হাবি-কথা

পথৰুৱা পামৰ পদূলিৰে আগবাঢ়ে
কানিমুনি গধূলি
নঙলাৰ খুঁটাত ভেঁজা দি ওমলে
কাচিজোনে

বেৰৰ জলঙা ফালি
ভিতৰ সোমায় গুবৰুৱা আন্ধাৰ

ওখ গছবোৰত লাগি থাকে
কিছু অৱসাদ
চিঞৰিব খুজিও ৰৈ যায় অচিনাকি
চৰাই

ৰাতি হাবিয়ে গাব জানে
নৈৰ কবিতা
আওৰাই আওৰাই টোপনি যায়
বিষাদৰ বিয়োগ নেওতা

যেতিয়া পৃথিৱী শোৱে
তেতিয়া হাবিয়েও বিচাৰে মৌনতা

ডাৱৰৰ সিপাৰেও থাকে নেকি
সেউজীয়া আত্মা?

আন্ধাৰত বেঙুনীয়া ফুলবোৰো
ছাঁই বৰণীয়া দেখি

তেতিয়া সপোনত বুঢ়া ডাঙৰীয়া
পাৰ হয় হাবিতলীয়া বাটেদি

তেওঁক আকৌ ঢকা-চমকাকেহে দেখি…

ছবি: দোকমোকালি গোস্বামী (৪.৫ বছৰ)

আপোনাৰ আৰু ভাল লাগিব পাৰে:
মনজিৎ বৰা

মনজিৎ বৰা

ফোন: +91 70356 14177

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of