‘এজাক জোনাকীৰ জিলমিল’ৰ পোহৰ আৰু আন্ধাৰ

কোনোবা এটা দেওবাৰৰ দোকমোকালিতে ছোৱালী কলেজৰ এটা কোঠাত উপস্থিত হয়হি একেটা বাটেৰে বাট বুলিব বিচৰা তিনিজন ভিন্নবয়সী মানুহ। মনোহৰ, ভাস্কৰ আৰু মৃণাল। দ্বিতীয় মহাযুদ্ধকালীন অশান্ত পৰিৱেশৰ তিনিজন আত্মগোপনকাৰী বিপ্লৱী। কলেজৰ সেই কোঠাত তেওঁলোকে লগ পায় কলেজৰ চকীদাৰ দম্পতি আৰু তেওঁলোকৰ ছোৱালী বিজুলীক। কলেজৰ কোঠা হ’লেও সেই ঘৰুৱা পৰিৱেশত তিনিও বিপ্লৱীৰ আৰম্ভ হয় অন্তর্দ্বন্দ্ব। পৌঢ় মনোহৰে বিজুলীৰ মাজত সমবয়সীয়া নিজৰ কন্যা মালিনীক দেখিবলৈ আৰম্ভ কৰে, আদবয়সীয়া ভাস্কৰৰ মনত পৰে ঘৰত এৰি থৈ অহা পত্নী-পুত্ৰলৈ আৰু যুৱক মৃণালে বিজুলীৰ মাজত নিজৰ ভৱিষ্যৎ আৱিষ্কাৰ কৰে। কিন্তু তেওঁলোকক একেটা বাটত বাট বুলিবলৈ বাধ্য কৰোৱা অদৃশ্য শিকলিডালে তেওঁলোকক নিজৰ খুচি মতে এৰি নিদিয়ে। ভাস্কৰৰ জৰিয়তে মাজে মাজে দৃশ্যমান হোৱা শিকলিডালে তেওঁলোকৰ আলফুল আবেগত নির্দয় চাবুক মাৰে।

এই কাহিনীৰ মাজেৰে স্বপ্ন, বাস্তৱ আৰু মানৱীয় আবেগৰ মাজত সম্পর্ক গঢ়া অথবা ভঙা আৰু সেই পটভূমিত জীৱনক জুখি চোৱাৰ এক প্রয়াসেৰে ৰচিত ডঃ ভবেন্দ্রনাথ শইকীয়াৰ ‘এজাক জোনাকীৰ জিলমিল’ নাটকখন ১০ আগষ্ট (২০১৮) তাৰিখে মঞ্চস্থ হৈছিল শ্রীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্রীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত,ইনলি ফাউণ্ডেচনৰ প্রযোজনাত। নাটকখনি পৰিচালনা কৰিছিল নয়ন প্রসাদে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ কেইবাগৰাকী স্নাতক জড়িত থকা নাটকখন সংগীতেৰে সজাইছিল তৰালী শৰ্মাই।

img
কমল লোচন (ভাস্কৰ), বিপ্লৱ বৰকাকতী (মনোহৰ), পাপৰি মেধি (চকীদাৰণী), ৰাজু ৰয় (চকিদাৰ), ভাস্কৰ বৰুৱা (মৃণাল), জুৰি কাশ্যপ (বিজুলী) | ছবি: ইউ বি ফটোজ

ডঃ ভবেন্দ্রনাথ শইকীয়াৰ নাটকৰ এটা বৈশিষ্ট্য হ’ল বাস্তৱিক (Realistic) পৰিস্থিতিত আলংকৰিক (Nonrealistic?) সংলাপৰ ব্যৱহাৰ। এইনাটকখনো সেই গুণ অথবা দোষৰ পৰা মুক্ত নহয়। আলোচ্য প্রযোজনাটিত পৰিচালকে নাটকখনৰ আলংকৰিক দিশটোৰ প্ৰতি যিমান মনোযোগ দি তাৰ সফল ৰূপায়ণ কৰিলে (বিজুলীৰ গাৰ গৰম কাপোৰখনৰ প্রেয়সী জীয়ৰী-পত্নীলৈ সূক্ষ্ম ট্রেনজিশ্যন, মালিনীক চাবৰ বাবে জেদ পতা মনোহৰ আৰু ভাস্কৰৰ উখনাউখনি), বাস্তৱিক পৰিস্থিতিৰ প্রতি সিমান মনোযোগ নিদিলে যেন ধাৰণা হ’ল; বিশেষকৈ সাজ-পোছাক আৰু ৰূপসজ্জাৰ ক্ষেত্ৰত। বছৰ বছৰ ধৰি ভোক-পিয়াহেৰে ৰ’দে-বৰষুণে, হাবিয়ে-বননিয়ে ফুৰা ৰূপটোক ভাস্কৰৰ সদ্য ইস্ত্রি কৰা যেন পোছাক, চেম্পু কৰা চুলিয়ে প্রতিনিধিত্ব কৰিব পাৰিলেনে? ৰূপসজ্জাই মনোহৰৰ বয়স আৰু অলপ বঢ়াই দিয়া হ’লে তেওঁ কোৱা সংলাপৰ লগত সামঞ্জস্য ৰক্ষা কৰাত সহায় হ’লহেঁতেন। সময়ক ধৰি ৰখা এনে ধৰণৰ নাটকত এই ধৰণৰ খুঁতি-নাতিলৈ মন কৰাটো দৰকাৰী।

img
ভাস্কৰ বৰুৱা (মৃণাল), জুৰি কাশ্যপ (বিজুলী) | ছবি: ইউ বি ফটোজ

প্রথমৰ পৰা শেষলৈকে সমতা ৰক্ষা কৰি সুন্দৰ অভিনয়েৰে চৰিত্ৰ দুটাৰ প্রতি সুবিচাৰ কৰিলে চকীদাৰণীৰ চৰিত্ৰত পাপৰি মেধি আৰু মনোহৰৰ চৰিত্ৰত বিপ্লৱ বৰকাকতীয়ে। ভাস্কৰৰ চৰিত্ৰত কমল লোচনৰ অভিনয়ৰ ক্ষেত্ৰত অভিযোগ কৰিবলগীয়া নাই, কিন্তু ওপৰত কৈ অহা তেওঁৰ সাজসজ্জা আৰু ৰূপসজ্জাই চৰিত্ৰটোক বিশ্বাসযোগ্য ৰূপত তুলি ধৰাত ব্যর্থ হ’ল। মৃণালে জীৱনৰ কৰুণতম সত্য কিছুমান প্ৰকাশ কৰাৰ সময়ে সময়ে (“বুঢ়া, তোৰ এজনী ছোৱালী আছে; ভাস্কৰ, তই বিয়া কৰাইছ, তোৰ এটা কণমানি ল’ৰা আছে; মোৰ, মোৰ কি আছে?”) দর্শকে হাঁহিছে, সেয়া চৰিত্ৰটোৰ অভিনেতা ভাস্কৰ বৰুৱাৰ অভিনয়শৈলীৰ দোষ নে পৰিচালনাৰ দোষ— সেয়া নির্ধাৰণৰ দায় পৰিচালকলৈ এৰিলো। বিজুলীৰ চৰিত্ৰত জুৰি কাশ্যপে নাট্যকাৰ আৰু পৰিচালকে দিয়া সুবিধা এশ ভাগ ল’বলৈ চেষ্টা কৰা পৰিলক্ষিত হ’ল। প্রথমতকৈ পিছৰফাললৈ তেওঁৰ অভিনয় অধিক সাৱলীল হ’ল। চকিদাৰৰ চৰিত্ৰত ৰাজু ৰয়ে কষ্ট কৰা যেন বোধ হ’লেও গোটেই নাটকখনত তেওঁক একাকী হৈ থকা যেন লাগিল। সহ অভিনেতাৰ সৈতে স্বাভাৱিক ৰসায়ন গঢ়াত তেওঁৰ মনোযোগৰ অভাৱ অনুভৱ হ’ল। অর্থহীন দৃষ্টি নিক্ষেপ, সহ অভিনেতাৰ অতীত স্মৰণ আদিৰ সময়ত বিচ্ছিন্ন হৈ থকা (প্রায় ফ্রীজ) আদি কার্যকলাপৰ উদ্দেশ্য আমাৰ বোধগম্য নহ’ল।

তৰালী শৰ্মাৰ পৰিশীলিত সংগীত, ডঃ মৃণালজ্যোতি গোস্বামীৰ মিনিমেলিষ্টিক পোহৰ-সজ্জা আৰু নুৰুদ্দিন আহমেদৰ মঞ্চসজ্জাই নয়ন প্রসাদৰ নাটকখনক সহায় কৰিছিল। সুশোভন তালুকদাৰ, মনজিৎ ৰাজখোৱা, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্রযোজনা প্ৰৱন্ধক পৰাগ শর্মা বিভিন্ন প্রকাৰে জড়িত থকা, ইন্দ্রজিৎ দাসৰ পৰিকল্পনাৰে নিবেদিত এই নাট্য প্রযোজনাটিক আমি সাধুবাদ জনাইছোঁ আৰু ধাৰাবাহিকতা ৰক্ষাৰ বাবে আহ্বান আৰু আহিবলগা প্রযোজনাৰ বাবে শুভেচ্ছা জনাইছোঁ।

ছবি: ইউ বি ফটোজ

পল্লৱপ্ৰাণ গোস্বামী

পল্লৱপ্ৰাণ গোস্বামী

'নীলা চৰাই'ৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক। সাংস্কৃতিক কৰ্মী।

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of