চণ্ডাল

প্ৰকাশ: ৩০ ছেপ্তেম্বৰ, ২০১৮ | অন্তিম সম্পাদনা: ৩০ ছেপ্তেম্বৰ, ২০১৮


যাদৱ দোকানী মৰিল। মৰিল মানে, চিপজৰী ল’লে। তাৰ আৰু বেলেগ উপায়ো নাছিল। ঘূৰাই নোপোৱা বাকীৰ হিচাপবোৰ বৰ দীঘলীয়া হৈ গৈছিল। মানুহজনী আৰু ল’ৰা-ছোৱালীকেইটাৰ হাঁড়ে-ছালে লগা দেহা, জহি-খহি যোৱা সাতামপুৰুষীয়া ঘৰটো, দোকানৰ বাকীৰ খাটাবোৰ— এই চকৰিটোৰ পৰা বেচেৰা ওলাবই নোৱাৰিলে।

আৰু এতিয়া গোটেই গাঁওখনেই বাকী পৰিশোধ কৰিবলৈ আহিছে। ঘিঁউৰ বটলৰ পৰা ধূনাৰ মলালৈকে সকলো নিমিষতে যোগাৰ হৈ গৈছে। অজাতি ছোৱালী বিয়া কৰাই পৰিয়ালৰ পৰা আঁতৰি অহা বহু বছৰেই হ’ল, তথাপিও কিন্তু যাদৱ দোকানীৰ শৱ কঢ়িওৱা মানুহৰ অভাৱ হোৱা নাই। বগা কাপোৰেৰে ঢকা শৱটো কান্ধত লৈ আগত চাৰিজন মানুহ আৰু পিছে পিছে এজাক মানুহৰ হৰিধ্বনি। সকলোৰে যেন এটাই উদ্দেশ্য, কিবা কৰি বাকীৰ খাটাৰ পৰা নামটো কটাব পাৰি নেকি!

চহৰখনৰ পৰা এক ফাৰ্লংমান আহিলেই নদীখন। তাৰে পাৰত কালী মন্দিৰটো আৰু চহৰখনৰ একমাত্ৰ শ্মশানখন। বটগছ আৰু জৰিগছেৰে ভৰি আছে পৰিসৰটো। ঘন জোপোহা আৰু নানাবিধ গছে আগুৰি আছে চাৰিও কাষ। কালী মন্দিৰটোৰ পৰা কেইখোজমান আঁতৰতে এটা জুপুৰি। পিৰালীৰ ওচৰৰ আমজোপাতে টিলিঙা এটা বান্ধি থোৱা আছে। সেইটো তিনিবাৰ বজালেই ওলাই আহে এজন ষাঠীৰ ঊৰ্ধ্বৰ মানুহ। প্ৰায় ছয় ফুট ওখ, বজ্ৰকঠিন হাত আৰু আঙঠাৰ নিচিনা উজ্জ্বল এযুৰি চকু। কৰ্কশ চুলিবোৰৰ এটা জঁট মূৰত আৰু পিন্ধনত এযোৰ ক’লা সাজ। ডিঙিত ৰঙীন মণি লগোৱা কেইবাধাৰিও মালা। চহৰৰ সকলোৱে তেওঁক ৰুদ্ৰজী বুলি চিনি পায়। বহু বছৰৰ আগতে উত্তৰ ভাৰতৰ কোনোবা এখন ৰাজ্যৰ পৰা আহিছিল তেওঁ। তেতিয়াৰে পৰা এই শ্মশানখন তেৱেঁই চোৱা-চিতা কৰি আহিছে। ৰুদ্ৰজী এই শ্মশানৰ চণ্ডাল। একেবাৰে এৰাব নোৱৰা পৰিস্থিতিতহে ৰুদ্ৰজীয়ে দুই-এটা কথা কয়, এনেই হাতৰ ইংগিতেৰেই কাম চলাই দিয়ে। চহৰখনৰ মানুহে ৰুদ্ৰজীক বৰ সন্মান কৰে। হয়তো তেওঁৰ ৰহস্যময় ব্যক্তিত্বই ইয়াৰ কাৰণ। কোনো কোনোৱে কয়, অমাৱস্যাৰ নিশা কালী মন্দিৰৰ বাকৰিত ৰুদ্ৰজীয়ে বাঁহী বজায়। এইবোৰ মানুহৰ মুখে মুখে চলি অহা কথা। যিয়েই নহওক, চহৰৰ মানুহৰ পৰা পোৱা দান-অৰিহণাৰেই তেওঁ পেট পূৰাই আহিছে।

যাদৱ দোকানীৰ মৃতদেহটো পূজাৰীয়ে পৱিত্ৰ কৰি ল’লে। কেৱল বগা কাপোৰ এখনেৰে ঢাকি বাকীবোৰ কাপোৰ আঁতৰাই কাষতে থ’লে। মাহ-হালধি আৰু ঘিঁউ সানি দিলে চেঁচা শৰীৰটোত। ফুল দুপাহমান দি পূজাৰীয়ে মন্ত্ৰ পঢ়িলে। ৰুদ্ৰজীয়ে চিতাখন ঈশান কোণত হৈছে নে নাই তাকে তদাৰক কৰি আছে। বাঁহ, খৰিবোৰ চিজিল কৰি লৈছে। কোনোবা চেঙেলীয়া এটাই বাঁহ এডাল চেৰাই গ’লত বয়সীয়াল এজনে ধমকি দিছে। যাদৱৰ ডাঙৰটো পুতেকে ক্নাছ নাইনত পঢ়ে। সিয়েই মুখাগ্নি কৰিলে। চিতাৰ জুই আৰু কান্দোনৰ ৰোল বাঢ়ি আহিল। লাহে লাহে মানুহবোৰ এজন-দুজনকৈ আঁতৰি গ’ল। বাকী থাকিল আধাজ্বলা চিতাখন, কেচাঁ বাঁহ ফুটাৰ শব্দ আৰু ৰুদ্ৰজী।

এচিলিম ভাং টানি ৰুদ্ৰজী নিজৰ কামত লাগি গ’ল। চিতাৰ পৰা খহি পৰিব খোজা হাত এখন খুচি খুচি তুলি দিলে। এপাকত ভলুকা বাঁহডালেৰে মূৰত টঙনিয়াই দিয়াত খোলাটো দুফাল হৈ গ’ল। তাৰপাছত আঙুলিৰ পাব এটা আঁতৰাই ৰাখিলে অস্থিৰ কাৰণে। শেষৰ ফালে ৰৈ যোৱা নাৰি-ভেৰুবোৰ কোবাই কোবাই জ্বলাবলৈ চেষ্টা কৰিলে। শৱৰ লগত অনা কাপোৰবোৰ, চাঙিখন জ্বলাই দিলে। ঠাইখিনি থান-থিত লগাই তেওঁ নামি গ’ল ওচৰৰ ঘাটটোলৈ।


পুহ মাহৰ কৃষ্ণপক্ষৰ ৰাতি। গাত শ্বল এখন মেৰিয়াই ৰুদ্ৰজী ৰৈ আছে বট গছজোপাৰ তলত। হাতত লৈ থকা জোঁৰডালৰ পোহৰত কুঁৱলিৰ ডাঠ চাদৰখন জিলিকি উঠিছে।

চহৰখনত মহামাৰী হৈছে। এক অজান বেমাৰে এফালৰ পৰা চহৰখন উচন কৰি আনিছে। ৰুদ্ৰজীৰ কাম বাঢ়িছে। শ্মশানত ঠাইৰ অভাৱ হৈছে। তথাপিও তেওঁ নিজৰ দায়িত্ব পাৰ্যমানে পালন কৰিছে। ৰাতি ৰাতি এনেদৰে উজাগৰে থাকি শ্মশানখন পহৰা দিছে। মানুহ বেছিকৈ পুৰিলে শিয়াল-কুকুৰৰ উৎপাত বাঢ়ে।

আৰু পঢ়ক:  নিৰ্ভাৰ

হঠাৎ ভাহি আহিল এটা চিঞৰ। কেঁকাই কেঁকাই মৰা সেই চিঞৰে কাৰোবাৰ সহায়ৰ হাত বিচাৰিছিল। হাতত জোঁৰডাল লৈ ৰুদ্ৰজী আগুৱাই গ’ল।

শ্মশানৰ পৰা চহৰলৈ যোৱা ৰাস্তাটোৰে অলপ আগুৱাই গ’লেই পুল এটা। তাৰ এটা পাৰে পথাৰ, আনফালে ডাঠ হাবি। সেই পুলৰ তলতেই তেওঁ বিচাৰি পালেগৈ বিন্দু পাগলীক। বিন্দু পাগলী এই চহৰখনৰ এটা চিনাকি নাম। ৰাতিটো পুৰণা স্কুল ঘৰটোতে কটায়। দিনত আৰ-তাৰ দোকানৰ পৰা খুজি-মাগি খায়। এই বেঙা-বোবা ছোৱালীজনীক নিজৰ আপোনবোৰে এইখন চহৰতে এৰি থৈ গৈছিল । লাহে লহে চহৰখনেই তাইক আপোন কৰি ল’লে আৰু পাগলী আখ্যা দিলে। ডাষ্টবিনবোৰত কিবা খুচৰি থকা, খালী বটলেৰে ভৰা মোনা এখন কঢ়িয়াই ফুৰা নাইবা আকাৰে-ইংগিতেৰে কাৰোবাৰ পৰা খাবলৈ পইছা বিচৰা— এই তিনিটা ৰূপতে তাইক চহৰৰ মানুহে দেখি আহিছে। কিন্ত আজি ৰুদ্ৰজীয়ে তাইক যিটো ৰূপত দেখিলে, সেয়া অতি বীভৎস।

পুলটোৰ তলৰ বোকাত তলমূৰ কৰি পৰি আছে বিন্দু। গাত কাপোৰ প্ৰায় নায়েই। শুকান দেহাটোৰ ঠায়ে ঠায়ে তেজ বিৰিঙি উঠিছে। দেহৰ প্ৰতিটো ৰন্ধ্ৰৰ পৰাই যেন কেঁকনি বাহিৰ হৈছে আৰু সেই কেঁকনিয়ে কৈছে তাই সহি অহা অত্যাচাৰৰ কাহিনী।

সেই দৃশ্য দেখি মানুহ পুৰি পুৰি শিল হোৱা ৰুদ্ৰজীৰ কলিজাও উচুপি উঠিল। তেওঁৰ চকুৰ জুইকুৰা দাবানল হ’ল। সেই নৰ-পিশাচকেইটাৰ কটা ডিঙিৰ মালা এডাল গুঠি কালী গোসাঁনীক অৰ্পণ কৰিবলৈ তেওঁৰ মন গ’ল। কিন্তু তেওঁ নিজৰ ক্ৰোধক চম্ভালি ল’লে।

ৰুদ্ৰজীয়ে শ্বলখনেৰে বিন্দুৰ অলস শৰীৰটো মেৰিয়াই ল’লে আৰু কান্ধত তুলি লৈ আহিল তেওঁৰ জুপুৰিটোলৈ।


মহামাৰী চলিয়েই আছে। পৰিস্থিতি ভাল হোৱা নাই। তাৰ মাজতে ৰুদ্ৰজীৰ জুপুৰিত বিন্দুৰ চিকিৎসা চলিছে। বন দৰৱ আৰু ফল-মূলৰ জোৰত তাই লাহে লাহে গাটো টঙাব পাৰিছে। এই কেইদিনতে ৰুদ্ৰজীয়ে উপলব্ধি কৰিছে যে বিন্দু সঁচাকৈ পাগলী নহয়, মাথোঁ তাই কথাবোৰ কমকৈ বুজি পায় আৰু মাতিব নোৱাৰে। ঘৰ-সংসাৰৰ বান্ধোনত বান্ধ নোখোৱা এই মানুহজনে বিন্দুক লাহে লাহে নিজৰ জীয়েক বুলি ভাবিবলৈ আৰম্ভ কৰিছে। তায়ো ৰুদ্ৰজীৰ কথাবোৰ ইংগিততে বুজি পোৱা হৈছে।

ইফালে চহৰখনত অন্ধবিশ্বাসৰ জোৱাৰ উঠিছে। পঢ়া-শুনা থকা সত্ত্বেও মানুহবোৰ ঘোৰ অন্ধবিশ্বাসী। এচামে ডাইনী বিচাৰি মানুহক হাৰাশাস্তি কৰিছে। গুজব ওলাইছে যে বিন্দু পাগলীক মাৰিব পাৰিলেই মহামাৰীৰ অন্ত পৰিব। সেয়ে ৰুদ্ৰজীয়ে আজিকালি বিন্দুক এৰি কেনিও এখোজো নাযায়। তাইৰ মুখৰ হাঁহিটোৰ কাৰণে তেওঁ যেন গোটেই চহৰৰখনৰ সৈতে অকলে যুঁজিব!

কিন্তু সেই তেজপিয়া মানুহজাকৰ পৰা বিন্দুক বচাবলৈ ৰুদ্ৰজীৰ বাহুবলেই যথেষ্ট নাছিল। ৰুদ্ৰজীৰ জুপুৰিত ৰাতি জুই দিলে কোনোবাই। জুইৰ লগত খেলা মানুহজনক জুয়েই গ্ৰাস কৰিলে। তেওঁৰ ওচৰত আশ্ৰয় পোৱা বিন্দুৰ শৰীৰটোও ছাই হৈ গ’ল।
অমানৱীয়তাৰ আন্ধাৰত মানৱীয়তাৰ জোনাকী পৰুৱা দুটা নিমিষতে হেৰাই গ’ল।


আৰু তাৰপাছত… তাৰপাছতো মহামাৰী চলিয়েই থাকিল। বৰঞ্চ প্ৰকোপ বাঢ়িলহে। শ্মশানখনৰো নিৰিবিলি পৰিৱেশ নাইকিয়া হ’ল। তাত এতিয়া ৰাতি ৰাতি শুনা যায় কুকুৰ-শিয়ালৰ বিকট চিঞৰ, মানুহৰ আধাজ্বলা নাৰি-ভেৰু, হাঁড়-মূৰ চোবাই থকাৰ কচক্ কচক্ শব্দ!

লেখকৰ ঠিকনা: তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰ

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “চণ্ডাল”

  1. Hirak Jyoti saikia Avatar
    Hirak Jyoti saikia

    Bohut val likhiso Upam !! Aguwai ja anekoi e xuvessa thakile bondhu

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts