এটা স্পৰ্শৰ স্মৃতিৰে জী উঠা ভূপেন হাজৰিকা

কোনো পূৰ্ব পৰিকল্পনা নকৰাকৈ হঠাৎ কামটো কৰি উঠি মই এক অনামী আনন্দত উত্তেজিত হৈ পৰিছিলো। আনন্দৰ সমান্তৰালকৈ বুকুত কঁপনি তুলিছিল এক দুৰু দুৰু ভয়ে। মই কৰা কামটোৰ কাৰণে মই কিবা শাস্তিৰ সন্মুখীন হ’ব লাগিব নেকি!

তেতিয়া আমি চেঙেলীয়া বয়সৰ, ভয় লগাটো স্বাভাৱিক। কিন্তু মোৰ এটা কথা ভালকৈ মনত আছে, আচম্বিতে তেনে এটা কাম কৰি মই অলপো অপৰাধবোধত ভোগা নাছিলো, বৰং এক অভূতপূৰ্ব সুখবোধে আচ্ছন কৰি ৰাখিছিল মোক।

মনত পৰিলে আজিও সজীৱ হৈ উঠা সেই দিনটো আছিল ১৯৯৩ চনৰ খুব সম্ভৱতঃ ফেব্ৰুৱাৰী মাহৰ এটা দিন। শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ মূল সভামণ্ডপ। মোৰ আটাইতকৈ প্ৰিয় ব্যক্তিগৰাকীক একেবাৰে ওচৰৰ পৰা দেখাৰ প্ৰৱল হেঁপাহত প্ৰেক্ষাগৃহলৈ প্ৰৱেশ কৰা মাজৰ বাটটোৰ কাষতে এঠাইত অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি‌ আছিলো। মোৰ আশা বাস্তৱায়িত কৰি মোৰ হেঁপাহৰ নায়কজনক গায়ন-বায়নেৰে মঞ্চলৈ আদৰি অনা দেখি মই উদগ্ৰীৱ হৈ থিয় হৈ আছিলো তেখেতক নিবিড়ভাৱে দৰ্শন কৰিবলৈ।

এটা মুহূৰ্তত সেই ক্ষণটো আহিল। আমাৰ কাষেৰে দুখোজ পাৰ হৈ যোৱাৰ পাছতে মই ক’ব নোৱৰাকৈ হঠাৎ তেখেতৰ কুৰ্তাটোত খামুচি ধৰিলো। আৰু তৎমুহূৰ্ততে এৰিও দিলো। পায়জামা-কুৰ্তা পৰিহিত আমাৰ সপোনৰ নায়ক, অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতি ডঃ ভূপেন হাজৰিকাৰ অগোচৰেই হৈছিল মোৰ তেখেতৰ কুৰ্তা চুই নিজক ধন্য কৰা কামটো।

পৃথিৱীৰ অৰঙে-দৰঙে অনেক গুণমুগ্ধই ভূপেন হাজৰিকাৰ স্মৃতিক মনৰ মণিকোঠাত আলফুলে সাবটি আছে, থাকিব। মোৰ বাবে গীত-সংগীত-চিনেমাৰ ব্যতিৰেকেও ভূপেন হাজৰিকা ৰৈ গ’ল কেইছেকেণ্ডমানৰ এক আলফুল স্পৰ্শ হিচাপেও!

| আৰু পঢ়ক: গোৰী বৰ্মনৰ ‘ভূপেনদা আৰু ‘কাজিৰঙা কাজিৰঙা’ গীত সৃষ্টিৰ নেপথ্যৰ এছোৱা’

এটা স্পৰ্শৰ স্মৃতিৰে বাৰে বাৰে জী উঠে, বাৰে বাৰে সাহস আৰু শৌৰ্যৰ বীজ সিঁচে ভূপেন হাজৰিকাই, মোৰ বুকুত। হয়তো আপোনাৰো।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of