বিষ্ণুপ্ৰসাদ ৰাভাৰ এমুঠি গীত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ কথা

মোৰ কবিতাৰ ছন্দ লাগি

মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগেনে
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে?

নাচে তৰা ছন্দে ছন্দে
বিশ্ব ভৰা মহানন্দে
সেই উলাহত হৰষ লাগি
হিয়াত নাচোন উঠেনে?

ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ
বাজে মন-বাঁহী মোৰ
সেই সুৰতেই শাঁত কৰি লৈ
পৰিবনে হিয়া জুৰ?

ছেৱে ছেৱে ফুলে ফুল
গোন্ধতে আমোলমোল
সেই ছেৱতে পুলক জগাই
এবাৰ হিয়াই নাচেনে?

অ’ অসমীয়া ডেকা দল

অ’ অসমীয়া ডেকা দল
আজি তোৰ তেজাল বদন
মলিন কিয় হ’ল

দুৰ্গম নদ পাহাৰ গিৰী
লম্ভিছিলে ডেকাগিৰি
সুন্দৰ শংকৰে লৰি কৰিছিলে তল
দেখুৱাইছিল জগত জুৰি
অসীম বাহুৰ বল অ’
অসীম বাহুৰ বল
সিয়ো যে তোৰ নাইকিয়া হ’ল

কীৰ্তন দশম নামঘোষা
হওঁক আমাৰ শৌৰ্য
নাট গীত নাম বৰগীত
হওক ৰণৰ তুৰ্য
আৰ্হি তেওঁৰ এই অসমৰ
হওক অসীম বীৰ্য
অসমীয়া সমনীয়া
আগবাঢ়ি যাওঁ ব’ল অ’
আগবাঢ়ি যাওঁ ব’ল।

সুৰৰে দেউলৰে

সুৰৰে দেউলৰে ৰূপৰে শিকলি
ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী
পূজাৰী অ’
সুন্দৰ পূজাৰী অ’

যাউতি যুগীয়া বৰগীত অমিয়া
বনগীত সুৰীয়া বনগীত সুৰীয়া অ’
গোৱা অসমীয়া প্ৰাণ মন ভৰি
পূজাৰী অ’ সুন্দৰ পূজাৰী অ’

তোৰে পৰশতে প্ৰাণৰে হৰিষে
তিয়াগী শুকুতি পাই ঐ মুকুতি
ৰাগৰে মুৰতি উটি ভাহি ফুৰে উৰি
পূজাৰী অ’

শংখ বজোৱা বৰকাঁহ বজোৱা
আৰতি লগোৱা বন্তি জ্বলোৱা
অতি উলাহেৰে আদৰি
পূজাৰী অ’
সুন্দৰ পূজাৰী অ’।

অ’ পূজাৰী

অ’ পূজাৰী আদৰি
দিলোঁ এই বৰণ শৰাই
পূজাৰী দিলোঁ এই বৰণ শৰাই
বিয়পি ধৰণী শুনো ৰিণি ৰিণি
জগতৰ নানা বিলাই
হৰি নাম ভকতি হৰি নাম ৰকতি
হৰি নাম মুকুতি পাই
বশ্য ভকতৰ কৃষ্ণৰ কিংকৰ
সুন্দৰ শংকৰ কিয় নাই
ভকতি ফুলেৰে মালা আদৰেৰে
দিলোঁ যতনে পিন্ধাই
শংখ কাঁহ মুৰুলী
জোকাৰে উৰুলী
তোমাৰে মহিমা গাই
নামঘৰ চোতালে
নিতাল খোলে তালে
গোবিন্দৰ নাম গুণ গাই।

আজি মন্দিৰ দুৱাৰ খোলা

আজি মন্দিৰ দুৱাৰ খোলা
বহে মিলন উত্‍সৱ মেলা
শুনো মংগল আৰতিৰ গান
নাচি উঠে ভকতৰ প্ৰাণ
অ’ তোৰ হ’ল যে পূজাৰ বেলা
আজি মন্দিৰ দুৱাৰ খোলা।

স্বাগত নৱাগত অতিথি
হিয়াত ফুলাম আসন থৈছোঁ পাতি
পুষ্পিত মন্দিৰ কানন বীথি
ফুলনিৰ তলসৰা তুলি ফুল মনোহৰা
গাঁথিলোঁ উলাহে মালা
অ’ তোৰ হ’ল যে পূজাৰ বেলা।

বিশ্বৰ ছন্দে ছন্দে

বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা
নাচা তমোহৰদেউ নাচা
বন্দে, বন্দে আজি সৱ ভকতবৃন্দে
তব চৰণ কমল বন্দে।

জ্বলোৱা সাগ্নিক তপ হোম বহ্নি
বিনাশক এন্ধাৰ তবজয়ী অগ্নি
বিশ্বৰ দেউলত জ্ঞানৰে বন্তি
আলোকৰে শিখা উঠক নাচি
অজ্ঞান এন্ধাৰ বিনাশি, পুলকানন্দে।

নাচোনৰ তালে তালে পুষ্পিত বননি
:ছেৱে ছেৱে হালে জালে বিকশিত ফুলনি
আমোলমোল কৰে শুৱনি ধৰণী
পুষ্পিত সুবাসিত গন্ধে
বন্দে, বন্দে আজি সব ভকতবৃন্দে
বন্দে তব চৰণ কমল বন্দে।

| ডাউনলোড কৰক: বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘অসমীয়া কৃষ্টিৰ চমু আভাস’

লগন উকলি গ’ল

লগন উকলি গ’ল
তেও যে নহ’ল কোৱা
মনৰ কথাটি মোৰ
হিয়াত গুপুতে থোৱা।

কিমান হেঙুলী ঊষা
কিমান জোনালী নিশা
মিছাতেই গ’ল মোৰ
কিমান গধুলি পুৱা।

মলয়াই কাণে কাণে
মনৰ বাতৰি আনে
নিখিলৰ সুৰে সুৰে
হিয়াইও গান জোৰে
শুনিছানে সেই সুৰ
পৰাণত তোলা মোৰ
হৃদয়ৰ গোৱা গান
ভালপোৱা ভালপোৱা।

পৰৱৰ্তী পৃষ্ঠা
আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of