প্ৰণৱজ্যোতি দাসৰ কবিতা

তুমি গ’লাগৈ
(হীৰুদাৰ সোঁৱৰণত)

যি পথে গ’লাগৈ তুমি
সেই পথ চাগৈ জোনাকী-জোনাকী
গাত সানে বকুলৰ সুবাস
সেই পথে বাজে সুৰীয়া বাঁহী।

«

বন্ধবোৰ কেবল গৰীবৰ বিৰুদ্ধে, আন একো নহয়

এটা দুটা তিনিটা চাৰিটা
হিচাপ কৰি কৰি শেষ হৈ যায়
আঙুলিৰ গাঠি
কিন্তু শেষ নহয়
দুখীয়াৰ দুখ
আৰু শেষ নহয় বিজতৰীয়া
বন্ধ সংস্কৃতি

হে মহান নেতাসকল,
কেতিয়া বুজিবা
বন্ধ মানে অনাহাৰ
বন্ধ মানে পেটত গামোচা
আৰু কাৰোবাৰ বাবে
মাথো মতলবী আখৰা

তোমালোকে খুলি দিয়া চকাবোৰত
পাম মাৰোঁতে মাৰোঁতে
এতিয়া মোৰো হাত দুখন টান হৈ পৰিছে
ছিঙিব পৰাকৈ বন্দীত্বৰ শিকলি,
ফটা চেণ্ডেলত মৰাপাতৰ ফিটা
তথাপিও মহতিয়াই যাওঁ
অগ্নিকণা হৈ
তথাকথিত প্রতিবাদী ৰাস্তা
য’ত থাকে মাথোঁ
পোৰা টায়াৰৰ গোন্ধ
নাথাকে সাহস, আঁজুৰি অনাৰ
গৰীবৰ বাবে
সঁচা স্বাধীনতা।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of