মাতৃত্বৰ সুবাস

মাতৃত্বৰ সুবাস
  • 18 May, 2023

গা হাত-কটা গেঞ্জীৰ লগত ফপৰা হাফপেণ্ট এটা পিন্ধি ৰাতিপুৱা আগফালে ঘাঁহ-বন কাটি জংঘল চাফা কৰি আছোঁ। মূল কাৰণটো হ’ল,— ৰাতিপুৱা এই কামখিনি নকৰিলে ফুলেশ্বৰী, মানে আমাৰ হোম মিনিষ্টাৰে দুপৰীয়ালৈ মোক ভাতসাজ খাবলৈ নিদিয়ে। এই কাৰণটোৱে দিয়া দুখৰ চোকখিনি অলপ কমাবলৈ মই আৰু এটা কাৰণ অৱশ্যে নিজৰ সুবিধাকৈ নিজেহে ভাবি লৈছোঁ,— এইকণ কাম কৰিলে মোৰ নিজৰ স্বাস্থ্যটোও ভালে থাকে। ভাবিহে লৈছোঁ দেই, আচল কাৰণ কিন্তু সেই আগৰটোৱেই, মানে লঘোণে মৰাৰ ভয়তহে মই কৰ্মবীৰ।

হঠাৎ ‘বৰতা, আপুনি কামত লাগি থাকক দেই, মই আধা ঘণ্টাতে আহি আছোঁ’ বুলি চুবুৰিৰ বিকাশে চলাই যোৱা বাইকখনৰ পৰাই চিঞৰি ফাউচকৈ উৰি গুচি গ’ল। ইমান জোৰে চলাই অ’ দেহি! কাষেৰে পাৰ হৈ গ’লে জীৱটোৰ লগতে কিবা আত্মাটোকো লৈ যোৱা যেন লাগে। তেৰাৰ বাইকৰ পিছফালে উঠিলে কেৱল জীৱন-বীমাৰ এজেণ্টলৈহে মনত পৰে, চলি থকা বীমাকেইটাৰ প্ৰিমিয়াম দিলো নে নাই তাৰ হিচাপহে মনলৈ আহে। তাৰ লগত বাইকত ওচৰৰ ক’ৰবালৈ গ’লেও গন্তব্য স্থানটো নেপাওঁ নেপাওঁ যেন লাগে!

অৱসৰী জীৱন। মাছ-পুঠিৰ দামৰ কথা বাদেই দিলো, গেলামালৰ বস্তু আৰু ঔষধে যিটো হাৰত স্কোৰ কৰিবলৈ লৈছে, বজাৰ কৰিবলৈ গ’লে কিবা সেই বেপাৰীৰ লগত টি-২০ ক্ৰিকেট খেলিবলৈ যোৱা যেনহে পাওঁ। মই বল দিওঁ, তেওঁ বেটেৰে কোবায়; আজি যদি তেলৰ পিটছত বাউণ্ডাৰী, কাইলৈ দাইলৰ পিটছত ছিক্সাৰ। বজাৰত চৌপাশে যেন চেঞ্চুৰীৰ মেলাহে লাগিছে! ধোনী-কোহলিয়ে লাজ পাই যাব হেৰৌ! বস্তুৰ দাম বঢ়াৰ লগে লগে পেনচনৰ টকাকেইটাৰো জোৰ কমি আহিছে; সেই হাৰত ফুলেশ্বৰীৰ মৰমো।

‘হেৰি, এইফালে অকণমান আহকচোন।’— ফুলেশ্বৰীয়ে চাইৰেন বজালেই নহয়! তেৰাই মাতিলে মানে আৰু ৰ’বলৈ নাই। আমাৰ ফুলেশ্বৰীজনী কিবা সেই দামী চাৰিচকীয়া গাড়ীবিলাকৰ আগৰ চিটবেল্টৰ দৰে; বেল্টডাল পেটেৰে বগুৱাই সিটোফালে লগাই নলগোৱালৈ পে…পু…পে…পু… চিঞৰিয়ে থাকে। দেৱীয়ে ফিকা চাহ অকণ দি ক’লে,— ‘মই অকণমান কলিতানীৰ ঘৰৰ পৰা আহোঁ দেই, সৰু বোৱাৰীয়েকৰ পঞ্চামৃত খুওৱা আছে। দাইল আৰু তৰকাৰী ৰান্ধি থৈছোঁ; পাপৰ এখন সেকি, আচাৰ অকণমান লৈ এইসাজ চলাই দিব আৰু। মই তেওঁলোকৰ ঘৰতেই খাই আহিম।’ কথাষাৰ কৈয়ে দেৱী অন্তৰ্ধান। গেটখনলৈ গৈচোন আকৌ উভতি আহিল।

‘হেৰি, ফ্লাস্কত ফিকাচাহ আৰু অলপ আছে, মন গ’লে খাব; ফ্ৰীজত মিঠাইও আছে, হেজাৰ মন গ’লেও নেখাব কিন্তু, কৈ থলো; চুগাৰে জেগাত ধৰিব।’ হোম মিনিষ্টাৰে যিধৰণৰ শব্দচয়ন আৰু সুৰত অৰ্ডাৰ দি থৈ গ’ল, মিঠাই খোৱাটো দূৰৈৰে কথা, এতিয়াচোন ফ্ৰীজটোৰ কাষলৈ যাবলৈও ভয় লগা হ’ল। ক’বলৈ সাহসকণ নাই, মনতহে ভাবিছোঁ দেই,— এই যে বোৱাৰীয়েকৰ নামত শাহুয়েকৰ বয়সৰ এচামেও আজি পঞ্চামৃত টেঁটুলৈকে গিলিব, ই একপ্ৰকাৰৰ জাতীয় অপচয়হে। হেৰৌ, তেল-দাইল, মাছ-মঙহৰ যিডাল দাম হৈছে…, অকল সেই জোৰোণত কেৱল কইনাজনীক অলংকাৰ পিন্ধোৱাৰ দৰে এই ভাতসাজো অকল কইনাতে সামৰিব নোৱাৰিনে? অৱশ্যে এইষাৰ ফুলেশ্বৰীক ক’লে মই এমহীয়া লঘোণত পৰিব লাগিব, সেয়া এশ শতাংশ খাটাং। গতিকে আপুনি যি শুনিলে সেয়া ইয়াতে পাহৰক,মোৰ সিজনীক ভুলতো নলগাব।

ডিঙিটো তিয়াই বাৰান্দাত মোবাইলটোকে পিটিকি বহি আছোঁ। দেৱী নাথাকিলে এই সময়কণতহে নিজক কিবা ঘৰৰ মালিক যেন অনুভৱ হয়। নিজকে স্বাধীন দেশৰ নাগৰিক যেন লগে। এটা কথা পিছে, ঘৰ সজা পইচাটোহে মোৰ, বাকী সকলো কষ্ট কিন্তু তেওঁৰ। এয়া ষোল্ল অনাই সত্য যে এই কাঢ়া মানুহজনী নথকা হ’লে আমাৰ এই নিজৰ ঘৰটো কাহানিও বন্ধা নহ’লহেঁতেন।

‘বৰতা, অলপ দেৰি হ’ল দেই, বেয়া নেপাব’ বুলি বিকাশ সোমাই আহিল। ই মানে এটা মস্ত কামোৰ। মোৰ চৰকাৰী চাকৰিৰ পেনচনৰ পইচাকেইটাৰ দোহাই দি সি ক’ব খোজে যে মোৰ এল্টো গাড়ীখন, সাধাৰণ পোছাক-পৰিচ্ছদ,পুৰণি চাইকেলখন, কীপেড মোবাইলটো আদি কোনো সাধাৰণ জীৱন-যাপনৰ প্ৰতীক নহয়, বৰঞ্চ কাৰ্পণ্যৰ এক চুড়ান্ত নিদৰ্শন। তাৰ মতে, এই মুলুকৰ শ্ৰেষ্ঠতম কৃপণ হেনো মই। সি আৰু কয়— পইচা থাকি খৰচ নকৰাজন কেৱল কৃপণেই নহয়, দুখীয়াও। কেতিয়াবা গধূলি ফূৰ্তিপানী খাই আহিলে মোক ইতিকিং কৰাৰ প্ৰকোপটো তাৰ আৰু বাঢ়ে।

‘বৰতা, আপোনাৰ এই ফপৰা হাফপেণ্টডাল এৰিবৰ হ’ল দেই। পেনচনৰ পইচাগাল কি কৰে বাৰু?’ বাপুয়ে আঁচোৰ দিয়া আৰম্ভ কৰিলে। ইয়াৰ লগত মুখ চলাই নোৱাৰি। ৰাজনৈতিক দল এটাৰ সি থলুৱা মুখপাত্রৰ দৰে। সাংবাদিকৰ মাইক দেখিলে সি চিলনীৰ দৰে চোঁচা মাৰি গৈ প্ৰথমে সিহে কয়। ধৰি লওক, সিটো চুবুৰিত কাৰোবাৰ ঘৰ জ্বলিল। সাংবাদিকে প্ৰথমে আমাৰ বিকাশ বাবুৰ সাক্ষাৎকাৰ নোলোৱাকৈ ঘৰৰ গৃহস্থ বা জুই নুমুওৱা গাড়ীৰ কাকোকেই শান্তিত কথাকেইটা সুধিব নোৱাৰে। কথাৰ মাজতে সি জুইত ফৰিং ছিটিকা দিয়াৰ দৰে মাইকতে পৰেগৈ। গতিকে ইয়াৰ লগত কথাৰে নোৱাৰি। ভিতৰলৈ গৈ কলম আৰু উকা কাগজ এখিলা লৈ আহিলো।

মাতৃত্বৰ সুবাস

আপোনাৰ এই ফপৰা হাফপেণ্টডাল এৰিবৰ হ’ল দেই…

‘লচোন, অংক এটা কৰ।’— মই ক’লো।
‘কেলেই বৰতা?’
‘তইয়েচোন কৈছিলি, তোৰ চাকৰিৰ পৰীক্ষা আছে। ৫০০০ পোষ্ট। অংকবিলাক প্ৰেকটিছ কৰিলেহে পাৰিবি। মোৰ পৰা দুই এটা শিকি লৈ থ, কামত আহিব।’
‘কওক বাৰু।’
‘এটা চাউনীত ৪৫০জন সৈন্য আছিল। তেওঁলোকৰ বাবে ১০০ দিনৰ খাদ্য মজুত আছিল। হঠাতে ১৫০ জনীয়া নতুন দল এটাই চাউনীটোত যোগ দিলেহি। এতিয়া তই কচোন,— চাউনীটোত কিমান দিনৰ খাদ্য মজুত আছে?’
‘বৰতা, আপুনি আমাৰ চাকৰিবিলাক ৰান্ধনিৰ চাকৰি বুলি ভাবিছে নেকি? দস্তুৰমত পুলিচৰ চাকৰি হয়। আপুনিও যে আৰু!’
‘হেৰৌ বটলধৰা, অংক নামৰ বস্তুবিধ জানিলেহে পাৰিবি। সেই গ্ৰেজুৱেশ্বনডাল তই এনেয়ে ললি, বুইছ। নকল মাৰি পাছ কৰিছ যেন পাওঁ!’
‘কি যে কয় বৰতা। আজি প্ৰথম ক্লাছ, সেয়ে অলপ সহজ অংক দিয়ক না।’
‘ঠিক আছে বাৰু। ধৰি ল, তোৰ জেপত ১৫০০ টকা আছে, তাৰে ২০% হেৰাল। এতিয়া তোৰ জেপত কিমান আছে?’
‘বৰতা, আপুনি কোন জামানাত আছে বাৰু? আজি এই জী-পে, ফোনপেৰ দিনত কোনে বাৰু ইমান টকা জেপত লৈ ঘূৰিব, হেৰাবলৈ? হু, এইটো একেবাৰে ইনভেলিড কুৱেশ্বন। বেলেগ কিবা সোধকচোন। আপোনাৰ নিচিনা মানুহে প্ৰশ্নকাকত কাটিলে হৈছে আৰু! এইবাৰো চাকৰি নোপোৱাটো খাটাং।’
‘অই চা, তোৰ এই ফটুৱা যুক্তিবোৰ পৰীক্ষাত নেখাটে, বুজিছ। অনুপাত, শতাংশ আদিৰ অংক পেপাৰত থাকিবই, চাই লবি। তাহানিতে আমি পৰীক্ষা দি বেংকত চাকৰি পোৱাহে। আৰু চা, তই আৰু মোৰ মূৰটো চোবাব নেলাগে, এতিয়া আতঁৰ হ ইয়াৰ পৰা।’

গালি খাই সি গ’লগৈ। শিকাৰ আগ্ৰহ থাকিলেহে! মইও এই ছেগতে গাটো তিয়াই ভাতসাজ খাবলৈ মন মেলিলো।

ভাতসাজ খাই ভালকৈ এবাগৰ দিয়াই নহ’ল, ফুলেশ্বৰী আহিলেই। পাকঘৰত সোমাই অ’ৰ বস্তু ত’ত দেখি তেওঁ এবকলা মেলিলেই। চমুকৈ ক’বলৈ গ’লে,— এই সৌৰজগতৰ আটাইতকৈ নিষ্কৰ্মা প্ৰাণীটো হ’লো এই অমুকা। ভাতখোৱা থালখনোচোন আজি মই ভালকৈ ধুই থৈছিলো! জানো, দেৱীৰ কিহত জগৰ লাগিল! এইখন কেছেট বাজিলে বৰ সোনকালে শেষ নহয়, গতিকে তৈলমৰ্দন কৰাৰ বাহিৰে আন পথ নাই। বিচনা ত্যাগ কৰি আদা-জালুক দিয়া চাহ দুকাপ বনাই দেৱীক একাপ যাঁচিলো। আচলতে এই চাহখিনি খাওঁতে মৰা শোহাবোৰহে দেৱীৰ অনৰ্গল কথাৰ মাজৰ দাৰি, কমা, ফুলষ্টপ আদি।

‘কলিতানীৰ ঘৰত আজি তোমালোক কেইজনীমান গোট খালা?’— ছেগ বুজি লাহেকৈ সুধিলো।
‘আমি সাত-আঠজনীমানহে। চুবুৰিৰ সকলোকে মতা নাই।’
‘গৈ কেনে পালা, বাৰু?’
‘সৰু বোৱাৰীজনী বৰ সাদৰী দেই, বৰ অমায়িক। নিজৰ উচ্চ শিক্ষাক লৈ কোনো ভেম নাই। প্ৰতিগৰাকী আলহীৰে ইমান সুন্দৰকৈ খবৰ লৈছে; বৰ ভাল লাগিল গৈ, জানে। যেন নিজৰে ছোৱালী! কিবাচোন আমাৰ ছোৱালী দুজনীৰ ভনীয়েক এজনীক লগ পোৱা যেন লাগিল! হিয়া উজাৰি আশীৰ্বাদ দিলো।’
‘আমাৰ ছোৱালী দুজনীওতো দুখন ঘৰৰ ভাল বোৱাৰী!’— মই ক’লো।
‘নিশ্চয়’ বুলি কৈ ফুলেশ্বৰী উঠিল। মোৰ কাষেদি পাৰ হৈ যোৱাত অনুভূত হ’ল তেওঁৰ পৰা নিগৰি অহা মাতৃত্বৰ এক মৃদু সুবাস। যেন তৃতীয় এজনী ছোৱালীৰ মাক হোৱাৰ আনন্দই তেওঁৰ অন্তৰাত্মাক ওমলাই আছে!

কলিতানীৰ সৰু বোৱাৰীজনীক হিয়া উজাৰি দি অহা আশীৰ্বাদখিনিৰ সৈতে তেওঁ খাই অহা ভাতসাজৰ কোনো সম্পৰ্ক নাই। ফুলেশ্বৰীৰ বহল অন্তৰখনে দিয়া নিভাঁজ আশীৰ্বাদখিনিৰ সৈতে মাছ-মঙহৰ দামক ৰিজোৱা মোৰ ঠেক মনটিক বৰ আপচু যেন অনুভৱ হ’ল।

❧ | অধিক গল্প:

মাতৃত্বৰ সুবাস | ড° অৰূপ কুমাৰ শৰ্মা
Follow Nilacharai on Facebook