জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা

জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা
  • 25 Feb, 2018

শং কৰী সংস্কৃতিৰ অনুপম ৰূপ-ৰসেৰে সিক্ত, বিভিন্ন আপুৰুগীয়া সংস্কৃতিৰ ধ্বজাবাহক শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলৰ ৰাইজৰ আয়ুসৰেখা ‘বাৰেচহৰীয়া ভাওনা’ অঞ্চলটোৰ, জিলাখনৰ বা অসমৰে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰে এক আপুৰুগীয়া, একক বৃহৎ সাংস্কৃতিক অনুষ্ঠান। এই বাৰেচহৰীয়া ভাওনাৰ ঘাই সূত্ৰধাৰ হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ৷ নৱবৈষ্ণৱ ধৰ্মৰ মহৎ ফলশ্রুতি, জগতগুৰু শংকৰদেৱৰ মহান শিল্পকৃতি ভাওনাক তেৰাই এহাতে যেনেকৈ ভক্তিধৰ্ম প্ৰচাৰৰ এক মাধ্যম, এক সামাজিক কলা হিচাপে সৃষ্টি কৰিছিল, ঠিক সেইদৰে সংগীত-নৃত্য-নাট্যাভিনয় সমন্বিতে ব্যঞ্জনাময় বিচিত্র উপাদানেৰে পূৰ্ণ কৰি ভাওনাৰ গাঁঠনিতো বৰ্ণাঢ্যতাৰ প্ৰকাশ ঘটাইছে। তদুপৰি সামাজিক কলা হিচাপে ইয়াৰ মাজত নিহিত হৈ আছে ঐক্য-সংহতি আৰু সমন্বয়ৰ আদৰ্শ। গাঁৱে-ভূঞে আজিও ই সামাজিক জীৱনৰ পৱিত্ৰ ধৰ্ম সাধনাৰ অংগৰূপে বন্দিত।

শংকৰী কলা-সংস্কৃতিৰ মহিমামণ্ডিত ভাওনাৰ মাজত নিহিত হৈ থকা সংহতি আৰু সমন্বয়ৰ আদৰ্শত উদ্বুদ্ধ জামুগুৰিহাটৰ চহা ৰাইজে আজিৰ পৰা প্ৰায় দুশ বছৰৰ পূৰ্বেই সম্প্ৰতি অসমীয়া সামাজিক আৰু সাংস্কৃতিক জীৱন ধাৰণৰ অনুপম ৰূপৰেখা হিচাপে চিহ্নিত বাৰেচহৰীয়া ভাওনাৰ পুলি ৰোপণ কৰিছিল। সেই সময়ৰ পৰাই জামুগুৰিহাটত অংকীয়া ভাওনাৰ পৰা অকণো হেৰ-ফেৰ নোহোৱাকৈ উলহ-মালহৰে, শ্ৰদ্ধা-ভক্তিৰে অথচ নতুন নতুন কৌশলেৰে বাৰেচহৰীয়া ভাওনা উদযাপনৰ পৰম্পৰা আৰম্ভ হয়। প্রতি পাঁচ বছৰৰ বিৰতিত অনুষ্ঠিত এই বাৰেচহৰীয়া ভাওনাৰ অৰ্থ হ’ল ‘বাৰে’— বহু, ‘চহৰ’— গাঁও বা অঞ্চল; অর্থাৎ বহু গাঁও লগ লাগি একে ঠাইতে পতা ভাওনা। সমন্বয়-সম্প্ৰীতিৰে প্ৰাণৱন্ত বাৰেচহৰীয়া ভাওনাথলীত হৰিনাম, খোল-তাল-ডবাৰ শব্দত তিনি-চাৰি দিন আকাশ-বতাহ মুখৰিত হৈ থাকে। জাতি-ধর্ম, বর্ণ-ভাষা নিৰ্বিশেষে লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ মহামিলনৰ তীৰ্থত পৰিণত হয় জামুগুৰিহাট। ৰাইজৰ পদধূলাত জামুগুৰিহাটবাসী ধন্য হয়। এই মহান অনুষ্ঠানটিয়ে ধাৰাবাহিকতা ৰক্ষা কৰি অহাৰ মূলতে আছে জামুগুৰিয়া ৰাইজৰ মহান ত্যাগ, ভকতি, একতা আৰু ঐকান্তিকতা।

প্রতিবাৰে এই সুবিশাল অনুষ্ঠানভাগ সাফল্যমণ্ডিত হৈ আহিছে ডেকাৰ পৰা বৃদ্ধলৈকে সকলো শ্ৰেণীৰ ৰাইজৰ কায়িক, মানসিক, আর্থিক তথা আন্তৰিক সহায়-সহযোগিতাৰ বাবে। প্রায় অর্ধশতাধিক গাঁৱৰে পৰিৱেষ্টিত জামুগুৰিহাটৰ গাঁওসমূহৰ মাজত অতীজৰে পৰা থকা আন্তৰিক বুজা-পৰা, মিলা-প্ৰীতি, একতা সমগ্র অসমৰ বাবেই অনুপ্ৰেৰণাৰ উৎস। এয়া সম্ভৱ হৈছে কেৱল বাৰেচহৰীয়া ভাওনাৰ দৰে গৰিমামণ্ডিত সাংস্কৃতিক বৈভৱৰ বাবে। তদুপৰি গাঁৱে গাঁৱে থকা নামঘৰ আৰু নিয়মীয়াকৈ অনুষ্ঠিত ভাওনা সংস্কৃতিয়েও জামুগুৰিহাটৰ আন এক পৰিচয় দাঙি ধৰে। ভাওনা আৰু ইয়াৰ সৈতে জড়িত গীত-মাত, বচন-বিলাপ-পয়াৰ-মধ্যাৱলী-পীতাম্বৰী আদিৰ শুদ্ধ অনুশীলন আৰু শুদ্ধ পৰিৱেশনৰ প্রতি সদা-সচেতন জামুগুৰিয়া ৰাইজে চামে চামে এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ ভাওনা সংস্কৃতিৰ সুবাস বিলাই স্বকীয় উচ্চ সাংস্কৃতিক চেতনা আৰু দায়িত্ববোধৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। এই সুউচ্চ সাংস্কৃতিক সত্তাৰে অপূর্ব নিদর্শন বাৰেচহৰীয়া ভাওনা।

জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা

খলাৰ বাটচ’ৰা | ছবি: লেখকৰ সৌজন্যত

প্ৰকৃতাৰ্থত বাৰেচহৰীয়া ভাওনাই শ্রোতা-দৰ্শকৰ অন্তৰত আধ্যাত্মিক চেতনা জাগ্ৰত কৰি তেওঁলোকক ভগৱৎ চিন্তাত নিমগ্ন কৰি তোলে। প্রায় ১৫-১৬ একৰ মাটি জুৰি সজা এখন সুবৃহৎ পদুম ফুলৰ আকৃতিৰ মণ্ডপৰ তলত অঞ্চলটোৰ ৫০-৫৫খন গাঁও বা ২০-২৫ টা খেলৰ ৰাইজে একেলগে ভাওনা কৰে আৰু তাকে চাবলৈ লক্ষাধিক দৰ্শকৰ সমাগম হয়। অৱশ্যে বিগত বাৰেচহৰীয়া ভাওনা (২০১৩)-ৰ পৰা এই পৰম্পৰাৰ কিছু সাল-সলনি ঘটাই একতা-সদ্ভাৱ-সম্প্ৰীতিৰ এনাজৰীডাল আৰু অধিক সবল কৰাৰ মানসেৰে অসমৰ বিভিন্ন ধর্মীয় পন্থা বা সমাজ আৰু কেইবাখনো জাতি-জনগোষ্ঠীৰ সমাজেও এই ভাওনা মহোৎসৱত একেখন ৰভাৰ তলতে একেলগে ভাওনা কৰা, নাম-প্ৰসংগ, গীত-মাত গোৱাৰ শুভ পৰম্পৰা আৰম্ভ কৰা হৈছে। এয়া নিশ্চিতভাৱে এক শুভ লক্ষণ আৰু সাম্প্রতিক অসমীয়া সমাজৰ বাবে ই এক ইতিবাচক বার্তা বহন কৰে।

জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা

ভাওনাৰ এগৰাকী শিল্পী | ছবি: পল্লৱপ্ৰাণ গোস্বামী

মাঘ মাহৰ পৱিত্ৰ মাঘী পূর্ণিমা তিথিত বাৰেচহৰীয়া ভাওনাৰ ধ্বজা স্থাপনৰ পাছৰ পৰাই ৰাইজে অত্যন্ত শ্ৰম আৰু ত্যাগেৰে বাৰেচহৰীয়া ভাওনাৰ মণ্ডপ আৰু ৰভা নিৰ্মাণত ব্যস্ত হৈ পৰে। ৰাইজৰ এই ৰাজহুৱা শ্ৰমদানক থলুৱা ভাষাত ‘হজ’ বুলি কোৱা হয়। এই ৰাজহুৱা হজ হৈছে অঞ্চলটোৰ বিভিন্ন গাঁৱৰ ৰাইজৰ একতা আৰু সদ্ভাৱ-সম্প্ৰীতিৰ অন্য এক উজ্জ্বল চানেকি। ৰাইজে নিজৰ নিজৰ গাঁৱৰ পৰা নৈ পাৰৰ চাপৰিলৈ গৈ খেৰ কাটি, গাঁৱৰ পৰা ডাঙৰ ডাঙৰ চোৱা গছ, তামোল গছ, পৈণত ভলুকা বা জাতি বাঁহ সংগ্ৰহ কৰি গৰু গাড়ীত তুলি হাতে হাতে দা, কোৰ, চিপৰাং আদি লৈ প্ৰতিদিনে ভাওনাথলী পকামূৰা পথাৰলৈ গৈ হজত অংশ লয়।

ফাগুন-চ’ত মহীয়া দুপৰীয়াৰ প্ৰখৰ ৰ’দকো আওকাণ কৰি মুখত তামোলৰ সেলেঙি বোৱাই আশী-নব্বৈ বছৰীয়া বৃদ্ধ এজনেও যেতিয়া হাতত দা-কটাৰী লৈ কাঠি-কামি কৰাত, কোৰ-চিপৰাং লৈ গাঁত খন্দা কামত আত্মবিভোৰ হৈ থাকে— সেই দৃশ্য ভাওনাৰ হজস্থলীলৈ আহি নিজ চকুৰে নেদেখা জনে উপলব্ধিয়েই কৰিব নোৱাৰিব। ৰাজহুৱা হজত কৰ্মৰত ৰাইজে টৌখুঁটি মাৰি নিজ নিজ খলাতে ভোজ-ভাত আৰু চাহ-জলপান খোৱাৰ ব্যৱস্থা কৰি লয়। একুৰিৰো অধিক গাঁৱৰ ৰাইজে একেলগে এনেদৰে ভোজ-ভাত খোৱাৰ দৃশ্য নেদেখা জনৰ বাবে কল্পনাৰো অতীত। আকৌ, ইখন খলাৰ মানুহে গৈ সিখন খলাৰ আঞ্জাৰো সোৱাদ লয়গৈ। এয়াই জামুগুৰিয়া সহজ-সৰল চহা ৰাইজৰ ঐক্য-সম্প্ৰীতি আৰু সদ্ভাৱ;— যি কৌটিকালৰ পৰাই চলি আহিছে আৰু চলি থাকিব। শ শ মানুহ যেতিয়া ৰভা-মণ্ডপ সজাত লাগি থাকে, সেই দৃশ্য দূৰৈৰ পৰাই অতি মনোৰম আৰু ব্যতিক্রমী হৈ উঠে। ৰাইজৰ আশাশুধীয়া শ্ৰমৰ ফলত অতি কম দিনতে সুবৃহৎ প্রস্ফুতিত পদুমাকৃতিৰ মণ্ডপটি প্রস্তুত হৈ উঠে। কেৱল মণ্ডপেই নহয়, যিমান খলা হয়, তাৰ অনুপাতে নিৰ্মাণ কৰি উলিয়াই খলাই প্রতি একোটাকৈ চোঁ-ঘৰ আৰু প্ৰতি খলাৰ সন্মুখত একোটাকৈ বাটচ’ৰা।

বাৰেচহৰীয়া ভাওনাৰ নক্সা

মূল মণ্ডপৰ নক্সা | ছবি: লেখকৰ সৌজন্যত

বাৰেচহৰীয়া ভাওনাৰ মণ্ডপৰ নির্মাণ-কৌশল, নাট্যাভিনয়-কৌশল অতি ৰুচিপূর্ণ আৰু কলাত্মক বুলি বহু আগশাৰীৰ পণ্ডিত আৰু দেশখনৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তিয়ে মতপোষণ কৰিছিল। আধা ফুলা পদুম ফুল এপাহৰ আৰ্হিত নির্মিত এনে পৰিকল্পিত মণ্ডপটি যেন ব্ৰহ্মাৰ নাভিকমল— সৃষ্টিৰ মূলাধাৰ। খলাই প্ৰতি থকা চৈধ্যটা খুঁটা হৈছে হিন্দুশাস্ত্ৰৰ চৈধ্য পাৰিষদ। প্ৰদৰ্শনৰ দিশৰ পৰা বাৰেচহৰীয়া ভাওনাৰ গুৰুত্বপূৰ্ণ দিশ হ’ল— প্ৰদৰ্শন কৰিব লগীয়া নাটসমূহৰ প্ৰদৰ্শন নিজৰ নিজৰ খলাৰ ৰাইজে নিজ নিজ ৰুচিমতে কৰে। মূল থাপনা বা গুৰু আসনলৈ মুখ কৰি ঠিক পশ্চিমৰ খলাখনক এক নম্বৰ খলা হিচাপে ধৰি ক্ৰমে সোঁহাতলৈ খলাসমূহৰ বিভাজন আৰু নামকৰণ কৰা হয়। গন্ধোৎসৱ, প্রাতঃ প্ৰসংগ, দুপৰীয়াৰ নাম-কীৰ্তন আদিৰ লগতে সেৱা জনোৱা, হৰিধ্বনি দিয়া, দেউৰী বিলনীয়াই বিলোৱা, ভকত-বৈষ্ণৱসকলে প্ৰসাদ গ্ৰহণ কৰা আদি আটাইবোৰ খলাতে একেলগে হয়। সন্ধ্যা এক নং খলাৰ ডবাত কোব পৰাৰ লগে লগে সকলো খলাতে ডবা-কাঁহ বাজি উঠে। লগে লগে সকলো খলাতে জোৰা আৰম্ভ হয় আৰু সকলো খলাৰ গায়ন-বায়নে সকলো খলাতে সম্পূর্ণ তিনি পাক দি আহি নিজ নিজ খলাত নৃত্য-গীত সমাপ্ত কৰে। গায়ন-বায়নৰ দৰেই সূত্ৰধাৰ, ভাৱৰীয়া সকলোৱে শৃংখলা ৰক্ষা কৰি সকলো খলাতে এপাক মাৰি আহি নিজৰ নিজৰ খলাত অভিনয় কৰেহি। যেতিয়া ২০-২৫ খন খলাত প্ৰতি খলাতে অর্ধ শতাধিক গায়ন-বায়ন, ভাৱৰীয়াই অভিনয় কৰে, তেতিয়া বাৰেচহৰীয়া ভাওনাৰ গোটেই মণ্ডপটি এক জ্যোতিৰ্ময় বৈকুণ্ঠপুৰীত পৰিণত হয় আৰু দৰ্শকসকলে নিজকে খন্তেকৰ বাবে হ’লেও পাহৰি ভগৱৎ চিন্তাত বিলীন হৈ যায়। প্ৰকৃততে বাৰেচহৰীয়া ভাওনাৰ মহত্বও ইয়াতেই।

শোণিতকোঁৱৰ গজেন বৰুৱা

শোণিতকোঁৱৰ গজেন বৰুৱাৰ প্ৰতিমূৰ্তি | ছবি: পল্লৱপ্ৰাণ গোস্বামী

মহান শিল্পী শোণিতকোঁৱৰ গজেন বৰুৱাৰ সুদূৰপ্ৰসাৰী চিন্তা আৰু সৃজনীশীল প্ৰতিভাৰ পৰশত বাৰেচহৰীয়া ভাওনা ন-ৰূপত জিলিকি উঠে আৰু দেশৰ পৰা বিদেশলৈ ইয়াৰ সৌৰভ সিঁচৰতি হৈ পৰে। ১৯৬৯ চনৰ বাৰেচহৰীয়া ভাওনাই বৰুৱাদেৱৰ নেতৃত্বত সাংস্কৃতিক আদান-প্রদানৰ মাজেদি বিভিন্ন জনগোষ্ঠী আৰু পৰ্বত-ভৈয়ামৰ মাজত সমন্বয়ৰ এক সেঁতু বন্ধন কৰে। আচলতে বাৰেচহৰীয়া ভাওনাৰ মূল তাৎপর্যই হৈছে সদ্ভাৱ-সম্প্রীতি, ঐক্য-সংহতিৰ বতৰা বিলোৱা। সামাজিক ভেদাভেদ, ৰাজনীতিয়ে কলুষিত কৰা মনবোৰ ধুই নিকা কৰি হৃদয়ৰ পৰা হৃদয়লৈ মৰম-চেনেহ, আন্তৰিকতা, সমন্বয়ৰ বৰসাঁকো গঢ়ে বাৰেচহৰীয়া ভাওনাই। জাতি-ধর্ম, বর্ণ-ভাষা, উচ্চ-নীচ ভেদাভেদ পাহৰি সকলো শ্ৰেণীৰ ৰাইজ সমবেত হয় সমন্বয়-সম্প্ৰীতিৰ একেখনি চন্দ্ৰতাপৰ তলত। এই বাৰেচহৰীয়া ভাওনা দেখাৰ যাৰ সৌভাগ্য হৈছে, তেওঁহে উপলব্ধি কৰিব পাৰিব প্ৰকৃতাৰ্থত অসমীয়া সংস্কৃতি কিমান মহান আৰু ঐতিহ্যপূর্ণ।

❧ | আৰু পঢ়ক:

ফিচাৰড্ ইমেজ: মূল থাপনা বা গুৰু আসন | ছবি: পল্লৱপ্ৰাণ গোস্বামী

জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা | হিমাংশু ৰণ্‌জন ভূঞা

Follow Nilacharai on Facebook