শ্ৰী ৰঘুপতি: ৰুচিসম্পন্ন বাণিজ্যিক ছবি

শ্ৰী ৰঘুপতি: ৰুচিসম্পন্ন বাণিজ্যিক ছবি
  • 11 Jun, 2023

শ্ৰী ৰঘুপতি— অসমৰ লগতে ভাৰতৰ বিভিন্ন স্থানৰ চিত্ৰগৃহত যোৱা ৫ জুন (২০২৩) তাৰিখে মুক্তি লভা আৰু বৰ্তমানলৈকে আশাপ্ৰদভাৱে ব্যৱসায়িক সফলতা লাভ কৰা এখন মনোৰঞ্জনধৰ্মী অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ প্ৰতি বৰ্তমানলৈকে দৰ্শকে আশাব্যঞ্জক সঁ‌হাৰি আগবঢ়াইছে। শ্ৰী ৰঘুপতি ছবিখনৰ পৰিচালনা, চিত্ৰনাট্য আৰু সম্পাদনা সুব্ৰত কাকতিৰ। ছবিখনৰ কাহিনী, কাহিনীৰ বিস্তাৰ আৰু সংলাপ ৰবি শৰ্মাৰ লগতে নাম ভূমিকাত অভিনয়ৰ কৃতিত্বও ৰবি শৰ্মাৰ। মনোৰঞ্জনধৰ্মী যদিও মনোৰঞ্জনৰ নামত অপ্ৰয়োজনীয় দেহ প্ৰদৰ্শন, অপ্ৰয়োজনীয় দৃশ্য তথা চৰিত্ৰ সংযোজনৰ পৰা সম্পূৰ্ণ মুক্ত আৰু পৰিয়ালৰ সকলোৱে একেলগে বহি উপভোগ কৰিব পৰা ছবিখন বৰ্তমান অসমৰ লগতে অসমৰ বাহিৰৰো বিভিন্ন চিত্ৰগৃহত হাউচফুল হৈ চলি আছে।

ছবিৰ মুখ্য চৰিত্ৰ ৰঘুপতিৰ নামেৰেই ছবিখনৰ নাম শ্ৰী ৰঘুপতি। পূৰ্বতে উল্লেখ কৰাৰ দৰে নাম ভূমিকাত অভিনয় কৰিছে ৰবি শৰ্মাই। আৰম্ভণিৰে পৰাই ছবিখনে এক মসৃণ গতি লৈছে, প্ৰায় আঢ়ৈ ঘণ্টী দৈৰ্ঘ্যৰ ছবিখনৰ এই গতি শেষলৈকে অটুট আছে, দৰ্শক বিৰক্ত হোৱাৰ কোনো অৱকাশ ‘টিম শ্ৰী ৰঘুপতি’য়ে দিয়া নাই।

এজন উচ্চপদস্থ চৰকাৰী চাকৰিয়াল ৰঘুপতিৰ পৰিয়াল, ভগ্নী আৰু প্ৰেয়সীক কেন্দ্ৰ কৰি ছবিখনৰ কাহিনীভাগ আগবাঢ়িছে। কাহিনীয়ে সময়ে সময়ে বিভিন্ন মোৰ লৈছে, প্ৰত্যাশিত আৰু অপ্ৰত্যাশিত দুয়ো ধৰণৰ ঘটনাৰ মেৰপাকত ছবিখনৰ পিছৰ অংশৰ প্ৰতি দৰ্শকৰ আগ্ৰহ অক্ষুণ্ণ থাকে। কাহিনীভাগ আগবঢ়াৰ লগে লগে ঘটনা-পৰিঘটনাসমূহৰ লগত স্বাভাৱিকভাৱেই বিভিন্ন পটভূমিত বিভিন্ন চৰিত্ৰই ভুমুকি মাৰে আৰু ছবিখন মসৃণভাৱে আগবাঢ়ি যায়। নিটোল কাহিনীৰ লগতে সংলাপ সৃষ্টিৰ জৰিয়তে এই মসৃণ গতিশীলতাৰ কৃতিত্ব নিঃসন্দেহে ৰবি শৰ্মাৰ লগতে যুৱ পৰিচালক সুব্ৰত কাকতিৰ প্ৰাপ্য।

ছবিৰ আৰম্ভণিতে দেখা পোৱা নায়কৰ সুস্থিৰ জীৱন এক আকস্মিক দুৰ্ঘটনাৰ জৰিয়তে হঠাৎ সলনি হৈ পৰে। ঘটনাক্ৰমৰ লগত সংপৃক্ত হৈ হাঁহি- কান্দোন, দুখ-শোক, খং-যন্ত্ৰণাৰ সময় আহে। নায়কৰ জীৱনলৈ অহা ঘটনা প্ৰবাহে নায়কক সুখৰ লগতে দুখৰ দিনো দেখুৱায়। ভাগি পৰা নায়কৰ সময়ত পুনৰ জীৱন-যোদ্ধালৈ উত্তৰণো ঘটে। ছবিখন নায়কপ্ৰধান যদিও নাৰীৰ সন্মান, মৰ্যাদা আৰু বৰ্তমান সময়ৰ সুলভ ঘটনা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে নায়ক সৰব; এই সম্বন্ধীয় সংলাপ যথেষ্ট সুন্দৰ আৰু শক্তিশালী।

সমগ্ৰ ছবিখনতেই সংলাপৰ ব্যৱহাৰ যথোপযুক্ত, অত্যধিক নাটকীয়তাৰ পৰিহাৰে ছবিখনক সুষম গতিৰে আগবঢ়াত সহায় কৰিছে। ছবিৰ দৃশ্যগ্ৰহণ, আলোকসজ্জা, শব্দগ্ৰহণ তথা শব্দ সংযোজন যথেষ্ট সুন্দৰ। লগতে সুন্দৰ সম্পাদনা ছবিখনৰ সফলতাৰ অন্যতম উল্লেখযোগ্য দিশ। প্ৰণয় দত্তৰ আৱহ সংগীত আৰু সংগীত সংযোজন অত্যন্ত মনোগ্ৰাহী। ছবিখনৰ আন এটা উল্লেখযোগ্য দিশ হ’ল অপ্ৰয়োজনীয় নৃত্য-গীত সংযোজনৰ পৰা ছবিখন প্ৰায় মুক্ত। সূক্ষ্ম হাস্যৰস ছবিখনৰ আন এটা ভাল লগা দিশ।

অভিনেতা হিচাপে ৰবি শৰ্মাৰ অভিনয় জীৱনত শ্ৰী ৰঘুপতি নিঃসন্দেহে মাইলৰ খুঁটি হৈ ৰ’ব। প্ৰীতিকংকনা, প্ৰিয়ম পল্লৱী, ৰাজ শৰ্মা, বৰ্ণালী পূজাৰী, সিদ্ধাৰ্থ শৰ্মাকে প্ৰমুখ্যে কৰি প্ৰায় সকল অভিনেতা-অভিনেত্ৰীৰ অভিনয় পৰিশীলত, মনোগ্ৰাহী আৰু দৰ্শকে একাত্মবোধ কৰিব পৰা বিধৰ। কুশলী অভিনেতা অৰুণ নাথে ৰূপায়ণ কৰা ‘চলমান খান’ চৰিত্ৰটো বিশেষভাৱে উল্লেখ কৰিবলগীয়া। এনে এটা চৰিত্ৰৰ বাবে চিৰিয়াছ অভিনেতা অৰুণ নাথৰ নিৰ্বাচন নিঃসন্দেহে প্ৰশংসাযোগ্য।

ছবিখনৰ সকলো ভাল দিশ নস্যাৎ নকৰাকৈ এটা কথা কোৱা উচিত হ’ব যে শেষৰ অংশলৈ ছবি শেষ কৰাৰ স্বাৰ্থত কাহিনী অত্যধিক খৰতকীয়া হৈ পৰিছে, অৱশ্যে ই ছবিখনৰ সামগ্ৰিক ভালখিনিৰ ওপৰত বিশেষভাৱে ক্ৰিয়া কৰিব পৰা নাই।

ছবিখনৰ নেতিবাচক দিশ বুলিলে মনলৈ অহা একমাত্ৰ কথাটো হ’ল— প্ৰচাৰৰ অভাৱ। ভাল ছবিৰ সঠিক প্ৰচাৰ হ’লেহে ছবিখনৰ লগতে অসমীয়া চিনেমা উদ্যোগটোলৈয়ো ভাল দিন ঘূৰি আহিব। ছবিখনৰ কাৰিকৰী দিশসমূহো কিছু ক্ষেত্ৰত আৰু অধিক উন্নত কৰাৰ থল নথকা নহয়। অৱশ্যে এই বিষয়ত দৰ্শক হিচাপে আমি অসমীয়া চিনেমা উদ্যোগৰ সীমিত সুবিধাৰ কথাও মনত ৰখা উচিত।

অসমীয়া ছবিৰ সুদিন আহিবলৈ হ’লে শ্ৰী ৰঘুপতিৰ দৰে ৰুচিসম্পন্ন আৰু যুৱচামক আকৰ্ষিত কৰিব পৰা ছবি অধিক নিৰ্মাণ হ’ব লাগিব, লগতে আগ্ৰহী যুৱসমাজ নিজেও নিয়োজিত হ’ব লাগিব।

শ্ৰী ৰঘুপতি সকলো দিশৰে সফল হওক, অসমীয়া চিনেমাৰ সুদিন পুনৰ ঘূৰি আহক।

❧ | আৰু পঢ়ক:

শ্ৰী ৰঘুপতি: ৰুচিসম্পন্ন বাণিজ্যিক ছবি | গীতাৰ্থী হাজৰিকা
Follow Nilacharai on Facebook