সমাজ জাতি আৰু মানুহ: বিষ্ণুপ্ৰসাদ ৰাভাৰ অভিজ্ঞতাৰ প্ৰজ্ঞা

সমাজ জাতি আৰু মানুহ: বিষ্ণুপ্ৰসাদ ৰাভাৰ অভিজ্ঞতাৰ প্ৰজ্ঞা
  • 15 Jun, 2023
১.

বি ষ্ণুপ্ৰসাদ ৰাভাৰ কথা মনলৈ আহিলেই আমাৰ মনত যিটো অভিধাই ক্ৰিয়া কৰে, সেয়া হ’ল— ‘অভিজ্ঞতা’। ৰাভাই অভিজ্ঞতাৰ মাপকাঠিৰে সকলো কথাকে জুখি-মাখি চাব জানিছিল। তেওঁৰ জীৱনটোৱেই আছিল অভিজ্ঞতাৰ ভঁৰাল সদৃশ। অজ্ঞাতবাসৰ কালছোৱাক সেয়ে তেওঁ জীৱনৰ গুৰুত্বপূৰ্ণ সময়ছোৱাৰ এছোৱা বুলি গণ্য কৰিছিল। এয়া আছিল তেওঁৰ বাবে এক বিৰাট পর্ব। এই অভিজ্ঞতা বিবৰি এঠাইত তেওঁ লিখিছে:

“অসমৰ ইমূৰৰপৰা সিমূৰলৈকে ফুৰোঁ, ঘূৰোঁ, টহলো। পূবে বর্মা-সীমান্ত, পশ্চিমে নেপালৰ পূৰ্বান্ত, আনকি তিব্বতৰ সীমান্তলৈকে যাওঁ। কিমান ধৰণৰ মানুহৰে সৈতে যে নিবিড় সম্পর্ক হয়, মই জানো; — আবৰ, খামতি, ফাকিয়াল, চুতীয়া, আহোম, ৰাভা, কছাৰী, লালুং, মিকিৰ, গাৰো, ডিমাচা, কোঁচ, কলিতা, বামুণ, গোসাঁই, গৰীয়া, মৰীয়া, লেপচা, ভূটীয়া, নেপালী আৰু যে কিমান!— ধৰণ বেলেগ, জাতি বেলেগ, ধর্ম বেলেগ, কিন্তু স্বার্থ একেই। মুণ্ডা, উড়ীয়া, কুৰ্মী, চাওঁতাল আদি আদিবাসীসকলৰো হালোৱা, হজুৱা, বনুৱা আৰু তলমজলীয়া খলপৰ দুখীয়া ৰাইজৰ ভিতৰত বিৰিঙি উঠা দুখ-দুৰ্গতিৰ কোনো বিভিন্নতা নাই। সেই একেই অর্থনৈতিক হেঁচা।”

বিষ্ণুপ্ৰসাদে এই পটভূমিকাত ধৃতৰাষ্ট্ৰৰ কথা জুকিয়াই চাব খোজে। তেওঁ কয়, দ্বাপৰ যুগৰ ধৃতৰাষ্ট্ৰ কেৱল অন্ধহে আছিল, কিন্তু কলিযুগৰ ধৃতৰাষ্ট্ৰ অন্ধও, কলাও। সেয়ে বিষ্ণুপ্রসাদে অভিজ্ঞতাৰ ভঁৰাল খুলি আমাক বুজাই সৰল ব্যাখ্যা-বিশ্লেষণেৰে:

“দুষ্ট প্ৰকৃতিৰ পুতেক দুজন, দুৰ্যোধন আৰু দুঃশাসন, দুয়ো মিলি কিমান যে ৰাইজৰ ওপৰত পাশবিক দমন, পীড়ন, উৎপীড়ন, অত্যাচাৰ কৰি ফুৰে, ধৃতৰাষ্ট্ৰই জানো দেখে?— নেদেখে। সেয়েহে সি অন্ধ।… ৰাইজৰ কৰুণ আলৈ-আথানি হোৱা বুকুভগা, হিয়াভগা দৃশ্য সি নেদেখে। সেই দমন, পীড়ন, উৎপীড়নৰ ফলত জৰ্জৰিত হোৱা ক্লিষ্ট, পিষ্ট, দলিত দুখীয়া ৰাইজৰ ইননি-বিননি, হা-হুমুনিয়াহ সি জানো শুনে?— নুগুনে। কাৰণ সি কলাও। ধৃতৰাষ্ট্ৰৰ এই অন্ধতা আৰু বধিৰতাৰ সুযোগ লৈ সেই দুর্যোধন, সেই পুঁজিপতি কুবেৰহঁত, যিবিলাকে নিজৰ পুঁজিৰ মুনাফাৰ কাৰণে কুভাবেৰে শ্ৰমজীৱী ৰাইজৰ মাজত যুঁজ-বাগৰ লগায়; সেই দুঃশাসন সেই ধনপতি ধনীৰ দালালহঁত— যিবিলাকে ধনীক শ্ৰেণীৰ স্বাৰ্থ-পূৰণৰ বাবে অবাধে শোষণ চলাবলৈ বেয়া শাসন কৰে; ইয়াৰ জানো কোনো প্রতিকাৰ নহ’ব? ৰাইজৰপৰা পাঁচ পাণ্ডৱ ওলাই তেনে দুর্যোধনৰ জানো উৰু নাভাঙিব, দুঃশাসনৰ বুকু ফালি ৰক্ত পান কৰিব?”

কি সুন্দৰ তেওঁৰ অভিব্যক্তি! কি আন্তৰিক উপলব্ধিৰ প্ৰকাশ! এই প্রকাশভঙ্গীটো পুথি অধ্যয়নৰ ফচল বুলি ক’লে ভুল কৰা হ’ব। তেওঁ তাৰো স্বীকাৰোক্তি দিব খোজে এনেদৰে:

“ৰাইজৰ অন্তৰ-ফুলনিৰ ফুলে ফুলে উৰি পৰি পৰি মৌগুটি ভোমোৰাৰ দৰে ৰস শুহি শুহি মই মোৰ হৃদয়ত মৌ-কোঁহ ৰচনা কৰোঁ। সেই ৰাইজৰ মৌ ৰাইজক বিলাওঁ। সি মোৰ কোনো নিজস্ব নহয়। শিল্পীৰ ই ধৰ্ম। মই সেই ধৰ্মহে পালন কৰোঁ।”

আৰু এই আত্মোপলব্ধিৰ বাবে তেওঁ বিচাৰি পাবলৈ সময় নেলাগে সমাধানৰ পথ কেনি। তেওঁ কৈ দিয়ে সেই কথা:

“সমস্যাৰ উলুৱনি চিকুণাই চাফ কৰিবলৈ হ’লে লাগে মাথোঁ এটি ফিৰিঙতি— বিপ্লৱৰ ফিৰিঙতি। সেই বৈপ্লৱিক ফিৰিঙতিয়ে সমস্যাৰ উলুৱনি পুৰি ছাই কৰি যায়। সেই মুকলি পথাৰত চহ কৰি নতুন দুনিয়াৰ ন-মনৰ ন-বনুৱা ন-ৰণৰ ন-ৰণুৱা ৰাইজে ন-উছাহেৰে ন-বিধান সিঁচে; হয়, নয়া-গণতান্ত্রিক নহয়, সমাজতান্ত্রিক বিপ্লৱৰ সঁচ।”

শ্রেণীবিভক্ত সমাজ এখনত শ্রেণী সংগ্রাম অবিহনে সমাজখনত যে সমতা স্থাপন নহয়, সেই কথা ৰাভাই বৰ সহজ-সৰল উপমা, কাহিনী কৈ ৰাইজক বুজনি দিবলৈ যত্ন কৰিছিল, তাত কঠিন তাত্ত্বিক কথা নাছিল, আছিল কেৱল উপলব্ধি। তেওঁৰ ‘হিয়াৰ পুং’ গল্পটোৰ এটি ডেকা চৰিত্ৰ— লখ্ৰা। আন এটি চৰিত্ৰ এজন বুঢ়া। বুঢ়াই লখ্ৰাক কৈ যায় সমাজখনৰ কথা— সমাজৰ হালোৱা-হজুৱা বনুৱাসকলৰ দুখ-দুৰ্গতিৰ কথা। বুঢ়াই বুজনি দিছে এনেদৰে:

“কণীৰ ভিতৰত বিজলো থাকে, কুহুমো থাকে। বিজলে কুহুমক নষ্ট কৰিবলৈ বিচাৰে, কুহুমে বিজলক ধ্বংস কৰিবলৈ বিচাৰে৷ এইদৰে যুঁজোতে যুঁজোতে বিজলো নহয়, কুহুমো নহয়, বেলেগ এটি বস্তু ওলায়। সেইটো হৈছে এটা পোৱালি। এইদৰে ধনতন্ত্রবাদৰ গৰ্ভৰপৰা দুটা শ্রেণী ওলাইছে, এটা হৈছে ধনিক, আনটো গৰীৱ সৰবহাৰা। ধনিক শ্ৰেণীয়ে গৰীৱ শ্ৰেণীক দমন কৰিবলৈ বিচাৰে আৰু সৰবহাৰা শ্ৰেণীয়ে ধনিক শ্রেণীক উচ্ছেদ কৰিবলৈ বিচাৰে। ধনীৰ শতৰু গৰীব আৰু সৰবহাৰা শ্ৰেণীৰ শতৰু ধনিক শ্ৰেণী। এইদৰে যুঁজি যুঁজি ধনীও নহয় দুখীয়াও নহয়— এটা বেলেগ সমাজ ওলাই পৰে। সেইয়া হৈছে সমাজতন্ত্রবাদ । সেয়ে হৈছে বিপ্লৱ। ধনতন্ত্ৰবাদৰপৰা সমাজতন্ত্রবাদলৈ বিপ্লৱ। বিপ্লৱ কটা-খোঁচা নহয়। বিপ্লৱ হৈছে নতুনলৈ সলনি।”

মানুহৰ মাজে মাজে ঘূৰি-পকি বিষ্ণুপ্ৰসাদ ৰাভাই নিজৰ মনকোঁহত সুমুৱাই লোৱা অভিজ্ঞতাই তেওঁক কৰি তুলিছিল যুক্তিবাদী— আৱেগৰ বন্যাক তেওঁ অনায়াসে আঘাত কৰিব পাৰে সেয়ে৷ ‘মামীৰ হাৰ’ গল্পটিত এটি চৰিত্ৰৰ মুখত এটা দীঘলীয়া সংলাপ দিছে এনেদৰে:

“সমস্যাৰ গোড়া না বুঝিয়া চুঝিয়া আমিৰা ধৰিয়া লং— এই ইমিৰাই দেছেৰ ছত্ৰু,— এই পাকিস্তানেৰ্ পেৰা আছা মানছিগিলা।… ওদিগি চিলাইয়া ওঠে, ‘আল্লা হো আকবৰ্।’— আমিৰা ডাকাওঁ,— ‘বন্দেমাতৰম!’— অ’ মলৌ, অ জাৰৌ,— কাই-কাই আছিচ, আছিবি! চবাই আছিয়া জুটিয়া, মিলিয়া-জুলিয়া একলগে চেচাং,— ‘বন্দেমাতৰম্।’ য়াং বাঙালৰ গ্ৰামৰ দিগে অন্ধকাৰ ৰাত্ৰিত। হাতত হাতীয়াৰ অস্ত্ৰ লইয়া,— দা, কুঠাৰ, জাঠি, জোং।… আগুন জ্বলিয়া উঠে। আঃ!…

আমিৰা যাং বাঙাল্ খেদাবাৰ্। তামিৰাৰ ঘৰ পুৰে। আকাচ লাল হয়। ঘৰেৰ খুটা ফুটে,— ঠৌ-ঠৌ-ঠৌ। আমিৰা চেচাং— ‘বন্দেমাতম’। তামিৰা চিলায় ‘আল্লা হো আকবৰ’ আৰু তিৰীছাৱা কান্দিয়া উঠে। তাৰ পৰে আৰু কিছু নাই। তামিৰা পলায়া। হয়— আমাৰ পেট নাভৰে, আগেৰ্ মতন খালি খালিয়েই থাকি যায় । উস বাপুৰে।”

স্বাধীনতাৰ পাছত সাম্প্রদায়িক সংঘৰ্ষৰ পটভূমিত ৰাভাই গল্পটোত এইখিনি উপস্থাপন কৰিছিল চৰিত্ৰটিৰ নিজৰ নিৰ্ভাঁজ ভাষাৰ মাধ্যমত।

তেনেদৰে স্পৃশ্য-অস্পৃশ্যৰ ব্যাধিয়ে কিদৰে আমাৰ সমাজখনক কলুষিত কৰিছে, তাকো ৰাভাই ওচৰৰপৰা দেখিছিল আৰু তেওঁৰ ৰচনাৰ মাজেৰে তেওঁৰ সংস্কাৰবাদী মনটোক তুলি ধৰাৰ যত্ন কৰিছিল। বিশেষকৈ অসমৰ হিন্দু সমাজত লুকাই থকা জনজাতিসকলৰ প্ৰতি নীচাত্মক ধাৰণাক তেওঁ ধিক্কাৰ দিছে বিভিন্ন ৰচনাত আৰু ই যে অসমীয়া জাতিৰ বিকাশৰ এক ঘাই অন্তৰায় তাকো মুকলিকৈ ক’বলৈ দ্বিধা কৰা নাই। ‘অগ্নিসংস্কাৰ’ নামৰ গল্পটিৰ এটি চৰিত্ৰৰ মুখত তেওঁ জুৰি দিছে এইখিনি কথা:

“অসমীয়া হিন্দু, কলিতা সমাজৰ নিয়মেই হৈছে এই যে, কছাৰী জাতিটোৰ ঠাই বৰচোতাল নহয়, সিহঁতৰ উপযুক্ত স্থান হৈছে বাঁহনি-ছুৱনি।”

যিটো চৰিত্ৰৰ মুখেৰে কথাষাৰি নিঃসৃত হৈছে, তেওঁ হ’ল হাড়ংগাৰা। এটি বড়ো জনজাতি চৰিত্ৰ। হাড়ংগাৰাই কৈ দিলে আৰু কেইটামান স্পর্শকাতৰ কথা:

“এই অসমীয়া হিন্দু সমাজৰ পৰ্বতহেন ভ্ৰম ইয়াতেই দেখা যায়। সামাজিক হিচাপে সিহঁতে যেনেকৈ আমাক নীচ, অৱনত, অস্পৃশ্য সম্প্ৰদায়ৰ বুলি ভাবে, ধর্ম হিচাপেও আমাক নীচ ধৰ্মৰ মানুহ বুলি গণ্য বা ব্যৱহাৰ কৰে। কিয়? সিহঁতে কিয় কাগজে-কলমে, মাহেলী-বাতৰিত আমাক হিন্দু বুলি চিনাকী দিয়ে? যদি আমি হিন্দুৱেই তেন্তে আমি হিন্দুৰ সমানাধিকাৰ সিহঁতৰ দৰে নাপাওঁ কিয়? যদি আমি হিন্দুৱেই, তেন্তে অধিকাৰ গোসাঁইসকলে আমাক এই হোজা কছাৰীবিলাকক শৰণ দি, কোঁচ, মহলীয়া, মদাহী নামে অভিহিত কৰাইহে হিন্দু ধৰ্ম্মত দীক্ষিত কৰে। এইয়েইতো অসমীয়া হিন্দু ধৰ্ম্মৰ সঙ্কীর্ণতা!”

বিষ্ণুপ্ৰসাদ ৰাভাৰ অভিজ্ঞতাৰ প্ৰজ্ঞাৰে অসমীয়া জাতিসত্তাত দেখা দিয়া আজিৰ বিস্ফোৰক সময়ৰ বিশ্লেষণ কৰিব পাৰি।

২.

সৈনিক-শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই মার্ক্সীয় বিশ্ববীক্ষাৰ পোহৰতে অসমীয়া জাতিসত্তাৰ স্বৰূপ নিৰ্ণয় কৰিবলৈ যত্ন কৰিছিল। ইয়াৰ বাবে তেওঁৰ চিন্তাৰ সমল আছিল বাস্তৱ অভিজ্ঞতা। অসমৰ প্ৰতিটো জনগোষ্ঠীৰ ওচৰলৈ গৈ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো তেওঁ উপলব্ধি কৰিবলৈ যত্ন কৰিছিল। সেয়ে তেওঁৰ মন দাপোণত জাতি-জনগোষ্ঠীসমূহৰ ইতিহাস আৰু ভূগোল উদ্ভাসিত হৈছিল সদায়। তেওঁৰ চিন্তাত কোনোধৰণৰ সংকীৰ্ণ তথা আধিপত্যবাদী চেতনাই ঠাই পোৱা নাছিল। তেওঁৰ সমগ্ৰ ৰচনাৱলীত আমি সম মর্যাদাৰ দিশটোহে প্ৰকট হৈ পৰা লক্ষ্য কৰোঁ, যি সুস্থ জাতি গঠনৰ প্ৰধান সমল। অথচ আমাৰ দুৰ্ভাগ্যৰ বিষয় যে আজি অসমত এচাম সংকীর্ণ ভাবাদৰ্শৰ তাত্ত্বিকে বাৰে বাৰে ঘোষণা কৰিব লাগিছে যে ভাষাই জাতি গঢ়ে। অসমীয়া জাতিৰো একমাত্ৰ পৰিচয় ‘ভাষিক’, কোনো ভৌগোলিকতা তাত নাই। কথাটো ইমান সৰলভাৱে এই সকল তত্ত্ববীৰে ক’ব পাৰিছে কেনেকৈ? ভাষিক আধিপত্যবাদী চিন্তাৰে ই প্ৰতিফলন নহয়নে?

ৰাভাই কৈছিল— “অসমীয়া কৃষ্টি, সংস্কৃতি আৰু সাহিত্য ব্ৰহ্মপুত্ৰৰ দৰে বিশাল আৰু বিৰাট। সৰু সৰু জুৰি, নিজৰা, নৈ, উপনৈৰ সমন্বিত শকতিৰ দ্বাৰা যেনেকৈ ব্ৰহ্মপুত্ৰই তাৰ বিশালতা আৰু বিৰাটতা লাভ কৰিছে, ঠিক তেনেকৈ অসমৰ বহু জাতি, উপজাতি আৰু জনজাতিৰ কৃষ্টি, সংস্কৃতি আৰু সাহিত্যই বিশালতা আৰু বিৰাটতা লাভ কৰিছে।” আকৌ তেওঁ কৈছে— “আজি প্রত্যেক অসমীয়াই সংকল্প কৰা উচিত, অসমক মৰিবলৈ নিদিওঁ, অসমীয়াক জীণ যাবলৈ নিদিওঁ। অসমৰ বুকুত বিচিত্ৰৰ মাজত ঐক্যৰ ডোলেৰে গুঁঠি দুনাই শক্তিশালী অসমীয়া জাতি গঢ়োঁ, শক্তিমান ন-অসমীয়া সংস্কৃতি ৰচোঁ। সোণেৰে গঢ়ি আশাৰ ৰংঘৰ, আকাংক্ষাৰ কাৰেংঘৰ, কামনা-বাসনাৰ তলাতল ঘৰ সাজোঁ।”

এই যে ‘প্রত্যেক অসমীয়া’, কোনসকল অসমীয়া? অসমীয়া ভাষা কোৱা মানুহসকল নেকি (অর্থাৎ যাৰ মাতৃভাষা অসমীয়া)? ৰাভাই যে কৈছে, ‘অসমীয়া সংস্কৃতিক লুপ্ত হ’বলৈ নিদিওঁ’, এই ‘সংস্কৃতি’ বুলি তেওঁ কি অসমীয়াভাষী মানুহখিনিৰ সংস্কৃতিকে বুজাইছে জানো? আনহাতে, ৰাভাই ব্ৰহ্মপুত্ৰৰ দৰে বিশাল আৰু বিৰাট যি শক্তিশালী অসমীয়া জাতি গঢ়াৰ কথা কৈছে, সেই জাতিটো কি অসমীয়াভাষী মানুহখিনিৰে কাৰখানাত তৈয়াৰ হ’বলগীয়া এটা জাতিনে? অর্থাৎ স্পষ্টকৈ ক’বলৈ গ’লে ৰাভাৰ এই দৃষ্টিকোণ ভাষিক নে ভৌগোলিক অথবা আঞ্চলিক? নে ৰাভাই সমগ্ৰ অসমৰ মানুহ অসমীয়া ভাষাতে লীন গৈ বিৰাট আৰু বিশাল অসমীয়া জাতিৰ কথা কৈ প্ৰকাৰান্তৰে আধিপত্যবাদী দৃষ্টিভংগীৰে প্ৰকাশ কৰিছে?

এটা সময়ত অসমীয়া মধ্যবিত্তৰ এক প্ৰভাৱশালী অংশই সমগ্ৰ অসমৰ মানুহক অসমীয়া ভাষাত লীন যাবলৈ আহ্বান জনাইছিল। এই আহ্বান কেৱল অসমলৈ নতুনকৈ অহাসকলৰ মাজতে সীমাবদ্ধ নাছিল। অসমৰ প্ৰাচীন জনজাতিসকলৰ প্রতিও একে আহ্বান জনোৱা হৈছিল। অসম সাহিত্য সভাৰ মঞ্চৰপৰাও একাধিক সভাপতিয়ে এনে মন্তব্য কৰিছিল যে জনজাতিসকলে নিজস্ব দোৱান এটা ৰাখি গ’লে অসমীয়া জাতিৰ কোনো লাভ নহ’ব। বৰং তেওঁলোকে অসমীয়া ভাষাত লীন গৈ শক্তিশালী অসমীয়া জাতি গঢ়াৰহে পণ লোৱা উচিত। অসমীয়া ভাষাৰ সম্প্ৰসাৰণৰ লগত অসমীয়া জাতি শক্তিশালী হোৱাৰ প্ৰশ্নটোক তেওঁলোকে একাকাৰ কৰি পেলাইছিল।

অম্বিকাগিৰীৰ দৰে পুৰোধা ব্যক্তিয়ে এই কথা কৈছিল যে বহিৰাগত পমুৱাই অসমীয়া ভাষা গ্ৰহণ কৰিলে অসমীয়া জাতিত সুমুৱাই লোৱাত তেওঁৰ আপত্তি নাই ৷ বিষ্ণুপ্ৰসাদ ৰাভা জানো এই দলত আছিল? বৰং আমি পাওঁ, অসমীয়া মধ্যবিত্তই এনে মতপোষণ কৰাৰ সময়তে ৰাভাই ইয়াৰ বিপৰীত মেৰুত থিয় হৈ অসমৰ ‘অত্যাচাৰিত অৱনত’ জাতিৰ প্ৰসংগৰ অৱতাৰণা কৰি ১৯২৯ চনত ‘আৱাহন’ৰ পাতত এই বুলি সকীয়াই দিছিল যে অসমৰ ‘সমাজনীতিক আৰু ৰাজনীতিক’সকলে এই কথাত গুৰুত্ব নিদিলে অসমত ভৱিষ্যতে গৃহকন্দলৰ সূচনা হ’ব। অর্থাৎ ৰাভাৰ অসমীয়া উপলব্ধিত আছিল জাতিটোৰ সকলো উপাদানৰ প্ৰতি সম মর্যাদা প্রদর্শন। তেন্তে ৰাভাৰ অসমীয়াৰ সংজ্ঞাত কেৱল অসমীয়া ভাষাই নাই, আছে নানা ভাষা, নানা কৃষ্টি, নানা ধৰ্মৰ সমাৱেশ। সকলোৰে সম বিকাশৰ মাজেৰেহে অসমীয়াই বিৰাটতা লাভ কৰিব বুলি তেওঁ ভাবিছিল। তেনেহ’লে আমি নিশ্চয় এইটো সিদ্ধান্তলৈ আহিব পাৰোঁ যে ‘অসমীয়া’ সংজ্ঞা নিৰূপণত ৰাভাৰ মানসিক জগতত যি ক্রিয়া হৈছিল, সি ভাষিক নাছিল, আছিল ভৌগোলিক বা আঞ্চলিক। কথাষাৰ ৰাভাৰ নিজৰ ভাষাৰে পুনৰ পৰিষ্কাৰ কৰি ল’ব পাৰি। ‘অমৰজ্যোতি’ নামৰ এখন ৰচনাত ৰাভাই কৈছে— “অসমীয়া কৃষ্টি আৰু সংস্কৃতিৰ মৃত্যু নাই, আছে সীমাহীন, অন্তবিহীন অমৰতা। ভৌগোলিক পৰিৱেশ আৰু ইতিহাসৰ ক্ৰমবিকাশৰ ধাৰাত অসমীয়া কৃষ্টি ন-ৰূপ, ন-সাঁচ, ন-ঠাচেৰে পুনৰ বিৰিঙি উঠে।”

আকৌ আন এখন ৰচনাত তেওঁ কৈছে: “ভৌগোলিক পৰিৱেশ আৰু ইতিহাসৰ বোৱতী ধাৰাত এখন ৰাজ্য আৰু জাতিয়ে বিশেষ ৰূপে গঢ় লয় আৰু তাৰ কৃষ্টিতো বৈশিষ্ট্য দেখা যায়।” এইখিনি কথা কৈ অসমীয়া জাতি গঠনত তথা ব্ৰহ্মপুত্ৰই বিৰাটতা তথা বিশালতা লাভ কৰাত বুৰঞ্জী আৰু ভূগোলে কি বলিষ্ঠ ভূমিকা লৈছে তাৰ লেখ ল’বলৈ তেওঁ যত্ন কৰিছে এনেদৰে:

“ব্ৰহ্মপুত্ৰৰ বাবে অসমীয়া কৃষ্টি অতি সুবিশাল। কত নৈ-উপনৈ মিলি এই ব্ৰহ্মপুত্ৰ সৃষ্টি কৰে আৰু সেই ব্ৰহ্মপুত্ৰই সংগমৰ আশাত মহাসাগৰৰ ফালে ঢাল খায়। কত উপকৃষ্টি মিলি এই বিৰাট অসমীয়া কৃষ্টি সৃজন কৰে আৰু অসমীয়া কৃষ্টিয়ে এক মহাসংস্কৃতিৰ ফালে সোঁত লয়। লুইতে-দিবঙে বোৱাই আনে মিচিমি কৃষ্টি; কুণ্ডিলে চুতীয়া কৃষ্টি; দিহিং, নোৱাদিহিং, টেঙাপানীয়ে খামটি, চিংফৌ, ফাকিয়াল, মৰাণ, সোণোৱাল কছাৰী কৃষ্টি; টিংৰাই, ডিবৰুয়ে মটক আইতনীয়া কৃষ্টি; দিখৌৱে আনে নগা, টাই-আহোম কৃষ্টি; সোৱণশিৰিয়ে মিচিং, মিলি কৃষ্টি; বুৰি, বুঢ়ীদাং ভৰালীয়ে ডফলা কৃষ্টি; লংকা, কপিলী, যমুনা, কলঙে মিকিৰ ডিমাচা কৃষ্টি। এইদৰে ৰাভা, কোঁচ, গাৰো, খাচীয়া, নাথ, কৈবর্ত, কলিতা, কায়স্থ, ব্রাহ্মণ্য কৃষ্টি উপনৈবোৰে ধুই-পখালি আনে।”

এইদৰে নৈ-উপনৈয়ে গঢ় দিয়া অসমীয়া কৃষ্টিৰ কথা, অসমীয়া জাতিৰ কথা অতি প্ৰাঞ্জল বৰ্ণনাশৈলীৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনাৱলীত আমি পঢ়িবলৈ পাওঁ৷ নিজৰ বিস্তৰ অভিজ্ঞতাৰে তেওঁ দেখিবলৈ পাইছিল কিদৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাই অসমীয়া জাতিটো সমৃদ্ধ কৰিছে। এই আঞ্চলিক বৈশিষ্ট্যক স্বীকাৰ নকৰাসকলৰ কাৰণেই সম্ভৱ কেতিয়াবা ভাষাৰ ভিত্তি, কেতিয়াবা চন-তাৰিখৰ ভিত্তিত পলকতে অসমীয়া সংজ্ঞা নিৰূপণ কৰা হয়। জনঅৰণ্যত বিচৰণ কৰা হ’লে এই সকলে বিষ্ণু ৰাভাকে অনুসৰণ কৰিলেহেঁতেন।

ৰাভাৰ ‘অসমীয়া’ৰ সংজ্ঞা সংকীর্ণ ভাষিক চেতনাৰে আবৃত নাছিল, তাক আমি তেওঁৰ ‘মিচিং কনেঙ’ নামৰ উপন্যাসৰ কাহিনীৰপৰাও জানিব পাৰোঁ। উপন্যাসৰ এটি মুখ্য চৰিত্ৰ কুমং এজন মিচিং ল’ৰা৷ তেওঁ যেতিয়া পিয়াহত ৰাজহুৱা কুঁৱা এটাৰপৰা পানী তুলি খাব বিচাৰিছে, তেতিয়া তেওঁ এজন অনা-মিচিং হিন্দুৰপৰা বাধা পাইছে। কুমঙৰ মনত তেতিয়া প্রশ্ন উদয় হৈছে— “সি জানো অসমীয়া নহয়— মিচিং মিৰিসকলে জানো অসমীয়া বুলি চিনাকি নিদিয়ে? হিন্দুবোৰ হ’ল অসমীয়া আৰু সিহঁত মিৰিসকল হ’ল অনাঅসমীয়া— অসমত খিলঞ্জীয়া বাসিন্দা হৈয়ো সেয়েহে হিন্দুসকলৰ মুখত শুনা যায়, এয়া অসমীয়া গাঁও, সিখন মিৰি গাঁও। ইমান পৰ ভাবেনে তেওঁলোকে? এই কুঁৱা ৰাজহুৱা কুঁৱা, তাক চুলেও চুৱা লাগে, কুঁৱাটো যেন হিন্দুসকলৰহে, মিৰিসকলৰ নহয়।” কুমঙ প্রতিজ্ঞাবদ্ধ হৈছে, সি দেখুৱাব খোজে যে “মিচিঙো মানুহ, অসমীয়া মানুহ।”

‘অসমীয়া কৃষ্টি’ আৰু ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ শীৰ্ষক ৰাভাৰ দুখন অনুপম ৰচনা। অসমীয়া কৃষ্টি, সংস্কৃতি আৰু জাতি গঠনৰ বিশ্লেষণত দুয়োখন ৰচনাই আমাক বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰাত সহায় কৰে। দুয়োখন ৰচনা তেওঁ বিপ্লৱী কমিউনিষ্ট পাৰ্টিত যোগদান কৰাৰ পাছত ৰচনা কৰা। মার্ক্সীয় বিশ্ববীক্ষা সেয়ে তেওঁৰ বিচাৰ-বিশ্লেষণৰ আধাৰ হৈছে। প্ৰথমখন নগাঁও জিলা ছাত্র ফেডাৰেশ্বনৰ ৰহাত বহা প্ৰথম বাৰ্ষিক অধিৱেশনৰ কৃষ্টি শাখা সভাৰ সভাপতিৰূপে দিয়া অভিভাষণ। দ্বিতীয়খন ১৯৪৫ চনত অবিভক্ত কামৰূপ জিলাৰ কনিহাত হোৱা বিহু উৎসৱৰ কৃষ্টি শাখাৰ সভাপতিৰূপে দিয়া অভিভাষণ। প্ৰথমখনত ইতিহাসৰ ভেটিত গঢ় লোৱা অসমীয়া কৃষ্টিৰ কথা আলচ কৰিছে আঞ্চলিক বৈশিষ্ট্যসমূহৰ উল্লেখেৰে। অসমৰ জনগোষ্ঠীসমূহক তেওঁ ইয়াত আদিম অসমীয়া বুলি সম্বোধন কৰিছে। ইয়াত তেওঁ ড° বাণীকান্ত কাকতিৰ দৰে পণ্ডিতপ্ৰৱৰ ব্যক্তিত্বক কেৱল পুথিগত বিদ্যাৰে বিশ্লেষণতকৈ বাস্তব অভিজ্ঞতাৰে আগবাঢ়িবলৈ আহ্বান জনাবলৈও সাহস কৰিছে। এই ৰচনাৰে এই কথাও আমাক সকীয়াই দিছে যে শ্রেণীগত দৃষ্টিকোণ পৰিহাৰ কৰি কোনো মার্ক্সবাদীৰ পক্ষে জাতিৰ সংজ্ঞা তথা জাতিগত সমস্যাৰ সমাধানৰ পথ ৰচনা কৰাটো সম্ভৱ নহয় ৷ তেওঁ লিখিছে:

“এই কুৰি শতিকাত সাম্ৰাজ্যবাদীৰ যি ধুমুহা বলিছে, ধনতান্ত্রিকতাৰ বিজয় বৈজয়ন্তী ধ্বজা উৰিছে, সেই ধনতান্ত্রিকতা আৰু সাম্ৰাজ্যবাদৰ হেঁচাত অসমীয়া গাঁৱলীয়া দুখীয়া, হজুৱা-হালোৱা, বনুৱা বাচি থাকিবনে? যদি অসমীয়াৰ এই দুখীয়া শ্ৰেণী মৰে, তেন্তে অসমীয়া জাতিও মৰিব, লগে লগে লয় পাব অসমীয়া কৃষ্টি, অসমীয়া সভ্যতা। এই কৃষ্টি, এই সংস্কৃতি, এই সভ্যতা বচাবই লাগিব। এই নিষ্পেষিত, নির্যাতিত, নিপীড়িত দুখীয়া অসমীয়াক বচাব লাগিব বিপ্লৱৰ মাজেদি সেই ধনীসকলৰ বিপক্ষে যুঁজি, যি ধনীৰ কোনো জাতি নাই, সমাজ নাই, ধর্ম নাই; যিটো জাতি ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বৰ খুঁটা, য’তে সিহঁতৰ লাভ ত’তেই সিহঁত।”

সন্দেহ নাই, ৰাভাৰ দৃষ্টিৰ সাম্ৰাজ্যবাদীৰ হেঁচাই এতিয়া আগতকৈ অধিক জটিল ৰূপ ধাৰণ কৰিছে। অসমৰ দৰে সংমিশ্ৰিত জাতিৰ আবাস অঞ্চলত সাম্ৰাজ্যবাদীৰ চক্রান্ত যে আৰু অধিক জটিল হ’ব পাৰে, সি সহজেই অনুমেয়। উগ্ৰ ভাষিক জাতীয়তাবাদে এইসকলৰ স্বাৰ্থকে পূৰণ কৰে মাথোঁ।

অসমীয়াৰ সংজ্ঞা নিৰূপণকাৰীসকলৰ এটা মত হ’ল— যিসকলৰ মাতৃভাষা অসমীয়া, তেওঁলোক নিশ্চিতভাৱে অসমীয়া, আৰু যিসকল বহিৰাগতই অসমীয়াক মাতৃভাষা হিচাপে গ্ৰহণ কৰিছে, তেওঁলোকো অসমীয়া।

মতটো অস্পষ্ট। বহিৰাগত যিসকল অসমলৈ আহিছে, তেওঁলোকে শিক্ষা আৰু যোগাযোগৰ মাধ্যম হিচাপে অসমীয়া ভাষা গ্রহণ কৰিছে, মাতৃভাষা হিচাপে নহয়। ঘৰত তেওঁলোকে নিজৰ ভাষাৰে মত বিনিময় কৰে। এই দৃষ্টিৰে চালেচোন অসমীয়া মধ্যবিত্তৰ এচামৰ ল’ৰা-ছোৱালীক ইংৰাজ জাতিৰ অন্তৰ্ভুক্ত বুলি ক’ব লাগিব। কিয়নো তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে ঘৰত অসমীয়া, কিন্তু শিক্ষাৰ মাধ্যম হিচাপে ইংৰাজীকহে গ্ৰহণ কৰিছে। আনকি যোগাযোগৰ মাধ্যমতো ইংৰাজীয়েই তেওঁলোকক গ্ৰাস কৰিব লাগিছে। অর্থাৎ উপৰিউক্ত মত অনুসৰি অভিবাসী মুছলমানসকলকচোন অসমীয়া বুলি ক’বই নোৱাৰি। তেনেদৰে চাহ জনগোষ্ঠীকো অসমীয়া বুলি কোৱাৰ অৱকাশেই নাথাকিল৷ কাৰণ তেওঁলোক অসমীয়া ভাষামূলৰ নহয়। এনেদৰে অসমত অনেক লোক আছে যিসকলে নিজকে অসমীয়া বুলি পৰিচয় দিয়ে, কিন্তু তেওঁলোকৰ মাতৃভাষা অসমীয়া নহয়৷ আজি এক বৃহৎ সংখ্যক জনজাতিয়ে নিজকে অসমীয়া বুলি পৰিচয় দিব নোখোজে৷ সেয়াও ঘাইকৈ ভাষিক দৃষ্টিকোণৰপৰাহে। উগ্ৰ অসমীয়া জাতীয়তাবাদৰ খুন্দাৰ ই এক পৰিণাম। আৰু এটা কথা, অসমীয়া ভাষাটোৱে অতি ধীৰ গতিৰে সমগ্ৰ অসমৰ গ্ৰহণযোগ্যতা পাইছিল। ঊনবিংশ শতিকাৰ পটভূমি আমি পাহৰি যোৱাটো উচিত নহয়।

ঊনবিংশ শতিকাৰ মাজভাগ পর্যন্ত ‘অসমীয়া ভাষা’ক সমগ্ৰ অসমীয়া মানুহে গ্ৰহণ কৰিবলৈ আগ্রহ প্ৰকাশ কৰা নাছিল। অসমীয়া ভাষা স্কুল, আদালতত প্ৰতিষ্ঠাৰ আন্দোলন তীব্ৰতৰ হোৱাৰ সময়তে কামৰূপ অঞ্চলৰপৰা বৃটিছৰ ওচৰত স্মাৰকপত্রযোগে জনোৱা হৈছিল যে তেওঁলোকে কোৱা ভাষাটো অসমীয়া নহয়— কামৰূপী। কামৰূপৰ ভাষাৰ সুকীয়া ঐতিহ্য আছে। এই বিতর্ক বিংশ শতিকাৰ প্ৰথম ভাগলৈ চলি আছিল। তেনেদৰে, গোৱালপাৰা অঞ্চলৰো সুকীয়া বৈশিষ্ট্য আছিল। গোৱালপাৰাত অসমীয়া প্ৰচলনৰ কাৰণে আৰু অৰ্ধশতিকা অপেক্ষা কৰিব লগাৰ মূলতে এই অঞ্চলৰ কৃষ্টি, ভাষা আদিৰ সুকীয়া বৈশিষ্ট্য। দীর্ঘদিন গোৱালপাৰাৰ ভাষা বিতর্ক চলি থাকিল। এই আঞ্চলিক বৈশিষ্ট্যখিনিও অসমীয়াৰ বৈশিষ্ট্য বুলি আজি আমি গৌৰৱ কৰোঁ। গতিকে ভাষিক পৰিচয়ৰ বিষয়টো অসমীয়া জাতি নিৰ্ণয়ৰ ক্ষেত্ৰত নানা ক্ষেত্ৰত আহুকালৰ সৃষ্টি কৰিব পাৰে যদিহে আমি অসমীয়াৰ ভিন্ন ৰূপৰ কথা মনত নাৰাখোঁ।

সেয়ে হ’বলা আমি ৰাভাৰ দৃষ্টিকোণত এখন সামগ্রিক প্রতিচ্ছবি পাওঁ। এই ছবিখনে আমাক পৰস্পৰৰ মাজত সংঘৰ্ষৰ পিনে টানি নিনিয়ে, নিয়ে পৰস্পৰৰ মাজত সৌহার্দ্যৰ ভেটি নিৰ্মাণৰ দিশে। কিয়নো সকলোৰে লক্ষ্য এটাই— শোষণ, নিৰ্যাতনৰপৰা মানৱ-মুক্তি৷ প্ৰতিটো জাতি-জনগোষ্ঠীৰ শোষিত, বঞ্চিত শ্ৰেণীৰ অর্থনৈতিক মুক্তিৰ মাজেৰেই প্ৰকৃতাৰ্থত জাতি এটা বিকশিত হোৱাটো সম্ভৱ। জ্যোতিপ্ৰসাদেও কৈছিল— সংস্কৃতিয়ে সংস্কৃতিয়ে সংঘর্ষ নহয়। সংঘর্ষ হয় দুষ্কৃতিৰ সৈতে। সমবিকাশৰ মাজতে জ্যোতিপ্ৰসাদেও পূর্ণ সংস্কৃতিৰ ৰূপ দেখা পাইছিল। বিষ্ণু ৰাভাই ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ত স্পষ্টকৈ কৈছে— “যিবিলাক ধনী জমিদাৰ, হাকিম, পুঁজিপতি, চাহ বাগিছাৰ মালিক, তেওঁলোকে অসমৰ এই বাপতিসাহোনীয়া সম্পত্তি অসমৰ কৃষ্টি-সংস্কৃতিৰ মস্কৰা আৰু আমোদৰ উপকৰণ বুলি ইতিকিং কৰি নিষ্ঠুৰ আনন্দ লাভ কৰে। কিন্তু তেওঁলোক জানো অসমীয়া, তেওঁলোক ভাৰতীয় নাগৰিক? তেওঁলোক অসমীয়া নহয়, ভাৰতীয় নাগৰিকো নহয়। পৃথিৱীৰ আন আন দেশৰ সেই একে শোষক সম্প্ৰদায়ৰ তেওঁলোক, যাৰ জাতি নাই, দেশ নাই, কেৱল সুবিধাবাদী মুনাফাখোৰ, চোৰাংবাজাৰী। তেওঁলোকৰ ৰচনা, তেওঁলোকৰ বক্তৃতা, তেওঁলোকৰ সৃষ্টি কেৱল ভুৱা আৰু ফাঁকি।”

আমাৰ প্রশ্ন সেয়ে— বিষ্ণুপ্ৰসাদ ৰাভাৰ দৃষ্টিকোণ প্রত্যাখ্যান কৰি প্ৰকৃতাৰ্থত আমি অসমীয়া জাতিটো চিনি উলিয়াব পাৰিমনে?

❧ | আৰু পঢ়ক:

সমাজ জাতি আৰু মানুহ: বিষ্ণুপ্ৰসাদ ৰাভাৰ অভিজ্ঞতাৰ প্ৰজ্ঞা | ড° পৰমানন্দ মজুমদাৰ