তুমি আহিছা

untitled

[ দীপজ্যোতি শৰ্মা ]

মোৰ ভাব হয়
মোৰ বাবে তুমি
নামি আহিছা,
এটোপাল নিয়ৰ হৈ
শীতৰ ৰাতি জিলিকাবলৈ,
দুখৰ দিনত
সুখৰ সুবাস দিবলৈ
নিৰাশাত আশা ঢালিবলৈ
যন্ত্ৰণাজৰ্জৰ মনক
অকলশৰীয়া হৈ থকাৰ
সান্ত্বনা দিবলৈ।
জীৱনমৰুত বিচাৰি
থকা প্ৰাপ্তিৰ
এখন ছবি আঁকিবলৈ
তুমি আহিছা
ভালেই হ‘ল
মোৰ দুখৰ দিনৰ
বন্ধু এজন হ’ল।

ছবি: শান্তিছায়া দত্ত, উৎস: ফ্লিকআৰ

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

1 Comment on "তুমি আহিছা"

avatar
newest oldest most voted
jayanta baruah
Guest

val lagise kobita 2…………