ পৰা পায় ৪৩.৩ শতাংশ। থলুৱা নীতিৰে পোৱা ২৯.৪ আৰু ৪৩.৩-ৰ অংকটো গোলকীয় নীতিয়ে ১.২৫-অলৈ কমালে।

ক্ৰিকেট খেলতকৈ বান্ধ ডাঙৰ নহয়
২০১০ চনৰ ১০ ছেপ্তেম্বৰত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী জয়ৰাম ৰমেশে মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পত নদীবান্ধ সম্পৰ্কে ৰাইজৰ সৈতে কথা পাতিছে। ৰাইজৰ লগতে কেইবাগৰাকী বুদ্ধিজীৱীও আছে। পিছে অসমৰ ৰাইজৰ প্ৰতিনিধি ৰকিবুল হুছেইন ডাঙৰীয়াই (তেখেত অসমৰ বন-পৰিৱেশ মন্ত্ৰী) হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে সেই সময়ত নেহৰু ষ্টেডিয়ামত ক্ৰিকেট খেল চোৱাত ব্যস্ত। কেন্দ্ৰীয় মন্ত্ৰীক ৰাইজৰ সৈতে খেলিবলৈ দি অসমৰ মন্ত্ৰী দুগৰাকীয়ে খেল চালে।

তিস্তা নদীৰ বান্ধ
তিস্তা নৈৰ ওপৰত তৃতীয়টো বান্ধ সাজিবলৈ ৰাইজৰ অনুমতি বিচাৰি সভা পাতিলে বান্ধ কৰ্তৃপক্ষই। সভালৈ ৰাইজৰ এজনো নাহিল। তিস্তাৰ পাৰৰ লেপ্‌চা জনগোষ্ঠীটোৱে ক’লে— আগতে সজা দুটা বান্ধে কৰা ক্ষতিয়েই চৰকাৰে নুপূৰালে। বান্ধে আমাৰ সমাজখনো ভাঙিলে। এতিয়া আৰু নতুন বান্ধ নেলাগে। গতিকে বান্ধৰ কাম স্থগিত আছে।

বান্ধ-বিৰোধী মাউখে উটাৰ সময়

সমুজ্জ্বল-অখিল
সমুজ্জ্বল-অখিল

নদীবান্ধক লৈ আছু আৰু অখিল লগ লাগিব পৰা নাই। অখিলে বৰককাই বুলি আছুক একেলগে যুঁজখন কৰোঁ বুলিছে। তথাপি আছু অহা নাই। ৰাইজে কৈছে, ইয়াৰ তিনিটা কাৰণ— আছুৱে নিজৰ অস্তিত্ব হেৰাব বুলি ভাবিছে, অখিলৰ কথাত বাওঁপন্থী সুৰ আছে, নেচ’ৰ সভাপতি সমুজ্জ্বলে সম্প্ৰীতি (উত্তৰ-পূবৰ ছাত্ৰ সংগঠনসমূহৰ)ত বাধা হ’ব বুলি ভাবিছে।

পিছে এটা কথা, নগা আৰু অৰুণাচলী ছাত্ৰ সংগঠনে দেখোন তেওঁলোকৰ ৰাজ্যই অসমৰ সীমা ঠেলোঁতে আপত্তি কৰা নাই। সমুজ্জ্বলহঁত বেছিকৈ আছু আৰু কমকৈ নেচ’ হ’লেহে ভাল হ’ব নেকি! বিপদৰ সময়ত বাঘে-ছাগে একে ঘাটতে পানী খায় বুলি ডাকে কয়। ডাকৰ বচন উলাই কৰিব নাপায়।

আছু-অগপই সঁচাটো স্বীকাৰ কৰা নাই
মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰায়েই কয়— আছু আৰু অগপইও আগতে বৃহৎ নদীবান্ধ সমৰ্থন কৰিছিল, এতিয়া বিৰোধিতা কৰিছে। উত্তৰত আছু-অগপই কৈছে— আমি বহুমুখী নদীবান্ধৰহে কথা কৈছিলো, কেৱল শক্তি উৎপাদনকাৰী বান্ধৰ কথা কোৱা নাছিলো। আমি ভাবোঁ, কোনেও সঁচা কথা কোৱা নাই। ‘বৃহৎ বান্ধৰ পৰা হ’ব পৰা ক্ষতি সম্পৰ্কে আমি বিশেষ একো জনাই নাছিলো’ বুলি স্বীকাৰ কৰিলেহে সততা প্ৰকাশ পালেহেঁতেন। জ্ঞানীজনে ‘ভুল স্বীকাৰ কৰিলে মান নেহেৰায়, বাঢ়েহে’ বুলি কয়।

কংগ্ৰেছ ঢাল-তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰ
যোৱা ৫ জানুৱাৰী ২০১২-ত বান্ধ-বিৰোধীৰ সৈতে চৰকাৰৰ আলোচনাৰ প্ৰাকমুহূৰ্তত ৪ জানুৱাৰীত অসম প্ৰদেশ কংগ্ৰেছৰ উত্তপ্ত বৈঠক। কংগ্ৰেছৰ মুখপাত্ৰ মেহদী আলম বৰাই ক’লে— ‘নদীবান্ধৰ বিষয়ত যিবোৰ ৰাজহুৱা অভিযোগ উত্থাপন হয়, তাৰ উত্তৰ দিবলৈ দলৰ ফালৰ পৰা চৰকাৰক তথ্য-পাতিৰ যোগান দিয়া নহয়। চৰকাৰে নদীবান্ধৰ দৰে গুৰুত্বপূৰ্ণ বিষয়তো দলৰ মুখপাত্ৰসকলৰ সৈতে কোনো আলোচনা নকৰে। নামনি সোৱণশিৰিৰ নদীবান্ধৰ পৰা অসমে মাত্ৰ ৬০ মেগাৱাটহে পাব আৰু বাকীখিনি আগ্ৰালৈ নিব বুলি কৰা ৰাইজৰ অভিযোগৰো কোনো উত্তৰ মুখপাত্ৰসকলৰ হাতত নাথাকে।’ আন এজন মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যই ক’লে— ‘বৃহৎ নদীবান্ধৰ নামনি অংশৰ ৰাইজৰ সুৰক্ষাৰ বাবে চৰকাৰে কি ব্যৱস্থা লৈছে আমি নাজানো। এই বিষয়ত ৰাইজক আমি কি ক’ম?’ এনে কথা-বতৰাৰে উত্তপ্ত হৈ উঠা পৰিৱেশৰ মাজৰ পৰা কৃষিমন্ত্ৰী নীলমণি সেন ডেকাই প্ৰস্থান কৰে।

ভাবি আচৰিত লাগে, এনে ধৰণৰ দুৰ্বল স্থিতিযুক্ত এই কংগ্ৰেছ দলেই যোৱা বছৰ বিধান সভাত সম্পূৰ্ণ এটা দিন বিৰোধীক মাত মাতিব নিদিয়াকৈ কেনেকৈ বহুৱাই ৰাখিলে! বিৰোধীয়ে বিবেচনা কৰা ভাল— সমুজ্জ্বল-অখিলহঁতৰ তুলনাত তেখেতসকল কিমান পাতল।

মুখ্যমন্ত্ৰী-পুত্ৰ গৌৰৱো মাওবাদী বা আলফা নেকি?

জোচেফ ষ্টিগ্‌লিটজ
জোচেফ ষ্টিগ্‌লিটজ

নদীবান্ধ-বিৰোধীক মুখ্যমন্ত্ৰীয়ে মাওবাদী বা আলফা বুলি কৈ আহিছে। পিছে ৰাজনীতিৰ বিশেষজ্ঞই কৈছে, বিশ্বৰ এক-তৃতীয়াংশই মাওবাদত বিশ্বাসী। অসমৰ কেইবাগৰাকী মন্ত্ৰীয়ে আকৌ মাও-এ গঢ়া চীনদেশ চাই চমৎকাৰ বুলি কয়হি। আমাৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ গৌৰৱেও চীনৰ উন্নয়নৰ ছন্দ দেখি উৎসাহিত হৈ উন্নয়নৰ পথ বিচাৰি ন’বেল বিজয়ী অৰ্থনীতিবিদ জোচেফ ষ্টিগ্‌লিটজ আৰু মেঘনাদ দেশাইক লৈ মিটিং পাতিছে। আলফাইও (তাকো পৰেশপন্থী!) গৌৰৱক ধন্যবাদ দিছে— চীনৰ আৰ্হিৰে অৰ্থনৈতিক বিকাশ বিচৰা বাবে। এইবোৰ দেখি-শুনি এনে ভাব হয়— আমাৰ বহুবল্কী মুখ্যমন্ত্ৰীয়েও কথাৰ লাচতে নিজপুত্ৰকে মাওবাদী বা আলফা বুলি নকয়তো!

মেঘনাদ দেশাই
মেঘনাদ দেশাই

বৃহৎ দখল-লঘূ অৱৰোধ
৩১ ডিচেম্বৰ ২০১১-ৰ ‘দৈনিক অসম’ কাকতৰ প্ৰথম পৃষ্ঠাতে এখন ফটো দেখিলো। ফটোত এন এছ ইউ আই-এ অখিল গগৈক গ্ৰেপ্তাৰৰ দাবীত গুৱাহাটীত পথ অৱৰোধ কৰা দৃশ্য। অখিলে হেনো মুখ্যমন্ত্ৰী সম্বন্ধে অসাংবিধানিক শব্দ প্ৰয়োগ কৰিছে। ফটোত অৱৰোধকাৰীৰ সংখ্যা ৫০-ৰ ভিতৰতে।

পিছে অৱৰোধকাৰীয়ে এবাৰ ভাবি চালে ভাল— বৰ্তমান কাকতে-পত্ৰই সণ্ঢালনিকৈ প্ৰকাশ পাই থকা যোগান বিভাগৰ লাখ লাখ কুইণ্টল দুখীয়াৰ চাউল আৰু লাখ লাখ লিটাৰ কেৰাচিন বাংলাদেশলৈ মন্ত্ৰীৰ পৃষ্ঠপোষকতাতে চোৰাংভাৱে গৈ থকা ঘটনাতকৈ অখিলৰ মন্তব্য গুৰুতৰ নে?

তদুপৰি আমাৰ শিক্ষামন্ত্ৰীয়ে এন এছ ইউ আই-ৰ মুখপাত্ৰৰ দৰে ভূমিকাৰে কৈছে— অসমৰ ৬০ শতাংশ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই এন এছ ইউ আই-ৰ দখলত। ইমান ডাঙৰ দখল লোৱাৰ পিছতো অৱৰোধকাৰী ৫০জন! কথাটো কি?

অভাৰগ্ৰাউণ্ড আলফাই কি কয়
অসমৰ আৰক্ষী সঞ্চালকে কৈছে— অভাৰগ্ৰাউণ্ড আলফাই মাওবাদীৰ হৈ কাম কৰিছে আৰু মাওবাদীয়ে নদীবান্ধ-বিৰোধীৰ পক্ষ লৈছে। আমি বুজাত, এতিয়ালৈকে নদীবান্ধ আন্দোলন গণতান্ত্ৰিকভাৱেই চলি আছে। কাইলৈকে অস্ত্ৰধাৰী আলফাই অস্ত্ৰ এৰি গণতান্ত্ৰিক আন্দোলনত যোগ দিছে। একেদৰে অস্ত্ৰধাৰী মাওবাদীয়েও যদি গণতান্ত্ৰিক আন্দোলনত যুক্ত হৈছে, ই দেখোন সন্ত্ৰাসবাদৰ বিপৰীত কথাহে। মাওবাদী, আলফাই অস্ত্ৰও এৰিব লাগিব, আন্দোলনো কৰিব নোৱাৰিব,— তেন্তে কি কৰিব পাৰিব? ৰাজনৈতিক দলৰ পোষ্টাৰ-বেনাৰ লগোৱা কাম কৰিব লাগিব নেকি?

চৰকাৰৰ অভাৰগ্ৰাউণ্ড আলফাৰ বিৰূদ্ধে প্ৰকাশিত মন্তব্যই কিন্তু অন্য কথাহে কৈছে। এনে কথাৰে আলফা-চৰকাৰৰ শান্তি আলোচনা তল পেলোৱাৰহে বুদ্ধি ৰচনা হৈছে নেকি?

বিদ্যুৎ শক্তি বেছিকৈ পালে কম্প্ৰমাইজ কৰিব নেকি
যোৱা ৫ জানুৱাৰীত চৰকাৰৰ সৈতে হোৱা আলোচনাৰ পিছত টিভিৰ পৰ্দাত সমুজ্জ্বলে ক’লে— অৰুণাচলত হ’বলগীয়া আনবোৰ বান্ধৰ শক্তি বিতৰণ কি ধৰণৰ হ’ব আমি নাজানো। আছুৰ উপদেষ্টাৰ এই কথাই আমাৰ চিন্তাত আউল লগাইছে। কাইলৈকে যদি নামনি সোৱণশিৰিৰ উৎপাদিত বিদ্যুতৰ সিংহভাগ অসমক দিব বুলি কয়, আছুৱে নদীবান্ধ সমৰ্থন কৰিব নেকি? অৰুণাচলৰ আনবোৰ বান্ধৰ পৰাও যদি অলপ-অচৰপকৈ বিদ্যুৎ দিব বুলি কয়, তাক আন্দোলনৰ সফলতা বুলি লোৱা হ’ব নেকি? বৃহৎ নদীবান্ধে অসমৰ সভ্যতা-সংস্কৃতি সমুলঞ্চে বিনাশ কৰিব বুলি কোৱাৰ পিছতো আছুৱে শক্তি বিতৰণৰ কথা কোৱাটো উদ্বেগজনক।

বিধান সভাত ভূপেন বৰাই উত্তৰ নাপালে
যোৱা বিধান সভাত শাসকীয় কংগ্ৰেছ দলৰ বিধায়ক ভূপেন বৰাই ক’লে— ২০০৮ চনত ৰঙানদী নদীবান্ধৰ বানপানীয়ে আক্ৰান্ত কৰা সকলক যোৱা চাৰিটা বছৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব নোৱাৰিলে। এনে ক্ষেত্ৰত সোৱণশিৰিৰ নদীবান্ধৰ দ্বাৰা ভৱিষ্যতে আক্ৰান্ত হ’ব পৰা পৰিস্থিতি চৰকাৰে কেনেকৈ চম্ভালিব? বিধান সভাৰ মজিয়াত ভূপেন বৰাৰ প্ৰশ্নৰ উত্তৰ কোনেও নিদিলে।

প্ৰদ্যুৎ বৰদলৈৰ মথাউৰি
১৯৫৮ চনতে বন্ধা মথাউৰিৰ বাবেই হেনো অসমৰ নদীবোৰ বাম হৈছে। কাৰণ নদীৰ বানপানীৰ লগত অহা বালি-বোকাবোৰ মথাউৰিৰ বাধাৰ বাবে কেনিও যাব নোৱাৰি নদীলৈকে উভতি আহে। এই বালি-বোকাই নদীবোৰ বাম কৰিছে। এইবোৰ কথা বান-নিয়ন্ত্ৰণ বিভাগেই কোৱা। তাৰ পিছতো শক্তিমন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে কৈছে— মথাউৰিয়েই বান্ধিম নদীবান্ধৰ বান ৰোধিবলৈ। এনেবোৰ অতি-বৈজ্ঞানিক (!) কথাৰেই দেশ চলি আছে।

অন্ধ্ৰ-কাণপুৰ থাকোঁতে অসমৰ মাছ কিয়
অখিলে হুলুস্থুল লগাই আছে, নদীবান্ধৰ ফলত অসমৰ নদীৰ মাছ নাইকিয়া হ’ব— ৩০ লাখ মাছমৰীয়াৰ পেট মৰিব। পিছে আমাৰ মুখ্যমন্ত্ৰী বেপৰোৱা— অন্ধ্ৰ-কাণপুৰ-বিহাৰৰ মাছ থাকোঁতে অসমে মাছৰ বাবে চিন্তা কৰিব লাগে কিয়? বাহিৰৰ মাছৰ দামো সস্তা, বহুতে এই সস্তা মাছৰ ওপৰতে কমিচন লগাইও জীৱিকা আৰ্জিছে। আৰু মাছমৰীয়াৰ পেট মৰিব কিয়? খাবলৈ দুটকীয়া-তিনিটকীয়া চাউল, থাকিবলৈ তিনি ইন্সি গাথনি আৰু শিমলু কাঠেৰে সজা ঘৰ, হাগিবলৈ পায়খানা, জবকাৰ্ড— এইবোৰ থাকোঁতে পেটে মৰিব কিয়? তদুপৰি, খেতিপথাৰত বালি পৰিলে কি হ’ল? বালিৰ কিবা দাম নাই নেকি? তেনেবোৰ বালিৰ মহল লৈ আমাৰ নিবনুৱা সংস্থাপিত নহ’ব নেকি? উদ্যম থাকিলে মৰুভূমিৰ মাজতো মৰুদ্যান বিচাৰি উলিয়াব পাৰি। সেই উদ্যম আহৰণ কৰিব লাগিব। নে কি কয়? হেঃ হেঃ হেঃ…।

ষ্টিগ্‌লিটজে কি কয়? মেঘনাদে?
মুখ্যমন্ত্ৰীৰ পুত্ৰই পতা সভা। মুখ্যমন্ত্ৰী সভাৰ মুখ্য অতিথি। এনে সভাতো ষ্টিগ্‌লিটজে ক’লে— বৃহৎ নদীবান্ধ বিপজ্জনক। ক্ষুদ্ৰ বান্ধহে কৰিব লাগে। মেঘনাথে ক’লে— বৰ্তমান দুৰ্নীতিয়েই উন্নয়নৰ হেঙাৰ। দৰ্শকৰ আসনত থকা হ’লে উঠিয়েই গ’লহেঁতেন, উপায় নাই।

অৱস্থাটো প্ৰাক্-স্বাধীনতা কালতকৈও সঙ্গীন
দ্য গৱৰ্ণমেণ্ট অৱ ইণ্ডিয়া এক্ট ১৯৩৫ (The Govt. of India Act 1935)-এ স্বাধীনতাৰ পূৰ্বেই পানীৰ অধিকাৰ ৰাজ্যবোৰক প্ৰদান কৰিছিল। আজি স্বাধীন চৰকাৰে পানীৰ অধিকাৰৰ কথাত ৰাজ্যক মাতেই মাতিব নিদিয়ে। পানীৰ অধিকাৰটো বাদেই, ২০০৬ চনতে এন এইছ পি চি-য়ে বানপানীৰ সময়ত ৰঙানদীৰ নৈ-পৰীয়া ৰাইজক নৈলৈ যাবলৈকে বাধা দি থৈছে। এই বাধা নুশুনি নৈলৈ গৈ কোনোবা উটি গ’লে এন এইছ পি চি আৰু চৰকাৰৰ কোনো দোষ নাই।

দুৰ্যোগৰ আমন্ত্ৰণ নে দুৰ্যোগ ব্যৱস্থাপনা
বিশেষজ্ঞই কৈছে— অসম ৫ নম্বৰ ভূ-কম্পন মণ্ডলত অৱস্থিত। তাতে অৰুণাচলৰ পাহাৰ থুনুকা গেদীয় শিলেৰে গঠিত। গতিকে অৰুণাচলত ডাঙৰ নদীবান্ধ হ’ব নালাগে। পিছে আমাৰ চৰকাৰে ভাবে— এইবোৰ বিশেষজ্ঞ নহয়, বিশেষভাৱে অজ্ঞহে। এইবোৰৰ কথা কোনে শুনে! আছে নহয় আমাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, সকলো চম্ভালি দিব।

পিছে ৰাইজে চাই ৰৈছে— দুৰ্নীতিৰ বানত দেখোন সকলো উটি গৈছে। ৰাইজৰ সভাত থাকিব লগা দেশনেতা জে’লৰ আলহী হৈছে। তেওঁলোকৰেই দুৰ্যোগৰ অন্ত নাই, লোকৰ দুৰ্যোগ আৰু কি আঁতৰাব?

ফিচাৰড্ ইমেজ: ফ্লিকআৰ-ৰ পৰা সংগৃহীত।

বৃহৎ নদীবান্ধ সন্দৰ্ভত কেইটামান স্নেপশ্বট | ভূপেন শৰ্মা

Follow Nilacharai on Facebook