ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ১০: ইতি মাজনী

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ১০: ইতি মাজনী
  • 01 Dec, 2019

থুৰামোহন শর্মা স্বাস্থ্য বিভাগৰ জন্ম নিয়ন্ত্রণ শাখাৰ মাখি মৰা কেৰাণী। কিন্তু আমোদজনক কথাটো হ’ল— তেওঁ নিজৰ বিভাগটোকে বুঢ়া আঙুলি দেখুৱাই এতিয়ালৈকে ছজনী কন্যাৰ পিতৃত্ব লাভ কৰিছে। শৰ্মাৰ এই কথাটো লৈ তেওঁৰ সহকৰ্মীসকলৰ মাজত কিমান যে মুখৰৰাচক কাহিনীৰ সৃষ্টি হয়, তাৰ অন্ত নাই। ফুকনে কয়— “শৰ্মাৰ ওপৰত নিশ্চয় কামদেৱৰ অভিশাপ আছে। নহ’লে এই বুঢ়া বয়সতো ইজনীৰ পিছত সিজনীকৈ…।”
“অভিশাপ নহয় ফুকন, বৰ। অভিশাপ থাকিলে ওলোটাটোহে হ’ব।”— চলিহাই শুধৰাই দিয়ে।
বৰুৱাই প্রশ্ন কৰে— “শর্মা-শর্মানীয়ে বাৰু গর্ভ নিৰোধৰ মেথডবোৰ এপ্লাই কৰিব নাজানে নেকি?”
লগে লগে গাণ্ডীৱৰ শৰৰ দৰে গগৈৰ পৰা উত্তৰ আহে— “আপুনিও যে কথা কিছুমান সোধে আৰু বৰুৱা! শুকে বেদ পঢ়িব নাজানে বুলি ক’লে কোনোবাই বিশ্বাস কৰিব? আচল কথাটো কি জানে?”
“কি?”
“আচল কথাটো হ’ল— শর্মা-শর্মানীয়ে গ্লোভচ আৰু পেড পিন্ধি ক্রিকেট খেলিবলৈ ভাল নাপায়।”— গগৈৰ কথাত পুৰুষ-মহিলা নির্বিশেষে আটাইকেইগৰাকী কৰ্মচাৰীয়েই ঢেকৰ ফুটাই ফুটাই হাঁহে। হাঁহিৰ কোবত তামোল পাগুলি থকা কেইগৰাকীৰ মুখৰ পৰা তামোলৰ টুকুৰাৰ পুষ্পবৃষ্টি হয়। সেই পুষ্পবৃষ্টিয়ে সমুখৰ ফাইল-পত্ৰৰ ক’ভাৰৰ ৰহণ চৰায়।

শর্মাও ৰসিক মানুহ। তেওঁ নিজেও এই সম্পর্কে সহকর্মীসকলৰ আগত বিভিন্ন সময়ত বিভিন্ন মন্তব্য আগবঢ়াই আহিছে। শৰ্মাৰ মুখৰ ভাষাৰে দুটামান উদাহৰণ:
(ক) তৃতীয়জনী ছোৱালীৰ জন্মৰ পাছত— “ল’ৰা পোনা এটা লাগে দিয়কচোন। ছোৱালীকিজনী বিয়া হৈ এঘৰলৈ গুচি যাব। বুঢ়াকালত আমাক কোনে চাব? ছোৱালী যমে নিয়া, জোঁৱায়ে নিয়া একে কথা। আৰু আমি মৰাৰ পাছত পিণ্ড দিয়াৰ কথাটোও আছে। শাস্ত্ৰত কোৱা নাই জানো— পুত্রৰ্থে ক্রিয়তে ভার্যা?”
(খ) চতুর্থজনী ছোৱালীৰ জন্মৰ পাছত— “আজিকালি সন্তান জন্ম হ’লে মাকবোৰে চৰকাৰৰ পৰা ঢেৰ সুবিধা পায় বুলি আপোনালোকে জানেই দেখোন। পৰৰ পালে জ্বৰৰ গাৰে খাব লাগে। আমি সকলোৱেই এই চৰকাৰী সা-সুবিধাবোৰ যিমান পাৰি সিমান ল’ব লাগে।”
(গ) পঞ্চমজনী ছোৱালীৰ জন্মৰ পাছত— “আমাৰ অসমীয়া মানুহৰ জনসংখ্যা দিনক দিনে কমি আহিছে। এসময়ত ঔষধত দিবলৈও অসমীয়া মানুহ এটা বিচাৰি পোৱাটো মস্কিল হ’বগৈ। কিন্তু পমুৱা বাংলাদেশীসকলৰ দেখিছেনে? এটা পৰিয়ালতে পোন্ধৰ-বিছটা ল’ৰা-ছোৱালী। অসমীয়া জাতিৰ অস্তিত্ব বিলোপ পোৱাৰ ভয়তে মই এই সন্তান উৎপাদন প্রক্রিয়াটো চলাই আছোঁ।”
(ঘ) ষষ্ঠজনী ছোৱালীৰ জন্মৰ পাছত— “আজিকালি ক্রিকেট খেলটোৰ বহুত ডিমাণ্ড বুইছে? দুবছৰমান ইণ্টাৰনেশ্যনেল খেলিবলৈ পোৱা মানেই কোটিপতি হোৱা। গতিকে মই ঘৰতে এটা মহিলা ক্রিকেট টিম খুলিম বুলি ভাবিছোঁ। তাৰ পাছত ছোৱালীহঁতৰ ঘটনেৰে ঠেঙৰ ওপৰত ঠেং তুলি, মোছত তাও দি দি আৰামত বহি বহি খাম।“…

শৰ্মাৰ সঘন সন্তান উৎপাদন প্রক্রিয়াৰ কথাটোত পুৰুষ কৰ্মচাৰীকেইজনৰ একো আপত্তি নাই। তেওঁলোকৰ মনোভাব— শৰ্মাৰ সংসাৰ শৰ্মাৰ কথা। শৰ্মাৰ সংসাৰ শৰ্মাই চলাব। তাত নাক গোঁজাৰ তেওঁলোকৰ একো দৰকাৰ নাই। অধিকাৰো নাই। কিন্তু মহিলা কর্মচাৰী দুগৰাকী— নিশা আৰু প্ৰভাৰ এই কথাটোত দুৰ্ঘোৰ আপত্তি। তেওঁলোকৰ মতে শর্মাই এনেকৈ প্রতি এক-ডেৰ বছৰৰ মূৰে মূৰে সন্তান জন্ম দি থকা কথাটোৱে সমগ্ৰ নাৰী জাতিটোকে অপমান কৰিছে। নাৰী কেৱল সন্তান উৎপাদন কৰা যন্ত্ৰ বুলি প্রমাণিত কৰিছে। নাৰীৰ মৌলিক অধিকাৰ খর্ব কৰিছে। নাৰীক শোষণ কৰিছে।

কেতিয়াবা নিশাই শৰ্মাক খোঁচ মাৰে— “আপোনাৰ পত্নীয়ে এই কথাটোত একো আপত্তি নকৰেনে?”
“নকৰে। মোৰ পত্নী ‘পতি পৰম গুৰু’ বুলি ভবা জাতৰ তিৰোতা। আৰু প্ৰতি বছৰে আমাৰ কোলালৈ আহি থকা সন্তানকেইটিক তেওঁ ভগৱানৰ দান বুলি ভাবে।”
“আজিকালি ম’বাইল-ইণ্টাৰনেটৰ যুগতো এনেকুৱা মানুহ আছেনে?”
“কিয় নাথাকিব? বেমাৰ ভাল হ’বলৈ কোনোবা চেঙেলীয়া ল’ৰাই সপোনত পোৱা গছৰ শিপা খোৱা মানুহ থাকিলে, কুকুৰ-মেকুৰীৰ লগত কন্যা সন্তানক বিয়া দিয়া মানুহ থাকিলে, প্রতি বছৰে পৃথিৱী এবাৰ চুৱা হোৱা বুলি বিশ্বাস কৰা মানুহ থাকিলে, মনোকামনা পূর্ণ কৰিবলৈ কোনোবা মন্দিৰৰ চৌহদত থকা গছত ৰঙা ফিটা আৰু টিলিঙা ওলমোৱা মানুহ থাকিলে, বিধৱা তিৰোতাই মাছ-মঙহ খালে পাপ হ’ব বুলি কোৱা মানুহ থাকিলে, বামুণ-গোসাঁইৰ ল’ৰাই শূদিৰৰ ছোৱালী বিয়া কৰালে চৰু-হাৰি পুৰি, কাপোৰ-কানি তিয়াই চুৱা খেদা মানুহ থাকিলে, জ্যোতিষীৰ কথা মতে হাতত-কঁকালত আঙঠি-কবচ পিন্ধি ভাগ্যক হাতৰ মুঠিলৈ আনিব খোজা মানুহ থাকিলে মোৰ পত্নীৰ নিচিনা মানুহ থকাটো একো দৈৱাসন তল যোৱা কথা নহয়, বুইছে? আমাৰ হাতে হাতে ম’বাইল ফোন, ঘৰে ঘৰে কম্পিউটাৰ-ইণ্টাৰনেট থাকিলে কি হ’ব? আমি বহু কথাত এতিয়াও পিছ পৰিয়েই আছোঁ।”
শৰ্মাৰ যুক্তি খণ্ডন কৰিব নোৱাৰি নিশাই এইবাৰ আন এপাট অস্ত্র নিক্ষেপ কৰিলে— “আপোনাৰ পত্নীৰ স্বাস্থ্যৰ কথাটোও ভাবিব লাগে! এক-ডেৰ বছৰৰ মূৰে মূৰে একোটাকৈ সন্তান জন্ম দি থাকিলে মানুহজনীৰ হৰলা ওলাবগৈ দেখোন!”
“এই কথাটো আমি নিজে সাজি লোৱা কথা। জন্তুবোৰেতো প্রতি বছৰেই পোৱালি দি থাকে! প্রতি বছৰে পোৱালি দি থকা কাৰণে কোনোবা এবিধ জন্তুৰ মাকৰ স্বাস্থ্য হানি হোৱা দেখিছে? মোৰ পত্নীক এদিন চাই আহিবগৈচোন, এতিয়াও এটালৈ বিয়া দিব পৰা হৈয়ে আছে।”
“আপোনাৰ পত্নীৰ কথাটো ব্যতিক্রমো হ’ব পাৰে। আপুনি জন্তুৰ লগত মানুহৰ তুলনা কৰিলে নহ’ব নহয়! মানুহতকৈ জন্তুৰ ৰেজিছটেন্স পাৱাৰ বহুত বেছি।”
“মানুহৰো কম নহয়। আমি নিজেহে সেই পাৱাৰ কমাই পেলাইছোঁ।”
“কেনেকৈ, বুজাই কওকচোন।”
“আগৰ দিনত তিৰোতা মানুহে সন্তান জন্ম হোৱাৰ আগমুহূৰ্তলৈকে সৱ কাম কৰিছিল— ঢেঁকী দিছিল, পানী কঢ়িয়াইছিল, ঠাই মচিছিল, ভাত ৰান্ধিছিল, পথাৰত ভূঁই ৰুইছিল। ফলত তেওঁলোকৰ মাংসপেশীবোৰ কার্যক্ষম হৈ আছিল, তেজ চলাচল সুচলভাৱে হৈছিল। ওচৰ-পাজৰৰ অভিজ্ঞ বৃদ্ধাসকলেই সন্তান প্রসৱ কৰাইছিল। কিন্তু আজিকালি? আজিকালি তিৰোতাৰ গৰ্ভত সন্তান থিত লোৱাৰ পাছৰ পৰাই কিমান যে সাৱধানতা! মাহে মাহে ডাক্তৰৰ চেকআপ, ঔষধ, টনিক, পুষ্টিকৰ খাদ্য। কেনেবাকৈ পেটৰ সন্তান নষ্ট হয় বুলি গিৰিয়েকহঁতে ইফালৰ কুটা এডাল সিফাল কৰিবলৈ নিদিয়ে। যেন পাৰিলে গাটোও ধুৱাইহে দিব, ভাতকেইটাও খুৱাইহে দিব! এজনী সুস্থ-সবল মানুহ যদি ন-দহ মাহ কেৱল বহি-শুয়েই থাকে, তেওঁৰ দেহত ৰেজিছটেন্স পাৱাৰ ক’ত থাকিব? আজিকালি যে সৰহভাগ নাৰীৰে ছিজাৰিয়ান হয়, এইটো কাৰণতে।“
নিশাৰ মুখৰ মাত হৰিল। সুযোগ পাই শর্মাই পুনৰ আক্রমণ চলালে— “ভগৱানে প্ৰতিগৰাকী নাৰীকে প্রতিবছৰে একোটাকৈ সন্তান জন্ম দিয়াৰ সামৰ্থ্য প্রদান কৰিছে। সেই হিচাপত পিউবার্টি পোৱাৰ পাছৰ পৰা মেন’পজৰ সময়লৈকে প্ৰতিগৰালী নাৰীয়েই কম ছে কম ত্রিছটা সন্তান জন্ম দিব পাৰে। কিন্তু মোৰ পত্নীয়ে এতিয়ালৈকে মাথোঁ ছটাহে দিছে!”
“তাৰমানে আপোনাৰ পত্নীয়ে আৰু সন্তান জন্ম দিয়াৰ সম্ভাৱনা আছে?”— প্রভাই মাজতে মাত লগালে।
“দস্তুৰমত আছে।”
“হে কৃষ্ণ!”
“কৃষ্ণক নামাতিব। ষোল্লশ গোপিনীৰ লগত লীলা-খেলা কৰি স্বয়ং কৃষ্ণই কিমান সন্তান জন্ম দিছিল, কি ঠিক!”
“কৃষ্ণ ভগৱান। তেওঁৰ কথা নধৰিব।“
“নধৰোঁ বাৰু। কিন্তু আজিৰ পৰা কত যুগৰ আগতে গান্ধাৰীয়ে এশ পুত্র জন্ম দি আদর্শ দেখুৱাই থৈ যোৱা নাই জানো?”
নিশাই যেন হঠাতে হেৰোৱা অস্ত্র এপাটহে বিচাৰি পালে! তাই লগে লগে। আক্রমণ চলালে—“গান্ধাৰীৰ কথা গুলী মাৰক। সেয়া কবিৰ কল্পনা।”
“মাৰিলো বাৰু গুলী। কিন্তু মোৰ, একেবাৰে নিজৰ বৰমা এগৰাকীৰ কেইটা সন্তান জানে?”
“কেইটা?”
”তেৰটা। সাতটা ল’ৰা, ছজনী ছোৱালী। বৰমাৰ বয়স এতিয়া আঠসত্তৰ। এই বয়সতো চুলি মচোৱা গোম সাপৰ দৰে কিচকিচীয়া কলা, দাঁত চুপাৰি ভাঙি খাব পৰাকৈ মজবুত— এটাও সৰা নাই। কিন্তু বৰতা সিপুৰি পোৱাগৈ দহ বছৰ হ’ল।“
“আপোনাৰ লগত তর্ক কৰি লাভ নাই। মিছামিছিকৈ এনার্জি লষ্ট।”— নিশাই নেগুৰ পেলাই দিলে। কিন্তু প্রভা সহজে হাল এৰি দিয়া ভকতনী নহয়। গতিকে এইবাৰ তাই নিজৰ টোণৰ পৰা শৰ্মালৈ আন এপাট অস্ত্র এৰিলে— “আপোনাৰ বৰমাকৰ কথাটো বেলেগ। তেওঁলোকে খাঁটি বস্তু খাবলৈ পাইছিল। এতিয়া দেখোন সৱ ভেজাল! এতিয়াৰ নাৰীৰ গাত আগৰ নাৰীৰ সমান শক্তি নাই। আপুনি আগৰ নাৰীৰ লগত এতিয়াৰ নাৰীৰ তুলনা কৰিলে নহ’ব।”
“এই কথাটোও ভুল। আগৰ নাৰীতকৈ এতিয়াৰ নাৰীয়েহে বেছি স্বাস্থ্যসন্মত আহাৰ খায়। আমাৰ বৰমাহঁতে পুখুৰীৰ পানী, কুঁৱাৰ পানী খাইছিল। খোলা নিমখ, খোলা মিঠাতেল খাইছিল। চুলিত ঘঁহিছিল গেলা নাৰিলেৰে ঘৰতে তৈয়াৰ কৰি লোৱা তেল। মূৰ ধুইছিল খাৰণি সৰাই, মনিছালৰ গুটিৰে। দাঁত ঘঁহিছিল ভোট এৰা ঠাৰিৰে, এঙাৰেৰে। এতিয়া সৱ পেকেটত পোৱৈ, ষ্টেৰিলাইজড কৰা, স্বাস্থ্যসন্মত বস্তু! আনকি আপোনালোকৰ মাহেকৰ মূৰত প্রয়োজন হোৱা সেই বিশেষ কাপোৰবিধো বীজাণুমুক্ত কৰি পেকেটতহে ৰখা হয়।”
“আপোনাৰ কথা বাৰু মানি লৈছোঁ। কিন্তু ইমানকেইজনী ছোৱালীৰ বাপেক বুলি পৰিচয় দিবলৈ আপোনাৰ লাজ নালাগেনে?”
“কিয় লাগিব? মইতো অবৈধ সন্তান জন্ম দিয়া নাই! দস্তুৰমত মোৰ পত্নীৰ জৰিয়তে বৈধ সন্তান জন্ম দিছোঁ। আজিৰ যুগত ইমানবোৰ সন্তানৰ পিতৃ হ’ব পৰাটোও গৌৰৱৰ কথা। বিছটা গ্ৰেণ্ডশ্লাম পোৱা ৰ’জাৰ ফেডেৰাৰতকৈও মোৰ গৌৰৱ বেছি।”— শৰ্মাই প্রভাৰ পিছফালে বেৰত ওলমাই থোৱা সৰু পৰিয়াল সুখী পৰিয়াল’ ফটোখনৰ মাক-দেউতাকৰ মাজত থকা স্বাস্থ্যবান শিশুটোলৈ চাই তাচ্ছিল্যৰ হাঁহি এটা মাৰিলে। প্রভাই পুনৰ ক’লে— “কিন্তু কোনোবাই কোনোবাই যে আপোনাৰ সংসাৰখন গাহৰিৰ গৰাল বুলি কয়, আপুনি গম পায়নে?”
“ক’বলৈ দিয়ক। আজিকালি গাহৰিৰো তামাম ডিমাণ্ড। আজিকালি গাহৰি আৰু অস্পৃশ্য নহয়। আজিকালি বামুণ-গোসাঁয়েও গাহৰিৰ মঙহ খায়। আৰু ছোৱাইন ফ্লু নে কি সেই বেমাৰটো যে, সেইটো হ’লে দেখোন চৰকাৰে একেবাৰে ভি আই পি ট্রিটমেণ্ট দিয়ে।“
“শর্মা, আপোনাক বোধহয় মমতা বেনাৰ্জীয়েহে হৰুৱাব পাৰিব। আমাৰ নিচিনা সাধাৰণ মগজুৰ তিৰোতাৰ পক্ষে সেই কাম অসম্ভৱ।”— অবশেষত প্রভায়ো ছত্রভংগ দিয়ে।

এমাহমান পাছতে শর্মাই তেওঁৰ পত্নীয়ে সপ্তমটো সন্তান জন্ম দিবলৈ ওলোৱা খবৰটো সহকর্মীসকলৰ আগত সগৌৰৱে ঘোষণা কৰাৰ লগে লগে নিশা আৰু প্রভা খঙত অগ্নিশর্মা হৈ উঠিল। দুয়োজনীয়ে শৰ্মাক চুই কিলাবলৈহে বাকী থাকিল। কুকুৰে কাঁইট নোখোৱাকৈ নানা তৰহৰ গালি আৰু তিৰস্কাৰ বর্ষণ কৰি কৰি ভাগৰি পৰাৰ পাছত দুয়োজনীৰ হৈ নিশাই শৰ্মাক ক’লে— “আপুনি আজি শপত খাব লাগিব।”
“কি বুলি?”
“এইবাৰেই শেষ। এইবাৰৰ পৰা আপুনি আৰু সন্তানৰ কথা ভাবিব নোৱাৰিব।”
“খাইছোঁ বাৰু শপত। আপোনালোক দুয়োৰে মূৰত ধৰি শপত খাইছোঁ।” শৰ্মাই নির্বিবাদে, মৃদু হাঁহি এটিৰে নিশাৰ কথা মানি ললে।

যথা সময়ত শৰ্মাৰ পত্নীয়ে পুনৰ কন্যা সন্তান এটি প্রসৱ কৰিলে। শৰ্মাই হর্ষ চিত্তেৰেই সহকর্মীসকলক চাহ-চিঙৰা-ৰসগোল্লা খুৱালে। তেওঁ সহকৰ্মীসকলক, বিশেষকৈ নিশা আৰু প্রভাক আশ্বাস দিলে—“আপোনালোক ষোল্ল অনাই নিশ্চিন্ত হৈ থাকক। এই অভিযান মই ইমানতে সামৰণি মাৰিলো। সেই কাৰণেই মোৰ এই ছোৱালীটিৰ নাম ৰাখিছোঁ— ইতি। অর্থাৎ শেষ।”

শর্মাহঁতৰ অফিছটোত নতুন অফিহাৰ এজনে জইন কৰিলেহি। নাম যাদৱ গোস্বামী। শৰ্মাৰ লগত সৌহার্দ্য গঢ়ি উঠাৰ পাছত গোস্বামীয়ে এদিন আন এটা দিশত আশ্চর্য প্রকাশ কৰিলে— “শৰ্মা, আমি স্বামী-স্ত্রী দুয়োটাই ঘটোঁ, তথাপি আমি দ্বিতীয় এটা সন্তানৰ কথা নাভাবিলো। আপুনি এজনৰ উপার্জনেৰে ইমান ডাঙৰ সংসাৰ এখন কেনেকৈ চলাইছে?”
“ছাৰ, আপুনি মোৰ বছ। গতিকে আপোনাৰ আগত আসৈ নামাতোঁ। আপুনিতো জানেই— ছেণ্ট্ৰেলে আমাৰ বিভাগটোক হাত উজাৰি টকা-পইচা দিছে। মই দৰমহাটোৰ উপৰিও টেবুলৰ তলেদিও কিছু পইচা উপার্জন কৰে। আৰু মোৰ ঘৰৰ অৱস্থা ভাল। গাঁৱৰ ঘৰৰ পৰা চাউল-পাত, মাছ-মঙহ, তৰি-তৰকাৰী নিয়মিত আহি থাকে। বিচাৰিলে টকা-পইচাও পাওঁ। এনেকৈয়ে চলি আছে। ঈশ্বৰে ফৰিংটোলৈও কচুঠাৰি এডাল থোৱা নাই জানো?”
“কিন্তু আপোনাৰ ছোৱালীকেইজনীৰ ভৱিষ্যতে পঢ়া-শুনা, বিয়া-বাৰুৰ কথাবোৰো আপুনি চিন্তা কৰা উচিত!”
“মই ছোৱালীকেইজনীক এতিয়াৰ পৰাই স্বাৱলম্বী হ’বলৈ শিক্ষা দিছোঁ।”
“কথাটো বুজা নাই। বুজাই কওক।”
“মই ছোৱালীকেইজনীক ঈশ্বৰচন্দ্র বিদ্যাসাগৰৰ উদাহৰণ দিওঁ। বোলো, ঈশ্বৰচন্দ্ৰই ৰাতি লাইট প’ষ্টৰ তলত পঢ়িও ইমান ডাঙৰ মানুহ হ’ব পাৰিছিল। কিন্তু তহঁত ইমানলৈ যাব লগা হোৱা নাই। যাব লগা নহয়ো। মই তহঁতক খুব বেছি ডিগ্রিলৈকে পঢ়া-শুনাৰ খৰচ দিম। তাৰ পাছত তহঁতে পঢ়াৰ খৰচ, চাকৰি-বাকৰি নিজেই গোটাই ল’ব লাগিব। আমেৰিকা-ইংলেণ্ডত ল’ৰা-ছোৱালী ষোল্ল বছৰ বয়সৰ পৰাই মাক-দেউতাকৰ পৰা আঁতৰত থাকে!”

শৰ্মাই ছোৱালীকেইজনীৰ ক্ষেত্ৰত লোৱা আৰু দুটামান ব্যৱস্থা আছে। কিন্তু তেওঁ সেইকেইটা ব্যৱস্থা বছৰ আগত বেকত কৰিবলৈ ভাল নাপালে। ব্যবস্থাকেইটা হ’ল— (ক) শৰ্মাই ডাঙৰকেইজনীক সৰুকেইজনীক পঢ়াবলৈ লগায়। অর্থাৎ এক নম্বৰজনীয়ে দুই নম্বৰজনীক, দুই নম্বৰজনীয়ে তিনি নম্বৰজনীক— এনেকৈ। ফলত শৰ্মাৰ টিউশ্যন মাষ্টৰৰ খৰচটো ৰাহি হয়। (খ) ছোৱালীকেইজনী ডেৰ-দুবছৰীয়া আনজৰ হোৱা কাৰণে একেখিনি কিতাপেই ইজনীৰ পৰা সিজনীয়ে পঢ়িব পাৰে। নফটা কাপোৰ-কানিৰ ক্ষেত্ৰতো একে কথাই খাটে। এই পিনৰ পৰাও শৰ্মাৰ কিছু পইচা বাচি যায়। (গ) ঘৰ মচা, বাচন ধোৱা, কাপোৰ ধোৱা, ভাত ৰন্ধা আদি কামত ছোৱালীকেইজনীক সৰুৰে পৰাই ট্রেইনিং দিয়াত সিহঁত এইবোৰ কামত ওস্তাদ। গতিকে শৰ্মাই বনকৰা মানুহৰ খৰচটোৰ পৰাও ৰেহাই পাই আছে। (ঘ) শৰ্মাৰ দুই নম্বৰ ছোৱালীজনী অলপ ল’ৰামতীয়া স্বভাৱৰ। তাই তিৰোতা মানুহৰ কামতকৈ দোকান-বজাৰ কৰা, বাৰীত ভেণ্ডী গুটি দিয়া, ফুল পুলি ৰোৱা আদি কামবোৰ কৰিহে বেছি ভাল পায়। ফলত শৰ্মাই এই কামবোৰৰ ক্ষেত্ৰত অলপ হ’লেও আৰাম পায়। (ঙ) আকৌ কোলাত থকাজনীৰ বাহিৰে বাকীকেইজনীক ডাঙৰকেইজনীয়েই নিচুকাব পাৰে। সিহঁতে এই কামটো কৰি ভালো পায়। গতিকে শৰ্মাই ডাঙৰজনীৰ বাহিৰে বাকীকেইজনীৰ কাৰণে এটাও পুতলা কিনিব লগা হোৱা নাই। জীৱন্ত পুতলা পালে কোন ল’ৰা-ছোৱালীয়ে কৃত্রিম পুতলা বিচাৰিব? (চ) শর্মাই এই ব্যৱস্থাটো এতিয়াই লোৱা নাই। ভৱিষ্যতলৈহে ল’ব। ছোৱালীকেইজনীয়ে মেট্রিকৰ ডেওনা পাৰ হোৱাৰ পাছতে তেওঁ সিহঁতক ক’ব— “তহঁতে পাৰিলে ধনী ঘৰৰ ল’ৰা একোটা জালত পেলাই ল আৰু পলাই যা। তেতিয়া তহঁতৰ বিয়াৰ খৰচটোৰ পৰাও মই ৰেহাই পাম।”— শর্মা সুপুৰুষ। তেওঁৰ পত্নীও সুন্দৰী। সেই সুবাদতে তেওঁলোকৰ ছোৱালীকেইজনীও দেখনিয়াৰ হৈছে। গতিকে সিহঁতৰ কাৰণে এই কামটো তেনেই উজু হ’ব।

শৰ্মাই পিছে প্রতিজ্ঞা ৰাখিব নোৱাৰিলে। বছৰটো ঘূৰিল কি নুঘূৰিল, শৰ্মাৰ পত্নী পুনৰ গৰ্ভৱতী হ’ল। শৰ্মাই এইবাৰ কথাটো সহকৰ্মীসকলৰ পৰা লুকুৱাই ৰাখিব খুজিলে। কিন্তু এই কথাটোতো আৰু প্রেমিক-প্রেমিকাৰ চিঠিৰ দৰে কিতাপ-বহীৰ ক’ভাৰৰ মাজত বা টেবুলক্লথৰ তলত লুকুৱাই ৰাখিব পৰা বস্তু নহয়। কাব্যিক ভাষাত ক’বলৈ গ’লে নাৰীৰ এই কথাটো ‘ডাকোৱালবিহীন সৃষ্টিৰ খবৰ অজানা যে নহয় কাৰো’! কিন্তু কথাটো ঘুনুকঘানাককৈ নিশা আৰু প্ৰভাৰ কাণত পৰাৰ পাছতো সিহঁত দুজনীয়ে শৰ্মাক এইবাৰ একো কটু বাক্য নুশুনালে। কিয়নো শৰ্মাক গালি পাৰি, তিৰস্কাৰ কৰি, বুজনি দি বা তেওঁৰ লগত তর্ক কৰি যে একো লাভ নাই, সেই কথা নিশা আৰু প্ৰভাই হাড়ে-হিমজুৱে বুজি পাইছিল। মাথোঁ মুখ আগলিকা প্রভাই মুখখন গোমোঠা কৰি ক’লে— “পুৰুষৰ শপতৰ যে মূল্য নাই, ইয়েই প্রমাণ।”

শৰ্মাৰ পত্নীয়ে এইবাৰো কন্যা সন্তান এটিয়েই ভূমিষ্ঠ কৰিলে। পাছদিনাই শৰ্মাই উপযাচিয়েই নিশা আৰু প্ৰভাক উদ্দেশি ক’লে— “আপোনালোক দুয়ো চাগৈ মোক পেটে পেটে খুব বেয়া পাই আছে! ঘিণো কৰি আছে চাগৈ। আচলতে মই শপতটো ভংগ কৰাৰ এটা ডাঙৰ কাৰণ আছে।”
“কি কাৰণ?” নুসুধিলে নহয় কাৰণে ফাইলৰ পৰা মূৰ নদঙাকৈয়ে নিশাই সুধিলে।
“চিঠি এখন সম্পূর্ণ হ’বলৈ ইতিৰ পিছত কিবা এটা নাম নালাগে জানো? যেনে— ইতি তোৰ দেউতাৰ, মা, তোমাৰ বন্ধু নৰেন, তোমাৰ প্রিয়তমা শেৱালি ইত্যাদি। মোৰ সংসাৰখনো এখন চিঠি বুলিয়েই ধৰকচোন। মোৰ সপ্তম কন্যা ইতিৰ পিছতো কোনোবা এজনী বা কোনোবা এটা নাথাকিলে মোৰ পৰিয়ালটোও আধৰুৱা হৈ নৰ’ব জানো?” পুৰুষ-মহিলা নির্বিশেষে আটাইকেইগৰাকী কৰ্মচাৰীৰে হাঁহিত অফিছ কোঠাটোৰ টিনপাট উৰি যাওঁ উৰি যাওঁ হ’ল। তেওঁলোকৰ হাঁহিৰ শব্দত বাৰাণ্ডাত চদল দি পৰি থকা কুকুৰ দুটা চক খাই উঠিল।
“শর্মা, আপুনি মানুহ মাৰিব দেই!”— বহি থকাতে কুঁজা হৈ পেটত হাতেৰে হেঁচি ধৰিলে চলিহাই।
“আপোনাৰ মাথালৈ এইবোৰ কথা ক’ৰ পৰা আহে বাৰু?”— ফুকনে হাতৰ তলুৱাৰে চকুপানী মচাত লাগিল।
“আপোনাৰ দৰে সংসাৰ-বুদ্ধি থকা, দূৰদৰ্শী মানুহৰ বর্তমান সমাজখনত বৰ প্রয়োজন হৈছে।” গগৈয়ে থার্ড ৰাউণ্ড হাঁহি আৰম্ভ কৰি দিলে।

| পূৰ্বৰ খণ্ড পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ৯: উপদেশ

আনন্দৰ উচ্ছল তৰংগবোৰ মাৰ যোৱাৰ পাছত শর্মাই এইবাৰ গুৰু-গম্ভীৰ মাতেৰে ক’লে— “অৱশ্যে মই এইবাৰ আমাৰ বিভাগটোৰ প্রতি সম্মান প্রদর্শন কৰিয়েই মোৰ এই অন্তিম কন্যাজনীৰ নাম ৰাখিছোঁ— মাজনী।“

(এটি বা দুটি সন্তানতে পৰিয়াল সীমিত ৰখাসকলৰ ওচৰত ক্ষমা প্রার্থনাৰে।)

| পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ডৰ সকলোবোৰ খণ্ড

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ১০: ইতি মাজনী | ধ্ৰুৱজ্যোতি শৰ্মা

Follow Nilacharai on Facebook