তোমাক ভালপোৱাৰ অনুভৱেৰে

এইপথেৰ আগেও বহুবাৰ গৈছোঁ
কিন্তু তোমাক লগ পোৱাৰ পৰা যেন
পথবোৰৰ কমনীয় ভাঁজবোৰত
লিৰিক-ধিৰিককৈ মোৰ যৌৱনৰ সুৰে
গাবলৈ লৈছে হেঁপাহৰ গান।

কাহানিও ভাল লগা নছিল
নিশাৰ এই নিৰ্জনতা
আৰু এতিয়া
যেন ভাব হয়
ই দীঘলৰ পৰা হওক
আৰু দীঘল
তোমাক ভাল পোৱাৰ অনুভৱেৰে ভৰি থাকক
নিশাৰ এই স্নিগ্ধ নিৰ্জনতা।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of