গাৰ্হমেধ

গাৰ্হমেধ
  • 27 Jan, 2021

কো অস্বাভাৱিক ঘটনা নহয়, এনেকৈ আজিৰ দিনত আবেগবোৰ ধৰি ৰাখিলে, মানুহৰ আগবাঢ়ি যোৱা পথবোৰ কুসুমাকীৰ্ণ নহৈ কণ্টকাকীৰ্ণহে হৈ পৰে!

পুতেকৰ কথাত হাজৰিকা ভাবুক হৈ ৰ’ল। সঁচাকৈয়ে অতীত হ’লে স্মৃতিয়ে মানুহক কিবাকিবি অনেক দিয়ে। অৱশ্যে হাজৰিকায়ে তেনেকৈ নাভাবে, তেওঁ ভাবে এয়া যুগৰহে পৰিৱৰ্তন। সন্ধ্যা লাগি আহিছে; হাতে-ভৰিয়ে পানী ঢালি হাজৰিকাই সাউৎকৈ থাপনাৰ আগত বন্তি লগাই সেৱা কৰি মাধৱ কন্দলীৰ ৰামায়ণৰ এভাগি পদ গালে— কেৱলে পালয় মাত্র ইন্দ্রিয় কলিত।/ কৰিলেক আপোনাক আপুনি বঞ্চিত।।

নাই মন নবহিল; পুতেক বাহিৰলৈ যোৱাত বাৰাণ্ডাৰ আৰামী চকীখনত বঢ়িল! বাৰাণ্ডাৰ লাইটোক সহ্য কৰিব নোৱাৰি প্রথমে চকুযুৰি জপাই, তাৰ পাছত চুইছটো অফ কৰি কথাবোৰ ভাবিবলৈ ল’লে। এই বুঢ়াটো আজি কিবা মায়াত আৱদ্ধ হলো অ’— নিজকে নিজে কৈ আকৌ দকৈ ভাবিলে— এৰা, মই ধৰি নাথাকোঁ।

হাজৰিকাহঁতৰ চুবুৰিৰ শেহৰটো ঘৰ চাংকাকতিৰ। সেই মানুহজনক দেখিলেই কিবা এক ভৌতিক গাম্ভীৰ্যৰ ভাব জাগে। বগা মানুহজনে বগা ধুতি পিন্ধি ঘৰৰ আগফালে বহি থাকিলেই ঘৰটো কিবা এক পুৰাতন ক্ষেত্র যেন লাগে। দৰাচলতেই চাংকাকতি ইতিহাস, ৰাজনীতি আদিৰ অনেক কথাৰ ভাণ্ডাৰ। কি নাজানিছিল তেওঁ,— আমেৰিকান ব্লেক হিষ্টৰি, ৰুচ বিপ্লৱ, নৰনাৰায়ণৰ অভিযান, বৰৰজা অম্বিকাৰ ধৰ্মীয় দমন! অলপ অধ্যয়নশীল মানুহ ঘৰলৈ আহিলে চাংকাকতিৰ আৰম্ভ হৈ যায় দেশৰ কথা, সমাজৰ কথা। হাজৰিকাৰ লগত তেওঁৰ সম্পৰ্ক ভাল; মানুহটোক আপোন যেন লাগে। কিন্তু এটা কথা ভাল লগা নাছিল হাজৰিকাৰ। ইমান গাম্ভীৰ্য থকা চাংকাকতিয়ে নিজৰ মাটি-বাৰীক লৈ বুকুত যথেষ্ট টান ভাব ৰাখিছিল। পণ্ডিতক যে মোহে শোভা নাপায়— এই কথা সকলোৱে জানে। মাটি-সম্পত্তিক লৈ নিজৰ ভায়েকৰ লগতে আছিল চাংকাকতিৰ কন্দল। ক’ৰ্ট-কাছাৰীলৈ গ’ল; মাটি ভাগ ভাগ হ’ল, ভায়েক পাছত ইয়াৰ পৰা উঠি আন স্থানলৈ গ’ল, মাটিখিনি বেচিলে। বালী-সুগ্রীৱৰ নিচিনায়ে হ’ল অৱস্থা, পিছে এইবাৰ ককায়েক বালিয়েহে বোলে কিবা জোৰ কৰি অধিক মাটি ল’লে! ভায়েকে পুনৰ ককায়েকৰ মুখ নাচালে।

চাংকাকতিৰ দুটা পুতেকে, এজনী জীয়েক। মানুহটোৰ যেনে দ্বৈত-ভাৱ আছিল, ঘৈণীয়েক আকৌ মনে-কথায়ে আছিল অদ্বৈত। সহজ-সৰল মানুহজনীৰ লগতো তেওঁৰ খুট-খাট লাগি থাকে মাজে-মধ্যে। বুঢ়ীয়ে আনৰ ঘৰত চাহ পানী খালে হ’লেই, বুঢ়াই ৰাৱণে মন্দোদৰীক কৰা ব্যৱহাৰৰ নিচিনা ব্যৱহাৰ কৰিব! মাটিৰ বাহিৰে যদি কিহবাৰ প্রতি তেওঁৰ ৰাগ আছিল, তেন্তে সেয়া আছিল ঘৈণীয়েকক লৈ থকা প্রভুত্বৰ মনোভাব। সৰু পুতেকলৈ মানুহজনীৰ আছিল যথেষ্ট মৰম, পেট মচা সন্তান। সি পিছে পঢ়া-লেখাত বৰ বেয়া আছিল, কলেজৰ দেওনা পাৰ নহ’ল। মাটিৰ দালালী আৰম্ভ কৰি পাছলৈ জালিয়াতিও কৰিবলৈ ধৰিলে। এবাৰ জেললৈও গ’ল! চাংকাকতিয়ে বাৰুকৈয়ে লাজ পালে। হাজৰিকাক নিজৰ দুখ প্রকাশ কৰি কৈছিল— ‘হয়তো দোষ মোৰেই, ভাল সংস্কাৰ দিয়াৰ পৰিৱৰ্তে মই মোৰ নিচিনা আসক্তিহে ল’ৰা-ছোৱালীক দিলো। বিয়াৰ পাছত জীয়ৰীয়েও পিঠি দিলে। বুঢ়ীৰ কথাও কোনোদিনা অন্তৰত নাৰাখিলো, ৰাখিছিলো কেৱল তেওঁক লৈ এক অধিকাৰৰ ভাৱনা!’ তেওঁ চকুলো টুকিছিল, সেই সময়ত অৱশ্যে চাংকাকতিৰ শ্রীমতীৰো ইহকালৰ লীলা সমাপ্ত হৈছিল, মানুহটো বৰ অকলশৰীয়া হৈ পৰিছিল।

—কি কৰিছা, টোপনি গ’লা নেকি?
পুতেকৰ কথাত হাজৰিকা প্রকৃতিস্থ হ’ল। ইতিমধ্যে পুতেকে লাইটটো জ্বলাই দিলে। সি সুধিল— তোমাৰ পেকিং হ’ল?
—হৈছে, মোৰনো কি আছে ইমান।

হাজৰিকা কাইলৈ দিল্লীলৈ যাব, পুতেকৰ ঘৰলৈ। হয়তো আৰু ইয়ালৈ তেওঁ উভতি নাহিব। পুতেকৰ ঘৰ-গাড়ী দিল্লীতেই হৈছে। এতিয়া এই কাৰণতেই মানুহটোৰ মনটো অস্থিৰ হৈছে। এতিয়া হাজৰিকাৰ বয়সৰ মানুহ এই চুবুৰিটোতে নাই, প্রথমে চাংকাকতিৰ পত্নী, তাৰ পাছত চাংকাকতি আৰু তৃতীয়তে হাজৰিকাৰ পত্নী— আটাইৰে পৰলোক প্রাপ্তিৰ পাছত এতিয়া হাজৰিকাহে বাকী আছে!

—এৰা, নিজকে কিবা চাংকাকতিৰ দৰে লাগিছে অ’।
—কিয় দেউতা, তেওঁৰ দৰে মাটি-সম্পত্তিলৈ মোহ হৈছে নেকি?
—ঠিকেই ধৰিছা, সকলোৰে মাজতে যেন এজন চাংকাকতি আছে।

পুতেকে হাজৰিকাৰ হাতত ধৰি বাহিৰলৈ আনিলে, দূৰৰ চাংকাকতিৰ ঘৰলৈ আঙুলিয়াই সুধিলে— ইয়াতে ঘৰ নাছিল জানো?
হাজৰিকা জিকাৰ খাই উঠিল, চাংকাকতিৰ মায়াৰ ঘৰখন আজি নাই। দুমাহ আগতে সৰু পুতেকে মাটি-বাৰী বেচিল; এই স্থানত ফ্লেট হ’ব। বিল্ডাৰে সকলো ভাঙিলে— ঘৰ, ফুলনি, গোসাঁই ঘৰ। ডাঙৰ ডাঙৰ আম-জামৰ গছবোৰো কাটিলে। সকলো ধূলিসাৎ হ’ল! এনেকুৱা একে অৱস্থা হাজৰিকাহঁতৰ ঘৰখনৰো হ’ব নেকি?

হাজৰিকাৰ আগৰাতি টোপনিয়ে নাহিল। নতুন ঘৰ, তাতে দিল্লীৰ দৰে স্থানত মাজৰাতি কি, ৰাতিপুৱালৈকে গাড়ী-মটৰৰ শব্দ। হয়তো এক বাজিছে— মানু্হজনে শুবলৈ যথেষ্ট চেষ্টা কৰিছে; তেওঁৰ ঘৰখন এৰি অহাৰ বেদনা কোনেনো বুজিব! আজি তেওঁৰ পত্নী থকা হ’লে কিজানি দুয়ো সেই ঘৰতেই থাকিলহেঁতেন! পিছে কোনেনো কাক ধৰি ৰাখিব? তেওঁ নিজে জীয়াই থকালৈকে হয়তো ঘৰটো পুতেকে নেবেচে, কিন্তু বাপেক মৰাৰ পিছত কোনেনো ভাবিব? সেয়া তেওঁৰ ঘৰ, কষ্টৰ উপাৰ্জনেৰে সজা। তাতে পুতেকৰ জন্ম, লালন-পালন সকলো হৈছে। এতিয়াও যেন সেই ঘৰটোতে তেওঁৰ ঘৈণীয়েকজনী স্মৃতি হৈ জীয়াই আছে!

হাজৰিকা সমাজহীন নতুন সমাজখনৰ লগত অলপ-চলপ মিহলি হৈ পৰিল। মাতিবলৈ মানুহ নাই, দেশ-দহৰ ইতিহাস আলোচিবলৈয়ো ইয়াত চাংকাকতি নাই। চাংকাকতিৰ ঘৈণীয়েকৰ দৰে আনৰ ঘৰত চাহ খাই ভাল পোৱা মানুহো নাই। সকলো যন্ত্র, দিন-ৰাতি ব্যস্ত! কিবাকিবি বাৰ্ষিকী, কেইটামান দিনৰ বাবে বিদেশ ফুৰিবলৈ যোৱাতহে ব্যস্ততাৰ বিৰতি পৰে। বাকী হাজৰিকাৰ লগত কথা পাতি ইতিহাস চৰ্চা কৰাৰ দৰে আওপুৰণি মনোভাব ইয়াত খাপ নাখায়।

—দেউতা, কোন আহিছে চোৱা।
পুতেকৰ চিঞৰ শুনি হাজৰিকা কোঠাৰ পৰা ওলাই আহিল; দূৰৰ পৰা নিজৰ বোৱাৰীয়েকে আলহীক কৈ থকা শুনিলে— দেউতাই যে আপোনাক দেখি বৰ ভাল পাব। আজি এবছৰেই হ’ল দিল্লীলৈ অহা, আপোনালোকৰ কথা আমাক প্রায়ে কৈ থাকে।

আলহী মানে চাংকাকতিৰ সৰুটো পুতেক, দিল্লীলৈ ফুৰিবলৈ আহিছে।
—তুমি ভালে আছা নে?
হাজৰিকাই সঁচাকৈয়ে বৰ সুখ অনুভৱ কৰিলে তাক দেখি; হেজাৰ হ’লেও ল’ৰাটোক সৰুৰ পৰা ডাঙৰ হোৱা দেখিছে।
—খুৰা, দিল্লী কেনেকুৱা লাগিছে? আমি ঠিকেই আছো; আপোনাক চাম বুলিয়েই মই ঠিকনা বিচাৰি ওলালোহি।
—অ বোপা, বৰ ভাল পালো।

তাৰ লগত ভাতকেইটা একেলগে খাই আজি আনন্দিত হ’ল হাজৰিকা। ভাগ্যে আজি দেওবাৰ; পুতেক-বোৱাৰীয়েকো ঘৰতেই আছে। ভাত খাই উঠি কথাৰ মাজতে সি ক’লে— খুৰা, এইবাৰ ঘৰলৈ গ’লে আপুনি চিনিয়েই নাপাব চাগে। আমাৰ জেগাটোত এতিয়া ডাঙৰ ফ্লেট। বেজবৰুৱা বৰদেউতাহঁতৰ ঘৰটোও তিনি মহলীয়া হ’ল। বৰদেউতা ঢুকুওৱাৰ পাছত তেওঁলোকৰ পুৰণা ঘৰটোও ৰিন’ভেট কৰি ভাড়াত দিছে।
সি ম’বাইলত হাজৰিকাহঁতক নতুনকৈ বহা ঘৰৰবোৰৰ ফটো দেখুৱালে; বোৱাৰীয়েকে কৈ উঠিল— বাহ্! বৰ ধুনীয়া দেখাইছে দেই।
—অ’ বৌ, আপোনালোক আকৌ অসম যোৱালৈ চাগে আৰু অনেক বিল্ডিং হ’বগৈ! এইবাৰ বিহুত পাৰিলে যাব আকৌ।
—অ, আমিও ভাবিয়ে আছোঁ, এপ্ৰিলত যাম। অন্ততঃ এসপ্তাহ ছুটী ল’মেই মই। এওঁকো কৈ আছোঁ।

হাজৰিকাই আজিকালি কথাবোৰ ধৰি নাথাকে; কি ধৰিব তেওঁ, নিজৰ আবেগ বোলা কথাবোৰ কিবা অচিন দেশলৈ মেঘ হৈ উৰা মাৰক,— তাৰ কামনা তেওঁৰ। কিন্তু, এই মেঘে পুনৰ গৰ্জন কৰি বৰ্ষা হয় তেওঁৰ মস্তিকত। এপ্ৰিলত ঘৰলৈ যাবলৈ ইচ্ছা তেওঁৰ নাই, ঘৰ এৰি চাংকাকতিৰ দৰে হ’ব বিচৰা হাজৰিকা আজিকালি ঘৰ বিমুখ হৈছে। তাৰ কাৰণ আছে; হাজৰিকাৰ শংকাবোৰ ফলিত হৈছে। আজি এমাহ আগতে, চাংকাকতিৰ সৰু পুতেকেনো দিল্লীলৈ আহি কিয় তেওঁক লগ ধৰিলে? সি চোন ডেকা হোৱাৰ পাছৰ পৰাই গুৰু-গোসাঁই নমনা হৈছিল। সি আহিছিল হাজৰিকাৰৰ পুতেক-বোৱাৰীয়েকে মতাৰ বাবে! নিজৰ ঘৰ-বাৰী বেচি সি চুবুৰিৰ বেজবৰুৱাহঁতৰো মাটি বেচি কমিচন ল’লে। হাজৰিকাৰ পুতেক-বোৱাৰীয়েকেও নিজৰ পুৰণি ঘৰখন বেচিব খুজিছে! অনেক ভাবিলে সিহঁতে, কনিষ্ঠ চাংকাকতিৰ লগতো আলোচনা কৰিলে। হাজৰিকাক পুতেক-বোৱৰীয়েকে ভাল পায়, সন্মান কৰে; এতেকে মাটি নেবেচে সিহঁতে; তাত সিহঁতে লিজত দিব মাটিখিনি— উচিত মূল্য, ফ্লেট হ’ব— মাকৰ নামত! লাভালাভ নহ’লে এনেই মাটিবোৰ কিয় পেলায় ৰাখিব? বোৱাৰীয়েক কৈছিল— দেউতা, মাটি আমাৰেই, তাত কেৱল কমাৰ্চিয়েল কমপ্লেক্স হ’ব। পুতেকেও ক’লে— দেউতা, তোমাৰ চিন্তা কৰিবলৈ একো নাই। সকলো ঠিকে থাকিব, তুমি এতিয়া নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়া, আমি আছোঁ।

❧ | আৰু পঢ়ক: [ গল্প ] বিধৱা

হাজৰিকা জানো কোনোদিনে চাংকাকতিৰ দৰে মাটি-বাৰীক লৈ মায়াসক্ত আছিল? তেওঁৰ তেনেকুৱা চিন্তা কোনোদিনে নাছিল, বিদ্বান চাংকাকতিৰো এইটোৱেই দোষ তেওঁ দেখিছিল— অত্যধিক মাটি-সম্পত্তিৰ অনুৰাগ। হাজৰিকাই ভয় খাইছিল,— চাংকাকতিৰ দৰে তেওঁৰ ঘৰটোও মাটিত মিলিব নেকি? মাটি নহয়, তাৰ স্মৃতিহে মূল কথা! সেই কম উপাৰ্জনৰ ধনেৰে সজা ঘৰখন কেনেকৈ তেওঁৰ মানসপটত আছে— সেয়া কোনে বুজিব! যুগৰ পৰিৱৰ্তন, চকু দুটা মুদি তেওঁ ঘোষা আওৰাবলৈ চেষ্টা কৰিলে। কিন্তু ক’তা,আজিচোন কোনো পদেই মনলৈ অহা নাই!

গাৰ্হমেধ | অথৰ্ৱণ গোস্বামী

Follow Nilacharai on Facebook