কথা আছিল

কথা পতাৰ কথা আছিল
তোমাৰ সৈতে

এখন জোনাকসনা অৰণ্যত
হেৰাই যোৱাৰ কথা আছিল
তোমাৰ সৈতে

হাবিতলীয়া বাটটোৰ কাষেৰে বৈ যোৱা
নদীখনৰ পাৰত সন্ধিয়া
তুমি মোলৈ ৰোৱাৰ কথা আছিল

ভৰদুপৰীয়া সৰিয়হবুলীয়া পথাৰখনৰ
হালধীয়া ৰ’দখিনি
গালে-মুখে সানি লোৱাৰো কথা আছিল।

জোনাকসনা অৰণ্যখনলৈ
নৈখনৰ পাৰলৈ
আৰু সৰিয়হবুলীয়া পথাৰখনলৈ
আজিও নাহিলা তুমি

ক’ত বাৰু থিয় দিম
ক’ত দিম ভৰি,
আপাততঃ ইয়াকেই ক’বানে আজি?

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of