প্রাসংগিক চিন্তা: হেঁপাহৰ বিহুটি আজি কোন দিশে

প্ৰকাশ: ৯ এপ্ৰিল, ২০১৮ | অন্তিম সম্পাদনা: ৮ এপ্ৰিল, ২০১৮

অসমীয়া জাতীয় জীৱনৰ প্রাণ-স্পন্দন, অতিকৈ হেঁপাহৰ বিহু বৃহত্তৰ লুইতপৰীয়া অসমীয়া কৃষিজীৱী চহা সমাজৰ কৌটিকলীয়া উৎসৱ, লােকজীৱনৰ বুনিয়াদ আৰু লােক-সংস্কৃতিৰ দাপােণ স্বৰূপ। অনাদি কালৰে পৰা পালন কৰি অহা বিহুটি অসমীয়াৰ ঐতিহ্য আৰু অসমীয়াৰ পৰিচয়। প্রকৃতপক্ষে অসমীয়া সমাজ জীৱনৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ধৰণ-কৰণ, পিন্ধন-উৰণ, খেতি-বাতি, খােৱা-বােৱা, চিন্তা-কল্পনা আদি এনে এটা দিশ নাই যিসমূহ বিহুৰ মাজেদি প্রতিফলিত হােৱা নাই। তাৰ লগে লগে বিহুৱে সামাজিক ঐক্য-সম্প্রীতি আৰু জাতীয়তাবােধ সৃষ্টিত মহত্বপূর্ণ অৱদান আগবঢ়াই আহিছে। হেঁপাহৰ বিহুটিয়ে যি উচ্ছাস, প্রীতি আৰু আনন্দময়তাৰ সৃষ্টি কৰে, বােধকৰােঁ আন কোনাে উৎসৱেই সেয়া সৃষ্টি কৰিব নােৱাৰে। যুগে যুগে বিহুৰ সৈতে অসমীয়া মানুহৰ এক গভীৰ আবেগিক সম্পর্ক জড়িত হৈ আছে। প্রকৃতিৰ বৈচিত্র্যময় ৰূপ-বৈভৱৰ পৰিৱৰ্তন আৰু কৃষিকেন্দ্রীক লােকজীৱনৰ সহজ-সৰল জীৱন-যাত্ৰাৰ মাজতেই এদিন বিহুৰ উৎপত্তি হৈছিল। ‘আমাৰ বিহু ভাঙোতা নাই’ বুলি চামে চামে ডেকা-গাভৰুৱে বিহুৰ সৈতে আত্মীয়তা ঘােষণা কৰি আহিছে। বিহু আনন্দ-উলাহ, মৰম-চেনেহ, ভাতৃত্ব-বন্ধুত্বৰ উৎস। এই বিহুটিৰ লগত অসমত বসবাস কৰা পাহাৰ-ভৈয়াম, ধর্ম-বর্ণ, জাতি-উপজাতি নির্বিশেষে সকলােৰে সম্পর্ক নিবিড় হৈ আছে বাবেই বিহুৰ মৰমত প্ৰতিগৰাকী অসমবাসীৰ হৃদয়ত তৎপৰতা আৰম্ভ হয়। বিহু সম্পর্কে ১৯৪৮ চনত ডিব্ৰুগড়ত দিয়া এটি ভাষণত জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, “বিহু উৎসৱত অসমীয়া উচ্চ সংস্কৃতিৰ লগতে থাকে জনসংস্কৃতিৰ পােহৰ। অসমীয়া বিহু উৎসৱ আচলতে এখন অসমীয়া সাংস্কৃতিক মেলা, য’ত উচ্চ সংস্কৃতি আৰু জনসংস্কৃতিৰ বছৰেকীয়া মিলন হয়। সেই কাৰণেই বিহু উৎসৱ অসমীয়া সাংস্কৃতিক জীৱনৰ এটা বছৰেকীয়া সমাৱেশ। প্রকৃতিয়ে নতুন ৰূপ লােৱাৰ সময়ত অসমীয়া মানুহেও জীৱনৰ সকলাে ক্ষেত্ৰৰে ভালৰাে ভালখিনি লৈ সেইদিনা থিয় হয় নতুন বছৰক আদৰিবলৈ, নতুন দিনৰ সপােন দেখি। সেই কাৰণেই নতুন দিনৰ সপােন দেখা অসমীয়াৰ কাৰণে আজি বিহু উৎসৱ আটাইতকৈ মূল্যৱান উৎসৱ— নতুন সংস্কৃতি গঢ়াৰ ফালৰ পৰা।” বিহুৱে বৃহত্তৰ অসমীয়া জাতিটোক জীয়াই থকাৰ সাৰ-পানী যােগাই আহিছে। এটা কথা ঠিক যে যিদিনাই বিহুটিয়ে আমাৰ মাজৰ পৰা বিদায় লােৱাৰ উপক্রম হ’ব, সিদিনাই আমাৰ অসমীয়া বুলি চিনাকি দিয়া এই জাতিটোৰাে অপমৃত্যু ঘটিব। বহুকাল ধৰি অসমীয়া মানুহে ‘বিহু আনন্দীয়া বিহু বিনন্দীয়া’— এই ৰূপতে প্রত্যক্ষ কৰি আহিছে।

বিহু উৎসৱটোৰ বুকুতে অসমীয়া সংস্কৃতি আৰু জাতীয় জীৱনৰ সিংহভাগ সমল পােৱা যায বাবেই বিহুক অসমীয়া লােক-সংস্কৃতিৰ শ্রেষ্ঠতম সম্পদ হিচাপে গণ্য কৰা হয়। অসমৰ বিভিন্ন জাতি-জনগােষ্ঠীক সাঙুৰি লৈ একতা-সম্প্রীতিৰ ডােলেৰে বান্ধি লােৱা বাপতি সাহােন বিহুটিক চহা জীৱনৰ মাজৰ পৰা অষ্টাদশ শতিকাৰ আৰম্ভনিত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজপৃষ্ঠপােষকতাৰে ৰংঘৰৰ বাকৰিত আনুষ্ঠানিকভাৱে সামাজিক মর্যদা প্রদান কৰিলে। নানা জাতি-উপজাতিৰ বিশাল সাংস্কৃতিক বিনিময়ৰে গঢ়ি উঠা বৃহৎ অসমীয়া জাতিক বিশিষ্ট মর্যাদা প্রদান কৰাৰ বাবেও এই বিহু উৎসৱে বিশেষভাৱে অৰিহণা যােগাই আহিছে আৰু সাংস্কৃতিক সমন্বয়-সংহতিৰ ধ্বজা স্থাপন কৰি জাতীয় জীৱনৰ ভেটি সুদৃঢ় কৰি ৰাখিছে। উচ্চ-নীচৰ প্ৰাচীৰ নমনা বিহুৱে মানুহৰ অন্তৰৰ পৰা অন্তৰলৈ বিয়পাই সঁচা ভাতৃত্ববােধ, মৰম, চেনেহ, আত্মীয়তা আৰু শান্তিৰ বন্যা। বিহুৱে পাহৰাই ধনী-দুখীয়াৰ প্রভেদ, জাতি-বর্ণ-গােষ্ঠীৰ সংকীর্ণতা আৰু ৰক্ষণশীলতাৰ ঠেক মনােভাৱ। বিহুৰ সার্বজনীন ৰূপ, ধর্ম নিৰপেক্ষতা, সাংস্কৃতিক বিশিষ্টতাৰ বাবে ধর্ম-বর্ণ-জাতি-উপজাতি নির্বিশেষে সকলােৱে দ্বিধাহীনভাৱে বিহুক আঁকোৱালি লয়। তদুপৰি, বিহু উৎসৱৰ নৃত্য-গীত আৰু সামাজিক-সাংস্কৃতিক পৰম্পৰাই, কৃষ্টিৰ বিনন্দীয়া সুৰে মানুহৰ মন পােহৰাই তােলাৰ লগতে নিজস্ব স্বাভিমান আৰু জাতীয়তাবােধৰ বৈশিষ্টৰে সমুজ্জ্বল বৃহত্তৰ অসমীয়া সমাজ জীৱনক মহীয়ান কৰি তুলিছে। আচলতে, বিহুৰ গাত ভেঁজা দিয়েই অসমীয়া সংস্কৃতি আৰু জাতীয় জীৱন আগবাঢ়ি আহিছে আৰু অনাগত দিনবােৰতাে আগবাঢ়ি যাব।

BIHU DANCE UNDER A TREE IN NAGAON,ASSAM,INDIA.
ছবি: দিগন্ত তালুকদাৰ | CC2.0 (Flickr)

পিছে পৰিৱর্তিত সময় আৰু সমাজ ব্যৱস্থাৰ সৈতে খােজ মিলাই আমাৰ বুকুৰ আমঠু বিহুটিও ৰূপান্তৰ বা বিৱৰ্তনৰ পথেৰে আগুৱাই আহিল। সময় গতিশীল। এই গতিশীলতাত সমাজৰ ৰীতি-নীতি, পৰম্পৰা, জীৱন-ধাৰাৰ প্ৰক্রিয়াৰাে পৰিৱর্তন হয়। গতিকে সংস্কৃতিৰ পৰিৱৰ্তন হােৱাটো অনিবার্য। পৰিৱৰ্তনৰ কোবাল সোঁতত পৰি অসমীয়াৰ বাপতি সাহােন বিহুটি আজি এক আড়ম্বৰপূৰ্ণ সুবৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। একালৰ বৰপথাৰৰ যুৰীয়া আঁহতৰ তলৰ বিহু চোতাল গৰকি এসময়ত মঞ্চলৈ উঠিল আৰু এতিয়া ইণ্টাৰনেটৰ জৰিয়তে সমগ্র বিশ্বতে বিয়পি পৰিল। সম্প্রতি ৰাজ্যখনৰ আটাইকেইটা নিউজ চেনেল, বিভিন্ন ডিজিটেল মাধ্যম, চ’ছিয়েল মিডিয়া আদিয়ে বিহুৰ পৰম্পৰাগত ৰীতি-নীতি, নৃত্য-গীতক জগতসভাত প্রতিষ্ঠা কৰাত যথেষ্ট সবল ভূমিকা পালন কৰিছে।

বিহু সংস্কৃতি বুলিলে বিহু আৰু ইয়াৰ সৈতে জড়িত ভালেমান সামাজিক লােকাচাৰ আৰু থলুৱা লােক-কৃষ্টি আধাৰিত নৃত্য-গীতৰ কথাই মনলৈ আহে। অৱস্থা আৰু পৰিৱেশ ভেদে জনজীৱনৰ বিচিত্র লীলাভূমিৰ হাঁহি-কান্দোন, অশ্রু-বেদনা, আশা পূর্ণ হােৱা আৰু আশাহত হােৱাৰ দোমােজা আদি বিচিত্র অভিজ্ঞতাৰ বহিৰ্প্রকাশেই বিহু নৃত্য-গীতসমূহক স্বকীয়তা প্রদান কৰিছে। সম্প্রতি বিহুৰ গ্রহণযােগ্যতা সাৰ্বজনীন। এসময়ত এনে সংকটপূর্ণ দিন আছিল, যেতিয়া বিহুক এচাম তথাকথিত ৰক্ষণশীল লােকে শ্লীলতা-অশ্লীলতাৰ আওতালৈ নি বিতৰ্ক কৰিছিল সমাজ গুচিল বুলি। কিন্তু পৰিৱর্তিত সময়ৰ লগে লগে বিহুয়ে আজিৰ অৱস্থা পাইছে। বর্তমান বিহু আন্তঃৰাষ্ট্রীয় মর্যাদাপ্রাপ্ত সর্বসমাদৃত সংস্কৃতি।

এটা কথা ঠিক যে আধুনিক নগৰকেন্দ্রীক সংস্কৃতিৰ প্ৰভাৱে গ্রামাঞ্চললৈ বাট পােনােৱাৰ লগে লগে বিহুৰ গাত এটাৰ পাছত আনটো আঁচোৰ পৰিবলৈ ধৰে। ফলত ভালেমান পৰম্পৰাগত আচাৰ-আচৰণ এৰাপলৰীয়া হ’ল। বৰপথাৰৰ যুৰীয়া আঁহতৰ তলৰ পৰা চহৰৰ ৰংচঙীয়া মঞ্চত উঠাৰ পাছৰ পৰাই বিহুৰ নামত কিছুমান বিজতৰীয়া অপচিন্তা আৰু অন্ধ অনুকৰণে গুৰুত্ব লভিবলৈ ধৰিলে, যাৰ বাবে অসমীয়া সমাজ-জীৱনৰ মৰ্যাদাপূৰ্ণ ভেটিটোত, গৰিমাপুষ্ট সংস্কৃতিৰ ভেটিটোত কেণা লাগিবলৈ আৰম্ভ কৰিলে। পশ্চিমীয়া অপসংস্কৃতিৰ তীব্ৰতাত অসমীয়া জাতীয় উৎসৱ ৰঙালী বিহুটিৰো নান্দনিক সৌন্দর্য আৰু স্বকীয় বৈশিষ্ট্য হেৰুৱাই লঠঙা ৰূপ ল’বলৈ বৰ বেছি দিন নালাগিল। ভােগবাদ-বস্তুবাদৰ আঁচোৰত বিহুৰ জীয়া ৰূপটি তেনেই জুৰুলা হৈ পৰিল।

আধুনিকতাৰ পােছাক পিন্ধি আজি বিহু সংস্কৃতি এনে এটা অৱস্থাত উপনীত হৈছে যে এতিয়া অসমত গছ-বিৰিখৰ ন-কুঁহিপাত, কুলি-কেতেকীৰ মিঠা মাতত বিহু নাহে, বিহু আহে নিতৌ মুক্তিলাভ কৰা শ শ বিহুগীত আৰু নিউজ চেনেলসমূহে নিতৌ অনুষ্ঠিত কৰা বিহু বিষয়ক বর্ণাঢ্য কাৰ্যসূচীবােৰৰ গীত-মাতৰ লহৰতহে। মাঘবিহুৰ অগা-পিছাকৈ অসমৰ প্রায়সংখ্যক শিল্পীয়েই কিছুদিন আগলৈকে কেছেট আৰু চিডি-ভিচিডি হিচাপে আৰু সম্প্রতি বিভিন্ন চছিয়েল মিডিয়া, ইউটিউব আৰু বিভিন্ন সংগীতৰ ৱেবচাইটৰ মাধ্যমত মুক্তি দিয়ে আধুনিক যন্ত্রসংগীতৰ ব্যৱহাৰৰে ব্যৱসায়ভিত্তিত নির্মাণ কৰা বিহুৰ বিভিন্ন অডিঅ’-ভিডিঅ’ গীত। প্রতি বছৰে হাজাৰৰাে ওপৰ এনেধৰণৰ আধুনিক বিহুগীতে মুক্তি লাভ কৰি আহিছে, জনপ্রিয়তাও লাভ কৰিছে। কিন্তু সিবােৰৰ কিমান সংখ্যকত বিহুৰ স্বকীয় ৰূপ-ৰস ফুটি উঠিছে, সেয়াহে আজি বিচার্যৰ বিষয়। তদুপৰি পশ্চিমীয়া সংগীত সম্পৰ্কে কোনাে অধ্যয়ন নকৰাকৈ বা ন্যূনতম ধাৰণা নােলােৱাকৈ বলিউদৰ হিন্দী গীতত ব্যৱহাৰ কৰা ৰেপ সংগীতৰ ধাৰণা নকল কৰি সম্প্রতি অসমৰ এচাম নতুন প্রজন্মৰ গায়কে পৰম্পৰাগত বিহুগীতত এই আধুনিক সাংগীতিক ধাৰণা ব্যৱহাৰ কৰি এনিশাৰ ভিতৰতে জনপ্রিয় হােৱাৰ সস্তীয়া প্রতিযােগিতাত নামি পৰিছে। আনহাতে, ফাগুন মাহৰ মাজভাগৰ পৰাই বিহুক লৈ অসমৰ প্ৰতিটো নিউজ চেনেলে প্রায় প্রতিদিনেই গীত-মাত, নৃত্যৰ সমাহাৰেৰে বিহুৰ সাংস্কৃতিক অনুষ্ঠান সম্প্রচাৰ কৰে। বিহুক লৈ প্রায় দুই-তিনি মাহ ভীষণ ব্যস্ত হৈ পৰে অসমৰ নিউজ-চেনেলসমূহ। টিআৰপিৰ নিগনি দৌৰত নিজৰ ব্যৱসায়িক লাভালাভৰ স্বাৰ্থত বিহুৰ নামত চ’তৰ শেষভাগৰ পৰা জেঠৰ মাজভাগলৈকে সস্তীয়া-তৰল গীতৰে ৰাতিটোৰ ভিতৰতে জনপ্রিয় হােৱা এচাম শিল্পী বা গায়কক লৈয়ে নিতৌ তেওঁলােকৰ এই ‘বিহুমেলা’বােৰ পাতি আহিছে। কিন্তু বিহুৰ নামত চেনেলসমূহে পতা এই সাংস্কৃতিক কার্যসূচীৰ জৰিয়তে ৰাইজ কিমান উপকৃত হৈছে? এইবোৰৰ পৰা উঠি অহা চামে অসমীয়া সংস্কৃতিৰ প্রতীক বিহুৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছেনে? এয়া আজিৰ আটাইতকৈ ডাঙৰ প্রশ্ন। তাৰ বিপৰীতে, অসমৰ প্রতিখন গাঁও, প্রতিটো অঞ্চলতে বহুসংখ্যক শিল্পী আছে, যিসকলে ওৰেটো জীৱন বিহু সংস্কৃতি, বিহু নৃত্য-গীতৰ সাধনা কৰি আহিছে। ইটো পুৰুষৰ পৰা সিটো পুৰুষলৈ বিহু নৃত্য-গীতৰ সুবাস বিলাই আহিছে। অসমৰ প্রতিটো নিউজ-চেনেলে বিহুক লৈ আয়ােজন কৰা এনেধৰণৰ তুলুঙা সাংস্কৃতিক অনুষ্ঠানৰ বিপৰীতে যদি অসমৰ গাঁৱে-ভূঞে বিহু সংস্কৃতিৰ সাধনাৰে জীৱন পাৰ কৰা এনে শিল্পীসমূহক মাতি আনি প্রতিদিনেই বিহুৰ অনুষ্ঠান বা তেওঁলােকৰ প্রতিভা আৰু তেওঁলােকৰ হাতত থকা বিহুগীত-নৃত্যৰ সমলসমূহ ৰাইজৰ আগত প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্রহণ কৰে, নিশ্চিতভাৱে উঠি অহা চামে বিহু সম্পৰ্কত প্রকৃতাৰ্থত কিছু জ্ঞান লাভ কৰাৰ সুযােগ লাভ কৰিব। লগতে বিহু সংস্কৃতিৰ উত্তৰণৰ দিশত ই এক বলিষ্ঠ পদক্ষেপ হ’ব আৰু চেনেলসমূহে ৰাইজৰাে সমাদৰ লাভ কৰিব।

আৰু পঢ়ক:  অসমৰ অৰ্কিড অর্থনীতি
12
ছবি: বিক্ৰমজিৎ কাকতি

দেখা গৈছে, প্রথম বিহুৰ দিনা পানী অনাৰ চলেৰে নৈৰ ঘাটলৈ গৈ মনৰ আপােন চেনাইটিক উপহাৰ দিবলৈ চাদৰৰ ভাঁজত লুকুৱাই নিবলগীয়া শতস্বপ্নৰ দীঘ-বাণীৰে সজোৱা চেনেহীৰ হেঁপাহৰ বিহুৱানখন কলিকতা, মাদ্ৰাজৰ কটন মিলৰ পৰা বাটকুৰি বাই আহি ফাগুনৰ মাজভাগতে চহৰৰ অভিজাত ক্লথ ষ্টৰ বা শ্বপিং মলৰ শ্ব’কেচ্ছত শােভাবর্ধন কৰেহি। চ’তৰ মাজভাগৰ পৰাই তৰাপাত, মাখিয়তী গছৰ ঠাল আদি সংগ্রহত ব্যস্ত হৈ পৰে অনা অসমীয়া বেপাৰী। আজি চ’তৰ শেষত ঢেঁকীৰ ধৰণী কঁপােৱা মাত শুনিবলৈ পােৱা নাযায়। আধুনিকতাই কোবােৱা গৃহিনীহঁতে বজাৰৰ পৰা কিনি অনা জা-জলপান, পিঠা-পনাৰ পেকেটবােৰৰেই ‘পৰৰ পিঠাৰে বিহু’ পাতে। বহুতে আকৌ ‘ষ্টেণ্ডার্ড মেন্টেইন’ কৰিবলৈ গৈ অসমীয়া পিঠা-পনাৰ ঠাইত হােটেলৰ নানা সুস্বাদু মিঠাই, বুন্দিয়া-ভুজীয়া, লুচি-ভাজি আদিৰেই বিহুৰকেইদিন অতিথি অাপ্যায়ন কৰে। এতিয়া আৰু ঢােল-পেঁপা-গগনাৰ মাত শুনিবলৈ বৰপথাৰৰ মাজৰ যুৰীয়া আহঁতৰ তললৈ যােৱাৰ প্রয়ােজন নাই, যাব লাগে ৰং-বিৰঙৰ পােহৰে আৱৰা মঞ্চৰ কাষলৈ, য’ত বিহুৰ পৰম্পৰাগত নৃত্য-গীতৰ ঠাইত কিছুমান অতি আধুনিকতাই আৱৰি লােৱা নৃত্য-গীতৰ পয়ােভৰ ঘটে। বহু লাখ টকীয়া বিলাসী গাড়ী, মহানগৰীৰ মাজমজিয়াৰ ফ্লেট, বিভিন্ন আ-অলঙ্কাৰ, পাট-মূগাৰ ছেট, হাজাৰ হাজাৰ টকাৰ উপহাৰ সামগ্ৰী আদিৰ স্বপ্নত বলিয়া হৈ সম্পূর্ণ প্রতিযােগিতামুখী প্রফেচ’নেল মানসিকতাৰে ফাগুনৰ মাজভাগৰ পৰাই আখৰাত ব্যস্ত হৈ পৰে বিহুৱা ডেকা-গাভৰু। দেশৰ ভিতৰতে অর্থনৈতিকভাৱে জুৰুলা ৰাজ্য অসমত বিহুৰ বতৰত বিশেষকৈ বহাগৰ আৰম্ভনিৰ পৰা আষাৰ মাহৰ মাজভাগলৈকে সর্বত্রতে লাখ-লাখ টকা ব্যয়ৰে অনুষ্ঠিত কৰা হয় ‘মৌ-কুঁৱৰী’, ‘বিহু-কুঁৱৰী’, ‘বিহু-সম্রাজ্ঞী’ আদিৰ দৰে প্রতিযােগিতা। ইয়াৰ উপৰিও অঞ্চলটোৰ বা গাঁওখনৰ উঠি অহা ল’ৰাছােৱালীখিনিক নৃত্য-গীত পৰিৱেশনৰ পৰা বঞ্চিত কৰি আঁতৰৰ কোনােবা নামী-দামী জনপ্রিয় শিল্পীক মাতি আনি গীত গােৱালেহে বিহুমেলাৰ মান বৃদ্ধি হ’ব— এই ধৰণৰ মানসিকতাইয়ো আজি সমাজখনত বাৰুকৈয়ে শিপাইছে। জাতীয় কলা-কৃষ্টিৰ জ্ঞান নথকা, এটি-দুটি সস্তীয়া গীত গায়েই বাতৰি কাকত, নিউজ-চেনেলত বিজ্ঞাপনৰ ফুলজাৰিৰে জনপ্ৰিয়তাৰ লেবেল লগােৱা এনে বহু পাবতগজা ‘শিল্পী’য়ে নিশা দুপৰত মঞ্চত উঠি ৰাইজলৈ হাত ভৰি এছাৰি, গীত নাগাওঁতেই ৰাইজক নির্লজ্জভাৱে হাতচাপৰি বিচাৰি যি এক বিকৃত পৰিৱেশ সৃষ্টি কৰে, সেয়া নিশ্চয়কৈ নিন্দনীয়। বিহুৰ মান-মর্যাদা, স্বকীয়তা পাহৰি এনে তথাকথিত বিহুমেলাবােৰত এনে শিল্পীয়ে পৰিৱেশন কৰা গীতৰ তালে তালে সুৰাসক্ত যুৱক-যুৱতীয়ে মঞ্চৰ সন্মুখভাগত কৰা সীমা চেৰাই যােৱা অতপালিবােৰ এতিয়া নিতান্তই সাধাৰণ কথা হৈ পৰিছে। আৰু এই বহুৱালিবােৰ কৰিবলৈকে নিশা দুপৰলৈকে ৰাষ্ট্ৰীয় ঘাইপথত সৰু-বৰ সকলাে যান-বাহনক হেঙাৰ দি ‘চান্দা তােলা’ দুষ্কৃতি বিহুৰ বতৰত নিচেই চিনাকি ব্যৱস্থা হৈ পৰিছে। আনহে নালাগে, আজি অসমীয়া ৰাইজে বিহুৰ বতৰত বিহুমেলাখন পাতিবলৈ বিদেশী বণিয়া (কোম্পানী)ৰ ওচৰত আর্থিক সহায় (স্পনশ্বৰ) বিচাৰি ভিক্ষাৰীৰ দৰে হাত পাতিবলগীয়া হৈছে। অন্যহাতে, বিহুৰ কেইদিনত চৰকাৰী-বেচৰকাৰী মদৰ দোকানত বিক্ৰীৰ পয়ােভৰ চলে। অন্যান্য অঞ্চলৰ কথা বাদেই, গুৱাহাটী মহানগৰীৰ একোখন চৰকাৰী মদৰ বিপনীত বিহুৰ কেইদিনৰ এটা ৰাতিত কোটিৰ ঘৰত মদ বিক্ৰীৰ ৰেকর্ডো নথকা নহয়। আজি আমাৰ বহু গ্রামাঞ্চলত হুঁচৰি গাবলৈ যােৱাৰ নামত দোভাগ ৰাতি গাভৰু ছােৱালী থকা ঘৰৰ পদূলিত মাতাল যুৱকৰ অশ্লীলতাৰ বহুৱালি চিনাকি দৃশ্য হৈ পৰিছে। মুঠতে আজি আমি মদৰ যােগাৰ নহ’লে বিহু পাতিব নােৱৰা হৈছােঁ। বিগত ভালেমান বছৰৰ পৰা দেখি অহা এনেধৰণৰ কর্মকাণ্ডই যে বিহু সংস্কৃতিলৈ অশনি সংকেত কঢ়িয়াই আনিছে সেয়া নিশ্চিত। এই সম্পর্ক সচেতনসকলে গভীৰভাৱে ভাবি চাবৰ হ’ল।

| আৰু পঢ়ক: ঢকুৱাখনাৰ ফাটবিহু আৰু পৰিৱৰ্তনৰ নিয়তি

ছবি
ছবি: দ্বিজেন মহন্ত

প্রকৃতপক্ষে ক’বলৈ গ’লে, বর্তমান আমাৰ অসমীয়া মানুহখিনিৰ সুস্থ মানসিকতা, বিচাৰ-বিবেচনাবােৰ যেন ক্রমান্বয়ে লােপ পাবলৈ ধৰিছে, আমি যেন এক চাকনৈয়াত উটি-ভাহি ফুৰিছােঁ, যাৰ বাবে আমাৰ বাপতিসাহােন বিহুটিৰ চিৰবিনন্দীয়া ৰূপ-সৌন্দর্যখিনি ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে। আজি আমাৰ সমাজত বিহুক কেন্দ্ৰ কৰি যিবােৰ নেতিবাচক চিন্তা-চৰ্চা আৰু অপসংস্কৃতি গঢ় লৈ উঠিছে, সেইবােৰ আঁতৰাই জাতিটোৰ সুস্থ চিন্তা-চেতনাক ঊর্ধ্বত ৰাখি মানসিক দিশটোক নিকা কৰাৰ অর্থে প্রতিজন অসমীয়াই আন্তৰিকতাৰে চেষ্টা কৰাটো অতিকে প্রয়ােজনীয় হৈ পৰিছে। আমি পাহৰি যাব নালাগে যে বিহুৰ অন্তর্নিহিত তাৎপর্যই হ’ল অসমীয়া সংস্কৃতিৰ, অসমীয়া জাতিৰ দাপােণ। এনে প্রেক্ষাপটত বিহুৰ অতীতৰ সেই বিনন্দীয়া ৰূপটি ঘূৰাই আনিব নােৱাৰিলেও চেষ্টা কৰিলে ইয়াৰ পৰম্পৰাগত ৰীতি-নীতি আৰু ঐতিহ্য ৰক্ষা কৰি উঠি অহা চামলৈ শুদ্ধৰূপত বিহুক প্রবাহিত কৰাৰ ক্ষেত্ৰত কিছু হ’লেও সফল হ’ব পাৰিম।

| আৰু পঢ়ক: বিহু আৰু কিছু আনুষঙ্গিক

বিহুৰ বতৰত সচেতন সকলক এনে দিশবােৰে ভবাই তােলক আৰু সৰ্বসাধাৰণক আনন্দৰ একেডালি ডােলেৰে বান্ধি পেলাওক।

ফিচাৰড্ ইমেজ: কঙ্কণ হাজৰিকা

লেখকৰ ঠিকনা: মাধৱ গাঁও, জামুগুৰিহাট, শোণিতপুৰ

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “প্রাসংগিক চিন্তা: হেঁপাহৰ বিহুটি আজি কোন দিশে”

  1. দুলাল চন্দ্ৰ বৰুৱা Avatar
    দুলাল চন্দ্ৰ বৰুৱা

    সুন্দৰ শব্দ চয়ন, সুন্দৰ বাক্য গাঠনি। বিশ্লেষণ আধাৰিত বক্তব্য। ভূঞাক অশেষ ধন্যবাদ। দুই-এটা বৰ্ণাশুদ্ধি আছে,আগলৈ শুধৰণিৰ আশা কৰিলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts