জেতুকী বাই

img

সৌজনী জেতুকী বাই
বাইৰ সেই খৰ খোজ নাই
তামোলৰ পিক লগা ফুটুকাফুটুকী চোলা
কাহানিবাই থ’লে সোলোকাই
বাইৰ আজি সেই দিন নাই।

নোৱাই-তোলনি বিয়াত
জাক জাক উৰুলি জোঁকাৰ
মোক তোল মোক তোল হাঁহিৰ খেল
নৈৰ ঘাটত মেখেলাৰ উজুটিত
গৰখীয়াৰ কিৰিলিৰ মেল
বাইৰ ৰঙা পৰা দুগাল
আজি চোন চিনেই হেৰাল।

ভৰিৰে মোহাৰি মৰা ছঠৰীয়া ডাঙৰি
তিনি মোন ধান জাৰি নপৰা ভাগৰি
অহা যোৱা কৰা বাটত মৰে দূবৰি
ক’ত গ’ল সেই দুভৰি
পথাৰত মাহ মাৰি ওভতাৰ বাটত
কিবা নহয় কিবা এটা লাগি আহে হাতত
কুৰিখন মেখেলা লাগি থাকে তাঁতত।

কুৰিডাল কলৰ দীঘলকৈ ৰভা
বাইৰ বিয়া নহয় সেয়া যেন সভা
বাইৰ হ’লে কাণসাৰ নাই
বিয়ালৈ বেছি দিন নাই।

অ’ বাই!
মেজাংকৰি কাপোৰ পিন্ধি
যি সেই ওলাই গলি
ঘূৰি আহি সোমালিহি বগা এজোৰ সাজত
কোনো নাই কাষত
কোলা ভৰা সপোন এটা আধাতে ঢুকাল
বাইৰ যে সকলো হেৰাল
একো নহয় দে বুলি মূৰতে হাত ফুৰায়
ক’বলৈ মাতেই হেৰাল
পিৰালিত বহি সেই যে উচুপিলি
দুকুৰা জুইৰে চকুলো মচিলি।

অকালতে বুঢ়ী হোৱা জেতুকী বাই
আজি দেখোন ৰূপ-ৰং নাই

চৌ দিশে ৰজনজনায়
বাই হেনো পৃথিৱীতে নাই

উঃ পানী ঢালি জুই নুমা
পানী ঢালি জুই নুমা
এতিয়াও হাত দিলে দুগালত পাঁও
তামোলৰ পিক লগা বাইৰ সেই চুমা!

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

3 Comments on "জেতুকী বাই"

avatar
Sort by:   newest | oldest | most voted
লক্ষ্য প্রহৰ
Guest

বৰ সুন্দৰ অনুভূতি
দাদা ।
কবিতাৰ শেষ অপুর্ব…
আগলৈও
আপোনাৰ পৰা
এনে ধুনীয়া কবিতা
আশা কৰিলো । 🙂

Ajoy Lal Dutta
Guest

সুন্দৰ কবিতাৰ ৰূপত গাঁৱলীয়া এগৰাকী নাৰীৰ জীৱনী এখন সাৰ্থক ভাৱে তুলি ধৰিছে৷
 
কবিলৈ অভিনন্দন৷
 

Parag Pinku
Guest

Thanks to all of you

wpDiscuz