বনজুই

[ শাংকৱ চাংমাই ]

দাউ দাউকৈ বনজুই একুৰা জ্বলি উঠিল
কাউৰীজনীয়ে পেখম ধৰি নাচিব ধৰিলে
বিজুলীৰ চিকমিকনিত পকা ধান পচি গ’ল
দোলাভাৰীকেইটা নিচাত মাতাল হ’ল

ঘিলা খেলি ভালপোৱা কইনাজনী—
তাই পলাই গ’ল
ডঁৰিকণা মাছ এটাৰ পিঠিত উঠি

ফেঁচাযোৰ থমকি ৰ’ল
ফুটা থকা কলহটোৰ পানী শেষ হ’ল
অঁকৰা শিয়ালটোৰ বিয়াখন ভাগি গ’ল


লেখকৰ ই-মেইল: sankab.changmai@gmail.com

নীলা চৰাই . মাৰ্চ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of