ৰাতি
এন্ধাৰৰ বাহিৰেও ৰাতিৰ আছে অন্য এক পৰিচয়
ভগা জুপুৰীলৈয়ো সোমায় ৰাতি— বিলাবলৈ সপোন
এন্ধাৰেই আলোকিত কৰে ক্ষতচিহ্নবোৰ
য’ত নিহিত হৈ আছে পূৰ্বজৰ আৰ্তনাদ
ৰাতিয়ে পঢ়িবলৈ দিয়ে নগ্ন পাণ্ডুলিপি
পোহৰে পাতবোৰ কুটি খোৱাৰ আগতে
ৰাতিয়ে তুলি থয় সকলো কিতাপ।
| আৰু পঢ়ক: প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা
আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব