বিষ্ণুপ্ৰসাদ ৰাভাৰ বুলি আলোচিত হোৱা জৰাজীৰ্ণ ঘৰটো আচলতে ৰাভাৰ হয়নে: পুত্ৰ হেমৰাজ ৰাভাই কি কয়

বিষ্ণুপ্ৰসাদ ৰাভাৰ বুলি আলোচিত হোৱা জৰাজীৰ্ণ ঘৰটো আচলতে ৰাভাৰ হয়নে: পুত্ৰ হেমৰাজ ৰাভাই কি কয়
  • 22 Jun, 2021

০ জুনৰ বিষ্ণু ৰাভা দিৱসৰ আগে-পাছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ব‍্যক্তিত্ব, সৃষ্টিৰাজি আৰু সংৰক্ষণৰ বিষয়বোৰ আলোচিত হয় যদিও সিবোৰক তল পেলাই বিশেষ গুৰুত্ব পায় এখন ছবিয়ে। এটা বাসগৃহৰ ছবি। বিষ্ণুপ্ৰসাদ ৰাভাৰ বাসগৃহৰ ছবি। দুদিনমান সংবাদ মাধ‍্যম, সামাজিক মাধ‍্যম, সভা-সমিতিত সৰব আলোচনা,— তাৰ পাছত নিটাল-নিস্তব্ধ। পুনৰ পাছৰ বছৰৰ ২০ জুন তাৰিখটোৰ সময়ত সাৰ পায় একেই আলোচনা। বিষয়টোৰ যথাযথ উত্তৰ কিয় নাই? কাৰোৰে জনাৰ প্ৰয়োজন নাই, মুঠতে বাসগৃহটোহে মূল কথা!

আলোচিত বিশেষ বাসগৃহটো বিষ্ণুপ্ৰসাদ ৰাভাৰ বুলি চৰ্চিত হৈ আহিছে। জহি-খহি যোৱা পুৰণা অসমীয়া আৰ্হিৰ এটা ঘৰ। ছবি চাইয়ে জানিব পাৰি এসময়ত বেছ আকৰ্ষণীয় আছিল ঘৰটো। বিভিন্ন ব‍্যক্তি, দল-সংগঠনৰ দাবীৰ পাছতো বাসগৃহটোৰ আজিও কিয় তেনে অৱস্থা? চৰকাৰৰ গা নলৰে কিয়? এনে বিভিন্ন প্ৰশ্নই এই সময়খিনিতেই জুমুৰি দি ধৰে। তেনে এক প্ৰশ্নৰ উত্তৰ বিচাৰি শিৱসাগৰৰ সাংবাদিক ভৈৰৱ মুণ্ডাৰ সামাজিক মাধ‍্যমৰ এক বক্তব‍্যৰ আঁত ধৰি ঘৰটোৰ বিষয়ে উত্থাপিত বহু প্ৰশ্নৰ উত্তৰ পোৱা গ’ল।

বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত‍্যু বাৰ্ষিকীৰ দিনা ভৈৰৱ মুণ্ডাৰ সামাজিক মাধ‍্যমৰ বক্তব‍্য আছিল এনেধৰণৰ— “কলাগুৰু বিষ্ণু ৰাভাৰ বাসগৃহ সংৰক্ষণ কৰি ৰাভাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক চৰকাৰে। ৰাভাদেৱৰ শেষ শয়নস্থলী সমন্বয় ক্ষেত্ৰত এতিয়া সুৰা-জুৱাৰ আড্ডা বহাৰ অভিযোগ। কিন্তু গভীৰ নিদ্ৰাত প্ৰশাসন। অভিযুক্তকে আথে-বেথে বহুৱাই আতৌ-পিতৌ কৰাৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে৷ বিষ্ণু ৰাভাদেৱৰ নামত এটা দিনত বঁটা প্ৰদানৰেই দায়িত্ব সামৰিলে নহ’ব! ৰাভাদেৱৰ সৃষ্টিৰাজি, দৰ্শন আৰু অসমীয়া জাতিলৈ আগবঢ়োৱা অৱদানক প্ৰণালীবদ্ধ আৰু বাস্তৱসন্মতভাৱে উত্তৰ পুৰুষে অনুধাৱন কৰিব পৰাকৈ কৰ্মপন্থা গ্ৰহণ কৰক চৰকাৰে৷ সকলোৱে মনত ৰখা দৰকাৰ যে কলাগুৰু বিষ্ণু ৰাভা এটা মাথোঁ দিৱসৰ নাম নহয়। এটা সত্তাৰ নাম।“

এনে মন্তব‍্যৰ বিপৰীতে আমাৰ মনলৈ অহা প্ৰথম প্ৰশ্নটোৱেই হ’ল বিষ্ণু ৰাভাদেৱৰ পুত্ৰৰ এই ক্ষেত্ৰত কোনো দায়িত্ব নাই নেকি? পিতৃৰ বাসগৃহটি মেৰামতিৰ বাবে কেৱল চৰকাৰৰ ঘৰলৈ আশা পালি নাথাকি নিজে হাতে-কামে লাগক। পিতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তিনিও পুত্ৰই প্ৰথমে আগ-ভাগ লওক‌। ভৈৰৱে মোৰ ভুল ভাঙিলে, জনালে— সমন্বয় ক্ষেত্ৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ মাজু পুত্ৰ হেমৰাজ ৰাভাই বেংকৰ চাকৰি বাদ দি পোৱা সমস্ত ধন ব্যয় কৰি আৰম্ভ কৰা। পুত্ৰৰ দায়িত্ব পালন কৰিছে তেওঁলোকে৷ চৰকাৰে কৰাত কৃপণালি কৰিছে৷

কিন্তু আমাৰ মত আছিল, পুৰণি ঘৰটোৰ সেই জহি-খহি যোৱা ছবিখনৰে চৰকাৰক থেকেচি থাকিলেও বৰ বেছি লাভত অহা নাই বা নাহিব। আমি ভাবোঁ, তিনিও পুত্ৰই অসমীয়া ৰাইজক লগত লৈ আগবাঢ়ক।

এইখিনিতেই বহু নজনা-নুশুনা ৰহস‍্যৰ পেড়াটো মুকলি হ’ল। ক’তো, কেতিয়াও নুশুনা-নপঢ়া কথা দাঙি ধৰিলে কলাগুৰুজনাৰ দ্বিতীয় পুত্ৰ হেমৰাজ ৰাভাই। তেওঁ প্ৰকাশ কৰিলে— “তাহানি মোহিনী ৰাভাই জজ্ খেলপথাৰত তদানীন্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰক ৰাজহুৱা সভাত প্ৰশ্ন কৰিছিল— ‘বিষ্ণু ৰাভা কোন? কোন সেই বিষ্ণু ৰাভা, যাক লৈ আপোনালোকে ইমান ঢাক-ঢোল বজাইছে? বিষ্ণু ৰাভা তেনেই নগণ্য মানুহ। তেওঁক লৈ আপোনালোকে ইমান মূৰৰ কামোৰণিত ভূগিব নালাগে। এজন যুৱ গায়ক যিয়ে কেৱল লোকে লিখা গীত গায়, তেওঁৰ পত্নীয়ে যদি ‍১৫০০ টকা পেঞ্চন পায় আৰু বিষ্ণু ৰাভাৰ পত্নীয়ে যদি মাত্ৰ ২০০ টকা পেঞ্চন পায়, তেনেহ’লে আপোনালোকেই নিৰ্ধাৰণ কৰি দিছে বিষ্ণু ৰাভা কিমান ডাঙৰ মানুহ।’ তেতিয়াই কোৱা কথা। কাৰোবাৰ সমাধিৰ বাবে ১৮ কোটি টকা জাতীয় সংগঠনে চৰকাৰৰ পৰা দাবী কৰি আদায় কৰিব পাৰে, কাৰোবাক ভাৰতৰত্ন দিবলৈ বিভিন্ন সংগঠনে দাবী জনাব পাৰে, বিষ্ণু ৰাভাৰ কাৰণে পুত্ৰই কিয় কৰিব লাগে? আজি ময়ো কৈছোঁ— বিষ্ণু ৰাভা নগণ‍্য মানুহ। বহুতে নিজৰ পিতৃ-মাতৃৰ ফটো বা কিছু লিখা দিয়াৰ দৰে আমিও দিওঁ, কিন্তু বিষ্ণু ৰাভাৰ বাবে কিবা কৰিবই লাগিব বুলি কাকো জোৰ দি দাবী নজনাওঁ। কাৰোবাৰ সন্মান কৰিবলৈ মন নাই, নকৰিলেই হ’ল; তাৰ বাবে আমাৰ কোনো ক্ষোভ নাই। কিন্তু অনুগ্ৰহ কৰি আমাৰ পিতৃক অপমান নকৰিব। আপোনালোকৰ দৰে নিজৰ পিতৃক অপমান কৰিলে আমিও মনত আঘাত পাওঁ।“

হেমৰাজ ৰাভা

হেমৰাজ ৰাভা | ছবি সৌজন্য: ফেচবুক/হেমৰাজ ৰাভা

আমি বুজি পালো, তেখেতে মনত কষ্ট পাইছে, আমি নক’বলগীয়া কথা কিছুমান যেন উল্লেখ কৰিলো। তেখেতক দুখ দিয়াৰ কোনো অভিপ্ৰায় নাছিল। আনহাতে, কলাগুৰুজনাক অশ্ৰদ্ধা কৰাৰ কথা আমি কাহানিও চিন্তা কৰিব নোৱাৰোঁ। অসমৰ ৰাইজে কলাগুৰুক অসম আৰু অসমীয়াৰ নায়ক ৰূপে প্ৰতিষ্ঠা কৰি আহিছে। কিন্তু এইটোও সঁচা যে ৰজাঘৰৰ সদিচ্ছা আশা কৰা ধৰণে প্ৰকাশ হোৱা নাই। যিটো আমাৰেই দোষ, কাৰণ ৰজাঘৰীয়া প্ৰতিনিধিসকলক আমিয়ে বাছনি কৰি পঠিয়াওঁ!

হেমৰাজ ৰাভাই পুনৰ সংযোগ কৰিলে— “ঘৰটোৰ বিষয়ে প্ৰতি ২০ জুনত, ১৯৭১ চনৰ পৰা পৰিয়ালে স্পষ্টীকৰণ দি ভাগৰি পৰিছোঁ। সংবাদ মাধ্যমৰ লোকসকলে প্ৰতি বিষ্ণু ৰাভা দিৱসত বাতৰি সংগ্ৰহ কৰি লৈ যায়, কিন্তু সেয়া ৰাইজৰ জ্ঞাতাৰ্থে পৰিবেশন নকৰাৰ অন্তৰালত কি ষড়যন্ত্ৰ আছে বুজি নাপাওঁ। প্ৰথম কথা,— নিৰ্দিষ্ট ঘৰটো বিষ্ণু ৰাভাৰ নিজৰ বাসগৃহ নহয়। সেইটো ককায়েক গোলাপ ৰাভাৰহে ঘৰ। গোলাপ ৰাভাৰ জীৱিত কালতেই তেখেতে নিজেই ভাঙিছিল বাবেই ঘৰটোৰ জৰাজীৰ্ণ অৱস্থা আজি দেখা পাইছে। সেই সময়ত বিষ্ণু ৰাভাৰ নিজৰ ঘৰ নোহোৱাৰ বাবে তেখেতেও কোনো প্ৰতিবাদ কৰা নাছিল, তেখেতে বেংকৰ পৰা বিশ হাজাৰ টকা ঋণ লৈ বেলেগে নিজৰ বাবে ঘৰ নিৰ্মাণ কৰিছিল। ২০০৪ চনৰ ২৩ জুনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সভাকক্ষত এই ঘৰটোৰ বিষয়ে আলোচনা হওঁতে পত্নী মোহিনী ৰাভাই বিতংভাৱে বুজাই কোৱাত তৰুণ গগৈদেৱে— ‘বিষ্ণু ৰাভাৰ পৰিয়ালক বিপদত পেলাই আমি তেনে কাম কৰিব নোৱাৰোঁ। ঘৰটোৰ চেপ্টাৰ ক্ল’জ কৰিলো বুলি ঘোষণা কৰিলো’ বুলি তেতিয়াই মোখনি মাৰে। তাৰ পাছতো সেই বিষয় লৈ কিয় প্ৰতি বছৰে বিতৰ্ক হয় ক’ব নোৱাৰোঁ। বিষ্ণু ৰাভাৰ সৃ্ষ্টিৰাজি উৱলি গৈছে, বিজ্ঞানসন্মত এটি সংগ্ৰহালয় নিৰ্মাণ কৰি সেইবোৰ সংৰক্ষণৰ দাবী জনালে সুখী হ’ম। তেজপুৰৰ ৰাইজে এডোখৰ মাটি দেখুৱাই দিছিল, কিন্তু তেতিয়াৰ মন্ত্ৰী নুৰজামাল চৰকাৰে সেই মাটিত এখন মাদ্ৰাছা বিদ্যালয় হ’ব বুলি কোৱাত স্থানীয় প্ৰশাসনে সেই মাটি বিষ্ণু ৰাভা সংগ্ৰহালয়ৰ বাবে প্ৰদান নকৰিলে। বাকী ৰাইজে জানে।“

এতিয়া কথা হ’ল, ১৯৭১ চনৰ পৰা প্ৰতি বছৰে ২০ জুনত সেই বিশেষ ঘৰটো লৈ আলোচনা হয় আৰু প্ৰতিবছৰেই স্পষ্টীকৰণ দিব লগাত পৰে কিয়? চৰকাৰৰ ফালৰ পৰাও ২০০৪ চনৰ ২৩ জুনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও বিষয়টোৰ সামৰণি মাৰিছিল। তাৰ পাছতো ঘৰটোৰ বিষয়টো প্ৰতি বছৰৰ ২০ জুনৰ ওচৰে-পাজৰে ভুমুকি মাৰি আকৌ এবছৰলৈ নিহপালি দিয়ে।

❧ | আৰু পঢ়ক: আহিবনে পুনৰ বিষ্ণু ৰাভা ফেঁহু চৰাই হৈ

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মাজু পুত্ৰৰ বক্তব‍্যৰ আঁত ধৰি ভৱিষ‍্যতে ‘আলোচিত বাসগৃহ’টো, যিটো তেখেতৰ জ‍্যেষ্ঠ ভাতৃৰহে, পুনৰ আলোচনালৈ নহাটো কামনা কৰোঁ। আলোচনা হওক ৰাভাদেৱৰ সৃষ্টিৰাজি, দৰ্শন আৰু অসমীয়া জাতিলৈ আগবঢ়োৱা অৱদানৰ; প্ৰণালীবদ্ধ আৰু বাস্তৱসন্মতভাৱে উত্তৰ পুৰুষে অনুধাৱন কৰিব পৰাকৈ কৰ্মপন্থা গ্ৰহণ কৰক চৰকাৰে। লগতে আহক, আমিও হাত উজান দিওঁ। কলাগুৰুজনাৰ প্ৰকৃত সত্তাক সবল ৰূপত প্ৰতিষ্ঠা কৰাৰ চিন্তা-চৰ্চা-প্ৰচেষ্টাৰ বাবে নৱ-প্ৰজন্মই যাত্ৰা আৰম্ভ কৰক।

বিষ্ণুপ্ৰসাদ ৰাভাৰ বুলি আলোচিত হোৱা জৰাজীৰ্ণ ঘৰটো আচলতে ৰাভাৰ হয়নে: পুত্ৰ হেমৰাজ ৰাভাই কি কয় | ৰূপজ্যোতি গোস্বামী

Follow Nilacharai on Facebook