বৈধ হ’ল বেশ্যা বৃত্তি: প্ৰথমখন ইউৰোপীয় দেশ বেলজিয়াম

বৈধ হ’ল বেশ্যা বৃত্তি: প্ৰথমখন ইউৰোপীয় দেশ বেলজিয়াম
  • 04 Jun, 2022

উৰোপত পোন প্ৰথমবাৰৰ বাবে বেশ্যা বৃত্তি বা দেহ ব্যৱসায়ক আইনগত স্বীকৃতি প্ৰদান কৰা দেশ ৰূপে পৰিগণিত হৈছে বেলজিয়াম। এই প্ৰসংগত কোৱা হৈছে যে ক’ৰোনা লকডাউনে সৃ্ষ্টি কৰা পৰিস্থিতিৰ বাবেই দেশখনৰ আইন এইদৰে সলনি কৰিবলগীয়া হৈছে। নতুন আইনগত বিধিৰ অধীনত এতিয়াৰে পৰা যৌনকর্মীসকলে স্বাস্থ্যজনিত কাৰণত ছুটীৰ সা-সুবিধা অৰু ছুটীৰ সময়ছোৱাৰ বাবে বেতন লাভ কৰিব। ২০২২ চনৰ মার্চ মাহত বেলজিয়ামৰ সংসদে এই প্ৰস্তাৱত অনুমোদন জনায় আৰু আইনখন কার্যকৰী হয় ১ জুনৰ পৰা।

উল্লেখযোগ্য যে যৌনকর্মীৰ বাবে আইনগত স্বীকৃতিৰ দাবীত বিগত তিনিটা দশকজুৰি বেলজিয়ামত সংগ্ৰাম অব্যাহত আছিল। এই সংগ্ৰামৰ নেতৃত্ব দিছিল যৌনকর্মীৰ পৰা মানৱ অধিকাৰৰ প্ৰবক্তা হৈ পৰা মেগজিম মেইজ (Maxime Maes) নামৰ এজন পুৰুষে। বেলজিয়ামৰ আইন এইদৰে সলনি হোৱাৰ কথা ঘোষণা কৰিবলৈ ব্ৰুচেলচত আয়োজিত এক উদযাপন অনুষ্ঠানত যৌনকর্মীৰ লগতে চৰকাৰী বিষয়াবর্গ, সমাজকর্মী আৰু আন্দোলনৰ প্ৰচাৰকর্তাসকল সমবেত হয় য’ত হাঁহিমুখে মেগজিম মেইজে কয়— ‘আমি জিকিলো৷’ এই উদযাপন অনু্ষ্ঠানৰ আয়োজন কৰা হৈছিল ব্ৰুচেলচৰ এক কলা বিথিকাত।

দেহ ব্যৱসায়ক আইনগত কৰি তোলাৰ সমর্থকসকলে কয় যে এনে কৰাৰ ফলত যৌনকর্মীসকলে নিজৰ চর্তাৱলী নিজেই নিৰূপন কৰিব পাৰিব, হিংসাত্মক ঘটনা আৰু দমন-নিপীড়ন লাঘৱ হব আৰু সহজলভ্য হৈ উঠিব চিকিংসা সেৱা আৰু সা-সুবিধা।

বেলজিয়ামৰ ন্যায় মন্ত্ৰী দপ্তৰৰ এগৰাকী মুখপাত্ৰই কয় যে দেহা ব্যৱসায় অপৰাধ নহয় বুলি ঘোষিত হোৱাৰ ফলস্বৰূপে এই বৃত্তিক কেতবোৰ নিয়ম-কানুনৰ অধীনস্থ কৰাৰ বাট মুকলি হ’ল, যি নিয়ম-কানুন পৰিস্থিতি নিয়ন্ত্ৰণাধীন কৰি ৰখাত সহায়ক হ’ব।

স্বাভাৱিকতে আইন সলনি কৰি বেলজিয়ামে লোৱা এই সিদ্ধান্তৰ সৈতে ইউৰোপৰ কোনো কোনো দেশ একমত হব পৰা নাই। বিশেষকৈ ইউৰোপিয়ান ইউনিয়নে তেওঁলোকৰ মানৱ-সৰবৰাহ সম্পর্কীয় স্থিতিৰ আধাৰত যৌন-সেৱাৰ ক্ৰয়-বিক্ৰয়কো নিষিদ্ধ কৰিব লাগে বুলি কৈছে৷

গ্ৰীচ আৰু নেদাৰলেণ্ডচ এনে দুখন দেশ, য’ত যৌন বৃত্তি বৈধ, যৌনকর্মীয়ে অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰাৰ লগতে ক’ত আৰু কেনেকৈ তেওঁলোকৰ কাম-কাজ চলিব সেই সম্পর্কে কেতবোৰ কঠোৰ নীতিও পালন কৰিবলগীয়া হয়। ফ্ৰান্স আৰু চুইডেনত বেশ্যাৰ গ্ৰাহকক শাস্তি বিহা হয়, কিন্তু ক্ৰোৱেচিয়া আৰু ৰোমানিয়াৰ পতিতাও গ্ৰেপ্তাৰ আৰু জেৰাৰ সন্মুখীন হয়।

টমচন ৰয়টাৰচ ফাউণ্ডেচনে ৩১ মে’ত প্ৰকাশ কৰা এক বাতৰিত কয় যে তেওঁলোকৰ সৈতে হোৱা সাক্ষাৎকাৰত ব্ৰুচেলচৰ চাৰিগৰাকী যৌনকর্মীৰ কেউগৰাকীয়েই এই সিদ্ধান্তক আদৰণি জনাইছে, কিয়নো এতিয়াৰে পৰা যৌনকর্মীয়ে লাভ কৰিব আইনগত সুৰক্ষা, সেয়ে কর্মস্থান হ’ব নিৰাপদ আৰু মানুহৰ মনৰ পৰাও ভুল ধাৰণা বা ঘৃণাৰ মনোভাৱ আঁতৰ হব।

লিংগ পৰিবর্তন কৰা এক যৌনকর্মীয়ে কয় যে এয়া তেওঁলোকৰ বাবে এতিয়া স্বাধীনতা, কাম কৰা ঠাই কেনেকুৱা হ’ব লাগিব, কোন গ্ৰাহকক প্ৰত্যাখ্যান কৰিব— এনে সিদ্ধান্ত এতিয়াৰে পৰা তেৱেঁই ল’ব পাৰিব৷

ক’ৰোনা ভাইৰাচ অতিমাৰীয়ে সৃষ্টি কৰা পৰিৱেশৰ বাবেই বেলজিয়ামে যৌনসেৱাৰ কিনা-বেচাক বৈধতা প্ৰদান কৰিবলগীয়া হ’ল বুলি যৌনকর্মীৰ সংস্থা উটচোপি (Utsopi)ৰ সমর্থকসকলে কয়। ক’ৰোনা অতিমাৰীৰ সময়ত দেহ ব্যৱসায়ীসকলৰ উপার্জন বন্ধ হৈ পৰাৰ লগতে আইনগত স্বীকৃতিৰ অভাৱত তেওঁলোক চৰকাৰী সাহায্য বা ক্ষতিপূৰণৰ পৰাও বঞ্চিত হৈ আছিল৷
এনে সময়তে উটচোপি নামৰ যৌন কর্মীসকলৰ এক সংস্থা বা ইউনিয়ন সক্ৰিয় হৈ উঠে আৰু বেলজিয়াম চৰকাৰৰ এই সিদ্ধান্ত গ্ৰহণৰ আঁৰত থকা মানুহজনেই হৈছে উটচোপিৰ মূল মানুহ ডান বাৱেনচ (Daan Bauwens)৷

এটা সময়ত বেলজিয়াম দেশখন যৌনবৃত্তিৰ প্ৰতি সহনশীল আছিল যদিও এনে কাৰ্যক প্ৰশ্ৰয় দিয়াৰ অপৰাধত হোটেলৰ মালিক, ৱেব ডেভেলাপাৰ আদি বিচাৰৰ সন্মুখীন হৈছিল।

❧ | আৰু পঢ়ক:

Featured Image: © Tomas Castelazo, www.tomascastelazo.com / Wikimedia Commons

বৈধ হ’ল বেশ্যা বৃত্তি: প্ৰথমখন ইউৰোপীয় দেশ বেলজিয়াম | ধ্ৰুৱ শইকীয়া