‘অল’ মেন ৰিভাৰ’ আৰু ‘বিস্তীৰ্ণ পাৰৰে’ৰ কভাৰ গীত

প্ৰকাশ: ৪ নৱেম্বৰ, ২০১৮ | অন্তিম সম্পাদনা: ৪ নৱেম্বৰ, ২০১৮

আমেৰিকাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ গৈ ভূপেন হাজৰিকাই সান্নিধ্য লাভ কৰিছিল মানৱতাবাদী শিল্পী পল ৰবচনৰ৷ ইফালে খাটিখোৱা জনতাৰ শিল্পী বিষ্ণু ৰাভাৰ শিষ্যত্ব লাভ কৰা ডঃ হাজৰিকাই সমগ্ৰ পৃথিৱীৰ মানুহৰ জীৱন সংগ্ৰামক উপজীব্য কৰি সৃষ্টিকৰ্মত ৰত হৈছিল৷ আফ্ৰিকাৰ নিগ্ৰোসকলৰ মহাসংগ্ৰাম অথবা মিছিছিপিৰ পাৰৰ কোনোবা কৃষকৰ বিননি লুইতৰ পাৰৰ ৰংমনৰ বিননিৰ সৈতে একাকাৰ হোৱা উপলব্ধি কৰি গভীৰ জীৱনবোধেৰে ৰবচনৰ সৃষ্টিৰাজিৰ লগত সংপৃক্ত হৈ পৰিছিল৷ ৰবচনৰ Ol’ Man River শুনাৰ পাছত লুইতৰ পাৰৰ মানুহৰ বেদনাক মিছিছিপিৰ পাৰৰ মানুহৰ বেদনাৰ লগত ৰিজাই গীতেৰে প্ৰকাশ কৰিলে নিজস্ব শৈলীৰে৷ সৃষ্টি হ’ল ‘বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে’। মিছিছিপি বৈ আছে, লুইতো বৈ আছে৷ আৰু বৈ আছে মানৱতাবাদৰ চিৰন্তন স্ৰোত তেওঁলোকৰ গীতৰ মাজেৰে৷ বৈ থাকিব অনন্তকাললৈ অবিৰাম৷

পল ৰবচনৰ গীত আৰু তাৰ অনুপ্ৰেৰণাত ভূপেন হাজৰিকাই ৰচনা কৰা গীত— দুয়োটাৰে এটি কভাৰ গীত নয়নজ্যোতি শইকীয়াই গাইছে। ভূপেন হাজৰিকাৰ মৃত্যু দিৱসৰ প্ৰাক ক্ষণত সেই গীতেৰেই শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি— নয়নজ্যোতি শইকীয়াৰো, নীলা চৰাই পৰিয়ালৰো।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts