ভূপেনদাৰ ৰঙালাও-সৰিয়হৰ খেতি

ভূপেনদাৰ ৰঙালাও-সৰিয়হৰ খেতি
  • 04 Nov, 2022

নটো চাগৈ ১৯৭৪ হ’ব। মোৰ বাইদেউ কবিতা বৰুৱা আৰু ভিনদেউ উপেন বৰুৱা সেই সময়ত যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ত আছিল। বিশ্ব বেঙ্কে প্রজেক্ট আর্কিটেক্ট হিচাপে ভিনদেউক যোৰহাট কৃষি বিশ্ববিদ্যালয়লৈ পঠাইছিল। সেই সময়ছোৱাত চন্দ্ৰ ফুকনদেৱৰ ঘৰত পূৰ্বতে কাম কৰা নবৰ আলী নামৰ যুৱকজনে ভূপেনদাৰ কুঠৰীৰ মাটিখিনি চোৱা-চিতা কৰি সেই ঘৰখনত থাকে। তাত সি সৰিয়হৰ খেতি কৰে, ৰঙালাওৰ খেতি কৰে। সৰিয়হ, ৰঙালাও এইবোৰ গাড়ীত লৈ আহে মানুহটোৱে আৰু আনি আমাৰ নিজৰাপাৰৰ ঘৰত দিয়েহি। তেতিয়া মই সেই সৰিয়হ পেৰিবলৈ যাব লাগে। ভূপেনদাই কয়— ‘এয়া কুঠৰীৰ মাটিৰ সৰিয়হ। কণ ভাইটি, তই পেৰি আনিবিগৈ।’ তেতিয়া হেঙেৰাবাৰীৰ পাব্লিক হেল্থৰ কাষত থকা খাদী ভাণ্ডাৰৰ এটা শাখাত তেল পেৰাৰ ব্যৱস্থা আছিল। এতিয়া আছেনে নাই নাজানো। তেতিয়া আমি ভূপেনদাৰ কুঠৰীৰ মাটিত উৎপন্ন হোৱা সেই সৰিয়হ পেৰি আনি খাইছিলো।

একেখিনি সময়তে কবিতা বাইদেউ আৰু ভিনদেৱে কুঠৰীৰ সেই ঘৰখনৰ কাৰণে বহুখিনি কৰিছিল। মাটিখিনিত নেমুৰ পুলি, মালভোগ কলৰ পুলি যোৰহাটৰ পৰা আনি ৰোৱাইছিল। ঘৰখনৰ লগতে সেই মাটিখিনিত বাৰীখনো পাতি দিবলৈ যত্ন কৰিছিল। বাইদেউহঁতৰ লগত সেই সময়ত ওম বুলি এজন ব্যক্তিগত গাড়ীচালক আছিল আৰু তেৱেঁই সেইবোৰ আনি দিছিল।

এবাৰ মই আৰু সুদক্ষিণা বাইদেউৰ ল’ৰা ঋতুপর্ণ কেইদিনমান যোৰহাটত আছিলো। সেই সময়তে ভূপেনদাও যোৰহাটলৈ গৈছিল। সেইদিনা ভূপেনদা, ৰ’জ বাইদেউ, মই, ঋতুপৰ্ণ আৰু বাইদেউৰ কণমানি ছোৱালী হিয়াক লৈ গুৱাহাটীমুখী যাত্ৰা আৰম্ভ কৰিছিলো। আহি আমি কুঠৰীৰ ভূপেনদাৰ সেই জিৰণি ঘৰটোতে দুৰাতি কটাইছিলো। কুঠৰীৰ ঘৰলৈ আহি পায়েই ভূপেনদাই এখন সাধাৰণ লুঙি পিন্ধি লৈছিল। একেবাৰে ঘৰুৱা পৰিবেশ। আমি অহাৰ বাতৰি পাই শশীদা (শশী ফুকন) আহিছিল। সেই শান্ত, আনন্দময় পৰিৱেশত লৰা-ঢপৰাকৈ ৰন্ধা-বঢ়াৰ যা-যোগাৰ হ’ল।

সেইদিনা ভূপেনদাই ডাঙৰ পকা শ’লমাছ এটা কিনিছিল। তেতিয়া সেই ঘৰটোত ইমান বাচন-বর্তন নাছিল। কিনা মাছটো ঘৰৰ সন্মুখৰ পানীপতাতে আছিল। এতিয়াও মনত আছে, বৰষুণৰ টিপ টিপ পানী পাই মাছটোৱে ছট্‌ফটাই থকাৰ কথা। তেতিয়া ভূপেনদাৰ বৰ স্ফূর্তি। তেওঁৰ আপোন মৰমী কুঠৰীৰ মাটিৰ লগতে থকা সেই ঘৰটোত আমিও আছিলো বোধহয় সেই কাৰণে। তাত আমি আটায়ে লাগি-ভাগি ভাত ৰান্ধি বাৰীৰ কলপাত কাটি আনি মজিয়াত একেলগে বহি বৰ তৃপ্তিৰে খাইছিলো। ভূপেনদাৰ জিৰণি ঘৰটোত তেতিয়া মাত্র এখন খাট আছিল। তেওঁৰ শোৱনী কোঠাটোত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে দিয়া মানপত্ৰবোৰ সজাই থোৱা আছিল। কুঠৰীলৈ আহি আমি যে দুনিশা ভূপেনদাৰ ঘৰত আছিলো, সেই কথা আজিও মনত পৰে আৰু মনত পৰিছে তেওঁ কোৱা কুঠৰীৰ মাটিখিনিক লৈ ভবা পৰিকল্পনাৰ কথা।

ভূপেনদাৰ কুঠৰীৰ জিৰণি ঘৰৰ কাষতে এখন হাট বহিছিল। সেইবাৰ যাওঁতে হাটখন চাবলৈ ভূপেনদাৰ ঘৰৰ সীমাৰ জেওৰা পাৰ হৈ গৈছিলো। মোক ভূপেনদাই কৈছিল— ‘কণ ভাইটি, ইয়াত ৰঙালাওৰ খেতি কৰি নবৰে ঢেৰ ৰঙালাও মজুত কৰি থৈছে। ৰঙালাওকেইটামান বেচি আহোঁগৈ ব’ল।’ ভূপেনদাৰ লগত কেইটামান ৰঙালাও নি চখতে সেই হাটখনত বেচি আহিলোগৈ। ঘৰুৱা পৰিৱেশত শান্তি বিচাৰি ভূপেনদা কুঠৰীৰ ঘৰখনত জিৰণি ল’বলৈ গৈছিল। সেই সম্পত্তি যথেষ্ট কষ্ট কৰি ঘটিছিল। সেয়া ভূপেনদাৰেই। আমি ভাই-ভনীবোৰ তেওঁৰ ঘৰ বুলি গৈছিলো মাত্র। সেয়া দেউতাৰ মাটি নাছিল, সেয়া ভূপেনদাৰ আৰ্জনৰ। চন্দ্ৰ ফুকনদেৱে ভূপেনদাক সেই সম্পত্তি লোৱাত আগ-ভাগ লৈছিল।

আমি সেইবাৰ কুঠৰীৰ ঘৰত থাকোঁতেই শশী ফুকনদেৱৰ উপৰি গঙ্গা ফুকনদেৱ আহিছিল। তেখেতে ৰবৰৰ বাগানত কাম কৰিছিল। ভূপেনদাৰ লগত থকা আন্তৰিক সম্পৰ্কৰ সূত্রে দ্বিতীয় দিনা ৰাতিলৈ আমাৰ পৰিয়ালটোক ভাত খাবলৈ মাতিছিল। আমি পৰিয়ালৰ আটাইকেইটি প্রাণী গাড়ীৰে ভূপেনদাৰ লগত গৈ তেখেতৰ ঘৰত ৰাতি হাঁহৰ মাংসৰে ভাত খাই পিছদিনা পুৱা আহি গুৱাহাটীৰ নিজৰাপাৰৰ ঘৰত উপস্থিত হৈছিলো।

ভূপেনদাই কুঠৰীত ঘৰ সজাৰ আগতেও ফুকনদেৱৰ ঘৰলৈ আৰু কাজিৰঙা চাবলৈ গৈছিলো। ১৯৬৪ চনত আমাৰ আন এজন দাদা প্ৰৱীণ হাজৰিকা কৰ্মসূত্ৰে পূব আফ্ৰিকাৰ নাইৰোবিত আছিল। সেই বছৰতেই অসমলৈ আহোঁতে ভূপেনদাৰ একমাত্র পুত্র তেজ হাজৰিকাও প্ৰৱীণদাৰ লগত আহিছিল। সেই সময়ত তেজ কম বয়সীয়া ল’ৰা। অসমলৈ আহিয়েই তেজে কাজিৰঙা চাবলৈ বৰকৈ ইচ্ছা কৰাত ভূপেনদাই সকলো ব্যৱস্থা কৰি দিছিল। সেইমতে প্ৰৱীণদা, নৃপেনদা, তেজ আৰু মই কাজিৰঙা চাবলৈ গৈ প্ৰথম নিশা কাজিৰঙাৰ ফৰেষ্ট লজত কটাইছিলো। পিছদিনা দ্বিতীয়টো নিশা কটাম বুলি ফুকনদেৱৰ নিমন্ত্রণক্রমে তেখেতৰ ঘৰত উপস্থিত হৈছিলোগৈ। আমি গৈ উপস্থিত হোৱাৰ আগতেই আমাৰ বাবে দিনৰ ভাতসাজৰ ব্যৱস্থা কৰিয়েই থৈছিল।

ভূপেনদাই ইতিপূর্বে কুঠৰীৰ ফুকনদেৱৰ ঘৰখনক আপোন কৰি লোৱাৰ বাবে তেখেতৰ একমাত্ৰ পুত্ৰ তেজ অহাৰ কথা জানি ফুকনদেৱৰ পৰিবাৰে (প্ৰেমদা ফুকন) হাঁহৰ মাংস, মূৰ্গীৰ মাংস, ডিফলুৰ মাছৰ অসমীয়া বিভিন্ন উপকৰণেৰে খাদ্য সম্ভাৰ প্ৰস্তুত কৰিছিল। সেইখন ঘৰত থকা প্ৰকাণ্ড ভাতখোৱা মেজখন উলিয়াই আনি ফুকনদেৱৰ সন্মুখৰ আহল-বহল চোতালখনত মুক্ত আকাশৰ তলত খোৱাৰ সুন্দৰ ব্যৱস্থা কৰিছিল। তেখেতৰ পৰিয়ালটোৰ লগতে আমি আটায়ে অতি তৃপ্তিৰে সেই ভাতসাজ খাইছিলো। পিছদিনা আমাক ফুকনদেৱে তেখেতৰ গাড়ীখনত উঠাই লৈ পাহাৰৰ দাঁতিত থকা তেখেতৰ অতি হেঁপাহৰ ফল-মূলৰ বাগিচাখন দেখুৱাবলৈ লৈ গৈছিল। সেই স্থানত তেখেতৰ ভৱিষ্যৎ পৰিকল্পনাৰ কথা কৈছিল অতি আগ্ৰহেৰে। আমি শুনি মূৰ দুপিয়াইছিলো মাত্র।

চন্দ্ৰ ককাইদেউৰ আনাৰস, নেমু আৰু মধুৰিআমৰ বাগান দেখি আমাৰ মন শাঁত পৰি গৈছিল। এই গৰাকী উচ্চ শিক্ষিত ব্যক্তিয়ে কুঠৰীৰ দৰে পিছপৰা অঞ্চল এটিক পোহৰাই তুলিবলৈ কৰা আশাশুধীয়া প্ৰচেষ্টাৰ নিদৰ্শন দেখা পাই সেইদিনা অভিভূত হৈ পৰিছিলো। সন্ধ্যা লগাৰ আগে আগে আমি পুনৰ তেখেতৰ ঘৰখনলৈ বুলি উলটি আহিছিলো।

এতিয়া চন্দ্ৰ দাদাৰ ঘৰৰ সন্মুখত যিমানবোৰ দোকান-পোহাৰ আছে, তেতিয়া নাছিল। ফলৰ বাগানৰ পৰা আহি এনেয়ে ৰাস্তাই ৰাস্তাই এপাক ঘূৰি আহোঁ বুলি ওলাই গৈছিলো। উলটি আহোঁতে সন্ধ্যা লাগিছিল। তেতিয়া সন্ধ্যাৰ নিস্তব্ধতা ভেদি ওলাই আহিছিল চৰাই-চিৰিকটি, জিলি আদিৰ বিচিত্র গুঞ্জন। কাহানিও অচিনাকি পোক-পতঙ্গৰ মাত শুনি নোপোৱা ভূপেন দাৰ সৰু ল’ৰা তেজে সেইবোৰ অচিন শব্দ শুনি আচৰিত হৈছিল। সি দৌৰি গৈ চন্দ্ৰ দাদাৰ ঘৰৰ পৰা তাৰ টেপৰেকৰ্ডাৰটো আনি কৌতুহলবশতঃ সেইবোৰ টেপ কৰি লৈছিল। আমি তাৰ কাণ্ড-কাৰখানা দেখি আমোদ পাইছিলো। ৰাতিৰ আতিথ্য গ্ৰহণ কৰি আমি পিছদিনা পুৱা নিজৰাপাৰলৈ বুলি ৰাওনা হৈছিলো। সেইবাৰৰ যাত্ৰাৰ বিচিত্ৰ অভিজ্ঞতাৰ কথা তেজে আজিও আমাৰ আগত সোঁৱৰে।

কুঠৰীৰ সেই অতীতৰ কথাবোৰে প্ৰায়েই মনত খুন্দিয়াই থাকে। ভূপেনদাই কুঠৰীত জিৰণি ঘৰটো সজাৰ পাছত তেওঁৰ লগত বা কেতিয়াবা অকলশৰেও গৈছিলো। প্ৰথমতে নবৰক আৰু পাছত সুৰেন নেওগক লগ পাইছিলো। অন্যান্য সাংস্কৃতিক কাম-কাজত উজনি অসমলৈ গ’লেও বন্ধু-বান্ধৱক লগত লৈ খন্তেকৰ বাবে ভূপেনদাৰ ঘৰখন চাই যাওঁ। সুবিধা কৰিব পাৰিলে সোমাই খা-খবৰ কৰি যাওঁ। সেই কথা আহি ভূপেনদাক কওঁহি। তেওঁ মোৰ মুখে কুঠৰীৰ কথা জানিবলৈ পাই আনন্দ পাইছিল।

ভূপেনদাৰ কুঠৰীৰ মাটিখিনিক লৈ এটা সপোন আছিল, সেয়া লোক-সংস্কৃতিৰ সংগ্ৰহালয় খোলাৰ বা তেনে কোনো সৃজনীমূলক কাম-কাজ কৰাৰ। তেওঁ পৰিয়াল অথবা শুভাকাংক্ষীৰ আগত তেনে এটি মনোভাৱ প্ৰকাশ কৰি আহিছিল। কুঠৰীৰ প্ৰতি এক গভীৰ প্ৰাণ যে ভূপেনদাৰ আছিল, সেই কথা কলিয়াবৰৰ ৰাইজে জানিছিল আৰু আমাৰ পৰিয়ালটোৱেও বুজি পাইছিলো। ভূপেনদাৰ মৃত্যুৰ ৩ বছৰমান আগতে হঠাৎ কুঠৰীৰ মাটিখিনি বিক্ৰী হৈ গ’ল। দাদাৰ আপোন ঠাইত থকা আপোন ঘৰখনিলৈ আগৰ দৰে নিঃসংকোচে সোমাই যোৱাৰ পথ ৰুদ্ধ হৈ গ’ল। ভূপেনদাৰ লগত কুঠৰীত দুনিশা কটাওঁতে তেওঁৰ মুখৰ পৰা সেই মাটিখিনিক লৈ তেওঁ ভবা ভৱিষ্যৎ পৰিকল্পনা দিঠকত পৰিণত নহ’ল। সকলোৰে অন্তৰত গভীৰ সাঁচ বহুৱাই ভূপেনদা চিৰদিনৰ বাবে আঁতৰি গ’ল!

ৰচনা কাল: ২০১৩ (পূৰ্ব প্ৰকাশ: ‘কলিয়াবৰীয়া ভূপেনদা’ গ্ৰন্থ)
ছবি: ভ্ৰাতৃ-ভগ্নীৰ সৈতে ভূপেন হাজৰিকা

❧ | আৰু পঢ়ক:

ভূপেনদাৰ ৰঙালাও-সৰিয়হৰ খেতি | সমৰ হাজৰিকা
Follow Nilacharai on Facebook