অসমীয়া কৃষ্টিৰ চমু আভাস (২)

পূৰ্বৰ খণ্ড: ইয়াত

দুই.

ভৌগোলিক পৰিৱেশ আৰু ইতিহাসৰ বোঁৱতী সূঁতিত অসমৰ কৃষ্টিৰ ক্ৰম বিকাশ আৰু ক্ৰম বিৱৰ্ত্তনৰ ফলত আজি অসমীয়াৰ এনে আধুনিক দুৰৱস্থা। আজি মনত পৰে পাঁচ ছয় হেজাৰ বছৰৰ আগৰ কথা। হয়তো পোন্ধৰ হেজাৰ বছৰো পূৰ্ব্বৰ আদিম কাহিনী, যেতিয়া অসভ্য উলঙ্গ, বৰ্ব্বৰ যুগত শ্ৰেণীহীন, জাতিহীন, গ্ৰামীন সভ্যতা আছিল। সেই সময়তে এই আদিম বৰ্ব্বৰ খাদ্যৰ সংগ্ৰাহক অসমীয়াই গছ-লতাৰ ফল-মূল-পাত খাই আৰু পশু চিকাৰ কৰি তাৰ মঙহেৰে জীৱিকা নিৰ্ব্বাহ কৰিছিল। ঘৰ্ষণৰ ফলত অগ্নিৰ সৃষ্টি হ’ল। আদিম অসমীয়াই টিঙিৰী আৱিষ্কাৰ কৰিলে। অগ্নিত পুৰি মঙহ খাবলৈ জানিলে। গুটি সিঁচি ধৰণীৰ বুকুত শস্য উলিয়াই প্ৰাণ সঞ্চাৰ কৰিব পৰা দেখি আনন্দ লভিলে, মাটি আনি গঢ় দি বাচন-বৰ্ত্তন, পুতলা সাজিবলৈ শিকিলে, বাঁহৰ চুঙাত, শিলত, মাটিত গছ, লতা, ফুল, পশু আদি ছবি আঁকি হেলাৰঙেৰে ফুৰিলে। শেষত এনে শ্ৰেণীহীন বৈষম্যবিহীন বৰ্ব্বৰ গোষ্ঠী সমাজৰ জীৱন উৎস হ’ল ভাতৃভাৱ আৰু পাছত মাতৃভাৱেই ৰূপান্তৰিত হ’ল মাতৃ মূৰ্ত্তিত। গতিকে আদিম যুগৰ এনে কোনো বিশেষ নিদৰ্শন নাথাকিলেও আজিও আমাৰ আদিম যুগধৰ্মী অসমীয়াসকলৰ কাপোৰৰ ফুলত, বাঁহৰ চুঙাত, গাহৰী দাঁতত, শিঙত আদিত সেই প্ৰস্তৰ যুগীয়া অস্পষ্ট নাৰী মূৰ্ত্তিৰ আভাস পোৱা যায়। নাৰীয়েই হ’ল মানৱ শিশুৰ মাতৃ। কাৰণ নাৰীৰ গৰ্ভতেই শিশুৰ বীজ উপ্ত থাকে। শিশুৰ জন্ম হয়, যেন সেই নৱজাত শিশু নতুন শস্যহে। মাটিও ঠিক তেনেকুৱাই মাতৃ হে। গতিকে ধৰিত্ৰী দেৱী হ’ল নাৰী। কাৰণ ধৰিত্ৰীৰ গৰ্ভতে গুটি সিঁচা হয়, সেই গুটিৰ পৰা পুলি হয়, সেই পুলিয়েই বাঢ়ি শেষত শস্য হয়। সেই কাৰণে ধৰিত্ৰীয়েই নাৰী। যেনেকৈ বৰ্ব্বৰ যুগৰ কামনা-বাসনাই এই মাতৃভাৱকেই কেন্দ্ৰ কৰি আত্মপ্ৰকাশ কৰিছিল। গোষ্ঠী-নৃত্য আৰু সঙ্ঘোৎসৱৰ ভিতৰেদি, তেনেকৈ বসন্তকালত যেতিয়া কুলিয়ে গাইছিল, চতুৱা চৰায়ে সুহুৰিয়াইছিল, গছৰ ডালে ডালে, ঠালে ঠালে, ঠেৰুৱে ঠেৰুৱে কুঁহি কুঁহি সেউজীয়া পাতে মলিয়াইছিল, গোটেই ধৰিত্ৰীৰ বুকু সেউজবুলীয়া ঘাঁহনিৰে ওপচি পৰিছিল, তৰু, লতা, বনত ফুলে পাতে ভৰি উঠিছিল, তেতিয়া আদিম অসমীয়াই জানিছিল পুৰুষ-নাৰীৰ যৌন জীৱনৰ সৈতে ধৰণীৰ শস্যৰ নিবিড় সম্বন্ধ। সেই সম্বন্ধৰ অনুপ্ৰেৰণাই আদিম-অসভ্য অসমীয়াৰ প্ৰাণত জগাই তুলিছিল এটা সূক্ষ্ম অনুভূতি। সেই অনুভূতিৰ ফলত হ’ল নাৰী-পুৰুষৰ যৌন মিলনক কেন্দ্ৰ কৰি যৌথ সঙ্ঘৰ প্ৰাচীন নৃত্যৰ উদঘাত। প্ৰাচীন নাৰী আৰু মাতৃ মূৰ্ত্তিবিলাকেই শেহত দেৱীমূৰ্ত্তি হ’ল। সিবিলাকৰ পূজাৰ বাবে যি গোষ্ঠী নৃত্য আৰু সঙ্ঘোৎসৱৰ সৃষ্টি হ’ল, সেই গোষ্ঠী নৃত্য আৰু সঙ্ঘোৎসৱৰ ক্ৰমবিকাশৰ ফলত হ’ল পূজা-পাতল, নাম-কীৰ্ত্তন ইত্যাদি আৰু নাৰী-পুৰুষৰ যৌথসঙ্ঘৰ যি প্ৰাচীন নৃত্যৰ উদঘাত হৈছিল সেই প্ৰাচীন নৃত্যৰ পৰাই বিহুনাচ বিৰিঙি উঠিল। শেহত তাম্ৰ যুগ গ’ল, ব্ৰোঞ্জযুগ গ’ল, লৌহ যুগ গ’ল, মধ্য যুগ গ’ল, অৱশেষত এই আণৱিক যুগতো আদিম প্ৰেৰণাৰে বশীভূত অসমীয়াৰ ওচৰত এই বিহুনাচ সমানে আদৰ পাই আছিল, আছে আৰু ভৱিষ্যতেও থাকিব। আদি যুগত এই যৌথ সঙ্ঘ নৃত্যত পুৰুষে প্ৰধান ভাও পাইছিল। তেতিয়াৰে পৰা পুৰুষৰ মূৰ্ত্তি চিত্ৰত প্ৰতিফলিত হ’ল। শেষত সেই পুৰুষৰ মূৰ্ত্তি দেৱতাৰ দৰে পূজিত হ’বলৈ ধৰিলে।

পূজাৰ বাবে গোষ্ঠী নৃত্য আৰু পূজা সঙ্ঘোৎসৱাদিৰ যি পদ্ধতি ৰচিত হ’ল তাক ‘মাৰ্গ’ বুলি অভিহিত কৰা হ’ল আৰু যৌথ সঙ্ঘৰ নৃত্যৰ যি পদ্ধতি ৰচিত হ’ল তাক ‘দেশী’ বোলা হ’ল। ‘মাৰ্গ’ত এটা ধাৰাবাহিক পদ্ধতি থাকিল, কিন্তু ‘দেশী’ত কোনো পদ্ধতি নাথাকিল, কেৱল তাত স্বতঃস্ফুৰিত অনুভূতিহে প্ৰকাশিত হ’ল। লগে লগে তাত গীত আৰু বাদ্য সংযুক্ত কৰা হ’ল। নৃত্য, গীত, বাদ্যৰ সমাবেশত সঙ্গীত সৃষ্টি হ’ল। গতিকে সঙ্গীত মানে কেৱল গীতেই নহয়, সঙ্গীতৰ অৰ্থ হৈছে গীত, বাদ্য আৰু নৃত্যৰ সমাবেশ। সঙ্গীতক ‘তোৰ্যত্ৰিক’ও বোলে। পদ্ধতিৰ আশ্ৰয় লৈ যি সঙ্গীত, সেই সঙ্গীতেই হৈছে ‘মাৰ্গ’ সঙ্গীত। কিন্তু পদ্ধতিৰ আশ্ৰয় নোহোৱাকৈ স্বতঃস্ফুৰিত সঙ্গীত, সেই সঙ্গীতেই হৈছে ‘দেশী সঙ্গীত’। শুক নান্ন্যা ব্যাহকীৰ্ত্তন, ওজাপালি, ভাওনা আদিৰ নৃত্য-গীত-বাদ্য হৈছে ‘মাৰ্গ’ সঙ্গীত, কিন্তু গৰখীয়া গীত, বাৰমাহী গীত, দেহবিচাৰ গীত, বিয়ানাম, আইনাম, বিহুনাচ, বিহুনাম, অইনিতম আদি হৈছে ‘দেশী’। লোকসঙ্গীতৰ বেছি ভাগেই দেশী সঙ্গীতৰ শাখাত পৰে।
নৃত্যৰ আদিতে অসমৰ আদিম মানৱে অঙ্কন কৰিছিল। সেই অঙ্কনৰ আদৰ্শ আছিল গছ, লতা, পশু-পক্ষী এইবিলাকেই। শেহত নাৰী মূৰ্ত্তি গঠিত হ’ল। সেই নাৰী মূৰ্ত্তি আঁকিবৰ প্ৰেৰণা পোৱা হ’ল মাতৃৰ পৰা। দৰাচলতে সেই মূৰ্ত্তিবিলাকেই মাতৃ মূৰ্ত্তি আছিল। সেই মাতৃ মূৰ্ত্তিত পৰিণত হ’ল। সেই দেৱী মূৰ্ত্তিয়ে আদিপ্ৰস্তৰ যুগৰ পৰা আজিও অসমীয়াৰ পূজা খাই আছে।
যৌথসঙ্ঘনৃত্যৰ পৰা মানৱে পুৰুষৰ মূল্য বুজিলে, সেই পুৰুষৰ মূৰ্ত্তিও শেহত প্ৰতিফলিত হ’ল। অৱশেষত সেই পুৰুষৰ মূৰ্তিবিলাক দেৱতাৰ দৰে পূজিত হ’ল। আদিম অঙ্কনৰ চিন শিলত, গুহাত, মাটিত প্ৰতিফলিত হ’ল। তাৰ আদৰ্শৰ চাব আদিযুগৰ পৰা বস্ত্ৰ-বয়নশিল্প আৱিষ্কাৰ হোৱাৰ লগে লগে কাপোৰতো পৰিল। গতিকে আজিও আদিম শিল্পৰ চানেকী অসমৰ আদিম অধিবাসীসকলৰ কাপোৰত, বাঁহৰ চুঙাৰ গাত ইত্যাদিত দেখা যায়। এইদৰে ক্ৰমবিকাশৰ ফলত এই অঙ্কনৰো এটা পদ্ধতি প্ৰথা গঠিত হ’ল।
অঙ্কনৰ তিনিবিধ নিয়ম হ’ল। তুলাপাতত বা সাঁচিপাতত বিবিধ ধৰণেৰে আঁকি মূৰ্ত্তিক ‘আলেখ্য’ বোলা হ’ল; সমান শিলৰ বুকু কাটি গঢ়া মূৰ্ত্তিক ‘চিত্ৰাৰ্দ্ধ’ বোলা হ’ল আৰু গোটেই মাটি বা শিল কাটি আগ পিছ দেখুৱাই গঢ়া মূৰ্ত্তিক ‘চিত্ৰ’ বোলা হ’ল। গতিকে আমি কাকতত যি ছবি দেখোঁ, সি আলেখ্যহে, ‘চিত্ৰ’ নহয়। সৰস্বতী আদি দেৱ-দেৱীৰ মূৰ্ত্তি গঢ়ি যাক আমি পূজা কৰোঁ, সি ‘চিত্ৰ’হে আৰু ‘চিত্ৰাৰ্দ্ধ’ হৈছে relief মূৰ্ত্তি। মূৰ্ত্তি গঢ়া বা বচাৰ পদ্ধতিৰ যি শাস্ত্ৰ তাক ‘মান-সাৰ’ বোলে। অসমত চাৰি শতিকাৰ পৰা এই ‘মান-সাৰ’ৰ দিহা মতে মূৰ্তি গঢ়া হ’ল। সেই মূৰ্ত্তিবিলাক গোটেই অসমতে সিঁচৰতি হৈ আজিও পৰি আছে।« (ক্ৰমশঃ)
(ছপাৰ ভুল বুলি অনুভৱ কৰা অশুদ্ধি শুধৰোৱাৰ বাহিৰে ৰচনাৰ বানান পদ্ধতিত হাত দিয়া হোৱা নাই)
।। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কনিহা ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে প্ৰদান কৰা ভাষণটি পিছত ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ নামেৰে পুস্তিকা আকাৰে ছপা হৈ ওলাইছিল। যদিও বৰ্তমানে ৰাভাদেৱৰ ৰচনা আৰু সৃষ্টিসমূহৰ স্বত্ত্ব উকলি যোৱা নাই, জাতীয় স্বাৰ্থত বৰ্তমানে প্ৰায় দুষ্প্ৰাপ্য হৈ পৰা পুস্তিকাখনি ধাৰাবাহিক ৰূপত ‘নীলা চৰাই’ত প্ৰকাশ কৰা হৈছে। এই সম্পৰ্কত কাৰোবাৰ কিবা আপত্তি থাকিলে অনুগ্ৰহ কৰি আমাক জনালে (editor@nilacharai.com) প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। —সম্পাদক, নীলা চৰাই ।।
আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

2 Comments on "অসমীয়া কৃষ্টিৰ চমু আভাস (২)"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
trackback

[…] পূৰ্বৰ খণ্ড: ইয়াত […]

trackback

[…] পূৰ্বৰ খণ্ড: ইয়াত […]

wpDiscuz