সময়-দুঃসময় ইত্যাদি

[ পংকজ কুমাৰ নেওগ ]

হয়তো বেয়া সময়বোৰ এনেকুৱাই,
আপোনাৰ মুখত ওলমি থকা হাঁহিটো আঁতৰাই আঁৰি দিব পাৰে বিষাদৰ ফলক,
কুৰুকি-কুৰুকি সোমাই আহে বুকুৰ ভিতৰলে’ আৰু আপুনি সুখহীনতাত ভোগে।

প্ৰথমবাৰ স্কুললৈ যোৱা শিশুকেইটাৰ হাতত থাকে সুখৰ ঠিকনা,
‘হাতীত উঠি পানীৰাম ঘৰলৈ যায়…’ অথবা
ফুটপাথৰ নাঙঠ শিশুবোৰৰ হাতত, এডোখৰ ৰুটি পালেই যি সুখী হয়।

হাজাৰ দুঃখৰ মাজত এধানি হাঁহি পাই যদিও সুখী হ’ব খোজে আপুনি, কিন্তু
সুখবোৰ ক্ষণস্থায়ী,
দ্ৰুতবেগে গাড়ীৰ পাছফালে পাৰ হৈ যোৱা গছবোৰৰ দৰে,

সুখ হেৰুৱাই আপুনি আকৌ অসুখী হয়।

নীলা চৰাই . আগষ্ট ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of