কভিড-১৯-ৰ ব্যাপক সংক্ৰমণ আৰু তাৰ ফলত দীঘলীয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত সাংস্কৃতিক ক্ষেত্ৰখনত বহুদিনীয়া স্তব্ধতাৰ অন্তত আকৌ ভাল দিনবোৰ ঘূৰি অহা যেন ভাব হৈছে। উজনি অসমৰ অন্যতম সাংস্কৃতিক-সামাজিক অনুষ্ঠান ‘পথাৰ’-এ আয়োজন কৰা ড° ভবেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী চতুৰ্দশ ‘পথাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ’ যোৱা ২৩, ২৪, ২৫ আৰু ২৬ ডিচেম্বৰ ২০২০ তাৰিখে দুলীয়াজান মহাবিদ্যালয় প্ৰেক্ষাগৃহত সফলভাৱে অনুষ্ঠিত হয়। পশ্চিমবংগ, বিহাৰ আৰু অসমৰ মুঠ দহখন নাটক সমাৰোহত প্ৰদৰ্শন কৰা হয়। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত কবি-নাট্যকাৰ ৰফিকুল হোছেইনক ‘পথাৰ প্ৰদীপ্ত’ বঁটাৰে সন্মান জনোৱা হয়।
প্ৰথম নাট্যসন্ধ্যাৰ উদ্বোধনী নাটক আছিল পশ্চিমবংগৰ ‘গোবৰদাংগা মৃদংগম’ পৰিৱেশিত ‘ৰি বাৰ্থ’, পৰিচালক বৰুণ কৰ। সংলাপহীন নাটকখনত অভিনেতাসকলে শাৰীৰিক সঞ্চালন তথা মুখৰ অভিব্যক্তিৰে অভিনয় কৰে। আলোকসম্পাত আৰু মঞ্চসজ্জাৰ ক্ষেত্ৰত ব্যৱহৃত সামগ্ৰীৰে পৰিচালকে মঞ্চত সুন্দৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। নাটকখনে প্ৰকৃতি আৰু মানৱ জীৱন সম্পৰ্কিত একেলগে বহু বিষয় সামৰি লোৱাৰ বাবে কোনো কোনো মুহূৰ্তত দৰ্শকৰ মনোসংযোগ ব্যাহত হৈছে। ইয়াৰ পাছতে সমাৰোহৰ দ্বিতীয়খন নাটক ‘আশা কৰোঁ তোমালোকৰ ভাল’ পথাৰৰ শিশু কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়। প্ৰায় ৩০টা শিশুৰ কলৰৱ আৰু প্ৰাণখোলা অভিনয়ে দৰ্শকক মোহিত কৰিলে। শিশুৰ সৰল মনৰ চিন্তা-চেতনা, আৱেগ-অনুভূতিৰ মননশীল প্ৰকাশ নাটকখনৰ মূল উপজীব্য। পৰিচালকদ্বয়— মৌচুমী বৰপাত্ৰগোহাঁই আৰু দীপিকা গগৈয়ে শিশু আৰু চেমনীয়া শিল্পীসকলৰ পৰা স্বাভাৱিক অভিনয় আদায় কৰাত সফল হৈছে।
সমাৰোহৰ দ্বিতীয় নাট্যসন্ধাৰ প্ৰথমখন নাটক আছিল পাটনাৰ ‘ডিভাইন ছচিয়েল ডেভেলপমেণ্ট অৰগেনাইজেছন’-এ পৰিৱেশন কৰা নাটক ‘ৰংগকৰ্মী’। স্বৰাম উপাধ্যায়ৰ পৰিচালিত নাটক ‘ৰংগকৰ্মী’ আচলতে প্ৰতিজন নাট্যশিল্পীৰে জীৱনৰ এক জীয়া দলিল। কিমান ভালপোৱা থাকিলে বা কিমান উৎসৰ্গিত হ’লে সমাজৰ, আত্মীয়-স্বজনৰ উপেক্ষাৰ যন্ত্ৰণা একাষৰীয়া কৰি ওৰেটো জীৱন নাটকক বুকুত কঢ়িয়াই লৈ ফুৰিব পাৰে, সেয়া কেৱল এজন নাট্যশিল্পীয়েহে অনুভৱ কৰিব পাৰে। নাটক কৰি কি পাব? এই বৃত্তিত ভৱিষ্যৎ কিমান দূৰ সুৰক্ষিত? প্ৰতিজন নাট্যকৰ্মীয়েই হয়তো এনে হাজাৰ প্ৰশ্নৰ সন্মুখীন প্ৰায়ে হ’বলগা হয়। এনে মননশীল বিষয়সমৃদ্ধ নাটকখনৰ লগত প্ৰতিজন দৰ্শকেই একাত্ম হ’ল। ইয়াৰ পাছতে ‘পথাৰ দুলিয়াজান’ৰ নিজা প্ৰযোজনাৰে হেমন্ত বৰপাত্ৰগোহাঁইৰ নাটক ‘ছন্দিত গদ্যত এপিয়লা মদ্য অথবা এটি পদ্য অথবা নৈবেদ্য’ নাটকখন পৰিৱেশন কৰা হয়। আৰ্থ-সামাজিক প্ৰেক্ষাপটত ৰচিত নাটকখন পৰীক্ষামূলকভাৱে নতুন শৈলীৰে উপস্থাপন কৰাত পৰিচালক পৱিত্ৰ চেতিয়া সফল হৈছে। দলীয় সমন্বয়, অভিনেতাসকলৰ জড়তাহীন অভিনয়ে নাটকখন দৰ্শকৰ উপভোগ্য কৰি তুলিছিল।
তৃতীয় নাট্যসন্ধাৰ নিবেদন পাটনাৰ ‘ডিভাইন ছচিয়েল ডেভেলপমেণ্ট অৰগেনাইজেছন’ৰ পৰিৱেশনৰে তথা স্বৰাম উপাধ্যায়ৰ পৰিচালনাৰে আন এখন একক অভিনয় সমৃদ্ধ নাটক— ‘পপকৰ্ন’। ৰে’ল ষ্টেচনত মাকৈ বিক্ৰী কৰা এজন সাধাৰণ যুৱকৰ জীৱন সংগ্ৰামৰ ডুখৰীয়া কিছু ছবি নাটকখনে সামৰি লৈছে। বিশেষভাৱে সক্ষম এগৰাকী মহিলা— টুকিয়াক ফল বিক্ৰেতা এজনে শাৰীৰিকভাৱে অপদস্থ কৰা, সেনা জোৱান হ’ব বিচৰা যুৱকজনৰ সপোন আৰু স্বপ্নভংগৰ বেদনা আদি অত্যন্ত বাস্তৱসন্মত ৰূপত উপস্থাপন কৰা হৈছে। অভিনেতা ধীৰাজ কুমাৰ এগৰাকী প্ৰখৰ চেতনাসম্পন্ন অভিনেতা। প্ৰতীকী মঞ্চসজ্জা, পৰিৱেশ অনুযায়ী কৰা সুন্দৰ আৱহ সংগীত, পোহৰৰ সুষম সমাহাৰে পৰিচালকৰ কুশলতা নিঃসন্দেহে দাবী কৰিছে। ইয়াৰ পাছতে ‘বৰ্ণম বিশ্বনাথ চাৰিআলি’ৰ পৰিৱেশনাৰে কুশল ডেকাৰ পৰিচালনাত ‘অম্বিকা গাথা’ নাটকখন পৰিৱেশন কৰা হয়। নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ নাটকখনৰ মূল চৰিত্ৰ অম্বিকা। সময়ৰ পৰিৱৰ্তন, নতুনৰ আহ্বানত জাহ যাব নোখোজা অম্বিকাৰ শিল্পসত্তা নতুন সংস্কৃতিৰ প্ৰতি যথেষ্ট সন্দিহান। নৱ প্ৰজন্মৰ শিল্প-সংস্কৃতিৰ প্ৰতি এক অহেতুক বিদ্বেষে অম্বিকাৰ মন-মগজু শিপাই এক অস্থিৰ মানসিক অৱস্থা আনিছে। সংস্কৃতিৰ সমন্বয়ৰ নামত অম্বিকাই জ্যোতি-বিষ্ণুৰ শিল্পৰ স্বকীয়তা হেৰুৱাব নুখুজি অকলশৰীয়া হৈ পৰিছে। পিছে অম্বিকাক এই অসহায় মানসিক অৱস্থাৰ পৰা উলিয়াই আনি নৱ প্ৰজন্মই সংগ দিছে। নতুন-পুৰণি সংস্কৃতিৰ সমন্বয়ত শিল্পীৰ আলোকসন্ধানী যাত্ৰাৰ এক শুভ বাৰ্তাৰে নাটকখনৰ পৰিসমাপ্তি ঘটিছে। অভিনেতাসকলৰ পূৰঠ অভিনয়, পৰিৱেশ অনুযায়ী কৰা মঞ্চসজ্জা, পোহৰ আদিৰে নাটকখন দৰ্শকৰ আদৰণীয় হৈছে। তৃতীয় দিনৰ আন এখন নাটক ‘শব্দ যোৰহাট’ৰ পৰিৱেশন তথা উজ্জ্বল পাওগামৰ ৰচনা আৰু পৰিচালনাৰে— ‘দ্য ইণ্টেৰিয়ৰ’। দ্য ইণ্টেৰিয়ৰ নাটখনৰ কাহিনী সৌৰভ কুমাৰ চলিহাৰ একে নামৰ গল্পৰ পৰা লোৱা হৈছে। সৌৰভ কুমাৰ চলিহাৰ গল্পৰ নাট্যৰূপ দিয়াটো যথেষ্ট কষ্টসাধ্য। জীৱনৰ সুখবোৰ অনুধাৱন কৰিব নজনা মানুহে গোটেই জীৱন অলাগতিয়াল বোজা কঢ়িয়াই কটায়। ভিৰৰ মাজত আপোনজনৰ সুঘ্ৰাণ হেৰুৱাই জীৱনৰ অপৰাহ্ণত প্ৰাপ্তিৰ সুখ বিচাৰি হাবাথুৰি খায়। এনে কিছু স্পৰ্শকাতৰ মানৱীয় অনুভূতিৰে সমৃদ্ধ হ’লেও নাটকখন দৰ্শক সৃষ্টিত ব্যৰ্থ হোৱা যেন পৰিলক্ষিত হ’ল। একক অভিনয় সমৃদ্ধ নাটক এখনত দৰ্শকক আদিৰ পৰা অন্তলৈকে বান্ধি ৰাখিবলৈ অভিনেতাজন যথেষ্ট দক্ষ হোৱা প্ৰয়োজন। একঘেয়া অভিনয়, প্ৰকাশভংগীৰ দুৰ্বলতা, কলাসুলভ মঞ্চসজ্জা, আৱহসঙ্গীত তথা বিশেষ নাট্যমুহূৰ্ত সৃষ্টিত পৰিচালকৰ দূৰদৰ্শিতাৰ অভাৱে দৰ্শকক কিছু হতাশ কৰিলে।
নাট সমাৰোহৰ অন্তিম দিনৰ নিবেদন ‘বা, গুৱাহাটী’ৰ দ্বাৰা পৰিৱেশিত নাটক— ‘পদ্মাপ্ৰিয়া’। মামণি ৰয়চম গোস্বামীৰ উপন্যাস ‘দেৱীপীঠৰ তেজ’ৰ আধাৰত একক অভিনয় সমৃদ্ধ নাটক পদ্মাপ্ৰিয়াৰ নাট্যৰূপ, পৰিচালনা আৰু অভিনয় কৰিছে প্ৰতিভাশালী অভিনেত্ৰী পাকিজা বেগমে। মামণি ৰয়চম গোস্বামীৰ সমাজ বাস্তৱতাৰ দিশেৰে সমৃদ্ধ তথা ঘটনাবহুল, চৰিত্ৰবহুল উপন্যাস এখনৰ নাট্যৰূপ আৰু একক অভিনয়েৰে প্ৰদৰ্শন যথেষ্ট প্ৰত্যাহ্বানমূলক। পাকিজা বেগমৰ শক্তিশালী অভিনয়ে সেয়া সহজসাধ্য কৰি আটাইবোৰ চৰিত্ৰক জীৱন্ত ৰূপত দৰ্শকৰ আগত তুলি ধৰিলে। অনুপ হাজৰিকাৰ সংগীত আৰু ডিম্পল দাসৰ পোহৰসজ্জা নাটকখনৰ আন এক যোগাত্মক দিশ, যি নাটকখনক এক সুকীয়া গাম্ভীৰ্য প্ৰদান কৰিছে। নাট্যসন্ধাৰ আন এখন নাটক ধেমাজিৰ ‘থিয়েটাৰী ৰং থিয়েটাৰী ঢং’-অৰ নিবেদন— ‘বাৰু তেনেহ’লে মই আহিলো’। নাট্যকৰ্মী ৰূপান্তৰ বৰপাত্ৰগোহাঁইৰ পৰিচালনাৰ নাটখন হিটলাৰী শাসনকালৰ পটভূমিত নিৰ্মিত। ইহুদি মহিলা জুডিখে নিজ স্বামীৰ মংগলৰ বাবে স্বামীৰ দেশ এৰি যাবলগীয়া হোৱা এটা ঘটনাৰে নাটখনৰ কাহিনী আগবাঢ়িছে। হিটলাৰী সমাজ ব্যৱস্থাই থান থান কৰা এটা পৰিয়ালৰ সদস্য জুডিখৰ মানসিক অৱস্থাৰ জৰিয়তে নাট্যকাৰে ক’লা দিনবোৰৰ সামাজিক, ৰাজনৈতিক ব্যৱস্থাই কিদৰে সাধাৰণ শ্ৰেণীৰ মানুহক পীড়িত কৰে, মূলতঃ তাকেই দেখুৱাব খুজিছে। স্বামী, স্ত্ৰীৰ চৰিত্ৰত প্ৰতিম গগৈ আৰু মৌচুমী বৰপাত্ৰগোহাঁইৰ অভিনয় সাৱলীল। নাট্যসন্ধাৰ অন্তিমখন নাটক ‘পথাৰ দুলীয়াজান’ৰ নিজা প্ৰযোজনা— ‘অনুভূতিৰ এটা পল’। নাটকখন পৰিচালনা কৰিছে ডলী কোঁৱৰে। নাটকখনত মানৱ জীৱনৰ সন্ধিক্ষণৰ কাল— কৈশোৰ অৱস্থাপ্ৰাপ্ত কিশোৰ-কিশোৰীসকলৰ মনস্তত্ত্বৰ সন্ধান কৰিছে। স্পৰ্শকাতৰ সময়ছোৱাৰ কিছু নিৰ্দোষ ধেমালি, সৃজনশীল কামৰ লগতে বিভিন্ন অপৰাধমূলক কামত জড়িত হৈ পৰা এচাম কিশোৰ-কিশোৰীক লৈ নাটকখনৰ কাহিনী আগবাঢ়িছে। কাহিনীৰ প্ৰয়োজন অনুসৰি নৃত্য-গীতেৰে সমৃদ্ধ নাটকখনে তথা অভিনয় শিল্পীসকলৰ সাৱলীল অভিনয়ে দৰ্শকক আমোদ দিলে।
নাট্যচৰ্চাৰ প্ৰসাৰত নিৰৱচ্ছিন্ন গতিৰে বিগত ওঠৰ বছৰে দুলীয়াজানৰ পথাৰ নাট্যগোষ্ঠীয়ে এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এনে নাট সমাৰোহৰ আয়োজনে নাট্যচৰ্চাক এক নতুন গতি দিবলৈ সক্ষম হৈছে। পথাৰৰ এই নাট্যযাত্ৰা বৰ্ণিল হওক। এনে এটা সুন্দৰ অনুষ্ঠানৰ বাবে আয়োজকসকলক অশেষ ধন্যবাদ জনালো।
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক




