চৰিফুল ইছলামৰ কবিতা

প্ৰকাশ: ১৫ জুলাই, ২০১২ | অন্তিম সম্পাদনা: ১৮ মে, ২০১৮

মাদুৰী বনৰে কঠ

‘হৰি নাম ৰসে বৈকুণ্ঠ প্রকাশে
প্রেম অমৃতৰ নদী
শ্রীমন্ত শঙ্কৰে পাৰ ভাঙি দিলে
বহে ব্রহ্মাণ্ডক ভেদি’

মনাইৰে দেহতে সাতোখন ব্রহ্মাণ্ড
তথাপি নিচিনে নিজক
গুৰুজনাই ক’লে মায়াত নভজিব
দুখকো নিদিব পৰক।
দুদিনৰ দুনীয়া মায়া মৰীচিকা
নামেহে জীৱনৰ পথ
ছকুৰি ভকতে লয় কাৰে নাম
মাদুৰী বনৰে কঠ।
ছকুৰি ভকতে লয় আল্লাৰ নাম
ছকুৰিয়ে বোলে হৰি,
মাদুৰী বনৰে কঠতে বহিছে
নামৰে কঠীয়া জুৰি।
হিন্দু মুছলমান একেটিয়ে প্রাণ
ভকতি হৃদয়েৰে জীয়া,
কি সুৰে গজিছে নামৰে কঠীয়া
হৰিষে নধৰে হিয়া।
আল্লাও একেজন হৰিও সেইজন
একেটি আমাৰে ঘৰ,
আহিছোঁ যেনেকৈ যামগৈও তেনেকৈ
কিহৰনো আপোন পৰ।
আমাৰে হৃদয়ত ভকতি অমিয়া
একেটি ‘ৰুহ’ৰে তান
নামেৰে গাঁঠিছোঁ হৰি ও আল্লাক
জীৱন বেহানি প্রাণ।
আজিৰ মেহফিল নামেৰে সজালোঁ
শ্রদ্ধাৰে কৰিলো ‘জিকিৰ’
সন্ত মহন্ত আউলিয়া সকলেও
ইয়াৰে পাতিছিল মিতিৰ।

নিজৰ স’তে এখন্তেক
(কবি হীৰুদালৈ আন্তৰিক শ্রদ্ধাৰে)

১.
মোক চুই দিয়াচোন সখি, মোক চুই দিয়া
আঘোণৰ পথাৰৰ লঘোণীয়া সপোনত ডগমগাই
উঠিব নেকি উঠিব নেকি ৰবাব চকলীয়া হিয়া।

২.
হাতখন কুটকুটাই আছে অথনিৰে পৰা
কেনভাচখনত ভদ্র মানুহৰ মুখাবোৰ খহাই পেলাবলৈ
কত পাওঁ জানো পঁচা খৰিৰ এঙাৰ এচপৰা।

আৰু পঢ়ক:  সোঁৱৰণিৰ এক পৃষ্ঠা

৩.
তেল পানী বোকা মাটি গচকি পুৰঠ কৰা সময়
কাৰ জানো কামনাৰ অসুখত গলি গলি শেষ হয়।

৪.
এটা পেগতে যদি হস্তান্তৰ হব পাৰে এখন দেশ
তেনে স্বাধীনতা কিয় লাগে পেগেই দেখোন ভাল
মন গ’লেই চুব পাৰি বাঞ্ছিত সপোন সুখৰ স্ব-কাল|

৫.
হাতীকোষৰ পথাৰত ধানৰ সলনি পোৱাল গজিছে
সৰুকণ মহলদাৰৰ পো নাতিৰ ৰঙতে সাতজাপ
এইবাৰ হেনো গাঁৱলৈ চলাবই চৰকাৰী ৰঙাবাছ।

৬.
নাকফুলি লগালে তোমাক ধুনীয়া দেখি অ’ ৰহিমলা
হামদৈ বজাৰত ৰঙালাউৰ দৰ নাই দুটকা কেজি
মনোহাৰীত নাকফুলি লোৱাটো নহ’বগৈ হবলা!

৭.
চাহাবে ক’লে, হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান
হৰিভকতৰ মতে কিন্তু মানুহেই মানুহৰ শ্রেষ্ঠ ভগৱান।

৮.
সূৰ্যৰ দৰে সদায় সত্য কোৰাণ,বাইবেল,গীতা
মানুহকে যদি মানুহ নালাগে কিয়নো এই গাঁথা !

৯.
দেওধনি উঠিছে খহিছে জহিছে মানুহৰ পদুলি
অকোৱা-পকোৱা অমৃত প্রেমৰ পানী তিনিপোৱা
মোৰে শপত, দূৰলৈ নাযাবা গুচি অ’ মোৰ মনৰ মাজুলী |

১০.
এদিন ভাবিলো বানপানী চাবলৈকে ক’ৰবালে যাম
বানপানীয়ে ক’লে,নালাগে আহিব এতিয়া সহজ হ’ল
পোনে পোনে ঘৰলৈকে নি বানপানী তোমাক দেখুৱাম।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts