মোৰ মৰমে মৰম বিচাৰি যায়: ভূপেন হাজৰিকাৰ গীতত প্ৰেম

মোৰ মৰমে মৰম বিচাৰি যায়: ভূপেন হাজৰিকাৰ গীতত প্ৰেম
  • 04 Nov, 2021

ক বিশেষ অনুভূতি আৰু আবেগকেন্দ্ৰিক অভিজ্ঞতাই হ’ল প্ৰেম, য’ত আত্মাৰ প্ৰতি আত্মাৰ আকৰ্ষণ থাকে৷ প্ৰেমত দৈহিক বা ইন্দ্ৰিয়াসক্তি প্ৰকাশ পোৱাটো স্বাভাৱিক, কিন্তু দৈহিক বা ইন্দ্ৰিয়াসক্তিৰ প্ৰকাশেই প্ৰেম হ’ব নোৱাৰে৷ প্ৰেমৰ অনুভৱ স্বৰ্গীয়! মানৱ জীৱনত প্ৰেমৰ উপস্থিতি কোনো অস্বাভাৱিক বিষয় নহয়।

আজি কথা পাতিব বিচাৰিছোঁ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতত প্ৰেম সম্পৰ্কে। তেখেতৰ জীৱনত প্ৰেমৰ স্থান সম্পৰ্কে বিভিন্নজনৰ বিভিন্ন মত বা ধাৰণা। সাধাৰণতে তেখেতৰ কিছুমান গীত বিশ্লেষণ কৰিলে এনেকুৱা বোধ হয় যেন তেখেতৰ জীৱন আৰু প্ৰেম অভিন্ন৷ কেতিয়াবা হয়তো তেখেত প্ৰেমত ব্যৰ্থ হৈছে, হয়তো তেখেতৰ দাম্পত্য জীৱনত সংঘাতৰ সৃষ্টি হৈছে, কিন্তু সংকীৰ্ণ প্ৰেম বা ইন্দ্ৰিয়কেন্দ্ৰিক প্ৰেমৰ ঊৰ্ধ্বলৈ গৈ তেখেতৰ প্ৰেম অপাৰ্থিৱ-আধ্যাত্মিক স্তৰলৈ উন্নীত হৈছে৷ তেখেতৰ এই প্ৰেম কোনো হতাশজনিত প্ৰেমৰ পৰিণতি নহয়৷ বৰং সময়ৰ কষতি শিলত পৰীক্ষিত আৰু উত্তীৰ্ণ এই প্ৰেম৷ তেখেত গীতত লিখিছে—

‘মোৰ যৌৱন আজি উচ্চল
জলমল সৰসীত নাচে পংকজ কামনাৰ
পৰাণ পূৰ্ণ হয় নিশাটি
নাই বৈভৱ নাই ৰূপ নাই নাই গুণাৱলী
তথাপি সপিলোঁ মৰম সিক্ত অঞ্জলি৷’

ক’বলৈ গ’লে, ড° ভূপেন হাজৰিকা আছিল এজন দুৰন্ত প্ৰেমিক৷ কিছুমান গীতত তেখেতৰ প্ৰেমিক ৰূপটোৱে স্পষ্ট ৰূপত ধৰা দিয়ে৷ ভূপেনদাই প্ৰেয়সীক বিচাৰি পাইছিল কেতিয়াবা ৰাধাপুৰৰ ৰাধিকাত— “ৰাধাচূড়াৰ ফুল গুজি ৰাধাপুৰৰ ৰাধিকা/ চাহ বাগিচাৰ ঝুমুৰ নাচি জুগনুক যাচে ফটিকা”; কেতিয়াবা বিচাৰি পাইছিল চাহ বাগানৰ এটি কলি দুটি পাতত হাত বুলাই থকা লছমীজনীৰ মাজত— “এটি কলি দুটি পাত ৰতনপুৰ বাগিচাত/ লহপহীয়া হাতেৰে কোনেনো ছিঙিলে…“!

কেতিয়াবা আকৌ সেই প্ৰেয়সী শ্বিলঙৰ মনালিছা লিংডোৰ মাজত—

“শ্বিলঙৰ মনালিছা লিংডো
তোমাৰ হাতৰ গীটাৰখনিত
হিলিবিলি মিউজিক বজাই যোৱা৷”

আৰু কেতিয়াবা গৌৰীপুৰৰ হাতী ধৰিবলৈ যোৱা গাভৰুজনীৰ ৰূপত—

“গৌৰীপুৰীয়া গাভৰু দেখিলোঁ
হাতী ধৰিবলৈ গৈ
হাতীও ধৰিলোঁ তাইকো মুহিলোঁ
সাতুৰি গদাধৰ নৈ।…”

গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰত কৰ্মৰত হৈ থাকোঁতে ১৯৪৮-৪৯ চনত ভূপেন হাজৰিকাই কেইবাটাও প্ৰেমৰ গীত লিখিছিল৷ সেই সময়ত হেনো ভূপেনদা শ্বিলঙৰ কণ্ঠশিল্পী প্ৰেয়সীৰ প্ৰেমত নিমজ্জিত আছিল৷ সেই সময়ৰ অনুভৱতেই সৃষ্টি হৈছিল—

“অলিয়া বলিয়া মন
সুন্দৰ সৃষ্টিকাৰী মই অসুন্দৰহাৰী
নতুনতা মোৰ পণ।“
আৰু সৃষ্টি হৈছিল—
“সুৰ নগৰীৰ সুৰৰ কুমাৰে
সপোন সনা ৰামধনুৰ ৰহণ হেৰুৱায়
মিঠা মৰমৰ মিনতি শুনি
চিতালৈ আগুৱায়, ৰহন হেৰুৱায়।“

প্ৰথম প্ৰেমৰ ব্যৰ্থতাৰ অনুভৱো ভূপেনদাৰ গীতত প্ৰকাশ পাইছে—

“প্ৰথম মৰমে যদি সঁহাৰি নাপায়
ভাল পোৱা কিয় জানো মৰহি যায়?
এখন হিয়া আৰু এখন হিয়াই
মিলিলেহে মৰমে পূৰ্ণতা পায়৷”

ভূপেনদা প্ৰেমসাগৰৰ নীলাৰ বৈচিত্ৰ্যত আত্মবিভোৰ আছিল যদিও সেই সাগৰ তেখেত সাতুৰিও পাৰ হ’ব পৰা নাছিল বা সাগৰৰ প্ৰচণ্ড ঢৌত ডুব যোৱাও নাছিল৷ তেখেতে কেৱল নাৱৰ লঙ্গৰ হেৰোৱা নাবিকৰ দৰে ক’তো খোপনি পুতিব নোৱাৰি দিকবিহীনভাৱে উটি ফুৰিছিল৷ সেয়ে হয়তো গীতত লিখিছিল—

“প্ৰেমৰ সাগৰত জাহাজ মেলিলি
নাপালি কোনো বন্দৰ
সৰু চাকনৈয়াতে বন্দী হ’লি
হেৰুৱালি তোৰ লংগৰ।“

তেখেতৰ গীতে তেখেতৰ বিষয়ে বহু কথা কয়৷ তেখেতৰ গীতৰ পৰা অনুমান কৰিব পাৰি যে তেখেতে এনেকুৱা এগৰাকী লগৰী বিচাৰিছিল, যাৰ মৰমৰ মাতে নিষ্ঠুৰ জীৱনৰ সংঘাতত অৱসন্ন হোৱা মনটোক আনন্দেৰে ভৰপূৰ কৰিব৷ গীতত লিখিছিল—

“আকাশী গংগা বিচৰা নাই
নাই বিচৰা স্বৰ্ণ অলংকাৰ
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত
বিচাৰোঁ মৰমৰ মাত এষাৰ।…”

এনে অন্বেষণৰ অনুভৱ তেখেতৰ কেইবাটাও গীতৰ মাজেৰে প্ৰকাশ পাইছে৷ তেখেত প্ৰেমাস্পদৰ পৰা এনেকুৱা সঁহাৰি বিচাৰিছিল, যিয়ে তেখেতৰ মৃত্যুৰ পাছতো ভাগৰুৱা আত্মাটোক যাতে শান্তি দিয়ে৷ তেখেতে প্ৰেমাস্পদৰ পৰা আন একো বিচৰা নাছিল, বিচাৰিছিল মাথোঁ এষাৰ মৰমৰ মাত, যিয়ে তেখেতক ক্লান্ত হ’বলৈ নিদি বাৰে বাৰে উৰ্বৰ কৰি তুলিব, নতুন উদ্যমেৰে উদ্যমী কৰি তুলিব৷ সেয়ে গীতৰ মাজেৰে লিখিছিল—

“মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম
আশা কৰোঁ মোৰ চিতাৰ কাষত
তোমাৰ সঁহাৰি পাম
নেলাগে মোৰ সোঁৱৰণী সভা
নেলাগে মিছা নাম
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম…৷”

ভূপেনদাই হয়তো বিচাৰিছিল তেখেতৰ প্ৰেমিকাৰ সান্নিধ্যই প্ৰতি মুহূৰ্ততে তেখেতক উৎসাহিত কৰি ৰাখক, জীপাল কৰি ৰাখক তেখেতৰ সৃষ্টিশীল মনটোক৷ প্ৰেয়সীৰ মৰম-আব্দাৰৰ মাজেৰে হয়তো চাব বিচাৰিছিল বিশ্বক৷ পৃথীৱীখনৰ সৌন্দৰ্যৰ মাজত তেখেতে প্ৰেয়সীক কল্পনা কৰিছিল৷ শৰতৰ কঁহুৱা, শেৱালিৰ ৰূপত ভূপেনদাই যেন প্ৰেয়সীকহে দেখিছিল৷ তেখেতে গীতত লিখিছিল—

“তোমাৰ উশাহ কঁহুৱা কোমল
শেৱালি কোমল হাঁহি
হাঁহিয়ে হৃদয় ভৰিলে শুনাই
এটি কিবা মিঠা বাঁহী
শাৰদীয়া চেনেহীৰে
কঁকাল ইমান লাহী।…”

ঠিক তেনেকৈ ব’হাগৰ বিনন্দীয়া ন-প্ৰকৃতিৰ মাজতো যেন তেখেতৰ মৰমীজনীকে ধিয়াইছিল বা বিচাৰিছিল! গীতৰ মাজেৰে সেয়ে হয়তো তেখেত প্ৰকাশ কৰিছিল—

“নৱ নৱ ব’হাগ আহে
সৰুফুলে মিচিকি হাঁহে
মনে মোৰ তোমাক ধিয়াই…।“

কিন্তু বিচাৰিলেই জানো সকলো পায়! ভূপেনদাৰো এই বিচৰাবোৰ কেৱল অন্বেষণেই হৈ থাকিল৷ কোনোবা মুহূৰ্তত কিছু গীতত যেন ভূপেনদাই প্ৰতাৰণাৰ অনুভৱ কিছুমান ব্যক্ত কৰিছিল৷ তেখেতে লিখিছিল—

“এই বিহুৰ উৰুকা নিশা
মোৰ কলিজা পৰিছে ক’লা
চিঠি দিম বুলি চিঠিও নিদিলা
তুমি পৰদেশী হ’লা…।“

হয়তো ভূপেনদা কিছু অভিমানীও হৈ পৰিছিল৷ মনৰ ক্ষোভ তেখেতে বাৰু কিদৰে প্ৰকাশ কৰে!

”তোমাৰ দেখোঁ নাম পত্ৰলেখা
পত্ৰ তুমি নিলিখা হ’লা
হয়তো মোৰ পুৰণা ঠিকনা
তোমাৰ মনত নাই৷৷
হয়তো তুমি তোমাৰ মৰমবোৰ
থৈছা সাঁচি কাৰোবালৈ গুপুতে বুকুতে
তাত মোৰ ভাগেই নাই
কিম্বা মোৰ পুৰণা ঠিকনা
তোমাৰ মনত নাই…।“

এয়া ক্ষোভৰ ভাষা যেন নালাগেনে? ক্ষোভ আছিল, কিন্তু হিংসা নাছিল ভূপেনদাৰ প্ৰেমত৷ সেয়ে হয়তো প্ৰেয়সীৰ সুখতেই নিজৰ সুখ বিচাৰি পাইছিল৷ এটি গীতত তেখেত লিখিছিল—

“কোনো অভিযোগ নাই আজি মোৰ ঘৃণা উপচি পৰা
মোৰ অশ্ৰুৱে বুকুত তোমাৰ ঢালক সুখৰ নিজৰা৷
দিছোঁ আজি মই আশিস বাণী আৰু চেনেহৰ ধাৰা
সুখী হোৱা তুমি, মই সাবটিম পৰাজয়েৰেই কাৰা৷”

কিন্তু কাৰ সুখ বিচাৰিছিল বাৰু এনেকৈ? প্ৰেমক যেন ভূপেনদাই নিজৰ মাজতে লুকুৱাই ৰাখিব বিচাৰিছিল। হয়তো তেখেতে কিছু কথা গোপনে ৰাখিব বিচাৰিছিল৷ সেয়ে সহস্ৰজনৰ মনৰ জিজ্ঞাসাৰ কথা বুজিব পাৰিও মাথোঁ কয়—

“বুকুৰ ৰক্তেৰে গুপুতে জীয়াই ৰখা
নামবিহীনা তাই অনামিকা…।”

জীৱনৰ বাস্তৱতাখিনিক মানি লৈ ভূপেনদাই বৈবাহিক জীৱনৰ পাতনি মেলে৷ কিন্তু সেই পাতনিতো যেন ক’ৰবাত কিবা কেৰোণে ঠাই বিচাৰিবলৈ ধৰিলে৷ এগৰাকী খ্যাতনামা গায়িকাই আহি ভূপেনদাৰ প্ৰতি ভালপোৱা যাঁচি ক’লে— “ভূপেনক মই অসম্ভৱ ভাল পাওঁ, তেখেতৰ মাক-দেউতাক, ভাই-ভনী আৰু ঘৈণীয়েক ভাল পোৱাৰ তুলাচনীত যদি এপিনে উঠে, তেনেহ’লে মোৰ পিনেহে তুলাচনীখন দোঁ খাব৷” (‘ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ’, ড° দিলীপ দত্ত) ১৯৫৯ চনৰ ঘটনা, আন এগৰাকীয়ে স্বামী ঘৰত নথকা সময়কণত মহানগৰীৰ কোলাহলৰ আঁৰত গুপুত প্ৰেমৰ সোৱাদ ল’বলৈ ভূপেনদাৰ ওচৰলৈ আহিবলৈ ধৰিলে৷ এদিন ভূপেনদাৰ কোলাত মূৰ থৈ থকা অৱস্থাতে ভূপেন হাজৰিকাৰ পত্নী প্ৰিয়ম হাজৰিকাই দেখা পোৱাত প্ৰণয়িনীয়ে অলপো সংকুচিত নহৈ ক’লে— “ভূপেন! তোমাৰ আৰু মোৰ সম্বন্ধ কিমান দিনৰ, তুমি প্ৰিয়মক কৈ দিয়াচোন৷” ভূপেনদা নিমাত৷ তেতিয়াই প্ৰিয়ম হাজৰিকাই কঠোৰ এক সিদ্ধান্ত লৈ ভূপেনদাক এৰি গুচি গ’ল৷(‘ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰথ’, ড° দিলীপ দত্ত) ক’বলৈ গ’লে, কিছু ভুলৰ বাবেই, কিছু অসংযমতাৰ বাবেই ভূপেনদাৰ আশাৰ তৰী যেন নিৰাশাৰ বালিত লাগি ৰ’ল৷ ‘সুৰ নগৰীৰ সুৰৰ কুমাৰ’ গীতটোত তেখেত লিখিছিল—

“সৰা শেৱালিৰ শুকুলা বাটত
সুৰ ৰূপ এটি হয়
সুৰৰ কোমল পৰশে ৰূপৰ
আনে পৰাজয়৷৷
এদিন নিশা পচোৱা আহিল
ৰূপ নিলে উৰুৱাই
সুৰ সুৰ বুলি কতনা বিনালে
সুৰো যে কাষতে নাই…।”

হয়তো কোনোবা সময়ত ভূপেনদাই এৰি অহা বাটবোৰত ৰৈ যোৱা প্ৰেমৰ খোজৰ ছবিখনক বাৰুকৈ মনত পেলাইছিল, সেয়ে হয়তো ভূপেনদাৰ কলমেৰে গীত হৈ নিগৰিছিল—

“শৈশৱতে ধেমালিতে
তোমাৰে ওমলা মনত আছে
ব’হাগ মাহৰ লুইতখনিতে
দুয়ো সাঁতোৰা মনত আছে৷
যৌৱনতে দুয়োৰে দেহাৰ
লাজুকী পৰশ মনত আছে
মোৰ অবিহনে চিপজৰী ল’বা
বুলি কোৱা মোৰ মনত আছে…।”

এটা কথা মন কৰিবলগীয়া যে ভূপেনদাৰ গীতত হিয়া ভগা, ছাটি-ফুটি কৰা বা দূৰৈৰ পৰা নাৰী সৌন্দৰ্য চাই আপোনপাহৰা হোৱা অলপ-ধতুৱা মনোভাৱ নাই৷ নাৰীৰ ক্ষেত্ৰত তেখেত পিছহোঁহকাও নাছিল আৰু পৰাজয় স্বীকাৰ কৰাও নাছিল৷ তেখেতৰ কাষলৈ অহা সকলো নাৰীৰ অন্তৰকেই যেন তেখেত জয় কৰিব! সেয়ে হয়তো অতি গৌৰৱেৰে গীতৰ মাজেৰে লিখিছিল—

“নতুন নাগিনী তুমি কাল নাগিনী
তোমাক ভুলাবলৈ কিমাননো পৰ?
নীলা গৰল পিয়া
মই নীলকণ্ঠ
অলিয়া বলিয়া মই যাদুকৰ…৷”

যদি সেই চেষ্টা তেখেতৰ বিফল হয়, তাৰ বিৰহত সন্ন্যাসী নহয় বা ডিঙিত চিপজৰী লোৱা ব্যক্তিও তেখেত নহয়৷ তেখেতৰ গীতত নাৰীৰ দেহ-মন জয় কৰি তেখেত কোন স্থানত উপনীত হ’ব বিচাৰে, তাৰ স্পষ্ট সমিধান পোৱা নাযায়৷ তেখেত যেন সেই নাৰীসকলৰ বাবে কেৱল উৰণীয়া মৌ৷ আৰু উৰণীয়া মৌৱে ক্ষণিক জিৰাবৰ বাবে বা ছাঁত কটাবৰ বাবেহে যেন প্ৰয়োজন হৈছিল সেই নাৰীসকলৰ৷

”মই যেন আজীৱন উৰণীয়া মৌ
জিৰাবৰ নাই তৰু-তৃণ
জিৰণীয়া মৌ দেখি ভাবো একোদিন
মই কিয় ঠিকনাবিহীন৷…”

মনলৈ প্ৰশ্ন আহে, ভূপেনদাৰ গীতবোৰত নাৰী হৃদয়ৰ সূক্ষ্ম অনুভূতিবোৰে ঠাই পায়নে? গীতৰ কোনোবাখিনিত যেন নাৰী কেৱল পুৰুষৰ শাৰীৰিক আৰু মানসিক প্ৰয়োজনবোৰ পূৰণ কৰাৰ আহিলা স্বৰূপেহে প্ৰকাশ পাইছে! এটি গীতত লিখিছিল—

“(তুমি) বিয়াৰ নিশাৰ শয়ন পাটীৰ
এপাহি ৰজনীগন্ধা
(তোমাৰ) মূল্য এনিশাৰ…।”

❧ | আৰু পঢ়ক: ভূপেনদা আৰু ‘কাজিৰঙা কাজিৰঙা’ গীত সৃষ্টিৰ নেপথ্যৰ এছোৱা

যেনেদৰেই হওক, ড° ভূপেন হাজৰিকাৰ সৃষ্টিত প্ৰেমে বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল৷ তেখেতৰ গীতসমূহ সাধাৰণভাৱেও ফঁহিয়ালে প্ৰেমেই তেখেতৰ কিছু অম্লান সৃষ্টিৰ উৎস বুলি ক’ব পাৰি। উৎস যিয়েই নহওক, তেখেতৰ গীতসমূহৰ সঠিক আলোচনা হোৱাটো, সঠিক মূল্যায়ন হোৱাটো অতিকৈ প্ৰয়োজন৷

প্ৰধান প্ৰসংগ পুথি:
১. ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ; ড° দিলীপ দত্ত
২. মৃত্যু়ঞ্জয়ী দূৰন্ত তৰুণ ভূপেন হাজৰিকা; অনুভৱ পৰাশৰ, সমীৰণ গোস্বামী

Follow Nilacharai on Twitter
মোৰ মৰমে মৰম বিচাৰি যায়: ভূপেন হাজৰিকাৰ গীতত প্ৰেম | গীতালি কেওট বৰা

Follow Nilacharai on Facebook