উজানত
প্ৰকাশ: ১৭ ছেপ্তেম্বৰ, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১
কোন কেতিয়াৰে পৰা মাতি আছোঁ
শৈশৱলে'
নিজান দুপৰীয়া চমকা চমকে খহোৱা
কুলি চৰাইৰ মাতেৰে
ও, শৈশৱলে'
ঢল নামিছে ঢল নামিছে
বৰজামুৰ তলত উজান উঠিছে
ইলুটি-সিলুটি চেঙালুটিত
বুকুৰঙা কাৱৈ
দুচাট-চাৰিচাটে হাৰ মনা
দেউতাৰ বৰশীলৈ আসৈ
কিমান পৰ হ'ল
এনেকৈ বহি থকা?
গান নাই, গানৰ ধান নাই
ধানৰ বতাহ নাই, বতাহৰ উশাহ নাই
একো নাই?
কিমান পৰ হ'ল থকা
উজানত জাল পাতি
নিজানত বহি?
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply