কৃষ্ণঃ অতনু সুৱাস

untitled

[ স্মৃতিৰেখা ভূঞা ]

নাৰিকল পাতৰ নিয়ঁৰেৰে
সেমেকা হৈমন্তী সন্ধিয়া
বাঁহীৰ সুৰ এটিয়ে
বুকুত উত্তাল ঢৌ তোলে,
আৱেগৰ প্রশমন ক’ত?
অ’ মোৰ সুৰীয়া সন্ধ্যা
তোমাৰ অতনু সুৱাস,
লহৰে লহৰে কঁপে
যমুনাৰ মায়াময় ৰূপালী চাদৰ।
তোমাৰ মৰমৰ অপূর্ব ৰাগীত
বিয়াকুল ৰাধা আশ্চর্য-মণ্ডিত।

ছবি: শান্তিছায়া দত্ত, উৎস: ফ্লিকআৰ

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of