নাটক: লখিমপুৰত অসম নাট্য পৰিষদৰ ‘আইদেউ’

নাটক: লখিমপুৰত অসম নাট্য পৰিষদৰ ‘আইদেউ’
  • 24 Dec, 2020

সমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমগৰাকী অভিনেত্ৰী, অসমীয়া চিনেমাত সহ অভিনয়ৰ বাটকীয়া আইদেউ সন্দিকৈৰ জন্ম শতবাৰ্ষিকীৰ শুভাৰম্ভ অনুষ্ঠান ‘অসম নাট্য পৰিষদ’ৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ নগৰৰ দাঁতিকাষৰীয়া হাতীলুং বোৱালগুৰি গাঁৱত ‘হাতীলুং বোৱালগুৰি সমন্বয় যুৱ সংঘ আৰু কৃষ্টিবিকাশ কেন্দ্ৰ’ৰ সহযোগত যোৱা ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰ (২০২০)লৈ অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ১৭ আৰু ১৮ ডিচেম্বৰত অসম নাট্য পৰিষদে নিবেদন কৰে প্ৰতিভাৱান নাট্যকৰ্মী, ‘অসম নাট্য পৰিষদ’ৰ সঞ্চালক তথা ‘নাট্য চিন্তন’ আলোচনীৰ সম্পাদক মিণ্টু শইকীয়াৰ ৰচনা আৰু প্ৰতিষ্ঠিত নাট পৰিচালক ডিব্ৰুগড়ৰ অসীম কুমাৰ শৰ্মাৰ সুদক্ষ পৰিচালনাৰে আইদেউ সন্দিকৈৰ জীৱন আধাৰিত নাটক— ‘আইদেউ’।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ মূল চৰিত্ৰ জয়মতীৰ অভিনয়েৰে অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰখনত কাললৈ খোজ ৰাখি থৈ যোৱা আইদেউ সন্দিকৈয়ে অভিনয়ৰ পাছত সমাজৰ লাঞ্চনা-গঞ্জনাৰ মুখামুখি হৈ এক কৰুণ দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগা হৈছিল। কাৰণ সেই সময়ৰ সমাজ ব্যৱস্থাত এগৰাকী মহিলাই পুৰুষৰ লগত চিনেমা-থিয়েটাৰত অভিনয় কৰাটো সামাজিক দৃষ্টিত এক অক্ষমনীয় অপৰাধ আছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ নিৰ্মাণৰ বাবে অভিনেত্ৰী বিচাৰি সেই সময়ৰ বাতৰি কাকতত বিজ্ঞাপনো দিছিল, কিন্তু কোনো ছোৱালীয়ে চিনেমাত অভিনয়ৰ বাবে আগবাঢ়ি অহাৰ সাহস কৰা নাছিল। সেই সময়তে গোলাঘাটৰ পানীদিহিঙীয়া গাঁৱৰ নীলাম্বৰ সন্দিকৈৰ ছোৱালী আইদেউ সন্দিকৈক সম্পৰ্কীয় এগৰাকী ককায়েক ডিম্বই ‘পানীত ওপঙা ঘৰ’ বা জাহাজ দেখুৱাম বুলি চল কৰি ঘৰৰ পৰা উলিয়াই আনে আৰু জ্যোতিপ্ৰসাদৰ ওচৰ পোৱায়। জ্যোতিপ্ৰসাদে আইদেউক জয়মতীৰ নায়িকা হিচাপে নিৰ্বাচন কৰি শিকাই-বুজাই ছবিত অভিনয় কৰায়। আইদেৱে ছবিত অভিনয় কৰিলে ঠিকেই, কিন্তু তেওঁ গাঁৱৰ ৰাইজৰ ৰোষৰ বলি হ’বলগীয়া হ’ল। ছোৱালী মানুহ পুৰুষৰ লগত অভিনয় কৰিবলৈ যোৱাৰ অপৰাধত গাঁওবাসীয়ে নীলাম্বৰ সন্দিকৈৰ ঘৰখনক এঘৰীয়া কৰি জুই-পানী নিষেধ কৰি দিলে। পৰপুৰুষৰ সৈতে অভিনয় কৰাৰ লগতে গদাপাণি ৰূপী ফুনু বৰুৱাক ‘বঙহৰ দেউ’ বুলি সম্বোধন কৰাৰ অপৰাধত সমাজে তেওঁক চৰিত্ৰহীনা আখ্যা দিলে। ঘৰলৈ উভতি যোৱাৰ পাছত তেওঁক নিজৰ ঘৰত থাকিবলৈ দিয়া নহ’ল। ঘৰৰ একাষৰ গোহালি ঘৰৰ কাষৰ এটি সৰু জুপুৰীত অকলশৰীয়াকৈ থাকিবলৈ দিয়া হ’ল আইদেউ সন্দিকৈক। আইদেউ সন্দিকৈয়েও তেনেদৰেই সমাজৰ মানসিক অত্যাচাৰ, ককৰ্থনা আদিবোৰ নিৰৱে সহি অকলশৰেই সেই জুপুৰীটোত এক নিৰ্বাসিত জীৱন অতিবাহিত কৰিবলৈ ল’লে। কোনো সামজিক বা পাৰিবাৰিক অনুষ্ঠানত তেওঁক অংশগ্ৰহণ কৰিবলৈ দিয়া নহ’ল। আনকি তেওঁ ব্যৱহাৰ কৰা পুখুৰীৰ পানীও অন্য মানুহে ব্যৱহাৰ কৰা নাছিল। তেওঁ অবিবাহিতা হৈয়েই থাকিবলগীয়া হ’ল। তেওঁ কেৱল বাট চাই আছিল— ‘জ্যোতি ককাইদেউ’ আহি গাঁৱৰ ৰাইজক বুজাব, এই দুৰ্বিসহ জীৱনৰ অন্ত পৰিব। কিন্তু সেয়া হৈ নুঠিল। নিজে অভিনয় কৰা ছবিখন, যিখনৰ বাবেই তেওঁ এনে দুখময় জীৱন কটাবলগীয়া হৈছিল, সেইখনো তেওঁ প্ৰায় পঞ্চাশ বছৰৰ পাছতহে চাবলৈ পাইছিল। কোনেও তেওঁৰ একো খবৰ ৰখা নাছিল। কেৱল ছবিত অভিনয় কৰাৰ অপৰাধতে আইদেউ সন্দিকৈয়ে সকলোৰে পৰা অনাদৃতা হৈ এক নিঃসংগ নিৰ্বান্ধৱ, চিৰকুমাৰী জীৱন অতিবাহিত কৰিবলগীয়া হয়। নিজৰ খা-খৰচৰ বাবে সূতা কাটি, তাঁত বৈ, বাঁহৰ কাঠি-কামি কৰি খৰাহি-পাঁচি সাজি সেইবোৰ বিক্ৰী কৰি আইদেৱে নিজৰ ভাতমুঠি কোনোমতে মোকলাইছিল। আনহাতে জয়মতীত অভিনয় কৰি আইদেউ সন্দিকৈ শাৰিৰীকভাৱেও ঘূণীয়া হ’বলগীয়া হ’ল। জয়মতীৰূপী আইদেউ সন্দিকৈয়ে চিত্ৰগ্ৰহণ কালত চাওদাঙৰ চমতা আৰু চোৰাত পাতৰ কোব এনেদৰে খালে যে তেওঁ বহুদিন চিকিৎসাধীন হ’বলগীয়াও হ’ল। কিন্তু সেইবাবে তেওঁ কোনো ধৰণৰ ক্ষোভ বা অভিযোগ কৰা নাছিল। আমৃত্যু তেওঁ সেই চমতাৰ কোবৰ দাগ বহন কৰিলে। এনেদৰেই অসমীয়া ছবিৰ প্ৰতি থকা আন্তৰিক শ্ৰদ্ধা আৰু ভালপোৱাৰ বাবেই এইগৰাকী মহীয়সীয়ে কাললৈ কীৰ্তি ৰাখি নিজে এক যন্ত্ৰণাময় জীৱন পাৰ কৰিবলগীয়া হৈছিল। জীৱনৰ বিয়লি বেলাত চৰকাৰী বা বেচৰকাৰী পক্ষৰ পৰা কিছু সন্মান পালেও সেয়া তেওঁৰ দুৰ্বিসহ জীৱনটোৰ বাবে পৰ্যাপ্ত নাছিল বুলিব পাৰি। ২০০২ চনৰ ১৭ ডিচেম্বৰত এই গৰাকী মহীয়সী নাৰীয়ে আমাৰ মাজৰ পৰা মেলানি মাগিলে। কিন্তু অসমীয়া ছবি জগতৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁ মাইলৰ খুঁটি হৈ জিলিকি ৰ’ল।

আইদেউ সন্দিকৈৰ চৰম ত্যাগ আৰু দুখময় জীৱন কাহিনীক নাটকীয় ৰূপ দি জীৱন্ত কৰি তোলাত নাট্যকাৰ মিণ্টু শইকীয়া সফল হৈছে বুলিব পাৰি। পৰিচালক অসীম কুমাৰ শৰ্মাৰ বলিষ্ঠ নেতৃত্ব তথা দক্ষ পৰিচালনাত লখিমপুৰৰ এচাম ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে নাটকখনৰ প্ৰতিটো চৰিত্ৰক জীপাল কৰি তুলিলে। নাটখনৰ অভিনয় সম্পন্ন হৈছে দহটা মূল চৰিত্ৰ, চাৰিটা গাঁৱৰ মানুহৰ চৰিত্ৰ আৰু কেইটিমান বিশেষ চৰিত্ৰৰ মাধ্যমেৰে। নাটকখনত আটাইকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়েই নিজ-নিজ দায়িত্ব সম্পৰ্কে সচেতন আৰু নিজৰ প্ৰতিভাক সঠিকভাৱে ব্যৱহাৰ কৰিছে বুলিব পাৰি।

অভিনয়ৰ দিশত প্ৰথমেই নাম ল’ব লাগিব নাম ভূমিকাত অভিনয় কৰা চিনাকি অভিনেত্ৰী জেৰীণা বৰুৱা আৰু জোনমণি দত্তৰ। আইদেউ সন্দিকৈৰ মূল চৰিত্ৰটিক জোনমণি দত্ত আৰু সূত্ৰধাৰ চৰিত্ৰটিক জেৰীণা বৰুৱাই জীৱন্ত ৰূপ দিয়াত সফল হৈছে। নীলাম্বৰ সন্দিকৈৰ চৰিত্ৰটিত নাট্যকাৰ-পৰিচালক কৃষ্ণ ভূঞাই আৰু আইদেউৰ মাকৰ চৰিত্ৰত সংগীতা শইকীয়াই নিখুঁত অভিনয়ৰে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। জ্যোতিপ্ৰসাদৰ চৰিত্ৰত জয়ন্ত গগৈয়ে সফলতা দাবী কৰিব পাৰে। একেদৰে ডিম্বৰ চৰিত্ৰত জয়ন্ত কুমাৰ গগৈ, কেশৱৰ চৰিত্ৰত শিশু শিল্পী নৱজ্যোতি তামুলী, কণপোনাৰ চৰিত্ৰত কুলেন্দু ভূঞা, কানিয়াৰ চৰিত্ৰত দেৱপ্ৰতীম বৰা, ডাঙৰ মইনাৰ চৰিত্ৰত মুনীন্দ্ৰ নেওগৰ অভিনয় প্ৰশংসনীয়। একেদৰে গাঁৱৰ মানুহৰ চৰিত্ৰকেইটিত মহেন্দ্ৰ কলিতা, শান্তি বড়ি, মিণ্টু শইকীয়া, দীপেন দত্ত (বায়ন)-ই অভিনয়ৰ ভাৰসাম্য ৰক্ষা কৰিছে। অন্যান্য চৰিত্ৰসমূহত বুলবুল ভূঞা, সুভম ধৰ, তনবীৰ ভূমিজ, অংকুৰ কলিতা, দীপাংকৰ চুতীয়া, বলেন বৰ্মন, কাশ্মিৰী শইকীয়া, গৌৰী খনিকৰ, দৃষ্টি বৰা, ৰিচিতা বৰা, বিউটি গগৈ, সুভম বৰা, হিমাংকু শইকীয়া, প্ৰেমদা বৰগোঁহাই, পৰিস্মিতা শইকীয়া, শৰ্মিষ্ঠা ৰাজবংশী, প্ৰণিতা ভূঞা, তুলিকা হাজৰিকা, চুমি বৰা, প্ৰিয়া সোণোৱাল, প্ৰিয়া চৌধুৰী, ৰিম্পি দাস, দিব্যজ্যোতি শইকীয়া, লুহিতা বৰ্মন আৰু নিপু গোৱালাই পৰিচালকৰ নিৰ্দেশ মানি সুন্দৰ অভিনয়ৰে নিজৰ প্ৰতিভা প্ৰকাশ কৰাত সফল হৈছে বুলি ক’ব পাৰি।

নাটকখনৰ ৰূপসজ্জাত দেৱব্ৰত কাকতি, মঞ্চ ব্যৱস্থাপনাত কৃষ্ণ ভূঞা, সহযোগত নৃপেন বৰা, জিতু খনিকৰ, মিণ্টু ৰাজবংশী, জিতু বৰা, বিজু নায়ক, বিজু গগৈ, অতুল শইকীয়া, অবিনাশ দেৱনাথ, স্বপন বৰ্মন, সুজন দেৱনাথ, গোবিন সোণোৱাল, শংকৰ দেৱনাথ, নয়নজ্যোতি তামুলী, ৰাজীৱ দেৱনাথ, বিজিত বৰা, বিপুল দেৱনাথ, মুনু গড়, আৱহ সংগীতত দৰ্পণ গগৈ, তীৰ্থৰঞ্জন গগৈ, মঞ্জিল কুমাৰ গগৈ, নিৰঞ্জন দাস, জিজ্ঞাস বৰুৱা, শুভম ধৰ, শব্দ আৰু পোহৰ পৰিকল্পনাত কুলেন্দু ভূঞা আৰু ৰঞ্জিত বৰাই পৰিচালকৰ নিৰ্দেশ নিখুঁতভাৱে পালন কৰি নাটখন সামগ্ৰিকভাৱে সফল হোৱাত অৰিহণা যোগালে।

✽ | আৰু পঢ়ক: মৰিগাঁৱত ৰফিকুল হোছেইনৰ পৰিচালনাৰে ‘ডাকোৱাল, দ্য প’ষ্টমেন’

এক কথাত, সুদক্ষ পৰিচালক অসীম কুমাৰ শৰ্মাই নিজস্ব পৰিচালকীয় দৃষ্টিকোণেৰে আইদেউ সন্দিকৈক জীৱন্ত ৰূপত উপস্থাপন কৰিবলৈ যে সাধ্যানুযায়ী চেষ্টাৰ ত্ৰুটি কৰা নাই, সেয়া স্পষ্ট হৈ পৰিছে। আমাৰ বিশ্বাস, নাট্যশিল্পী অসীম কুমাৰ শৰ্মৰ প্ৰচেষ্টাত অসমীয়া নাট্য আন্দোলনে এক স্বকীয় ৰূপ লৈ উজলি উঠিবলৈ সক্ষম হ’ব আৰু ‘অসম নাট্য পৰিষদ’-এও ভৱিষ্যতলৈ অধিক সফল আৰু শক্তিশালী নাটক প্ৰযোজনাৰে এই দিশত সবল খোজ দিবলৈ সক্ষম হ’ব।

ছবি: প্ৰাণজিৎ বৰুৱা ফটোগ্ৰাফী (লেখকৰ সৌজন্যত)

নাটক: লখিমপুৰত অসম নাট্য পৰিষদৰ ‘আইদেউ’ | হিমাংশু ৰণ্‌জন ভূঞা