শীতৰ স্তৱক

শীতৰ স্তৱক
  • 04 Jan, 2023

১.
নীলা পানীত তাঁতবাতি কৰে বগা মাছবোৰে,
জোনটোৱে পখালে গা ভটিয়নি সোঁতত,
বাঁহৰ আগত বেলিটোৰ ভাতঘুমটি৷
থৰকবৰক পোনাকণৰ চিলাখনে
উজুটি খায় বাৰে বাৰে৷

২.
মেলা পাতিছে এবুকু পুহে
মোৰ ভগা জুহালত
ঢেঁকীশালত বন্দী ভোগালীৰ উমবোৰে
উকমুকাইছে৷
ভঁৰালত লখিমীৰ এতিয়া চিলমিলীয়া টোপনি৷

৩.
উজাগৰী আন্ধাৰবোৰ এতিয়া শেতেলীত৷
ৰঙচুৱা ৰদবোৰৰ হেতাওপৰা—
নিয়ৰে ঢকা মোৰ পুহৰি চোতালখনত৷

৪.
নিতাল মাৰি পৰি আছে কঙালী নদীখন,
জৰাজীৰ্ণ চাদৰ আৰু ক্ষয়িষ্ণু শৰীৰত
নীলিমাই হাত ফুৰাইছে আবেগেৰে৷

৫.
কঁপি কঁপি বতাহজাক উৰে আকাশলৈ,
উজাই আহে ৰঙা জুইকুৰা,
এৰাল ছিগা মনটো এতিয়া দিকছৌ বনত৷

৬.
ধূলিময় নাহৰৰ সপোন,—
বসন্তৰ ৰঙা চোলা
আৰু এজাক বৰষুণৰ৷

❧ | আৰু পঢ়ক:

শীতৰ স্তৱক | ৰাজুমণি বৰুৱা
Follow Nilacharai on Facebook