চৰকাৰ বনাম টুইটাৰ যুঁজৰ সুফল-‘কু’ফল

চৰকাৰ বনাম টুইটাৰ যুঁজৰ সুফল-‘কু’ফল
  • 22 Feb, 2021

সা ম্প্ৰতিক সময়ত বিভিন্ন দেশ তথা সমাজৰ গণতান্ত্ৰিক পৰম্পৰা আৰু প্ৰমূল্যৰ অনুশীলনত সামাজিক মাধ্যমসমূহে (ছচিয়েল মিডিয়া) গুৰুত্বপূৰ্ণ ভূমিকা লোৱা পৰিলক্ষিত হৈছে। মূলতঃ সমাজৰ প্ৰায় সৰ্বস্তৰৰ লোকৰ মত প্ৰকাশৰ সুবিধা আৰু সেইবোৰৰ জৰিয়তে একোটা বাক্‌ধাৰা নিৰ্মাণত এই মাধ্যমসমূহে বিশেষ অৰিহণা আগবঢ়াইছে। এই সুবিধাৰ বিশাল সম্ভাৱনীয়তা উপলব্ধি কৰিয়েই বৰ্তমানৰ ভাৰতবৰ্ষৰ প্ৰায়বোৰ বৃহৎ ৰাজনৈতিক দলেই নিজা নিজা তথ্য-প্ৰযুক্তি কোষ গঢ়ি তুলিছে। এই কোষবিলাক ছচিয়েল মিডিয়া চাইট, বিশেষকৈ টুইটাৰ, ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম আদিত নিজা নিজা কৰ্মসূচী লৈ অহোৰাত্ৰি নিয়োজিত হৈ থাকে। নিজৰ কৰ্মসূচী জনসাধাৰণলৈ আগবঢ়াই নিয়াৰ বেলিকা এই তথ্য-প্ৰযুক্তি কোষবিলাকে বহু সময়ত মনে সজা বাতৰি, সামঞ্জস্য নথকা কাহিনী-ঘটনা আদিও সজাই-পৰাই উলিয়াই দিয়ে। এনেবোৰ কাৰণতে মত প্ৰকাশৰ মাধ্যম হিচাপে মান্যতা পোৱাৰ লগতে ফেক নিউজ আৰু প্ৰপাগেণ্ডা বিতৰণৰো সুলভ মাধ্যম হিচাপে ছচিয়েল মিডিয়াই কুখ্যাতি অৰ্জন কৰিছে। সেয়ে হ’লেও স্বাধীন মত প্ৰকাশৰ বাহক হিচাপে গণতান্ত্ৰিক দেশবিলাকত ছচিয়েল মিডিয়াৰ ভূমিকা উলাই কৰিব পৰা বিধৰ নহয় আৰু উলাই কৰা উচিতো নহয়। সাম্প্ৰতিক সময়ৰ ভাৰততে পৰম্পৰাগত সংবাদ মাধ্যম, বিশেষকৈ প্ৰায়বোৰ ‘ৰাষ্ট্ৰীয়’ নিউজ চেনেলৰ সংবাদ পৰিৱেশন জনগণৰ হিতৰ পৰিপন্থী আৰু শাসকীয় দলৰ পক্ষেহে হৈ থাকি ‘গোদী মিডিয়া’ (কোলাত বহি থকা মিডিয়া) বুলি অভিহিত হোৱাৰ সময়ত মত বিনিময় আৰু শুদ্ধ বাতৰি পোৱাৰ বাবে ছচিয়েল মিডিয়াৰ ভূমিকা অবিসম্বাদী হৈ উঠিছে।

সম্প্ৰতি ভাৰতবৰ্ষত বিশেষকৈ ৰাজনৈতিক মত প্ৰকাশ, বিতৰ্ক, বাক্‌ধাৰা নিৰ্মাণ আৰু বাতৰি পৰিৱেশনত মাইক্ৰ’ব্লগিং চাইট টুইটাৰে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ভাৰতৰ প্ৰায় সকলোবোৰ চৰকাৰী বিভাগ, নেতা-মন্ত্ৰী, পৰম্পৰাগত সংবাদ মাধ্যম আৰু সাংবাদিক, স্বাধীন সাংবাদিক আৰু সাধাৰণ নাগৰিকৰো অনেকৰ একাউণ্ট থকা টুইটাৰে ভাৰতত বিগত দহ-বাৰ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে। স্বাভাৱকিভাৱেই ছচিয়েল মিডিয়াৰ ভাল-বেয়া দুয়োটা গুণ বা বৈশিষ্ট্যৰেই ভাৰতত টুইটাৰৰ ভূমিকা লক্ষ্য কৰা যায়।

যোৱা ১ ফেব্ৰুৱাৰী (২০২১) তাৰিখে টুইটাৰত বহুকেইটা প্ৰত্যায়িত (ভেৰিফাইড) একাউণ্টকে ধৰি অনেক একাউণ্ট বা হেণ্ডেল ভাৰতত নিষ্ক্ৰিয় কৰা বুলি দেখা পোৱা গ’ল। চৰকাৰৰ বিভিন্ন সিদ্ধান্তৰ আলোচনা, সম্প্ৰতি দিল্লীৰ বিভিন্ন সীমান্তত চলি থকা কিষাণ আন্দোলনৰ বিষয়ে আলোচনা কৰাটো এটা উমৈহতীয় বিষয় হিচাপে দেখা পোৱা এই একাউণ্টবোৰৰ ভিতৰত কেৰাভান আলোচনী, লেখক সংযুক্তা বসু, অভিনেতা সুশান্ত সিং, চি পি আই এম নেতা মহম্মদ চেলিম, আম আদমী পাৰ্টিৰ নেতা-নেত্ৰী জাৰ্ণাইল সিং আৰু প্ৰীতি শৰ্মা মেনন, সমাজ-ৰাজনৈতিক কৰ্মী হংসৰাজ মীনা, চি পি আই এম পুডুচেৰি, কিষাণ একতা মঞ্চ আদি অন্যতম। টুইটাৰৰ তৰফৰ পৰা জনোৱা হ’ল যে ভাৰতৰ কৰ্তৃত্ববাহী পক্ষৰ আইনী নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত একাউণ্টবোৰ ভাৰতৰ জিঅ’ লোকেশ্যনত নিষ্ক্ৰিয় কৰা হৈছে। একাউণ্ট নিষ্ক্ৰিয়কৰণক লৈ টুইটাৰতে ভালেমান বাদ-প্ৰতিবাদ হ’ল। কেইঘণ্টামানৰ পাছত একাউণ্টবোৰ টুইটাৰে পুনৰ সক্ৰিয় কৰি দিলে। ইয়াৰ পাছৰে পৰা ভাৰত চৰকাৰ আৰু টুইটাৰৰ মাজত এক শীতল যুদ্ধ আৰম্ভ হ’ল। ভাৰত চৰকাৰৰ তৰফৰ পৰা টুইটাৰক জনোৱা হ’ল, ভাৰতত থাকি ব্যৱসায় কৰিবলৈ হ’লে টুইটাৰৰ নিজা নীতি-নিয়ম পাছ কথা, কিন্তু ভাৰতৰ আইন মানিবই লাগিব। যি ভাৰতীয় তথ্য-প্ৰযুক্তি আইনৰ ৬৯-এ ধাৰাৰ অধীনত নিৰ্দেশনা জাৰী কৰা হৈছিল, সেই আইনৰ আওতাত নপৰা ধৰণৰ একাউণ্টবোৰ সক্ৰিয় কৰি দিয়া হৈছে বুলি টুইটাৰে জনোৱাৰ পাছতেই শীতল যুদ্ধই উষ্ণ ৰূপ ল’লে। সংসদত তথ্য-প্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে তীক্ষ্ণ শব্দ আৰু বাকভংগীমাৰে ছচিয়েল মিডিয়াক সতৰ্কবাণী শুনালে। ফেক নিউজ, ভুল তথ্য উপস্থাপন কৰাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে। তাৰ পাছতেই চৰকাৰৰ পৰা দাবী জনোৱা ১১৭৮টা একাউণ্টৰ ভিতৰৰ পৰা টুইটাৰে প্ৰায় পাঁচশটা একাউণ্ট নিষ্ক্ৰিয় কৰিছে। পিছে একে সময়তে ঘৃণাৰ বাতৰিৰে পৰিপূৰ্ণ আৰু স্বাধীন সাংবাদিক-নিউজ ৱেবচাইটৰ সাংবাদিকক হত্যা কৰিব লাগে বুলি আহ৩ান জনোৱা সোপন্থী ৰাজনীতিক, কৰ্মীৰ ভেৰিফাইড টুইটাৰ হেণ্ডেল আগৰ দৰেই সক্ৰিয় হৈ আছে! কেৱল বিৰোধী মতৰ টুইটাৰ হেণ্ডেলৰ ক্ষেত্ৰতহে চৰকাৰৰ এই নিৰ্দেশনাই কি তাৎপৰ্য বহন কৰিছে?

এই ঘটনাৱলীৰ সমসাময়িকভাৱে ভাৰতত নিৰ্মিত ‘কু’ (Koo) নামৰ এটি মাইক্ৰ’ব্লগিং এপৰ জোৰদাৰ প্ৰচাৰ চলিছে। চাইনিজ কোম্পানীৰ বিনিযোগ আছে বুলি মনিকণ্ট্ৰল পৰ্টেলৰ প্ৰতিবেদনত প্ৰকাশ পোৱা এপটোক ‘আত্মনিৰ্ভৰ’, ‘স্বদেশী’ এপ বুলি সোঁপন্থী ৰাজনীতিৰ প্ৰায় সৰ্বস্তৰৰ নেতা-কৰ্মীয়ে প্ৰোৎসাহন যোগাই সেই এপ ব্যৱহাৰৰ বাবে আগ্ৰাসী প্ৰচাৰ চলাইছে। কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ, পিয়ূস গোৱেল আদি এই প্ৰচাৰ অভিযানৰ অন্যতম আগশাৰীৰ যোদ্ধা। ইয়াৰ সমান্তৰালভাৱে টুইটাৰক নিষিদ্ধ কৰিব লাগে বুলিও টুইটাৰতে হেশ্বটেগো ট্ৰেণ্ড কৰাইছে। অনেক অশুদ্ধি (বাগ), ডেটা লিকেজৰ সম্ভাৱনা থকা আৰু তেনেই এমেশ্বাৰ ধৰণৰ এপ এটাক এইদৰে পাদপ্ৰদীপলৈ অনাৰ উদ্দেশ্য কি? প্ৰাক্তন এমেৰিকান ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ অনুগামীসকলে ‘পাৰ্লাৰ’ নামৰ এটা ছচিয়েল মিডিয়া এপক ট্ৰাম্পৰ সমৰ্থনত নানান অপপ্ৰচাৰ, ফেক নিউজ, ঘৃণা-বিদ্বেষৰ ঘাটি স্বৰূপে গঢ়ি তুলিছিল। অৱশ্যে ট্ৰাম্পৰ বিদায়ৰ লগে লগে এই এপৰো বিদায় ঘটিছিল। এতিয়া ভাৰততো সেই এপৰ অনুকৰণতে ‘কু’ এপৰ জৰিয়তে সেই ধৰণৰ এক ব্যৱস্থাপনাৰ বিকাশ ঘটাব খোজা নাইতো? ইতিমধ্যেই ফেচবুক, টুইটাৰ, ইউটিউব আদিৰ দৰে সুলভ-উপলব্ধ এপৰ জৰিয়তে প্ৰপাগেণ্ডা-ফেক নিউজৰ এক জাল গঢ়ি তোলা হৈছেই, তেনে ক্ষেত্ৰত ‘প্ৰায় চৰকাৰ নিয়ন্ত্ৰিত’ আৰু বিৰোধী মতৰ অনুপস্থিতিৰ এক এপৰ জৰিয়তে কি ধৰণৰ ‘আলোচনা’ৰ বিস্তাৰ ঘটাব খোজা হৈছে, সেয়া ধাৰণা কৰি লোৱাটো খুব কঠিন নহয়।

❧ | আৰু পঢ়ক: পষ্ট-ট্ৰুথ যুগৰ দুমুখীয়া তৰোৱাল

বিৰোধী মত, আদৰ্শৰ অনুপস্থিতি কোনো পৰিস্থিতিতে গণতন্ত্ৰৰ বাবে স্বাস্থ্যকৰ হ’ব নোৱাৰে। পিছে বৰ্তমান সময়ত নাগৰিকৰ মত প্ৰকাশৰ স্বাধীনতা আৰু ইচ্ছাক যি ধৰণে দমন আৰু চেন্সৰশ্বিপৰ অধীনলৈ নিব খোজা হৈছে, সিয়ে সেই অস্বাস্থ্যকৰ পৰিৱেশৰে ইংগিত কৰিছে। এই পৰিপ্ৰেক্ষিততে এই কথা ক’ব পাৰি যে টুইটাৰে বৰ্তমানলৈকে যি অনমনীয় দৃষ্টিভংগীৰ পৰিচয় দিছে, সেয়া অটুট ৰাখিলে অদূৰ ভৱিষ্যতৰ যিকোনো মুহূৰ্ততে ভাৰতত টুইটাৰ নিষিদ্ধ হৈ যাব পাৰে। অৱশ্যে ‘গোদী ছচিয়েল মিডিয়া’ হিচাপে বাহাল হৈ থকাৰ সুবিধা নিশ্চিতভাৱে আছে। আৰু আছে ‘কু’ এপৰ চৰকাৰী আশিসধন্য সুবিধা। সেয়ে হ’লে ‘নতুন ভাৰত’ত ছচিয়েল মিডিয়াৰ সুফল নহয়, ‘কু’ফলেইহে ভাৰতীয় নাগৰিকৰ বিধিত আছে!

চৰকাৰ বনাম টুইটাৰ যুঁজৰ সুফল-‘কু’ফল | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook