মাঘ বিহুৰ কলিয়াবৰীয়া পৰম্পৰা: ক’লীবুঢ়ী নৃত্য

মাঘ বিহুৰ কলিয়াবৰীয়া পৰম্পৰা: ক’লীবুঢ়ী নৃত্য
  • 28 Dec, 2021

অৰা এখন সত্ৰৰে পৰিবেষ্টিত কলিয়াবৰ। কলিয়াবৰৰ সাংস্কৃতিক পৰম্পৰা-ঐতিহ্যই অসমৰ ইতিহাসত এক বিশেষ স্থান দখল কৰি আহিছে।

নগাঁৱৰ বিখ্যাত কবি ড° প্রমোদ চন্দ্র ভট্টাচার্যৰ কথাৰে—
“কলিয়াবৰ— হাটবৰ
জখলাবন্ধা— বাটবৰ
বুৰঞ্জীৰ যাদুঘৰ
সাহিত্যৰ বৰঘৰ
অসমৰ মাজঘৰ
সংস্কৃতিৰ নামঘৰ।”

এয়াই ঐতিহ্যমণ্ডিত কলিয়াবৰ। কলিয়াবৰৰ সত্ৰসমূহৰ নিজা চৰ্চাৰ সম্পদখিনিৰ ব্যতিৰেকেও অলেখ লোক-সাংস্কৃতিক সম্পদ, পৰিৱেশ্য কলাৰ ৰূপ কলিয়াবৰৰ অৰঙে-দৰঙে সিঁচৰতি হৈ আছে।

মাঘ বিহুৰ বতৰত হাৰলি ঘৰ (ভেলাঘৰ)ৰ চিনাকি হেঁচানাম, ব’ৰাগী নামৰ লগতে ক’লীবুঢ়ীৰ নৃত্য আদিৰে এসময়ত কলিয়াবৰ ৰজনজনাই আছিল। ডেকা-বুঢ়া সকলোৰে মনত কৌতূহল আৰু উল্লাসৰ সৃষ্টি কৰিছিল। ‘মাধৈমালতী ফুল চালত শুকাল/ হৰিনাম লওঁতেই ৰাতি পুৱাল’ বুলি মাঘৰ বিহুৰ হাৰলি ঘৰৰ জুইৰ কাষতে ৰাতি পুৱাই দিছিল কলিয়াবৰীয়াই।

Image of Harali Ghar, Kaliabor

কলিয়াবৰৰ হাৰলি ঘৰ বা ভেলা ঘৰ | ছবি: পল্লৱপ্ৰাণ গোস্বামী

ভোগালী উৎসৱৰ বাৰেবৰণীয়া বিচিত্র উপাদান আৰু অনুষ্ঠানেৰে সমৃদ্ধ কলিয়াবৰৰ এটা উল্লেখযোগ্য সাংস্কৃতিক অনুষ্ঠান হ’ল— ‘ক’লীবুঢ়ী নৃত্য’। কলিয়াবৰৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ সমীপৰ সোণাৰী-কামাখ্যা গাঁৱত পৰম্পৰাগতভাৱে মহিলাসকলৰ মাজত মাঘ বিহুৰ সময়ত খৰাগড়ৰ মূৰত অর্থাৎ সোণাৰী-কামাখ্যা আৰু বৰভকতি পথাৰৰ মাজত চলি অহা এই লোকনৃত্যই এক ঐতিহ্য বহন কৰি আহিছে। এই নৃত্যৰ এক বিশেষত্ব হ’ল যে ইয়াত পুৰুষৰ প্ৰৱেশ নিষেধ আছিল।

আজিৰ পৰা ৫০-৬০ বছৰৰ আগলৈকে কোনো লোকে গোপনে যদি মহিলাসকলৰ এই বিহু অনুষ্ঠান চাবলৈ গৈছিল, সমাজত বা গাঁৱৰ ৰাইজৰ আগত জৰিমনা আদায় দিব লাগিছিল। প্রতি বছৰে মাঘ বিহুৰ হাৰলি ঘৰ পোৰাৰ দিনা ভাটীবেলা অনুষ্ঠিত হয় এই নৃত্য। অন্য বিহুৰ লগত ক’লী বুঢ়ী নৃত্যানুষ্ঠানৰ সাদৃশ্য দেখা পোৱা নাযায় যদিও গীতৰ ক্ষেত্ৰত কিছু সাদৃশ্য দেখা পোৱা যায়।

ৰেলৰ আলিৰ সিপাৰাৰ পথাৰত ‘সাতখেল সোণাৰী’ (সোণাৰী গাঁৱৰ সাতটা খেল)ৰ সভা বহে আৰু ইপাৰত গাঁৱৰ ফালে গহগুৰি বা হোকোৰাগুৰি নামে ঠাইত গোপিনীসকলে ক’লীবুঢ়ী নৃত্য কৰি আনন্দ কৰে। এই ক’লীবুঢ়ী নৃত্যৰ এক সুকীয়া আকর্ষণ আছিল। গীত-নৃত্যবোৰত প্ৰেমৰ গোন্ধ আছিল আৰু প্ৰেমৰ পৱিত্ৰতা বিৰাজমান আছিল। আৰু আছিল তদানীন্তন সময়ৰ প্ৰতিচ্ছবি।

মাঘৰ বিহুৰ হাৰলি ঘৰবোৰ পোৰাৰ দিনা সোণাৰী গাঁৱত পূর্বৰে পৰা নাৰীসকলৰ মাজত প্ৰচলিত হৈ অহা এই ক’লী বুঢ়ী নৃত্যানুষ্ঠানটিৰ মূল উজনি অসমৰ ক’লাবুঢ়ীৰ নৃত্য বুলি ঠাৱৰ কৰা হৈছে। সেয়ে কলাবুঢ়ীৰ নামটোৱেই মুখ বাগৰি ক’লীবুঢ়ী নৃত্য হ’ল বুলি কব পাৰি।

মাঘ বিহু উপলক্ষে সজা হাৰলি ঘৰবোৰ যেতিয়া হৰিধ্বনি দি জুই লগাই পুৰি পেলোৱা হয়, তেতিয়া কুকুহাবোৰ বতাহৰ সোঁতে যেনি-তেনি উৰুৱাই নি সিঁচৰতি কৰি পেলায়। ভক্তপ্রাণ লোকে সেইবোৰ অঞ্জলি পাতি ধৰে আৰু শ্ৰদ্ধা সহকাৰে লয়। হাৰলি ঘৰৰ আধাপোৰা ক’লা ছাঁই লাগি থকা কাকবাঁহৰ ৰুৱা বা মাৰলিৰ টুকুৰা ঘৰলৈ নি বহুতো লোকে নাৰিকল, তামোল আদি লাগনি গছত ওলোমাই থয়। সেয়ে ক’লীবুঢ়ী নামৰ লগত সোণাৰী গাঁৱৰ মাঘ বিহুৰ হাৰলি ঘৰৰ পৱিত্ৰ ক’লা ছাঁইৰ বৰণ সাঙোৰ খাই আছে। সেই পৱিত্ৰ ক’লা ছাঁই গাত লৈ ধেমালি আৰু আনন্দতে সেই নৃত্যত বয়সীয়া বা বুঢ়ী তিৰোতাই ভাগ লোৱাৰ পৰাই সেই নৃত্যানুষ্ঠান ক’লীবুঢ়ী নৃত্য বুলি জনসমাজত প্রচলিত হ’ল।

সাধাৰণতে মূৰত কাপোৰৰ পাগুৰি মাৰি প্রধান নাচনীগৰাকীয়ে নৃত্যানুষ্ঠানটিত ভাগ লয় আৰু অংকীয়া ভাওনাৰ সূত্ৰধাৰীয়ে পাক দিয়াদি পাক দি গীত আৰম্ভ কৰে— ‘ৰাম বোল ৰে মন/ হৰি বোল ৰে মন…’। তাৰ পাছে পাছে বাকী তিৰোতাসকলে গীত গায়। এসময়ত ক’লীবুঢ়ীয়ে গোৱা গীত আছিল এনেধৰণৰ—

‘ন পানী বাঢ়িলে, ঢেৰেকনি মাৰিলে,
চাহাবে জুলুকি বায়
চাহাবনীৰ ভৰিতে শিঙিয়ে বিন্ধিলে,
চাহাবে চেলেকি চায়।’

Image of Koliburhi Nritya or Dance of Kaliabor

কলিয়াবৰৰ ক’লীবুঢ়ী নৃত্য

ওপৰত উল্লেখ কৰা গীতত তদানীন্তন বৃটিছ শাসক (চাহাব-চাহাবনী)ক লঘু কৰাৰ প্ৰচেষ্টা এটা দেখা পোৱা যায়। এই ধৰণে ‘সাম্প্ৰতিক’ক গীতৰ মাজেৰে তুলি ধৰাৰ এক হাবিয়াস ক’লীবুঢ়ী নৃত্যৰ অন্যান্য গীততো দেখা পোৱা যায়।

ক’লীবুঢ়ী নৃত্য-গীতত প্রেম-ভালপোৱাৰ গোন্ধ যি ধৰণে পোৱা যায়, ঠিক তেনেধৰণে প্রকৃতি, পশু-পক্ষীৰ মাজৰ প্ৰেমৰ ৰস-আনন্দৰ এক শীতল ধাৰাও একেধৰণে পৰিষ্কৃত হয়।

‘লাওলৈ বুলি মই
হেন্দালি দিছিলো
বগালে ৰঙা পূৰৈ,
তোমালৈ বুলিহে
বঞ্চিত আছিলো,
সিয়ো হ’ল বহু দূৰৈ!
ৰৈ ৰৈ মাতিলে
চুঙাৰে বাদুলি
ৰৈ ৰৈ মাতিলে জিঞা,
ৰৈ ৰৈ মাতিলে
আমাৰ ক’লীবুঢ়ী,
হাতত চুঙাত দিয়া পিঠা।’

সোণাৰী-কামাখ্যা গাঁৱত পূর্বপুৰুষৰে পৰা চলি অহা এই নৃত্যানুষ্ঠানটিত অন্যান্য সাংস্কৃতিক উপাদানত পৰাৰ দৰে সময়ৰ আঁচোৰ পৰাটো একো আচৰিত কথা নহয়। ভাষা বা প্রকাশভংগীয়ে কেতিয়াবা আধুনিক সাজ পিন্ধিলেও তাৰ মাজতেই থাকে পুৰণি পৰম্পৰা আৰু ঐতিহ্য। অতীতৰ বিখ্যাত খড়াগড়ৰ বিহুৰ স্মৃতি এনেদৰেই এই বিহুগীতত সাঙোৰ খাই আছে—

‘হাত মেলি হালধি
ঘঁহিম মই মালতী
চুলি মেলি ঘঁহিম তেল,
খড়াগড়ৰ মূৰলৈ
যামেই মই মালতী
ভাঙিম ডেকা ল’ৰাৰ মেল।’

বর্তমান পাহৰণিৰ গৰ্ভত বিলীন হৈ যাব ধৰা এই আপুৰুগীয়া প্রাচীন সংস্কৃতি পুনৰ উদ্ধাৰ কৰাৰ উদ্দেশ্যো ক’লীবুঢ়ী নৃত্য প্রদর্শনৰ এই ধাৰাক উত্তৰসুৰীসকলে অব্যাহত ৰাখিব লাগিব। জাতি-মাটি-ভেটিলৈ নামি অহা সংকটৰ সময়ত ‘অতীতক নাযাবা পাহৰি’ চিন্তাৰে এতিয়া আগুৱাই যোৱাৰ সময়। নহ’লে ‘আজিৰ অসমীয়াই নিজক নিচিনলে অসম ৰসাতলে যাব’ বুলি সঙ্গীত সূর্য ভূপেনদাই গোৱা গীত প্ৰকৃতাৰ্থত সত্য হ’বলৈ বৰ বেছি দিন নালাগিব।

‘নাচ কুলাবুঢ়ী নাচ
তয়ো ক’লী, ময়ো ক’লী
একেখন বিলৰে মাছ।’

❧ | আৰু পঢ়ক:

ফিচাৰড ইমেজ: পল্লৱপ্ৰাণ গোস্বামী
মাঘ বিহুৰ কলিয়াবৰীয়া পৰম্পৰা: ক’লীবুঢ়ী নৃত্য | ৰূপজ্যোতি গোস্বামী

Follow Nilacharai on Facebook